ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ১ ডিচেম্বৰত নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভাল উদ্বোধন কৰিব

Story by  PTI | Posted by   Imtiaz Ahmed • 5 h ago
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ১ ডিচেম্বৰত নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভাল উদ্বোধন কৰিব
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ১ ডিচেম্বৰত নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভাল উদ্বোধন কৰিব
ক’হিমা

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ১ ডিচেম্বৰত নাগালেণ্ডৰ কিছামা হেৰিটেজ ভিলেজত হৰ্ণবিল ফেষ্টিভালৰ ২৭সংখ্যক সংস্কৰণ উদ্বোধন কৰিব। দেশ-বিদেশৰ দৰ্শনাৰ্থীক আদৰিবলৈ ৰাজ্য চৰকাৰে ব্যাপক আয়োজন কৰিছে।

নাগালেণ্ডৰ পৰ্যটন মন্ত্ৰী টেমজেন ইমনা আলঙে দেওবাৰে এখন সংবাদমেলত কয় যে ভাৰতৰ প্ৰথমগৰাকী জনজাতীয় মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল’ব।

মন্ত্ৰীগৰাকীয়ে কয় যে ১ ডিচেম্বৰত নাগালেণ্ডৰ ৰাজ্য প্ৰতিষ্ঠা দিৱসৰ দিনাই আৰম্ভ হ’বলগীয়া এই দহদিনীয়া উৎসৱত ৰাজ্যখনৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সংস্কৃতি, পৰম্পৰা, ৰন্ধনশৈলী, কলা, সংগীত আৰু ঐতিহ্য দাঙি ধৰা হ’ব।

আলঙে কয় যে হৰ্ণবিল ফেষ্টিভাল নগা জনসাধাৰণৰ ঐক্য আৰু আশা-আকাংক্ষাৰ প্ৰতীক। এই উৎসৱত বিভিন্ন নগা জনজাতিৰ লগতে অনা-নগা জনগোষ্ঠীসমূহো একত্ৰিত হয়। ৰাজ্যখনৰ সাংস্কৃতিক পৰিচয় আৰু পৰ্যটনৰ সম্ভাৱনা বিশ্ববাসীৰ আগত দাঙি ধৰাৰ এক মঞ্চ হিচাপে উৎসৱটোৰ কথা উল্লেখ কৰি তেওঁ দৰ্শনাৰ্থীসকলক উৎসৱ উপভোগ কৰিবলৈ আমন্ত্ৰণ জনায়।

কিছামাৰ উপৰি মন, ফেক, জুনহেবট’, চুমুকেডিমা, নিউলেণ্ড, ডিমাপুৰ, ৱোখা আৰু মোককচুং আদি ঠাইতো উৎসৱৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব।

আলঙে কয় যে বিদেশী পৰ্যটকৰ বাবে সুৰক্ষিত এলেকাত প্ৰৱেশৰ অনুমতিপত্ৰৰ (পিএপি) চৰ্ত ১৫ দিনৰ বাবে শিথিল কৰাত এইবাৰ অধিক বিদেশী পৰ্যটকৰ আগমন ঘটিব বুলি চৰকাৰে আশা কৰিছে। এই শিথিলতাৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰ, বিশেষকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক ধন্যবাদ জনায়। পৰ্যটনৰ প্ৰসাৰৰ স্বাৰ্থত ভৱিষ্যতে সমগ্ৰ নাগালেণ্ডতে এই অনুমতিপত্ৰৰ বাধ্যবাধকতা স্থায়ীভাৱে উঠাই লোৱা হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

মন্ত্ৰীগৰাকীয়ে পৰ্যটকসকলক স্থানীয় ৰীতি-নীতি আৰু পৰম্পৰাৰ প্ৰতি সন্মান জনাবলৈ, পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আৰু আৱৰ্জনা যথাস্থানত পেলাবলৈ আহ্বান জনায়। পৰিৱেশ আৰু ৰাজ্যখনৰ প্ৰাকৃতিক ঐতিহ্যৰ ক্ষতি কৰিব পৰা কাৰ্যকলাপৰ পৰাও বিৰত থাকিবলৈ তেওঁ অনুৰোধ জনায়।

পৰ্যটন সচিব ক’ভি মেয়াছেই কয় যে আৰক্ষী আৰু জিলা প্ৰশাসনৰ উপৰি প্ৰায় ৩৪টা চৰকাৰী বিভাগ উৎসৱৰ প্ৰস্তুতিত জড়িত হৈ আছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া দৰ্শনাৰ্থীক আদৰিবলৈ সকলো প্ৰস্তুতি সময়মতে সম্পূৰ্ণ হ’ব বুলি তেওঁ বিশ্বাস প্ৰকাশ কৰে।

পৰ্যটন সঞ্চালক ভেয়িয়েলো ডুঅ’লোৱে কয় যে হৰ্ণবিল ফেষ্টিভালৰ ২৭সংখ্যক সংস্কৰণ আড়ম্বৰপূৰ্ণভাৱে উদ্‌যাপন কৰাৰ লগতে দৰ্শনাৰ্থীসকলে যাতে কোনো অসুবিধা নোহোৱাকৈ উৎসৱ উপভোগ কৰিব পাৰে, সেয়া নিশ্চিত কৰিবলৈ বিভাগটো প্ৰতিশ্ৰুতিবদ্ধ।

আলঙে জনোৱা মতে, উৎসৱৰ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ ভিতৰত আছে ভূটান, অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স আৰু জাপানৰ কোচি প্ৰিফেকচাৰ। প্ৰাতিষ্ঠানিক অংশীদাৰসকলৰ ভিতৰত আছে আলিয়ঁছ ফ্ৰঁছেজ আৰু ব্ৰিটিছ কাউন্সিল। মিজোৰাম হৈছে উৎসৱৰ সহযোগী ৰাজ্য।

মেয়াছেই কয় যে এইবাৰ উৎসৱৰ এক অতিৰিক্ত আকৰ্ষণ হ’ব ‘এষ্ট্ৰ’-ডাৰ্ক টুৰিজম’। ইয়াৰ অধীনত দৰ্শনাৰ্থীসকলে কিছামা হেৰিটেজ ভিলেজৰ এটা নিৰ্দিষ্ট স্থানৰ পৰা নিশাৰ আকাশ আৰু নক্ষত্ৰমণ্ডলসমূহ পৰ্যবেক্ষণ কৰিব পাৰিব।

তেওঁ জনায় যে কিছুমান সাংস্কৃতিক পৰিৱেশনত বাৰুদ ব্যৱহাৰ কৰি প্ৰদৰ্শনী আগবঢ়োৱা হয়। এই কথা বিশেষভাৱে বিবেচনা কৰি উৎসৱৰ সুৰক্ষাৰ প্ৰস্তুতিত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ লগতে অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগো জড়িত হৈ আছে। সম্ভাব্য বিপদৰ আশংকা হ্ৰাস কৰিবলৈ বিভিন্ন জনজাতিৰ পৰম্পৰাগত গৃহ ‘মৰং’সমূহত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

মেয়াছেই কয় যে উৎসৱৰ সময়ত আৱৰ্জনা যাতে যথাযথভাৱে নিষ্কাশন কৰা হয়, তাৰ বাবে পৰ্যটন বিভাগে ‘জিৰ’ ৱেষ্ট হিমালয়া’ আৰু ৰাজ্যখনৰ আৱৰ্জনা ব্যৱস্থাপনা সংস্থাৰ সৈতে কাম কৰি আছে। ইমান বৃহৎ আয়োজনত আৱৰ্জনা ব্যৱস্থাপনাৰ মূল্যায়ন আৰু উন্নতি সাধনৰ বাবে ৯ ডিচেম্বৰত জনজাতীয় কাৰ্যসূচীৰ পাছত আৱৰ্জনাৰ নিৰীক্ষণ কৰা হ’ব।

তেওঁ লগতে কয় যে স্থানীয়ভাৱে উৎপাদিত কফিৰ প্ৰসাৰৰ বাবে ৰাজ্য চৰকাৰে উৎসৱৰ সময়ত কিছামা হেৰিটেজ ভিলেজত কেৱল নগা কফিহে ব্যৱহাৰ, বিক্ৰী আৰু প্ৰদৰ্শন কৰিবলৈ নিৰ্দেশ দিছে।