পোহৰৰ উৎসৱ দিপাৱলীত জিলিকিব গুৱাহাটী মহানগৰী: বিগত বৰ্ষৰ তুলনাত ব্যৱসায়িক খণ্ডত নতুন আশাৰ সঞ্চাৰ

Story by  Ariful Islam | Posted by  Munni Begum • 9 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আৰিফুল ইছলাম/গুৱাহাটী
 
শৰতৰ স্নিগ্ধ জোনাক আৰু কুঁৱলীৰ আচ্ছাদনৰ মাজতেই এতিয়া সমগ্ৰ গুৱাহাটী মহানগৰীত বিৰাজ কৰিছে এক উৎসৱমুখী উখল-মাখল পৰিৱেশ। পদূলিয়ে পদূলিয়ে পোহৰৰ মেলা পাতিবলৈ আৰু দুৱাৰদলিত ৰংগলী আঁকিবলৈ সাজু হৈছে মহানগৰবাসী। কাতি বিহুৰ অন্ত পৰাৰ লগে লগেই দিপাৱলীৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰা গুৱাহাটীৰ প্ৰতিখন বজাৰ এতিয়া গ্ৰাহকৰ ভিৰত উথপথপ। 
 
ফাঁচীবজাৰ, গণেশগুৰি, বেলতলা, মালিগাওঁ, উলুবাৰী আদি মহানগৰীৰ প্ৰধান বাণিজ্যিক কেন্দ্ৰসমূহত এতিয়া কেৱল পোহৰ আৰু ৰঙৰ অপূৰ্ব সমাহাৰ। ৰং-বিৰঙৰ লাইট, মাটিৰ চাকি, ৰংগলীৰ সামগ্ৰী আৰু ফটকাৰ দোকানেৰে ভৰি পৰিছে মহানগৰীৰ পদপথৰ পৰা আৰম্ভ কৰি বিলাসী বিপণীসমূহলৈকে।
 
 
এইবাৰৰ দিপাৱলীৰ বজাৰত গ্ৰাহক আৰু ব্যৱসায়ী উভয়ৰে মাজত এক বিশেষ উৎসাহ পৰিলক্ষিত হৈছে। যোৱা বছৰৰ তুলনাত এইবাৰ ব্যৱসায়ীসকলৰ মুখত প্ৰাপ্তিৰ হাঁহি বিৰিঙিছে। বিগত বৰ্ষত হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ বাবে সেমেকি পৰিছিল দিপাৱলীৰ লগতে সকলো উৎসৱ। মানুহে অনুস্থূপিয়াকৈ হ'লেও দিপাৱলী উদযাপন কৰিছিল যদিও বজাৰখন কিছু পৰিমাণে সেমেকা আছিল। মানুহৰ ক্ৰয় ক্ষমতা হ্ৰাস পোৱাৰ লগতে উৎসৱৰ আনন্দতো এক প্ৰকাৰৰ ভাটা পৰা দেখা গৈছিল। কিন্তু এইবাৰৰ পৰিস্থিতি সম্পূৰ্ণ সুকীয়া। ব্যৱসায়ীসকলৰ মতে, এইবাৰ গ্ৰাহকৰ উপস্থিতি আশাব্যঞ্জক আৰু ক্ৰয়ৰ হাৰো যথেষ্ট সন্তোষজনক।
 
বজাৰত বিশেষকৈ থলুৱা মৃৎ শিল্পীসকলে অতি নিপুণতাৰে সাজি উলিওৱা মাটিৰ চাকিৰ চাহিদা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। সৰু-বৰ বিভিন্ন আকৃতিৰ, ৰঙীন আৰু কাৰুকাৰ্য খচিত মাটিৰ চাকিয়ে গ্ৰাহকক বাৰুকৈয়ে আকৰ্ষণ কৰিছে। গণেশগুৰিৰ পদপথত চাকি বিক্ৰী কৰা এজন থলুৱা বিক্ৰেতাই জানিবলৈ দিয়া মতে, "যোৱা বছৰ আমাৰ বিক্ৰী বহুত কম আছিল, বহুত সামগ্ৰী ঘূৰাই নিব লগা হৈছিল। কিন্তু এইবাৰ মানুহে ইলেক্ট্ৰনিক লাইটৰ লগতে পৰম্পৰাগত মাটিৰ চাকিও সমানেই আগ্ৰহেৰে কিনিছে। আমাৰ ব্যৱসায় এইবাৰ সঁচাকৈয়ে ভাল।" ইয়াৰ উপৰিও, ঘৰ সজাবৰ বাবে ব্যৱহৃত আধুনিক বিদেশী এলইডি লাইট, বিভিন্ন আৰ্হিৰ ওলমি থকা চাকি, আৰু ঘৰৰ চোতাল শুৱনি কৰিবলৈ ৰংগলীৰ বিভিন্ন ৰং আৰু ষ্টেঞ্চিলৰ বিক্ৰীও বৃদ্ধি পাইছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
আনহাতে, ফটকাৰ বজাৰখনতো এইবাৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি পৰিৱেশ অনুকূল বা 'গ্ৰীণ ক্ৰেকাৰ্ছ'ৰ ব্যৱহাৰ আৰু বিক্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ নীতি-নিয়ম মানি চলি ব্যৱসায়ীসকলেও কম শব্দ আৰু ধোঁৱা সৃষ্টিকাৰী ফটকাহে বজাৰলৈ উলিয়াই দিছে। গ্ৰাহকৰ মাজতো পৰিৱেশ সচেতনতা বৃদ্ধি পোৱা দেখা গৈছে যদিও ফটকা ক্ৰয়ৰ উৎসাহৰ কোনো ক্ৰুটি হোৱা নাই। সৰু ল'ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি সকলোৱে ফুলজাৰি, চৰকা, ৰকেট আদি কিনিবলৈ ভিৰ কৰিছেহি।
 
সামগ্ৰিকভাৱে, এইবাৰৰ দিপাৱলীয়ে গুৱাহাটীৰ ব্যৱসায়িক খণ্ডটোলৈ এক নতুন আশাৰ সঞ্চাৰ কৰাৰ লগতে থলুৱা ব্যৱসায়ীসকলক সকাহ দিছে। যোৱা বছৰৰ বজাৰৰ মন্দাৱস্থা নেওচি এইবাৰৰ পোহৰৰ উৎসৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনিছে আনন্দ আৰু সমৃদ্ধিৰ বতৰা। পোহৰৰ এই উৎসৱে সমাজৰ পৰা সকলো অন্ধকাৰ আৰু অসূয়া-অপ্ৰীতি দূৰ কৰি শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী অধিক কটকটীয়া কৰিব বুলি সকলোৱে গভীৰ আশা প্ৰকাশ কৰিছে।