১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব কাজিৰঙাত হাতী ছাফাৰী

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী
 
২০২৬-২৭ বৰ্ষৰ পৰ্যটন ঋতুক আদৰণি জনাবলৈ সাজু হৈছে অসমৰ বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অহা ১ নৱেম্বৰৰ পৰা উদ্যানখনত আৰম্ভ হ’ব পৰ্যটকৰ অন্যতম আকৰ্ষণ হাতী ছাফাৰী। ইয়াকে লৈ ইতিমধ্যে কাজিৰঙাত আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি।
 
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতিপ্ৰাপ্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেশী-বিদেশী পৰ্যটকক আদৰিবলৈ চলিছে বিভিন্ন প্ৰস্তুতি। হাতী ছাফাৰী আৰম্ভ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পোহনীয়া হাতীসমূহ কাজিৰঙালৈ অনাৰ ব্যৱস্থা কৰা হৈছে।
 
উত্তৰ গুৱাহাটী, গোৱালপাৰা, ছিপাঝাৰ আৰু মঙলদৈকে ধৰি অসমৰ বিভিন্ন অঞ্চলৰ পৰা হাতীসমূহ ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে কলিয়াবৰ হৈ কাজিৰঙা অভিমুখে লৈ যোৱা হৈছে। ইফালে, ৰাষ্ট্ৰীয় ঘাইপথেৰে হাতীৰ এই যাত্ৰাই পথৰ দাঁতিৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। কাজিৰঙা অভিমুখে আগবঢ়া হাতীৰ জাক চাবলৈ বিভিন্ন স্থানত বহু লোক ৰৈ যোৱাও পৰিলক্ষিত হৈছে।
 
উল্লেখযোগ্য যে, বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ বাবে বিশেষভাৱে পৰিচিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম আকৰ্ষণ হৈছে হাতী ছাফাৰী। এই ছাফাৰীৰ জৰিয়তে পৰ্যটকসকলে হাতীৰ পিঠিত উঠি উদ্যানখনৰ নিৰ্ধাৰিত অঞ্চলসমূহ ভ্ৰমণ কৰাৰ লগতে প্ৰাকৃতিক সৌন্দৰ্য আৰু বন্যপ্ৰাণীৰ বিচিত্ৰ ৰূপ ওচৰৰ পৰা উপভোগ কৰাৰ সুযোগ লাভ কৰে। 
 
অহা ১ নৱেম্বৰৰ পৰা হাতী ছাফাৰী আৰম্ভ হোৱাৰ খবৰে প্ৰকৃতিপ্ৰেমী আৰু বন্যপ্ৰাণী অনুৰাগীসকলৰ মাজত বিশেষ উৎসাহৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। নতুন পৰ্যটন ঋতুক কেন্দ্ৰ কৰি কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ৰ সৈতে জড়িত লোকসকলেও নিজৰ নিজৰ প্ৰস্তুতি চলাইছে। অসমৰ বন্যপ্ৰাণীকেন্দ্ৰিক পৰ্যটন উদ্যোগৰ বাবে এই সময়ছোৱা বিশেষ গুৰুত্বপূৰ্ণ। 
 
ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী। বিস্তীৰ্ণ তৃণভূমি, জলাশয়, মনোমোহা প্ৰাকৃতিক পৰিৱেশ আৰু সমৃদ্ধ জৈৱ-বৈচিত্ৰ্যই কাজিৰঙাক দেশ-বিদেশৰ পৰ্যটকৰ বাবে এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে।
 
এনে পৰিপ্ৰেক্ষিতত ১ নৱেম্বৰৰ পৰা হাতী ছাফাৰী আৰম্ভ হোৱাৰ লগে লগে কাজিৰঙাত পুনৰ পৰ্যটকৰ সমাগম বৃদ্ধি পাব বুলি আশা কৰা হৈছে। নতুন পৰ্যটন ঋতুত দেশী-বিদেশী অতিথিসকলক আদৰণি জনাবলৈ এতিয়া সম্পূৰ্ণ উদ্যমেৰে প্ৰস্তুতি চলাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।


শেহতীয়া খবৰ