জলাশয় সংৰক্ষণৰ দিশত অসমৰ গুৰুত্বপূৰ্ণ পদক্ষেপ: ৰামছাৰ স্বীকৃতিৰ বাবে আগবাঢ়িছে লাওখোৱাৰ ৰৌমাৰী-দন্দুৱা জলাশয়

Story by  atv | Posted by  Munni Begum • 17 m ago
লাওখোৱাৰ ৰৌমাৰী-দন্দুৱা জলাশয়
লাওখোৱাৰ ৰৌমাৰী-দন্দুৱা জলাশয়
 
গুৱাহাটী
 
ৰাজ্যৰ জলাশয়সমূহৰ সংৰক্ষণ আৰু জৈৱ-বৈচিত্ৰ্য সুৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰৌমাৰী-দন্দুৱা জলাশয়ক আন্তঃৰাষ্ট্ৰীয় ৰামছাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ বাবে প্ৰস্তাৱ আগবঢ়োৱাত ৰাজ্য চৰকাৰে অনুমোদন জনাইছে। 
 
যোৱা ১৬ নৱেম্বৰত বন বিভাগৰ বিষয়াসকলৰ এটা দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এই প্ৰস্তাৱ দাখিল কৰিছিল। প্ৰস্তাৱটোৱে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিলে দীপৰ বিলৰ পিছতে ৰৌমাৰী-দন্দুৱা অসমৰ দ্বিতীয়খন ৰামছাৰ ক্ষেত্ৰ হিচাপে পৰিগণিত হ’ব। উল্লেখযোগ্য যে, ২০০২ চনত দীপৰ বিলে এই সন্মানীয় আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। 
 
ৰৌমাৰী আৰু দন্দুৱা জলাশয় দুটা ইতিমধ্যে জলচৰ পক্ষীৰ অন্যতম গুৰুত্বপূৰ্ণ আশ্ৰয়স্থলী হিচাপে পৰিচিত হৈ উঠিছে। ২০২৫ চনত এই দুয়োটা জলাশয়ত মুঠ ৪৭ হাজাৰতকৈও অধিক জলচৰ পক্ষীৰ উপস্থিতি নথিভুক্ত কৰা হৈছিল। আনহাতে, ২০২৬ চনৰ জলচৰ পক্ষী গণনাত কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত জলাশয়সমূহৰ ভিতৰত পক্ষীৰ সংখ্যাৰ ফালৰ পৰা ৰৌমাৰীয়ে প্ৰথম আৰু দন্দুৱাই দ্বিতীয় স্থান লাভ কৰে।
 
নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সমৰজিৎ ওঝা, যিগৰাকী লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী সংৰক্ষণ সমিতিৰ গৱেষণা সমন্বয়ক হিচাপেও জড়িত, তেওঁ জনোৱা মতে, বিগত তিনিটা জলচৰ পক্ষী গণনাত এই জলাশয় দুটাৰ পৰিৱেশগত গুৰুত্ব ধাৰাবাহিকভাৱে প্ৰতিফলিত হৈছে।
 
তেওঁ উল্লেখ কৰে যে, ৰৌমাৰী আৰু দন্দুৱা জলাশয়লৈ প্ৰতিবছৰে বৃহৎ সংখ্যক পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে। ইয়াৰ লগতে বহুতো স্থানীয় জলচৰ পক্ষীৰ বাবেও এই জলাশয় দুটা এক নিৰাপদ আশ্ৰয়স্থলী। বিশেষকৈ ইয়াত নথিভুক্ত হোৱা জলচৰ পক্ষীৰ সংখ্যা দীপৰ বিলত পোৱা সংখ্যাতকৈও অধিক।
 
উল্লেখযোগ্য যে, ৰৌমাৰী-দন্দুৱা জলাশয়ক ৰামছাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ বাবে প্ৰয়োজনীয় প্ৰস্তাৱ প্ৰস্তুত কৰিছে সমৰজিৎ ওঝা, নৈঋতা প্ৰিয়দৰ্শিনী, বিপাঞ্চী তামুলী আৰু নীৰজ বৰাই।
 
এই জলাশয় দুটাই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিলে ইয়াৰ পৰিৱেশগত গুৰুত্বই অধিক প্ৰাধান্য লাভ কৰাৰ লগতে সংৰক্ষণৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।
 
বিশেষকৈ জলাশয় দুটাৰ প্ৰাকৃতিক পৰিৱেশ, জৈৱ-বৈচিত্ৰ্য আৰু ইয়াৰ ওপৰত নিৰ্ভৰশীল হাজাৰ হাজাৰ স্থানীয় তথা পৰিভ্ৰমী পক্ষীৰ সুৰক্ষাৰ বাবে অধিক ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাত এই স্বীকৃতিয়ে সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
 
প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এই পদক্ষেপে অসমক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক নতুন পৰিচয় দিয়াৰ লগতে ৰাজ্যখনৰ মূল্যৱান জলাশয়সমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাকো অধিক উজ্জ্বল কৰি তুলিব।