মনোজ কুমাৰ ওঝা / ডুমডুমা
"এইবাৰৰ জুম্মা অতি পৱিত্ৰ আৰু বিশেষ। এফালে জুম্মাৰ নামাজ আৰু আনফালে আজিৰ ‘নহায়-খায়’ নীতি-নিয়মৰ মাজেৰে আৰম্ভ হোৱা ছঠ পূজাৰ বাবে আমাৰ হিন্দু ভাই-ভনীসকলে ডুমডুমা নদীত পৱিত্ৰ স্নান কৰিছে। আপুনি আল্লাহ বুলিলেই কি বা ভগৱান বুলিলেই কি, সকলোৱে সেই একেজন সৰ্বশক্তিমান ঈশ্বৰকেই স্মৰণ কৰিছে।" - উজনি অসমৰ তিনিচুকীয়া জিলাত ‘আৱাজ - দ্য ভইচ’ৰ আগত এইদৰে কয় সমৰ আলীয়ে।
শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ছঠ পূজাৰ বাবে সমগ্ৰ অসমৰ নদীৰ পাৰ, পুখুৰী আৰু ৰাজহুৱা ঘাটসমূহত এক ব্যতিক্ৰমী আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে, যিয়ে সকলো ধৰ্মীয় সীমাৰেখা অতিক্ৰম কৰিছে। যদিও এই উৎসৱৰ মূল সাংস্কৃতিক শিপা বিহাৰত নিহিত হৈ আছে, তথাপি উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, লখিমপুৰ, ধেমাজি আৰু যোৰহাট জিলাত ইয়াৰ ব্যাপক উদযাপনে সামাজিক সম্প্ৰীতি, পাৰস্পৰিক শ্ৰদ্ধা আৰু প্ৰকৃতিৰ প্ৰতি সামূহিক দায়িত্ববোধৰ এক বিৰল নিদৰ্শন দাঙি ধৰিছে।
ছঠ পূজাৰ এক দৃশ্য
নুৰী বেগমৰ বাবে অৱশ্যে ছঠ পূজা কেৱল এক ধৰ্মীয় আচাৰ নহয়। ধৰ্ম-বৰ্ণ নিৰ্বিশেষে মানুহক একত্ৰিত কৰা মূল্যবোধ উদযাপন কৰাৰ এয়া এক সুন্দৰ সুযোগ।
উৎসৱৰ ব্যাপক তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, "আমি এই উৎসৱটো পালন কৰোঁ আৰু সন্মান কৰোঁ, কিয়নো ই হিন্দু-মুছলমানৰ ঐক্য, নাৰী সৱলীকৰণ আৰু আমাৰ নদী তথা পৰিৱেশৰ প্ৰতি থকা উমৈহতীয়া দায়িত্ববোধক প্ৰতিনিধিত্ব কৰে। ই আমাক শিকায় যে মানৱতা, পাৰস্পৰিক সন্মান আৰু প্ৰকৃতিৰ যতন লোৱাটো যিকোনো ধৰ্মীয় ভেদাভেদতকৈ বহুত ঊৰ্ধ্বত।"
এই মনোভাৱ সাবটি লোৱা নুৰী কেৱল একমাত্ৰ ব্যক্তি নহয়। উজনি অসমৰ বিভিন্ন প্ৰান্তত মুছলমান, শিখ আৰু বৌদ্ধ ধৰ্মালম্বীকে ধৰি বিভিন্ন সম্প্ৰদায়ৰ লোকে এই পূজাত অংশগ্ৰহণ কৰি ছঠী মাইয়াক প্ৰাৰ্থনা জনায়। এই সম্প্ৰদায়সমূহৰ পুৰুষ-মহিলাসকলে হিন্দু ভক্তসকলৰ সৈতে একেলগে উৎসৱ পালন কৰে, যিয়ে এনে এক সামাজিক পৰম্পৰাৰ প্ৰতিফলন ঘটায় য’ত ধৰ্ম বিভাজনৰ ৰেখা হোৱাৰ পৰিৱৰ্তে একতাৰ সাঁকো হৈ পৰে।
অসমীয়া সম্প্ৰদায়ৰ লোকেও এই পূজাত অংশগ্ৰহণ আৰু সহযোগিতা আগবঢ়াবলৈ ক্ৰমান্বয়ে আগবাঢ়ি আহিছে। পূজা আয়োজন কৰাত সহায় কৰাৰ পৰা আৰম্ভ কৰি ঘাটসমূহ পৰিষ্কাৰ কৰি সজাই তোলাৰ লৈকে, বিভিন্ন সম্প্ৰদায়ৰ লোকে নিজৰ অৱদান আগবঢ়ায়। এনে সামূহিক অংশগ্ৰহণে ছঠ পূজাক চুবুৰীয়াৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰা আৰু অসমৰ বহুধৰ্মীয় সামাজিক গাঁথনিক উদযাপন কৰাৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত পৰিণত কৰিছে।
ছঠ পূজাৰ এক দৃশ্য
এই একতাৰ আটাইতকৈ আৱেগিক দৃশ্য তেতিয়া দেখা পোৱা যায়, যেতিয়া ভক্তসকলে পৱিত্ৰ নৈৱেদ্য অৰ্পণ কৰিবলৈ নদীৰ পাৰলৈ যোৱাৰ প্ৰস্তুতি চলায়। উৎসৱলৈ মুছলমান চুবুৰীয়া আৰু যুৱকসকলৰ অৱদানৰ কথা বৰ্ণনা কৰি তিনিচুকীয়াৰ সুদীপ প্ৰসাদ আৱেগিক হৈ পৰে।
সুদীপে কয়, "ছঠ পূজাৰ দিনকেইটাত আমাৰ মুছলমান ভাইসকলে ভক্তসকল খোজকঢ়া ৰাস্তা আৰু ঘাইপথসমূহ পৰিষ্কাৰ কৰি ৰখাৰ উদ্যোগ লয়। তেওঁলোকে ৰাস্তা সৰাৰ লগতে ধূলি উৰিব নোৱাৰাকৈ পানী ছটিয়াই দিয়ে। মুছলমান যুৱকসকলেও হিন্দু চুবুৰীয়াসকলৰ সৈতে লগ হৈ ছঠৰ ঘাটসমূহ চাফা কৰে। তেওঁলোকৰ অৱদান ইমানতেই শেষ নহয়। পুৱতি নিশা ভক্তসকলে যাতে নিৰাপদে ঘাটত উপস্থিত হ’ব পাৰে, তাৰ বাবে তেওঁলোকে নিজৰ অঞ্চলৰ মাজেৰে যোৱা ৰাস্তাবোৰত লাইটৰ ব্যৱস্থাও কৰে।"
সুদীপে বিশ্বাস কৰে যে কোনো প্ৰচাৰ বা স্বীকৃতিৰ আশা নকৰাকৈ কৰা এই কামবোৰেই হৈছে সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰকৃত অৰ্থ।
তেওঁ লগতে কয়, "আমাৰ বহুত মুছলমান ভায়ে নিজৰ পৰিচয় লুকুৱাই ৰাখিও পূজা আয়োজনৰ বাবে মুক্তহস্তে বৰঙণি আগবঢ়ায়। এয়া হৈছে পাৰস্পৰিক প্ৰেম, বিশ্বাস আৰু শ্ৰদ্ধাৰ ওপৰত গঢ় লৈ উঠা এক সম্পৰ্ক। হিন্দুসকলেও মছজিদ আৰু দৰগাহসমূহলৈ আৰ্থিক আৰু অন্যান্য সাহায্য আগবঢ়ায়। ধৰ্মীয় আৰু সামাজিক গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰত আমি ইজনে সিজনৰ কাষত থিয় দিওঁ। শেষ অৱশেষত আমি সকলো এক। আন যিকোনো পৰিচয়ৰ আগতে আমি একো একোজন মানুহ।"
সূৰ্য দেৱতা আৰু ছঠী মাইয়াৰ প্ৰতি উৎসৰ্গিত ছঠ পূজা হিন্দু পৰম্পৰাৰ আটাইতকৈ সুকীয়া ধৰ্মীয় আচাৰ-অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম। ই মূলতঃ বিহাৰ, ঝাৰখণ্ড আৰু পূব উত্তৰ প্ৰদেশৰ সৈতে জড়িত যদিও বৰ্তমান ভাৰতৰ আন বহুতো প্ৰান্তলৈ আৰু বিদেশলৈকো ইয়াৰ উদযাপন সম্প্ৰসাৰিত হৈছে।
ছঠ পূজাৰ এক দৃশ্য
এই উৎসৱ সাধাৰণতে চাৰি দিন ধৰি পালন কৰা হয়- ‘নহায়-খায়’ৰ দ্বাৰা আৰম্ভ হৈ ‘খৰ্ণা’, ‘সন্ধ্যা অৰ্ঘ্য’ আৰু ‘উষা অৰ্ঘ্য’ৰে ইয়াৰ সামৰণি পৰে।
প্ৰথম দিনা, অৰ্থাৎ ‘নহায়-খায়’ত ৰীতি-নীতিৰে গা ধোৱা, ঘৰ পৰিষ্কাৰ কৰা আৰু পৰম্পৰাগত নিৰামিষ খাদ্য প্ৰস্তুত কৰা হয়। দ্বিতীয় দিনা, ‘খৰ্ণা’ত ভক্তসকলে দিনটো উপবাসে থাকি সন্ধিয়া প্ৰাৰ্থনা কৰাৰ পিছত এক কঠোৰ ব্ৰতৰ সময়ছোৱা আৰম্ভ কৰে।
তৃতীয় দিনা, ‘সন্ধ্যা অৰ্ঘ্য’ হৈছে মূল সান্ধ্যকালীন আচাৰ, য'ত ভক্তসকলে নদী, পুখুৰী আৰু অন্যান্য জলাশয়ৰ পাৰত গোট খাই অস্ত যোৱা সূৰ্যক অৰ্ঘ্য নিবেদন কৰে। চতুৰ্থ দিনৰ পুৱা ‘উষা অৰ্ঘ্য’ৰে উৎসৱৰ সামৰণি পৰে, য'ত উদিত সূৰ্যক প্ৰাৰ্থনা জনাই উপবাস ভংগ কৰি প্ৰসাদ বিতৰণ কৰা হয়।
ছঠ পূজাক আটাইতকৈ তাৎপৰ্যপূৰ্ণ কৰি তোলা দিশটো হ’ল প্ৰকৃতিৰ সৈতে ইয়াৰ গভীৰ সম্পৰ্ক। আন বহুতো ধৰ্মীয় উৎসৱৰ দৰে নহয়, ইয়াৰ মূল ৰীতি-নীতিসমূহ প্ৰাকৃতিক উপাদানৰ প্ৰত্যক্ষ স্পৰ্শত পালন কৰা হয়। পানী, সূৰ্যৰ পোহৰ, মাটি, ফল-মূল আৰু অন্যান্য কৃষিজাত সামগ্ৰীয়ে এই পূজাত এক অপৰিহাৰ্য স্থান অধিকাৰ কৰে।
অসমত মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অসংখ্য উপনৈ, জুৰি আৰু সৰু-বৰ জলাশয়সমূহে এই উৎসৱৰ বাবে এক সুন্দৰ পৰিৱেশ প্ৰদান কৰে।
ছঠ পূজাৰ এক দৃশ্য
ডাঙৰ নদীৰ পাৰৰ পৰা আৰম্ভ কৰি গাঁৱৰ সাধাৰণ ঘাটবোৰলৈকে ভক্তসকলে ফল-মূল, কুঁহিয়াৰ, ঠেকুৱা আৰু অন্যান্য পৰম্পৰাগত নৈৱদ্যৰে ভৰা বাঁহৰ পাচি লৈ একত্ৰিত হয়। সন্ধিয়া সূৰ্য লাহে লাহে দিগন্তৰ ফালে নামি যোৱাৰ লগে লগে পৰিয়ালবোৰে পানীত থিয় হৈ প্ৰাৰ্থনা জনায়। পিছদিনা পুৱা সেই একেখন নদীৰ পাৰতেই ভক্তসকলে উদিত সূৰ্যক আদৰণি জনাবলৈ পুনৰ সমৱেত হয়।
তথাপি, ধৰ্মীয় ৰীতি-নীতিৰ বাহিৰেও এই সমাৱেশবোৰৰ এক শক্তিশালী পৰিৱেশ সম্পৰ্কীয় বাৰ্তা থাকে।
ঘাটসমূহ পৰিষ্কাৰ কৰা, আৱৰ্জনা আঁতৰোৱা, যাতায়াতৰ পথসমূহ মেৰামতি কৰা আৰু জলাশয় তথা ইয়াৰ চৌপাশ চাফা কৰি ৰখাৰ সামূহিক প্ৰচেষ্টাই প্ৰমাণ কৰে যে ধৰ্মীয় অংশগ্ৰহণে কেনেদৰে পৰিৱেশৰ প্ৰতি দায়িত্ববোধক উৎসাহিত কৰিব পাৰে। বিভিন্ন ধৰ্মৰ স্থানীয় বাসিন্দাসকলৰ অংশগ্ৰহণে এই বাৰ্তাক আৰু অধিক সুদৃঢ় কৰে।
ছঠ পূজাৰ সময়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ কেৱল উপাসনাৰ স্থান হৈ নাথাকে। এইবোৰ এনে উমৈহতীয়া ৰাজহুৱা স্থানলৈ ৰূপান্তৰিত হয় য’ত মানুহ মিলিত হয়, সহযোগিতা কৰে আৰু প্ৰমাণ কৰি দিয়ে যে ধৰ্ম বা সম্প্ৰদায় নিৰ্বিশেষে নদী আৰু পৰিৱেশ ৰক্ষা কৰাটো সকলোৰে উমৈহতীয়া দায়িত্ব।
উজনি অসমৰ ছঠ পূজাত বিভিন্ন সম্প্ৰদায়ৰ বৰ্ধিত অংশগ্ৰহণে এক বৃহৎ সামাজিক বাস্তৱতাক প্ৰতিফলিত কৰিছে: সাম্প্ৰদায়িক সম্প্ৰীতি প্ৰায়ে ভাষণ বা শ্লোগানৰ জৰিয়তে নহয়, বৰঞ্চ দৈনন্দিন জীৱনৰ সৰু সৰু দয়া, সহযোগিতা আৰু পাৰস্পৰিক শ্ৰদ্ধাৰ জৰিয়তেহে শক্তিশালী হয়।
সূৰ্যোদয়ৰ আগতে এজন মুছলমান যুৱকে ৰাস্তা সৰা, নদীৰ পাৰ পৰিষ্কাৰ কৰিবলৈ চুবুৰীয়াই হাত উজান দিয়া, আন এটা সম্প্ৰদায়ৰ ধৰ্মীয় উৎসৱলৈ পৰিয়ালবোৰে বৰঙণি আগবঢ়োৱা আৰু ভক্তসকলে নিৰাপদে ঘাট পাব পৰাটো নিশ্চিত কৰা— এই সকলোবোৰেই এক উমৈহতীয়া মানৱতাৰ প্ৰকাশ।
ছঠ পূজাৰ এক দৃশ্য
যেতিয়া অসমৰ ব্ৰহ্মপুত্ৰ আৰু অন্যান্য নৈ-জলাশয়ৰ পাৰত ছঠ পূজা অনুষ্ঠিত হয়, ইয়াৰ বাৰ্তা কেৱল ৰীতি-নীতিৰ মাজতেই সীমাৱদ্ধ নাথাকি বহুদূৰলৈ অনুৰণিত হয়। ই কেৱল বিশ্বাসৰ উদযাপন নহয়, বৰং ই এক সোঁৱৰণি যে নদীসমূহ সকলোৰে, পৰিৱেশ সুৰক্ষা আমাৰ সামূহিক কৰ্তব্য, মহিলাৰ ভক্তি সন্মানেৰে স্বীকৃত হোৱা উচিত আৰু মানৱতাই কোনো ধৰ্মীয় সীমাৰেখা নাজানে।
ইতিমধ্যে জিলা প্ৰশাসনসমূহে আসন্ন ছঠ পূজা উদযাপনৰ বাবে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। ডিব্ৰুগড়ত জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ দিলীপে আজি ফুলবাগানৰ নিৰ্ধাৰিত ছঠ পূজাৰ স্থান পৰিদৰ্শন কৰে।
এই পৰিদৰ্শনৰ সময়ত দুয়োগৰাকী জ্যেষ্ঠ বিষয়াই উৎসৱটো সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাটো নিশ্চিত কৰিবলৈ কৰা প্ৰস্তুতিৰ বুজ লয় আৰু নিৰাপত্তা সম্পৰ্কীয় বিভিন্ন দিশ পৰ্যালোচনা কৰে।
কপালত পিন্ধা টুপীটো ঠিক কৰি সমৰ আলীয়ে মৃদু হাঁহিৰে কয়, "ৰমজান মাহত এজন হিন্দু ভায়ে ব্ৰত ৰখা দৰিদ্ৰ মুছলমানৰ বাবে নীৰৱে ইফটৰ আৰু চেহৰীৰ যোগাৰ কৰে, আনহাতে ছঠ পূজা কৰা এজন হিন্দুৰ বাবে এজন মুছলমান ভায়ে এপাভৰ্তি ফল-মূল লৈ আহে। ইয়াক আপুনি ‘গংগা-যমুনাৰ তহেজীব’ বুলিয়েই কওক বা আজান ফকীৰ আৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা সামাজিক সম্প্ৰীতি বুলিয়েই কওক- বাৰ্তাটো তেনেই সৰল: আমি সকলো এক।"
প্ৰেক্ষাপটত বাজি থকা এটা ভোজপুৰী ছঠ পূজাৰ গীতৰ সুৰীয়া কলিয়ে যেন পৰিৱেশটো আৰু অধিক জীপাল কৰি তুলিছে --
অবকী কৰব ছঠ বৰতিয়া হো কেকৰা লাগে
হমৰো জে দেশৱা ভাৰত ঐসন দেশৱা ওকৰা লাগে
কৰেম হিন্দু-মুছলমান কা মোহব্বত লাগে
কৰেম ই জংগল আ নদীয়াঁ কা চলামত লাগে
কি আউৰী মহিলা সম্মান কা হিফাজত লাগে...