"হিন্দু বা মুছলমান নহয়, মই কেৱল মানুহ দেখিছিলোঁ": অগ্নিকুণ্ডত জাঁপ দি মন্দিৰ আৰু দোকান ৰক্ষা কৰা তাহিৰ হুছেইন শ্বেখ

Story by  atv | Posted by  Munni Begum • 2 h ago
অগ্নিকুণ্ডত জাঁপ দি মন্দিৰ আৰু দোকান ৰক্ষা কৰা তাহিৰ হুছেইন শ্বেখ
অগ্নিকুণ্ডত জাঁপ দি মন্দিৰ আৰু দোকান ৰক্ষা কৰা তাহিৰ হুছেইন শ্বেখ
 
ভক্তি চালক 
 
শেহতীয়াকৈ মুম্বাইৰ ডোংগ্ৰী এলেকাত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডৰ সময়ত নিজৰ প্ৰাণৰ কথা নাভাবি মানৱতাৰ এক অভূতপূৰ্ব নিদৰ্শন দাঙি ধৰিছিল তাহিৰ হুছেইন শ্বেখ নামৰ এজন যুৱকে। এক সংহাৰী জুইৰ পৰা তিনিখনকৈ দোকান আৰু সমীপৱৰ্তী এটা মন্দিৰৰ চৌহদ ৰক্ষা কৰা তাহিৰৰ সাহসিকতাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে তেওঁ সকলোৰে মাজত 'ডোংগ্ৰীৰ আব্দুল' হিচাপে এক সুকীয়া পৰিচিতি লাভ কৰে। তেওঁৰ এই নিস্বাৰ্থ আৰু অসাধাৰণ সাহসে এতিয়াও অগণন জনতাৰ হৃদয় জয় কৰি আছে, যাৰ ফলস্বৰূপে বিভিন্ন মুছলমান সংগঠন, স্থানীয় সমাজকৰ্মী আৰু ৰাজনৈতিক নেতাসকলে তেওঁক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰিছে।
 
সেয়া আছিল দীপাৱলীৰ এক উৎসৱমুখৰ নিশা। ৰাস্তাবোৰ আছিল পোহৰেৰে উদ্ভাসিত, প্ৰতিখন ঘৰৰ পদুলিত জ্বলি আছিল আশা আৰু আনন্দৰ মাটিৰ চাকি, আৰু চৌপাশ মুখৰিত হৈ আছিল ফটকাৰ শব্দৰে। কিন্তু এই আনন্দৰ মাজতেই হঠাতে ডোংগ্ৰীৰ নুৰ বাউগ এলেকাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ক্ষন্তেকৰ ভিতৰতে জুইৰ লেলিহান শিখা আকাশলৈ উধাওঁ কৰে, এটাৰ পিছত এটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণ হ’বলৈ ধৰে আৰু দোকানৰ ভিতৰত থকা মূল্যৱান সামগ্ৰীবোৰ নিমিষতে জ্বলি ছাই হৈ যাবলৈ ধৰে।
 
 
যিটো সময়ত একাংশ লোকে কেৱল নীৰৱ দৰ্শক হৈ চাই আছিল আৰু আন একাংশই নিজৰ ম’বাইল ফোনত ভিডিঅ’ ৰেকৰ্ড কৰাত ব্যস্ত আছিল, ঠিক সেই সময়তে ভিৰৰ মাজৰ পৰা এজন যুৱক এক অসাধাৰণ সাহস লৈ আগবাঢ়ি আহিছিল। তেওঁ তৎক্ষণাত অগ্নিনিৰ্বাপক বাহিনীৰ পানী মৰা গধুৰ পাইপ এডাল হাতত তুলি লৈ জুই নুমুৱাবলৈ পোনে পোনে চালৰ ওপৰলৈ উঠি গৈছিল। সেই অসাধাৰণ মানুহজনেই আছিল তাহিৰ শ্বেখ।
 
মুম্বাইৰ নুৰ বাউগৰ ৩৫ বছৰীয়া বাসিন্দা তাহিৰে স্থানীয় এখন চেলুনত কৰ্মৰত। প্ৰথম অৱস্থাত ভাইৰেল হোৱা ভিডিঅ’টো চোৱা বেছিভাগ মানুহেই তেওঁৰ প্ৰকৃত নামটো নাজানিছিল আৰু তেওঁক 'ডোংগ্ৰীৰ আব্দুল' বুলিয়েই সম্বোধন কৰিছিল। কিন্তু তেওঁৰ সেই নিৰ্ভীক কাৰ্যই সকলোৰে দৃষ্টি আৰু প্ৰশংসা আকৰ্ষণ কৰিছিল।
 
সেইদিনা তাহিৰে চেলুনত নিজৰ কাম কৰি থাকোঁতেই হঠাতে বাহিৰত মানুহৰ এক হাহাকাৰ আৰু চিঞৰ-বাখৰ শুনিবলৈ পায়। বাহিৰলৈ ওলাই আহিয়েই তেওঁ দেখে যে প্ৰবল বতাহৰ ফলত জুইকুৰাই দ্ৰুতগতিত এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সেই গলিটোত গেৰেজ, কাপোৰৰ কাৰখানা, জোতা বনোৱা দোকান, ৰঙৰ দোকান আৰু ৱেল্ডিং ৱৰ্কশ্বপ আদি আছিল, য'ত যথেষ্ট পৰিমাণৰ ৰাসায়নিক পদাৰ্থ আৰু গেছ চিলিণ্ডাৰ মজুত ৰখা হৈছিল।
 
তাত এক বিশাল আৰু আতংকিত ভিৰ গোট খাইছিল। দোকানীসকলে তেওঁলোকৰ গোটেই জীৱনৰ কষ্টোপাৰ্জিত ধন চকুৰ আগতে ভস্মীভূত হোৱা দেখি কান্দোনত ভাঙি পৰিছিল আৰু নিজৰ সামগ্ৰীবোৰ বচাবলৈ আপ্রাণ চেষ্টা কৰিছিল। মানুহৰ এই অসহায় অৱস্থা আৰু দুৰ্দশা সহ্য কৰিব নোৱাৰি তাহিৰে নিজৰ জীৱনৰ বিপদাশংকা থকা স্বত্বেও অগ্নিনিৰ্বাপক বাহিনীৰ পাইপডাল তুলি লৈ ওপৰলৈ উঠাৰ এক দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰে।
 
সেই ভয়ংকৰ মুহূৰ্তটো সুঁৱৰি তাহিৰে কয়, "সেই হুলস্থূল আৰু আতংকময় পৰিৱেশৰ মাজত এগৰাকী মহিলাই মোক 'বেটা' বুলি মাতিছিল। তেওঁৰ মাতটো একেবাৰে মোৰ জন্মদাত্ৰী মাৰ নিচিনা লাগিছিল। মোৰ এনে অনুভৱ হৈছিল যেন মোৰ নিজৰ মায়েহে মোক মাতিছে। মহম্মদ নবীৰ নাম লৈ মই ওপৰলৈ উঠি গ'লোঁ, আৰু যিয়েই নহওক কিয় তাৰ সন্মুখীন হ'বলৈ মানসিকভাৱে প্ৰস্তুত হ'লোঁ।"
 
ঘটনাস্থলীত তেতিয়া ভয়ংকৰ পৰিস্থিতি। অনবৰতে গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ হৈ আছিল— কিছুমান চিলিণ্ডাৰ পোনে পোনে ওপৰলৈ যোৱাৰ পৰিৱৰ্তে কাষেৰে বিস্ফোৰিত হৈছিল, যাৰ ফলত জুই আৰু অধিক বেগেৰে চাৰিওফালে বিয়পি পৰিছিল। যেতিয়া কেইজনমান মানুহে আৱেগিক হৈ তেওঁলোকৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ ভিতৰলৈ লৰ মাৰিবলৈ চেষ্টা কৰিছিল, তাহিৰে তেওঁলোকক বাধা দিছিল, কাৰণ তেওঁ জানিছিল যে সেয়া কিমান বিপদজনক আৰু প্ৰাণঘাতী হ'ব পাৰে।
 
তাহিৰ হুছেইন শ্বেইখক মমেণ্ট আৰু সন্মান
 
অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলৰ শৰীৰত সুৰক্ষামূলক পোছাক আছিল, কিন্তু তাহিৰ আৰু তেওঁক সহায় কৰা স্থানীয় লোকসকলৰ তেনে কোনো সুৰক্ষাৰ ব্যৱস্থা নাছিল। তথাপিও তেওঁলোকে অসীম সাহসেৰে সেই গধুৰ পাইপবোৰ জুইৰ ফালে টানি নিছিল। তেওঁলোকৰ নিৰন্তৰ আৰু ঐকান্তিক প্ৰচেষ্টাই অৱশেষত তিনিখন দোকান সম্পূৰ্ণৰূপে ৰক্ষা কৰিবলৈ সক্ষম হ'ল আৰু কাষতে থকা মন্দিৰৰ চৌহদটোলৈকো জুই বিয়পাৰ পৰা সুৰক্ষিত কৰি ৰাখিলে।
 
"মই ভাবিছিলো যে যদি মই জুইৰ সামান্য অংশ এটাও নুমুৱাবলৈ সক্ষম হওঁ, সেয়াও যথেষ্ট হ'ব," তাহিৰে বিনম্ৰতাৰে কয়। "আল্লাই মোক ওপৰলৈ উঠিবলৈ শক্তি আৰু সাহস দিলে। তেওঁৰ কৃপাত তিনিখন দোকান ৰক্ষা পৰিল আৰু মন্দিৰৰ ওচৰৰ এলেকাটো সুৰক্ষিত হৈ থাকিল।"
 
সহায় কৰিবলৈ আগবাঢ়ি যাওঁতে, তাহিৰে এবাৰো ভবা নাছিল যে তেওঁৰ সন্মুখত কাৰ ঘৰ, কাৰ দোকান বা কাৰ উপাসনাস্থলী আছে। তেওঁৰ একমাত্ৰ লক্ষ্য আছিল মানুহক আৰু তেওঁলোকৰ জীৱিকাক ৰক্ষা কৰা।
 
এই অগ্নিকাণ্ডই প্ৰচুৰ ক্ষতিসাধন কৰিলে— মানুহৰ সামগ্ৰী, নগদ ধন আৰু মোবাইল ফোন ধ্বংস কৰিলে আৰু কিছুমান পৰিয়ালক এনে এক অৱস্থাত পেলালে য'ত তেওঁলোকে এসাঁজ খাদ্যৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছিল। তাহিৰ আৰু তেওঁৰ লগৰীয়াসকলে কেৱল জুই নুমুৱাতেই ক্ষান্ত নাথাকি পৰৱৰ্তী সময়ত এই দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰিবলৈও আগবাঢ়ি আহিল। তেওঁলোকে জুই নিয়ন্ত্ৰণ কৰিবলৈ অহোপুৰুষাৰ্থ কৰি থকা অগ্নিনিৰ্বাপক বাহিনীৰ ভাগৰি পৰা লোকসকলৰ বাবে গ্লুক’জ, শক্তিৱৰ্ধক পানীয় আৰু ফলৰ ৰসৰো ব্যৱস্থা কৰিছিল।
 
যদিও তাহিৰৰ আৰ্থিক অৱস্থা বৰ স্বচ্ছল নহয়, তথাপিও বিপদত পৰা লোকক সহায় কৰাটো তেওঁৰ স্বভাৱ আৰু জীৱনৰ ব্ৰত। তেওঁ কয়, "মই টকা-পইচাৰে ধনী নহ'ব পাৰোঁ, কিন্তু মই অন্তৰৰ পৰা বহুত ধনী। যদি মই কাৰোবাৰ সহায়ত আহিব পাৰোঁ, তেন্তে মই নিশ্চয় আগবাঢ়ি যাওঁ। মই বিশ্বাস কৰোঁ যে কাৰোবাৰ কঠিন সময়ত সকলোৱে নিজৰ সাধ্য অনুসৰি সহায় কৰা উচিত।"
 
ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত, অসংখ্য মুছলমান সংগঠন, স্থানীয় সমাজকৰ্মী, বেচৰকাৰী সংস্থা আৰু ৰাজনৈতিক নেতাই তাহিৰক শাল, স্মাৰক, পদক আৰু ট্ৰফীৰে সন্মানিত কৰে।
 
এই সমগ্ৰ ঘটনাৰ জৰিয়তে সমাজলৈ তেওঁ কি বাৰ্তা দিব বিচাৰে বুলি সোধাত, তাহিৰে মানুহক জাতি আৰু ধৰ্মৰ ঊৰ্ধ্বলৈ গৈ চিন্তা কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, "ইছলামে আমাক আনৰ ঘৰ সমৃদ্ধিশালী হোৱা দেখি সুখী হ'বলৈ শিকায়, কাৰো জীৱিকা ধ্বংস কৰিবলৈ নহয়। মই তাত কোনো হিন্দু দেখা নাছিলোঁ, কিম্বা কোনো মুছলমানো দেখা নাছিলোঁ। মই কেৱল মানুহ দেখিছিলোঁ আৰু মানুহ হিচাপে সহায় কৰিবলৈ দৌৰি গৈছিলোঁ। মানৱতাৰ সেৱা কৰায়েই হৈছে প্ৰকৃত অৰ্থত ঈশ্বৰৰ সেৱা।"