অসমৰ বিহুৰ পৰা নুছৰত ফতেহ আলী খানৰ কাৱালীলৈঃ বিহাৰৰ এখন বিয়াত জিলিকি উঠিল ভাৰতৰ সাংস্কৃতিক ঐক্য

Story by  Manoj Kumar Ojha | Posted by  Munni Begum • 13 h ago
বিহাৰৰ এখন বিয়াত জিলিকি উঠিল ভাৰতৰ সাংস্কৃতিক ঐক্য
বিহাৰৰ এখন বিয়াত জিলিকি উঠিল ভাৰতৰ সাংস্কৃতিক ঐক্য
 
মনোজ কুমাৰ ওঝা / ডুমডুমা 
 
নিজৰ সাংস্কৃতিক পীঠস্থানৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৈৰ বিহাৰত এখন বিয়াৰ আনময় পৰিৱেশত যেতিয়া এটি চিৰসেউজ অসমীয়া বিহুগীতৰ সুৰ বাজি উঠে, তেতিয়া দৃশ্যটো বাৰু কেনে হয়? ইয়াৰ এক অতি হৃদয়স্পৰ্শী আৰু মনপৰশা উত্তৰ দিছে বিহাৰৰ মুজাফ্ফৰপুৰৰ শেহতীয়াকৈ ভাইৰেল হোৱা এটি ভিডিঅ’ই।
 
সম্প্ৰতি মুজাফ্ফৰপুৰৰ এটা বৰযাত্ৰীৰ শোভাযাত্ৰা ('বাৰাত')ত অসমীয়া বিহু সংগীতৰ চিনাকি ছন্দই বিভিন্ন প্ৰজন্মৰ লোকক একত্ৰিত কৰি তোলে। ভিডিঅ’টোত পুৰুষ-মহিলা সকলোৱে জনপ্ৰিয় অসমীয়া কথাছবি 'বোৱাৰী'ৰ জনপ্ৰিয় গীতটোৰ তালে তালে অতি উছাহেৰে নৃত্য কৰা পৰিলক্ষিত হয়।
 
বিহু নৃত্য পৰিবেচন কৰি থকা এক দৃশ্য
 
প্ৰেমৰ ধেমেলীয়া অথচ কোমল অনুভূতিক গীতটোৰ কথাই সুন্দৰকৈ দাঙি ধৰিছে-
 
‘‘মন হীৰাদৈ চাইকেল নহয় টিলিঙা,
মন হীৰাদৈ ডেকা নহয় পিলিঙা,
ৰহদলা পথাৰত আহিবা ঐ নিজৰাত,
মন হীৰাদৈ তোমাৰনো কুমলীয়া মাত,
মন হীৰাদৈ গাভৰু নহয় লাহঙা,
মন হীৰাদৈ পীৰিতি নহয় মহঙা।’’
 
ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পূৰ্বে বিজয় শৰ্মাই এক উৎসাহপূৰ্ণ বাৰ্তাৰে ইয়াৰ পৰিচয় দাঙি ধৰি কয়, "কোনে কয় বিহাৰত বিহুগীত নাবাজে? 
 
বিহাৰৰ মুজাফ্ফৰপুৰৰ পৰা আমি আপোনালোকক দেখুৱাম যে বিয়া আৰু উৎসৱ-পাৰ্বণত ইয়াত মানুহে বিহুৰ তালে তালে কেনেকৈ নাচে।"
 
অলপ সময়ৰ ভিতৰতে ভিডিঅ’টো ২৯,৬০০ বাৰ দৰ্শন কৰা হয় আৰু সাংস্কৃতিক মিলনৰ এই স্বতঃস্ফূৰ্ত প্ৰকাশক আদৰণি জনাই দৰ্শকসকলে প্ৰশংসাসূচক প্ৰতিক্ৰিয়া আগবঢ়ায়।
ছানী ঘোষে মন্তব্য কৰে, "আমি ভাৰতীয় ভাই-ভাই। আমি সকলোৱে ইজনে সিজনৰ সংস্কৃতিক সন্মান কৰোঁ। এয়াই আমাৰ মৰমৰ দেশ হিন্দুস্তান।"
 
অৱশ্যে এই সাংস্কৃতিক সম্পৰ্ক কেৱল সংগীততেই সীমাবদ্ধ নহয়। ফুলাম গামোচা আৰু মেখেলা চাদৰৰ দৰে পৰম্পৰাগত অসমীয়া সাজ-পোছাকৰ লগতে তামোল-পাণ, কোমল চাউল, নাৰিকলৰ লাৰু আৰু কমলা টেঙাৰ দৰে চিনাকি অসমীয়া খাদ্যসম্ভাৰেও ইয়াৰ বিভিন্ন উৎসৱ তথা সামাজিক অনুষ্ঠানত সমাদৰ লাভ কৰিছে।
স্থানীয় বাসিন্দা শিৱ শংকৰ পাণ্ডেই টেলিফোনযোগে আৱাজ- দ্য ভইচক কয়, "যিকোনো মাংগলিক অনুষ্ঠানত আমি এখন ফুলাম গামোচাৰে ইজনে সিজনক আদৰণি জনাওঁ। পাটনা বিধানসভাত বহি থকা নেতাজনৰ পৰা আৰম্ভ কৰি ধাননি পথাৰত কাম কৰা সাধাৰণ কৃষকজনলৈকে— সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ ডিঙিত আপুনি এই গামোচা দেখিবলৈ পাব।"
 
মুজাফ্ফৰপুৰ অঞ্চলত ভোজপুৰী ভাষাৰ অতি ওচৰৰ 'বজ্জিকা' ভাষা বহুলভাৱে প্ৰচলিত যদিও বিহাৰৰ সাংস্কৃতিক পৰিমণ্ডলে দেশৰ আন প্ৰান্তৰ প্ৰভাৱক উদাৰতাৰে আঁকোৱালি লয়। বিয়াৰ অনুষ্ঠানত কিংবদন্তি পাকিস্তানী কাৱাল নুছৰত ফতেহ আলী খানৰ আৱেগিক কণ্ঠত অতি জনপ্ৰিয় বিয়াগীত 'দুল্হে কা চেহৰা'ও শুনিবলৈ পোৱা যায়-
 
‘‘দুল্হে কা চেহৰা চুহানা লগতা হে,
দুল্হন কা তো দিল দিৱানা লগতা হে।’’
 
নুছৰত ফতেহ আলী খানৰ কাৱালীৰ লগতে বিহু সংগীতৰ এই উপস্থিতিয়ে প্ৰমাণ কৰে যে সংগীতে কেনেকৈ ভাষিক, ভৌগোলিক আৰু ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি উৎসৱৰ এক উমৈহতীয়া ভাষাত পৰিণত হয়।
 
ভিডিঅ’টোৰ সঁহাৰিত মনদীপ চুতীয়াই লিখে, "অতি সুন্দৰ। পাৰস্পৰিক সন্মানৰ এই মনোভাৱ সঁচাকৈয়ে প্ৰশংসনীয়। পৰিয়ালটোক ধন্যবাদ; তেওঁলোকে প্ৰকৃত অৰ্থত আনন্দ উপভোগ কৰিছে।"
 
বহুতৰে বাবে এনে মুহূৰ্তবোৰে এই কথাই সোঁৱৰাই দিয়ে যে সাংস্কৃতিক পৰিচয়ক ভৌগোলিক সীমাৰ মাজত আৱদ্ধ কৰি ৰখাৰ প্ৰয়োজন নাই। খাদ্য, সাজ-পোছাক, সংগীত আৰু পৰম্পৰা প্ৰায়ে মানুহৰ লগে লগে ভ্ৰমণ কৰে আৰু ক্ৰমশঃ নিজৰ উৎপত্তিস্থলৰ পৰা বহু দূৰৈৰ ঠাইবোৰৰ সামাজিক গাঁথনিৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে।
 
অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথিতযশা অভিনেতা বিজু ফুকন
 
এই সাংস্কৃতিক আত্মীয়তাৰ এক ঐতিহাসিক পটভূমিও আছে। ১৯৭০-ৰ দশকৰ পৰা জীৱিকাৰ সন্ধানত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা বৃহৎ সংখ্যক লোক অসমলৈ আহিছিল আৰু ইয়াৰে বহুতে উজনি অসমৰ চাহ অধ্যুষিত তথা ঔদ্যোগিক অঞ্চলসমূহত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। বিভিন্ন সম্প্ৰদায়ে একেলগে জীৱন গঢ়ি তোলাৰ লগে লগে সাংস্কৃতিক আদান-প্ৰদান দৈনন্দিন সামাজিক জীৱনৰ অংগ হৈ পৰে। নিজৰ পৰম্পৰা বজাই ৰখাৰ লগতে তেওঁলোকে অসমীয়া সংস্কৃতিৰ উপাদানসমূহকো আঁকোৱালি লয়; একেদৰে অসমীয়া ৰীতি-নীতি আৰু খাদ্যসম্ভাৰেও ৰাজ্যৰ বাহিৰত গুণমুগ্ধ লাভ কৰে।
 
তামোল-পাণক লৈ থকা আগ্ৰহ এই চিৰস্থায়ী সাংস্কৃতিক বান্ধোনৰ আন এক উদাহৰণ। অসমৰ পৰা কোনো লোক বিহাৰ বা উত্তৰ প্ৰদেশলৈ গ’লে প্ৰায়েই সন্মুখীন হোৱা প্ৰথম প্ৰশ্নটোৱেই হৈছে- "তামোল-পাণ আনিছানে?" ইয়াৰ পৰাই বুজা যায় যে পৰম্পৰাগত অসমীয়া আতিথ্যৰ এই উপচাৰটিৰ প্ৰতি তাত কিমান গভীৰ চিনাকি আৰু আপোনত্ব গঢ় লৈ উঠিছে।
 
সংগীতৰ এই বান্ধোন কেৱল বিহাৰতেই সীমাৱদ্ধ হৈ থকা নাই। ভাৰতৰ বিভিন্ন প্ৰান্তত, আনকি চুবুৰীয়া নেপালতো অসমীয়া গীতে শ্ৰোতাৰ মন জয় কৰিছে।
 
পাটনাৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত বেংক পৰিচালক ছিয়াৰাম মিশ্ৰই কয়, "ড০ ভূপেন হাজৰিকা মোৰ প্ৰিয় শিল্পী। জুবিন গাৰ্গো মোৰ প্ৰিয়। মই সদায় দুয়োজনৰে গীত শুনোঁ।"
 
অনিমা শইকীয়াৰ দৃষ্টিত এই সাংস্কৃতিক আদান-প্ৰদানৰ তাৎপৰ্য নিহিত হৈ আছে ই বহন কৰা সহজ-সৰল মানৱীয় মূল্যবোধত।
 
তেওঁ কয়, "আমি সংস্কৃতিক কোনো সীমাৰ মাজত বান্ধি ৰাখিব নোৱাৰোঁ। মানুহে প্ৰেম, আনন্দ আৰু সম্প্ৰীতিৰে জীৱন যাপন কৰা উচিত। এই দৃশ্য দেখি মনটো সঁচাকৈয়ে ভাল লাগিছে।"
 
সম্ভৱতঃ মুজাফ্ফৰপুৰৰ এই বিবাহ উৎসৱৰ পৰা ওলাই অহা আটাইতকৈ সুন্দৰ বাৰ্তাটোৱেই হৈছে যে একেটা আনন্দৰ মঞ্চতেই অসমৰ বিহুৰ ছন্দ, এগৰাকী পাকিস্তানী শিল্পীৰ কাৱালী, এখন অসমীয়া ফুলাম গামোচা আৰু চিনাকি তামোল-পাণৰ সম্ভাষণ সকলো যেন একাকাৰ হৈ থাকিব পাৰে।
 
ৰাজনৈতিক, ভাষিক আৰু ভৌগোলিক সীমাৰেখাই হয়তো ভূখণ্ডক বিভক্ত কৰিব পাৰে, কিন্তু সংস্কৃতিৰ হাতত মানুহৰ হৃদয়ক ওচৰ চপাই অনাৰ নিজস্ব পথ আছে।
 
আৰু কেতিয়াবা সেই মিলনৰ সেতু গঢ়িবলৈ একোৱেই নালাগে- মাথোঁ বিহাৰৰ এখন বিয়াত অসমীয়া বিহুগীতৰ এটি মিঠা সুৰ বাজি উঠিলেই যথেষ্ট।