IIT গুৱাহাটীৰ তিনি প্ৰাক্তন শিক্ষাৰ্থীয়ে দুটা কোঠাৰ ফ্লেটৰ পৰা গঢ়ি তুলিলে কৃষকক স্বাৱলম্বী কৰাৰ বৃহৎ ব্যৱসায়
মুন্নী বেগম / গুৱাহাটী
দেশৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান আইআইটি গুৱাহাটীৰ পৰা অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰাৰ পিছত বহুজাতিক কোম্পানীত উচ্চ দৰমহাৰ চাকৰি কৰাটো বহুতৰে সপোন। কিন্তু এই গতানুগতিক পথৰ বিপৰীতে আগবাঢ়ি এক ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰিছে আইআইটি গুৱাহাটীৰ তিনি প্ৰাক্তন শিক্ষাৰ্থীয়ে। কৃষকৰ জীৱনলৈ অৰ্থনৈতিক পৰিৱৰ্তন অনাৰ লক্ষ্যৰে আৰম্ভ কৰা তেওঁলোকৰ ক্ষুদ্ৰ উদ্যোগে আজি লাভ কৰিছে এক বৃহৎ পৰিসৰ। বেংগালুৰুৰ দুটা শোৱনি কোঠা থকা এটা সৰু ফ্লেটৰ মজিয়াত বহি সৰিয়হৰ তেল আৰু ঘিউৰ টেমা পেকেট কৰাৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই আজি দেশৰ আঢ়ৈশৰো অধিক কৃষকক সামৰি লোৱা এক উদ্যোগৰ ৰূপ লৈছে।
এই সফলতাৰ আঁৰৰ তিনি যুৱ উদ্যোগী হৈছে কুলদীপ পাৰেৱা, অখিল কনছাল আৰু আয়ুষী খাণ্ডেলৱাল। আইআইটি গুৱাহাটীৰে প্ৰাক্তন শিক্ষাৰ্থী তিনিওগৰাকীয়ে ২০২০ চনত আৰম্ভ কৰিছিল ‘অন্বেষণ’ (Anveshan) নামৰ এক খাদ্যভিত্তিক ষ্টাৰ্টআপ। তেওঁলোকৰ মূল উদ্দেশ্য আছিল কৃষকসকলে উৎপাদন কৰা কৃষিজাত সামগ্ৰীৰ উচিত মূল্য নিশ্চিত কৰাৰ লগতে পৰম্পৰাগত ভাৰতীয় খাদ্যসামগ্ৰী পোনপটীয়াকৈ গ্ৰাহকৰ ওচৰলৈ লৈ যোৱা।
বেংগালুৰুৰ ইন্দিৰানগৰত থকা কুলদীপৰ দুটা শোৱনি কোঠাৰ ফ্লেটটো সামগ্ৰীৰ মজুত আৰু পেকেজিঙৰ বাবে ব্যৱহাৰ কৰাৰ দৃশ্য
কুলদীপ পাৰেৱাই ২০১৪ চনৰ পৰা ২০১৮ চনলৈ আইআইটি গুৱাহাটীত অধ্যয়ন কৰিছিল। আনহাতে, অখিল কনছালে ২০১৭ চনত ইলেক্ট্ৰনিকছ এণ্ড কমিউনিকেচন ইঞ্জিনিয়াৰিং বিভাগৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। আয়ুষী খাণ্ডেলৱালেও ২০১৪ চনৰ পৰা ২০১৮ চনলৈ একেখন শিক্ষানুষ্ঠানতে অধ্যয়ন কৰিছিল।
কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা কুলদীপে সৰুৰে পৰাই কৃষকৰ জীৱন সংগ্ৰাম অতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছিল। কঠোৰ পৰিশ্ৰম কৰিও নিজৰ পৰিয়াল আৰু গাঁৱৰ কৃষকসকলে পৰ্যাপ্ত উপাৰ্জন কৰিব নোৱাৰাটো তেওঁৰ বাবে আছিল গভীৰ চিন্তাৰ বিষয়। সামাজিক মাধ্যম লিংকডইনত প্ৰকাশ কৰা এক পোষ্টত কুলদীপে উল্লেখ কৰা অনুসৰি, তেওঁ এনে বহু কৃষকক দেখিছিল, যিসকলে দিনটো কঠোৰ পৰিশ্ৰম কৰিও মাত্ৰ ১৫০ৰ পৰা ২০০ টকাহে উপাৰ্জন কৰিছিল।
এই অভিজ্ঞতাই কুলদীপৰ মনত এক নতুন চিন্তাৰ জন্ম দিছিল। কৃষকে উৎপাদন কৰা সামগ্ৰীৰ পৰা কেনেদৰে অধিক উপাৰ্জন কৰিব পাৰে, সেই সমস্যাৰ সমাধান বিচাৰিবলৈ তেওঁ আগ্ৰহী হৈ উঠে। গোল্ডমেন ছেক্সৰ দৰে প্ৰতিষ্ঠানত কাম কৰাৰ অভিজ্ঞতা থকা কুলদীপে অৱশেষত গতানুগতিক কৰ্প'ৰেট কেৰিয়াৰৰ পৰিৱৰ্তে উদ্যোগ স্থাপনৰ পথ বাছি লয়। এই যাত্ৰাত তেওঁৰ সহযোগী হয় অখিল কনছাল আৰু আয়ুষী খাণ্ডেলৱাল।
অৱশ্যে তিনিওগৰাকী যুৱ উদ্যোগীৰ বাবে আৰম্ভণিৰ দিনবোৰ সহজ নাছিল। ২০২০ চনত বেংগালুৰুৰ ইন্দিৰানগৰত থকা কুলদীপৰ দুটা শোৱনি কোঠাৰ ফ্লেটটোৱেই হৈ পৰিছিল তেওঁলোকৰ প্ৰথম কাৰ্যালয়। তাত নাছিল কোনো গুদামঘৰ, আধুনিক পেকেজিং যন্ত্ৰ বা সামগ্ৰী মজুত ৰখাৰ পৃথক ব্যৱস্থা।
কুলদীপ পাৰেৱা, অখিল কনছাল আৰু আয়ুষী খাণ্ডেলৱাল
ফ্লেটটোৰ এটা শোৱনি কোঠাত ৰখা হৈছিল সামগ্ৰীৰ মজুত। বহা কোঠাটো ব্যৱহাৰ কৰা হৈছিল পেকেজিঙৰ বাবে আৰু আনটো কোঠাত ৰখা হৈছিল বিক্ৰীৰ বাবে সাজু কৰা সামগ্ৰী। তিনিওগৰাকী প্ৰতিষ্ঠাপকে নিজেই সামগ্ৰী পেকেট কৰাৰ পৰা আৰম্ভ কৰি গ্ৰাহকৰ ওচৰলৈ যোগান ধৰালৈকে সকলো কাম কৰিছিল।
কুলদীপে স্মৰণ কৰি কয় যে, কেতিয়াবা এদিনতে প্ৰায় ২০০টা অৰ্ডাৰ হাতেৰে পেকেট কৰিবলগীয়া হৈছিল। কেৱল সেয়াই নহয়, সৰিয়হৰ তেল আৰু ঘিউৰ টেমা নিজেই স্কুটাৰত কঢ়িয়াই স্থানীয় বিক্ৰেতাৰ ওচৰলৈ লৈ গৈছিল তেওঁলোকে। সৰিয়হৰ তেল আৰু ঘিউৰ গোন্ধেৰে ভৰি থকা সেই সৰু ফ্লেটটোৱেই আছিল তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাৰ প্ৰথম ঠিকনা।
‘অন্বেষণ’ৰ ব্যৱসায়িক আৰ্হিও আছিল কিছু ব্যতিক্ৰমী। কৃষকৰ পৰা কেঁচা সামগ্ৰী সংগ্ৰহ কৰি কেৱল নিজৰ ব্ৰেণ্ডত বিক্ৰী কৰাৰ পৰিৱৰ্তে কৃষকসকলক সামগ্ৰী প্ৰস্তুত আৰু প্ৰক্ৰিয়াকৰণৰ সৈতে জড়িত কৰাৰ ওপৰত গুৰুত্ব দিছিল প্ৰতিষ্ঠানটোৱে।
এই উদ্যোগৰ জৰিয়তে পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰা বিলোনা ঘিউ, কাঠৰ ঘানীত উলিওৱা তেল, অপৰিশোধিত মৌ আৰু অন্যান্য খাদ্যসামগ্ৰী গ্ৰাহকৰ ওচৰলৈ আগবঢ়োৱা হয়। সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ লগতে উৎপাদনৰ উৎস সম্পৰ্কে গ্ৰাহকক স্বচ্ছ তথ্য প্ৰদান কৰাতো বিশেষ গুৰুত্ব দিয়ে প্ৰতিষ্ঠানটোৱে।
বিশেষকৈ কিউআৰ কোডৰ সহায়ত গ্ৰাহকে ক্ৰয় কৰা সামগ্ৰী ক'ৰ পৰা আহিছে আৰু কেনেদৰে প্ৰস্তুত কৰা হৈছে, সেই বিষয়ে জানিব পৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত এফালে কৃষকে উৎপাদিত সামগ্ৰীৰ বাবে উন্নত বজাৰ লাভ কৰাৰ সুযোগ পাইছে, আনফালে গ্ৰাহকেও খাদ্যসামগ্ৰীৰ উৎস আৰু গুণগত মান সম্পৰ্কে অধিক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে।
আইআইটি গুৱাহাটীৰ তিনি প্ৰাক্তন শিক্ষাৰ্থী কুলদীপ পাৰেৱা, অখিল কনছাল আৰু আয়ুষী খাণ্ডেলৱাল তেওঁলোকৰ বন্ধুবৰ্গৰ সৈতে
সময়ৰ লগে লগে বেংগালুৰুৰ সেই সৰু ফ্লেটৰ পৰা আৰম্ভ হোৱা উদ্যোগটোৰ পৰিসৰো বৃদ্ধি পায়। কুলদীপ পাৰেৱাই লিংকডইনত প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমান ‘অন্বেষণ’ৰ সৈতে ২৫০ৰো অধিক কৃষক জড়িত হৈ আছে। দেশৰ বিভিন্ন স্থানত স্থাপন কৰা হৈছে ২০টাতকৈ অধিক খাদ্য প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ। ইয়াৰ লগতে প্ৰতিষ্ঠানটোত ১৫০ৰো অধিক লোকে কাম কৰি আছে।
এই উদ্যোগৰ অন্যতম উল্লেখযোগ্য দিশ হৈছে কৃষকসকলৰ ভূমিকাত অহা পৰিৱৰ্তন। পূৰ্বতে কেৱল কৃষিজাত সামগ্ৰীৰ যোগানকাৰী হিচাপে সীমাবদ্ধ হৈ থকা বহু কৃষকে এতিয়া সেই সামগ্ৰীৰ প্ৰক্ৰিয়াকৰণ আৰু মূল্য সংযোজনৰ কামতো অংশগ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে কৃষকসকলৰ বাবে উপাৰ্জনৰ নতুন সম্ভাৱনা সৃষ্টি কৰাৰ প্ৰয়াস চলোৱা হৈছে।
কুলদীপে আজিও স্মৰণ কৰে বেংগালুৰুৰ সেই সৰু ফ্লেটটোৰ কথা, য'ত তেওঁলোকে প্ৰথম ব্যৱসায় আৰম্ভ কৰিছিল। বিশেষকৈ সামগ্ৰী মজুত ৰখাৰ বাবে ব্যৱহাৰ কৰা বহা কোঠাটোৱে আজিও তেওঁক সেই সংগ্ৰামৰ দিনবোৰৰ কথা সোঁৱৰাই দিয়ে। উদ্যোগটোৰ সফলতাৰ আঁৰত আৰম্ভণিৰে পৰা তেওঁলোকৰ ওপৰত বিশ্বাস ৰখা কৃষকসকলৰ অৱদানকো তেওঁ বিশেষভাৱে স্বীকাৰ কৰিছে।
আইআইটি গুৱাহাটীৰ এই তিনি প্ৰাক্তন শিক্ষাৰ্থীৰ যাত্ৰাই দেখুৱাইছে যে, অভিযান্ত্ৰিক শিক্ষাৰ জৰিয়তে কেৱল চাকৰি বা প্ৰযুক্তিভিত্তিক উদ্যোগতেই সীমাবদ্ধ থাকিব নালাগে। সমাজৰ বাস্তৱ সমস্যাৰ সমাধান বিচাৰিও গঢ়ি তুলিব পাৰি এক সম্ভাৱনাপূৰ্ণ ব্যৱসায়।
বেংগালুৰুৰ এটা সৰু ফ্লেটৰ মজিয়াত বহি সামগ্ৰী পেকেট কৰাৰ পৰা আৰম্ভ হোৱা কুলদীপ, অখিল আৰু আয়ুষীৰ এই যাত্ৰা আজি কৃষকক উদ্যোগী হিচাপে গঢ়ি তোলাৰ এক উল্লেখযোগ্য প্ৰচেষ্টাত পৰিণত হৈছে। তেওঁলোকৰ কাহিনীয়ে নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলৰ বাবেও আত্মসংস্থাপন আৰু উদ্যোগশীলতাৰ এক অনুপ্ৰেৰণামূলক উদাহৰণ দাঙি ধৰিছে।