এহছান ফাজিলি / শ্ৰীনগৰ
নিচেই শৈশৱৰে পৰা আকাশখনৰ প্ৰতি থকা গভীৰ কৌতূহল আৰু তীব্ৰ আকৰ্ষণকেই সাৰথি কৰি মধ্য কাশ্মীৰৰ এখন তেনেই সৰু গাঁৱৰ পৰা ওলাই আহি আজি এজন দক্ষ এৰোস্পেচ ইঞ্জিনীয়াৰ তথা উদ্যোগী হিচাপে নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে যুৱক ছাদিক আলী মিৰে। নিঃসন্দেহে এয়া তেওঁৰ জীৱনৰ এক বৃহৎ উত্তৰণ। এৰোস্পেচ ইঞ্জিনীয়াৰিং ক্ষেত্ৰখনত বছৰ বছৰ ধৰি কৰা অধ্যয়ন আৰু প্ৰশিক্ষণৰ অন্তত এতিয়া তেওঁৰ উচ্চাকাংক্ষা স্বয়ংক্ৰিয় বিমান নিৰ্মাণৰ পৰা আৰম্ভ কৰি মহাকাশ অন্বেষণৰ বিশাল জগতখনলৈ বিস্তৃত হৈছে।
২০২৬ চনৰ ১২ অক্টোবৰত ২৪ বছৰীয়া ছাদিক আলী মিৰে নেচনেল স্পেচ ছ’চাইটী (NSS)-ৰ প্ৰথমটো ‘৩০ আণ্ডাৰ ৩০ ক্লাছ অৱ ২০২৬’ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হয়। মহাকাশ অন্বেষণ, ইয়াৰ বিকাশ আৰু মহাকাশত মানৱ বসতিৰ ভৱিষ্যত নিৰ্মাণত অৱদান আগবঢ়োৱা ৩০ গৰাকী উদীয়মান পেছাদাৰী ব্যক্তিক স্বীকৃতি জনাবলৈ এই তালিকা প্ৰস্তুত কৰা হৈছে।
ছাদিক আলী মিৰৰ নাম এন এছ এছৰ পোষ্টাৰত
আৱাজ - দ্য ভইচৰ সৈতে হোৱা বাৰ্তালাপত ছাদিক আলীয়ে কয়, “নেচনেল স্পেচ ছ’চাইটি (NSS)-ৰ প্ৰথমটো ‘৩০ আণ্ডাৰ ৩০ ক্লাছ অৱ ২০২৬’ তালিকাত নিৰ্বাচিত হোৱাটো মোৰ যাত্ৰাৰ এক অত্যন্ত তাৎপৰ্যপূৰ্ণ মাইলৰ খুঁটি। NSS হৈছে এক আন্তৰ্জাতিকভাৱে স্বীকৃত সংস্থা, যিয়ে মহাকাশ অন্বেষণ, উন্নয়ন আৰু মহাকাশমুখী সভ্যতা হিচাপে মানৱজাতিৰ ভৱিষ্যতৰ সপক্ষে কাম কৰে।” তেওঁ দৃঢ়তাৰে কয় যে এয়া তেওঁৰ বাবে একেলগে এক সন্মান আৰু দায়িত্ব আৰু এই প্ৰথমটো বৰ্গত জম্মু-কাশ্মীৰ তথা ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ পাই তেওঁ অত্যন্ত গৌৰৱান্বিত।
তেওঁ মত প্ৰকাশ কৰে যে মানুহৰ আৰম্ভণিয়ে কেতিয়াও তেওঁৰ সীমা নিৰ্ধাৰণ কৰিব নালাগে। এটা ডাঙৰ সপোন পূৰণ কৰিবলৈ কোনো এখন ডাঙৰ চহৰৰ পৰা অহা বা আৰম্ভণিৰে পৰাই সকলো সা-সুবিধা হাতৰ মুঠিত পোৱাটো বাধ্যতামূলক নহয়। তেওঁ আশা প্ৰকাশ কৰে যে কাশ্মীৰ বা ভাৰতৰ যিকোনো প্ৰান্তৰ এজন যুৱ ছাত্ৰই এই সফলতা দেখি বিশ্বাস কৰিবলৈ শিকিব যে তেওঁলোকেও বিজ্ঞান, ইঞ্জিনীয়াৰিং আৰু মহাকাশত মানৱজাতিৰ ভৱিষ্যত গঢ়াত অৱদান আগবঢ়াব পাৰে।
এই সফলতাৰ যাত্ৰা সন্দৰ্ভত ছাদিক আলীয়ে কয় যে তেওঁৰ এই যাত্ৰা স্কুলত সপ্তম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে আৰম্ভ হৈছিল। তেওঁ মনত পেলাই কয়, “তেতিয়াই মই কাশ্মীৰৰ শীতকালৰ আকাশত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটো গতি কৰি থকা দেখিছিলোঁ। দশম শ্ৰেণীলৈকে মই এৰোস্পেচ ইঞ্জিনিয়াৰিং পঢ়াৰ সিদ্ধান্ত লৈ পেলাইছিলোঁ। বাংগালুৰুৰ ৰাষ্ট্ৰীয় বিদ্যালয় (RV) কলেজ অৱ ইঞ্জিনিয়াৰিঙত মই মোৰ চমৎকাৰ বন্ধু সুহানা আৰ্ছ, ঋষিকা বেনাৰ্জী, তুষাৰ মোংগিয়া আৰু বৈভৱী মোকাছিৰ সৈতে মিলি ‘টিম এৰোএষ্ট্ৰ’ গঠন কৰিছিলোঁ।”
“একেলগে আমি eVTOL বিমানৰ ধাৰণা আৰু মহাকাশ সম্পৰ্কীয় প্ৰকল্পসমূহত কাম কৰিছিলোঁ আৰু আমাৰ এটা বিমান প্ৰকল্প ব’য়িঙৰ আগত উপস্থাপন কৰাৰ সুযোগো লাভ কৰিছিলোঁ,” তেওঁ কয়। পৰৱৰ্তী সময়ত তেওঁ মাইলো স্পেচ চাইন্স ইনষ্টিটিউট, নাছা আৰু অষ্ট্ৰেলিয়ান স্পেচ এজেন্সী জড়িত থকা এক আন্তৰ্জাতিক মহাকাশ মানৱ সম্পদ বিকাশ কাৰ্যসূচীত যোগদান কৰে আৰু তাত ‘আইচফক্স’ চন্দ্ৰ ৰোভাৰ বিকাশ কাৰ্যসূচীৰ মুখ্য চিষ্টেমছ ইঞ্জিনীয়াৰ হিচাপে দায়িত্ব পালন কৰে।
“স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত মই IIT ৰুৰকীত চালকবিহীন বিমান বিকাশকে ধৰি বিভিন্ন গৱেষণা প্ৰকল্পৰ জৰিয়তে মোৰ ইঞ্জিনীয়াৰিং অভিজ্ঞতা বৃদ্ধি কৰি গৈ থাকিলোঁ আৰু টাইটানছ স্পেচ ইণ্ডাষ্ট্ৰিজৰ পৰিকল্পিত ২০৩০ চনৰ অভিযানৰ বাবে মহাকাশচাৰী প্ৰাৰ্থী প্ৰশিক্ষণৰ প্ৰথম পৰ্যায় আৰম্ভ কৰিলোঁ। ইয়াৰ উপৰি মই মোৰ মাৰ্গদৰ্শকসকলৰ সৈতে মিলি ‘জেফাইৰা ডাইনেমিক্স’ সহ-প্ৰতিষ্ঠা কৰোঁ,” তেওঁ কয়।
‘আৱাজ - দ্য ভইচ’ৰ আগত ছাদিক আলী মিৰে কয়, “মোৰ বিশ্বাস যে কাৰিকৰী কাম, গৱেষণা, নেতৃত্ব আৰু উদ্যোগশীলতাৰ এই সমন্বয়েই মোৰ এই স্বীকৃতিৰ আঁৰৰ যাত্ৰাটোক গঢ় দিছে।”
এষ্ট্ৰ’ দলৰ সৈতে ছাদিক আলী মিৰ
মহাকাশ প্ৰযুক্তিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই ক্ষেত্ৰখনে পৃথিৱীৰ বাহিৰৰ জগত অন্বেষণ কৰিবলৈ এৰোস্পেচ ইঞ্জিনিয়াৰিং, ৰবটিক্স, প্ৰপালছন, ইলেক্ট্ৰনিক্স, ছফ্টৱেৰ আৰু চিষ্টেমছ ইঞ্জিনিয়াৰিঙক একত্ৰিত কৰে। “এই ক্ষেত্ৰখন কেৱল ৰকেট আৰু মহাকাশচাৰীৰ মাজতে সীমাবদ্ধ নহয়; ইয়াত কৃত্ৰিম উপগ্ৰহ, চন্দ্ৰ ৰোভাৰ, নেভিগেচন, যোগাযোগ ব্যৱস্থা আৰু মহাকাশত জীৱন তথা কাম-কাজত সহায় কৰা প্ৰযুক্তিসমূহো অন্তৰ্ভুক্ত হৈ থাকে,” তেওঁ কয়।
ছাদিক আলীয়ে লগতে কয়, “মই এই ক্ষেত্ৰখন বাছি লৈছিলোঁ কাৰণ পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থকা মানৱসৃষ্ট পৰীক্ষাগাৰ এটা আৱিষ্কাৰ কৰা শৈশৱৰ সেই মুহূৰ্তটোৱে মোৰ মনত এনে অসাধাৰণ ব্যৱস্থাসমূহ কেনেকৈ আৰ্হি প্ৰস্তুত কৰা হয়, নিৰ্মাণ কৰা হয় আৰু পৰিচালনা কৰা হয়- তাক জনাৰ প্ৰবল কৌতূহল জগাই তুলিছিল। মোৰ স্নাতক অধ্যয়নৰ সময়ত সেই কৌতূহল বিমানৰ ডিজাইন, পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপণ যানৰ ধাৰণা আৰু চন্দ্ৰ ৰোভাৰ বিকাশৰ দৰে ব্যৱহাৰিক কামলৈ ৰূপান্তৰিত হয়।
এই ক্ষেত্ৰখনৰ প্ৰতি থকা আগ্ৰহৰ বিষয়ে মিৰে কয় যে তেওঁৰ প্ৰাথমিক প্ৰেৰণা আছিল কৌতূহল, যি ক্ৰমান্বয়ে সমাজত প্ৰভাৱ পেলাব পৰা কিবা নতুন গঢ়ি তোলাৰ ইচ্ছালৈ পৰিণত হ’ল।
তেওঁ কয় যে কঠিন পৰিৱেশত কাম কৰিব পৰা জটিল যন্ত্ৰ নিৰ্মাণৰ বাবে এৰোডাইনেমিক্স, গাঁথনি, প্ৰপালছন, নিয়ন্ত্ৰণ ব্যৱস্থা আৰু ছফ্টৱেৰক একত্ৰিত কৰাৰ প্ৰত্যাহ্বানে তেওঁক সদায়েই আকৰ্ষণ কৰিছিল। আইচফক্সত কাম কৰাৰ অভিজ্ঞতাই তেওঁক শিকাইছিল যে এটা মাত্ৰ অভিযান সফল কৰিবলৈ কিমানবোৰ ভিন্ন শাখাই একেলগে কাম কৰিবলগীয়া হয়। “বডগামৰ লাবেৰতাল গাঁৱৰ পৰা অহাৰ বাবেও মোৰ মনত আনৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ এক প্ৰবল ইচ্ছা জাগি উঠিছিল,” তেওঁ কয়।
স্নাতক উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ একাধিক স্নাতকোত্তৰ কাৰ্যসূচীৰ লগতে বহুতো চাকৰিৰ প্ৰস্তাৱ লাভ কৰিছিল। এই সন্দৰ্ভত ‘আৱাজ - দ্য ভইচ’ক তেওঁ কয়, “কিন্তু মই জেফাইৰা ডাইনেমিক্সৰ সৈতে আগবাঢ়ি যোৱাটোকেই বাছি ল’লোঁ যাতে ভাৰতত নগৰীয়া বায়ু পৰিবহণ ব্যৱস্থাক এক নতুন ৰূপ দিয়াত অৰিহণা যোগাব পাৰোঁ। আমি ‘কেষ্ট্ৰেল এক্স২’ নামৰ এখন স্বয়ংক্ৰিয় ই-ভিটিঅ’এল বিমান আৰু ‘লেমিনাৰ’ নামৰ এটা নগৰীয়া বিমান যান-বাহন ব্যৱস্থাপনা প্লেটফৰ্ম নিৰ্মাণ কৰি আছোঁ। মোৰ বৃহত্তৰ লক্ষ্য হৈছে উচ্চাকাংক্ষী ধাৰণাবোৰক ভাৰততে নিৰ্মিত উপযোগী আৰু নিৰ্ভৰযোগ্য প্ৰযুক্তিলৈ ৰূপান্তৰিত কৰা।”
কলেজত ছাদিক আলী মিৰ
তেওঁৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি ছাদিকে কয়, “মোৰ পেছাদাৰী যাত্ৰাই মোক শিকাইছে যে উচ্চাকাংক্ষাৰ সৈতে অনুশাসন, কাৰিকৰী নিপুণতা আৰু নিৰন্তৰ শিকাৰ মানসিকতা থাকিব লাগিব। IIT ৰুৰকীৰ গৱেষণাই মোক বাস্তৱিক অভিযান্ত্ৰিকী প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ সুযোগ দিছে আৰু পৰীক্ষণ, প্ৰমাণীকৰণ তথা সামগ্ৰিক ব্যৱস্থাপ্ৰণালীগত চিন্তাৰ গুৰুত্বক অধিক দৃঢ় কৰি তুলিছে। আনহাতে, মহাকাশচাৰী প্ৰাৰ্থীৰ প্ৰশিক্ষণে মোক ব্যক্তিগত আৰু পেছাদাৰী- উভয় দিশৰ পৰাই গঢ় দিছে আৰু প্ৰস্তুতি, ধাৰাবাহিকতা, দলীয় সমন্বয় আৰু দায়িত্ববোধক মূল্য দিবলৈ শিকাইছে।”
২০০৩ চনত মধ্য কাশ্মীৰৰ বডগাম জিলাৰ ছৈবুগ অঞ্চলৰ লাবেৰতাল গাঁৱত জন্মগ্ৰহণ কৰা ছাদিক আলী মিৰৰ এই বৰ্ণিল যাত্ৰাৰ আঁৰত আছে নিজৰ পৰিয়াল- পিতৃ মহম্মদ জাফৰ মিৰ আৰু মাতৃ শ্ৰীমতী জাৰিনাৰ লগতে বন্ধুবৰ্গ, শিক্ষক আৰু মাৰ্গদৰ্শকসকলৰ অকুণ্ঠ সমৰ্থন, যাৰ ওপৰত তেওঁ সদায়েই গভীৰভাৱে নিৰ্ভৰ কৰি আহিছে। দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত ২০২১ চনত এৰোস্পেচ ইঞ্জিনিয়াৰিং অধ্যয়নৰ বাবে বাংগালুৰুৰ আৰ ভি কলেজ অৱ ইঞ্জিনিয়াৰিঙত ভৰ্তি হোৱা ছাদিকে ২০২৫ চনত বিভাগটোৰ তথা সমগ্ৰ বেট্চটোৰ ‘শ্ৰেষ্ঠ বিদায়ী ছাত্ৰ’ হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে।
শৈশৱত আকাশত দেখা এটি সপোনক বাস্তৱত ৰূপ দি অৰ্জন কৰা এই অনন্য গৌৰৱৰ মুহূৰ্তটো তেওঁ কৃতজ্ঞতাৰে ভগাই লৈছে নিজৰ পৰিয়াল, শিক্ষাগুৰু আৰু এই দীঘলীয়া বাটত তেওঁক সাহস তথা সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিৰ সৈতে।