১,৩০০ খনতকৈও অধিক কিতাপ পঢ়ি গাঁৱে-ভূঞে পঢ়ুৱৈ সংস্কৃতি পুনৰুজ্জীৱিত কৰিছে মহাৰাষ্ট্ৰৰ মইন কব্ৰাই

Story by  atv | Posted by  [email protected] • 29 m ago
মইন কব্ৰা
মইন কব্ৰা
 
যোগেশ জগতাপ
 
বৰ্তমানৰ ছ’চিয়েল মিডিয়াৰ অবাধ প্ৰভাৱৰ যুগত, য’ত সৰহসংখ্যক লোকেই ‘লাইক’, ‘কমেণ্ট’ আৰু দৈনন্দিন অজস্ৰ ‘আপডেট’ দিয়াৰ দৌৰত ব্যস্ত, তেনে সময়ত কিতাপৰ পাতত সম্পূৰ্ণৰূপে নিমগ্ন যুৱক এজনক বিচাৰি পোৱাটো সঁচাকৈয়ে অতি বিৰল।
 
পিছে মহাৰাষ্ট্ৰৰ বুলধানা জিলাৰ লোনাৰ তালুকাৰ ছুলতানপুৰ গাঁৱৰ মইন কব্ৰা এইক্ষেত্ৰত ব্যতিক্ৰম। বিগত ১২ বছৰত ১,২০০ খনতকৈও অধিক কিতাপ পঢ়ি শেষ কৰা মইন কেৱল এজন একনিষ্ঠ পাঠক হিচাপেই পৰিচিত নহয়, মহাৰাষ্ট্ৰৰ গাঁৱে-ভূঞে পঢ়াৰ আন্দোলনৰ শিপা মজবুত কৰাৰ বাবে তেওঁ চলাই অহা প্ৰচেষ্টাও সৰ্বত্ৰে উচ্চ প্ৰশংসিত হৈছে। নিজকে 'Moin Humanist' বুলি চিনাকি দিয়া এই ব্যতিক্ৰমী যুৱকজনৰ কিতাপৰ প্ৰতি থকা অদম্য অনুৰাগ আৰু একক উন্মাদনাৰ এয়া এক অনুপ্ৰেৰণাদায়ক কাহিনী।
 
জ্যোতিৰাও ফুলে আৰু সাৱিত্ৰী ফুলেৰ মূৰ্তিৰ সন্মুখত মইন কাব্ৰা
 
ড০ বাবাচাহেব আম্বেদকাৰৰ এখন চিনেমাই কেনেকৈ সলনি কৰিলে তেওঁৰ চিন্তাধাৰা
 
মইনৰ পিতৃ হাৰুণ কব্ৰা এজন দিনহাজিৰা কৰা শ্ৰমিক আৰু মাতৃ এলিজা এগৰাকী গৃহিণী। মইনৰ কনিষ্ঠ ভাতৃ ফাইজানে বৰ্তমান দ্বাদশ শ্ৰেণীৰ পঢ়া-শুনাৰ লগতে ফটোগ্ৰাফী চৰ্চা কৰি আছে। মইনে গাঁৱৰে জিলা পৰিষদ বিদ্যালয়ত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰি স্থানীয় শ্ৰীশিৱাজী উচ্চ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল।
 
স্কুলত পঢ়ি থকা অৱস্থাতেই প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ চিন্তা তেওঁৰ মনলৈ আহিছিল। স্থানীয় ল’ৰাবোৰক আৰক্ষী বাহিনীত যোগদান কৰা দেখি মইনেও এজন আৰক্ষী বিষয়া হোৱাৰ মন মেলিছিল।
 
কিন্তু গাঁৱৰে দুজন বুধিয়ক ল’ৰাই তেওঁক পৰামৰ্শ দিলে যে যিহেতু তেওঁৰ উচ্চতা ভাল, সেয়ে আৰক্ষী নিযুক্তিৰ পৰিৱৰ্তে তেওঁ UPSC পৰীক্ষাৰ বাবেহে প্ৰস্তুতি চলোৱা উচিত আৰু ইয়াৰ বাবে তেওঁ বিজ্ঞান শাখাত নামভৰ্তি কৰা দৰকাৰ। তেওঁলোকৰ কথা শুনি মইনে বিজ্ঞান শাখা বাছি ল’লে আৰু ছুলতানপুৰতেই দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ল।
 
আচলতে মইন পঢ়া-শুনাৰ প্ৰতি বৰ বেছি আগ্ৰহী নাছিল। কিন্তু সপ্তম শ্ৰেণীত পঢ়ি থকা অৱস্থাত গৰমৰ বন্ধত তেওঁ জব্বৰ পেটেল পৰিচালিত ‘ড০ বাবাচাহেব আম্বেদকাৰ’ চিনেমাখন চাইছিল। বাবাচাহেবৰ চৰিত্ৰটোৱে তেওঁৰ মনত গভীৰ ৰেখাপাত কৰিলে। তেওঁ দৃঢ় সংকল্প ল’লে যে তেৱোঁ ড০ বাবাচাহেবৰ দৰে বহলভাৱে পঢ়া-শুনা আৰু অধ্যয়ন কৰিব। ইয়াৰ পাছৰে পৰা বিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে তেওঁ পাঠ্যক্ৰমৰ বাহিৰৰ বহু কিতাপো পঢ়িবলৈ আৰম্ভ কৰিলে।
 
 
মহাবিদ্যালয়ত মইন কাব্ৰা

কিতাপৰ পৰাই শিকিলে কেতিয়াও হাৰ নমনাৰ মন্ত্ৰ

তেওঁ এছ টি বাছ আস্থানৰ কিতাপৰ দোকান আৰু নিজৰ স্কুল-কলেজৰ পুথিভঁৰালৰ পৰা কিতাপ ধাৰলৈ আনি পঢ়িছিল। অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ ড০ এ পি জে আব্দুল কালামৰ ‘উইংছ অৱ ফায়াৰ’ কিতাপখন কিনিছিল। এই কিতাপখনৰ পৰাই তেওঁ এই শিক্ষা লাভ কৰিলে যে জীৱনত যিমানেই বাধা-বিপত্তি নাহক কিয়, মানুহে কেতিয়াও কঠোৰ পৰিশ্ৰম কৰিবলৈ এৰিব নালাগে।
 
দ্বাদশ শ্ৰেণী শেষ হোৱালৈকে মইনে ‘ছাৱা’, ‘মৃত্যুঞ্জয়’, ‘শ্ৰীমান যোগী’ আৰু ‘পাণিপত’ৰ দৰে ঐতিহাসিক মাৰাঠী উপন্যাস পঢ়ি শেষ কৰিছিল। যিহেতু বিজ্ঞান বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ নাছিল, সেয়ে স্নাতক পৰ্যায়ত তেওঁ কলা শাখাত নামভৰ্তি কৰাৰ সিদ্ধান্ত ল’লে। ইয়াৰ এটা অন্যতম কাৰণ আছিল ইতিহাস বিষয়ৰ প্ৰতি তেওঁৰ গঢ়ি উঠা গভীৰ আগ্ৰহ।
 
পুণেৰ পৰা খালী হাতেৰে উভতি অহাৰ অভিজ্ঞতা

UPSC পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ হ’লে গাঁৱত থাকি কোনো লাভ নহ’ব বুলি ভাবি মইন অকলেই পুণেলৈ ৰাওনা হয়। তেওঁ তালৈ গৈ কোচিং ক্লাছৰ খবৰ ল’লে, মাচুলৰ বিষয়ে জানিলে আৰু গাঁৱলৈ উভতি আহিল। পিছৰবাৰ যেতিয়া তেওঁ পুনৰ পুণেলৈ গ’ল, তেতিয়া লগত ক্লাছৰ আধা মাচুল লৈ গৈছিল। কোচিং প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই তেওঁক এনে এটা পেকেজ আগবঢ়াইছিল, য’ত তেওঁৰ স্নাতক অধ্যয়ন আৰু UPSC-ৰ প্ৰশিক্ষণ দুয়োটাই অন্তৰ্ভুক্ত আছিল।
 
হাতত কিতাপ লৈ মইন কাব্ৰা
 
আধা মাচুল জমা দিয়াৰ পাছত তেওঁ ভাবিছিল যে তেওঁৰ থকা-খোৱাৰ ব্যৱস্থাও কোচিং কৰ্তৃপক্ষই কৰিব। কিন্তু তেওঁৰ সেই ভ্ৰম ছিন্নভিন্ন হৈ গ’ল। ক্লাছৰ বিষয়ববীয়াসকলে তেওঁক কিছুমান যোগাযোগ নম্বৰ দিলে। সেই নম্বৰসমূহৰ ওপৰত ভৰসা কৰি তেওঁ কোঠা বিচাৰি ঘূৰি ফুৰিলে, কিন্তু ক’তো খালী কোঠা নাপালে।
 
মাত্ৰ দ্বিতীয়বাৰৰ বাবে অকলে পুণেলৈ অহা মইনৰ বাবে চহৰখন যেন শত্ৰুভাৱাপন্ন হৈ পৰিছিল। গোটেই দিনটো কোঠা বিচাৰি ফুৰাৰ পাছত এঠাইত তেওঁৰ থকাৰ ব্যৱস্থা প্ৰায় ঠিক হৈছিল যদিও কোনো কাৰণত তেওঁক সেই কোঠাটোও দিবলৈ অস্বীকাৰ কৰা হ’ল।
 
ঘৰলৈ উভতি আহি গঢ়ি তুলিলে ‘ষ্টাডি বাংকাৰ’
 
সেই চৰম হতাশাজনক অৱস্থাত মইনে ঘৰলৈ ফোন কৰি দেউতাকক স্পষ্টকৈ জনালে যে তেওঁ পুণেত থাকিব নিবিচাৰে। তেওঁ দেউতাকক কথা দিলে যে যি কৰে, গাঁৱত তেওঁলোকৰ লগত থাকিয়েই কৰিব। গ্ৰাম্য পৰিৱেশৰ পৰা হঠাৎ চহৰলৈ অহাৰ ফলত মনত জন্ম হোৱা হীনমন্যতাৰ বাবে মইনে গাঁৱলৈ ওভতনি যাত্ৰা আৰম্ভ কৰিলে। কোচিং ক্লাছত জমা দিয়া মাচুলো তেওঁ ঘূৰাই পোৱাৰ কোনো আশা নাছিল।
 
হতাশ মনেৰে গাঁৱলৈ উভতি আহি মইনে দেউতাকৰ পৰা আকৌ টকা বিচাৰিলে। দেউতাকে তেওঁক ২৫,০০০ টকা দিলে। সেই টকাৰে মইনে ‘ষ্টাডি আই কিউ’ নামৰ এটা অনলাইন ইউ পি এছ চি ক্লাছত নামভৰ্তি কৰিলে। লগতে বাকী থকা টকাৰে তেওঁ NCERT-ৰ পাঠ্যপুথি আৰু পাঠ্যক্ৰমৰ বাহিৰৰ কিছুমান কিতাপ কিনিলে।
 
গাঁৱৰ এখন বিদ্যালয়ত শিশুসকলক পাঠদান কৰি থকা মুহূৰ্তত
 
ঘৰতে থাকি স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ চিন্তাৰে তেওঁ মুক্ত বিশ্ববিদ্যালয়ত BA পাঠ্যক্ৰমত নামভৰ্তি কৰিলে। ঘৰৰ কাষতেই তেওঁ টিনপাতৰ চালিৰে এটা সৰু কোঠা সজাই ল’লে। তাতেই বহি তেওঁ পঢ়া-শুনা কৰিছিল। পঢ়াৰ লগতে তেওঁ বাহিৰা কিতাপবোৰ ৰাখিবলৈ এটা সৰু আলমাৰীও কিনি আনিলে।
 
সেয়া আছিল ২০১৭ চনৰ কথা। এই সময়ছোৱাত মইনে নিজকে সম্পূৰ্ণৰূপে পঢ়া-শুনাত নিয়োগ কৰিলে। লগতে আন বহু কিতাপো পঢ়িলে। পৰৱৰ্তী দুটা বছৰত তেওঁ এশখনতকৈও অধিক কিতাপ পঢ়ি শেষ কৰিলে। ২০১৮ চনত তেওঁ নিজে পঢ়া কিতাপবোৰৰ বিষয়ে ফেচবুকত নিজৰ মতামত প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে।
 
অসুস্থতা আৰু হতাশাৰ মাজতে জন্ম ল’লে ‘খাজিনা পুস্তকাঞ্চা’ই

ছ’চিয়েল মিডিয়াত বহু কিতাপপ্ৰেমী মানুহ তেওঁৰ সৈতে সংযুক্ত হ’ল। পৰৱৰ্তী সময়ত ২০১৯ চনত মইন নানা ৰোগত আক্ৰান্ত হ’ল। তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিল। তেওঁৰ UPSC-ৰ পঢ়াত ব্যাঘাত জন্মিল। একে সময়তে দেশত ‘CAA-NRC’ বিষয়টোক লৈ ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছিল।
 
নিজৰ ভাঙি পৰা স্বাস্থ্য, পঢ়া-শুনা আৰু অধ্যয়নত হোৱা অৱহেলা আৰু সামাজিক পৰিৱেশৰ উত্তেজনাই মইনক মানসিকভাৱে বিধ্বস্ত কৰি তুলিছিল। ইয়াৰ পাছতেই ক’ভিড লকডাউন জাৰি হ’ল। এই সকলোবোৰ পৰিঘটনাৰ পাছত মইনে UPSC-ৰ প্ৰস্তুতি বন্ধ কৰি দিলে।
 
নিজৰ পুথিভঁৰালত মইন কাব্ৰা
 
ক’ভিডৰ সময়ছোৱাত চৰম আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ মইনে সেই একেই ঠাইতে এখন সৰু গেলামালৰ দোকান আৰম্ভ কৰিলে। দিনটো দোকান চলোৱাৰ মাজে মাজে কিতাপ পঢ়িয়েই তেওঁ সময় কটাইছিল। এই সময়ছোৱাত তেওঁ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক নিশা বিনামূলীয়াকৈ টিউচন দিবলৈও আৰম্ভ কৰিলে।
 
লকডাউনৰ সময়ত মইনে পুনৰ নিজৰ কিতাপ পঢ়াৰ গতি বঢ়াই দিলে। মুকলি পথাৰৰ গছৰ তলত বহি তেওঁ ড০ বাবাচাহেব আম্বেদকাৰ, হেনৰী ডেভিদ থৰ’ আৰু কেইবাজনো মাৰাঠী লেখকৰ কিতাপ পঢ়িছিল। তেওঁ পঢ়া কিতাপসমূহৰ বিষয়ে ফেচবুকতো নিয়মীয়াকৈ লিখি গৈছিল।
 
মইনৰ ছ’চিয়েল মিডিয়া পোষ্টসমূহ দেখি পুনেৰ ড০ প্ৰকাশ কোয়াডে আৰু শৰদ তাণ্ডেলেই তেওঁৰ সৈতে যোগাযোগ কৰিলে আৰু পঢ়িবলৈ কিতাপ পঠিয়াই দিলে। মইনে অনুভৱ কৰিছিল যে বিদৰ্ভৰ দূৰ-দূৰণিৰ গাঁওসমূহত পঢ়িবলৈ কিতাপ সহজতে উপলব্ধ নহয়।
 
সেয়েহে তেওঁ নিজৰ গাঁৱতে থাকি কিতাপ বিক্ৰী কৰা আৰম্ভ কৰাৰ সিদ্ধান্ত ল’লে। ১৫,০০০ টকাৰ কিতাপ কিনি তেওঁ এই কিতাপ বিক্ৰীৰ উদ্যোগটোৰ নাম ৰাখিলে ‘খাজিনা পুস্তকাঞ্চা’ অৰ্থাৎ কিতাপৰ ভঁৰাল। ফেচবুক আৰু হোৱাটছএপৰ জৰিয়তে সংযুক্ত হোৱা শ শ লোকৰ কাষ চাপি মইনে মাত্ৰ কেইমাহমানৰ ভিতৰতে প্ৰায় এক লাখ টকাৰ কিতাপ বিক্ৰী কৰিলে। এই সাফল্যই তেওঁক অদম্য আত্মবিশ্বাস দিলে।
 
পঢ়ুৱৈ সমাজ গঢ়াৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰন্তৰ অৱদানৰ বাবে ২০২২ চনত তেওঁ পুণেত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা ‘স্বপ্নিল কোল্টে সাহিত্য প্ৰেৰণা পুৰস্কাৰ’ লাভ কৰে, যাৰ লগত আছিল প্ৰায় এক লাখ টকাৰ পুৰস্কাৰ। এই পুৰস্কাৰৰ ধন তেওঁ নিজৰ পঢ়া কোঠা অৰ্থাৎ ‘ষ্টাডি বাংকাৰ’ সুসজ্জিত কৰা আৰু নতুন কিতাপ কিনাৰ কামত খৰচ কৰিলে। বহু সংবাদ মাধ্যমে তেওঁৰ এই কাহিনী প্ৰচাৰ কৰিলে।
 
কিয় নাম থ’লে ‘ষ্টাডি বাংকাৰ’?
 
মইনে নিজৰ কিতাপ ৰখা আৰু পঢ়া কোঠাটোৰ নাম দিছে ‘ষ্টাডি বাংকাৰ’। এই নামকৰণৰ স্মৃতি ৰোমন্থন কৰি মইনে কয়, “মোৰ চুবুৰীৰ মানুহখিনি শিক্ষাৰ সৈতে বৰ বেছি পৰিচিত নহয়। ওচৰতে এখন সুৰাৰ বিপণী থকাৰ বাবে ইয়াত কাজিয়া-পেচাল নিত্য-নৈমিত্তিক ঘটনা। পিছে মোৰ এই কোঠাটোৱে মোক এক সম্পূৰ্ণ ভিন্ন অভিজ্ঞতা দিয়ে। যুদ্ধৰ কিতাপ পঢ়ি থাকোঁতেই মই ‘বাংকাৰ’ শব্দটো শিকিছিলোঁ। বাংকাৰ হ’ল এনে এক ঠাই, য’ত বোমা পেলালেও মানুহ নিৰাপদে লুকাই থাকিব পাৰে। মোৰ পঢ়া কোঠাটোও ঠিক তেনেকুৱাই। চাৰিওফালৰ নেতিবাচক পৰিৱেশৰ পৰা আঁতৰি মই ইয়াত শান্তিৰে নিজৰ কাম কৰিব পাৰোঁ। সেইবাবেই এই ঠাইখিনি মোৰ বাবে এটা ‘ষ্টাডি বাংকাৰ’।”
 
 
মইনৰ পুথিভঁৰাল

আজি পঢ়াৰ অভ্যাস আৰু ইয়াৰ সৈতে জড়িত বিষয়সমূহত অফলাইন তথা অনলাইন বক্তৃতা প্ৰদান কৰিবলৈ বহু প্ৰতিষ্ঠানে মইনক আমন্ত্ৰণ জনায়। এতিয়ালৈকে তেওঁ এনে ৭০ টাতকৈও অধিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।
 
‘উই ৰিড’ আৰু যুৱপ্ৰজন্মক দিশ দেখুওৱাৰ প্ৰয়াস

কেৱল এটা ডিগ্ৰী লাভ কৰিলেই যে একো লাভ নহয়, সেই বিষয়ে স্পষ্ট ধাৰণা থকা মইনে স্নাতকোত্তৰ অধ্যয়নৰ সিদ্ধান্ত ল’লে। তেওঁ হায়দৰাবাদৰ কৌটিল্য স্কুল অৱ পাব্লিক পলিচীত দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ লাভ কৰিলে।
 
প্ৰথমবাৰৰ বাবে মহাৰাষ্ট্ৰৰ বাহিৰলৈ ওলাই আহি তেওঁ নিজৰ মনৰ ভয় জয় কৰিলে, ভাৰতৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীৰ সৈতে বন্ধুত্ব গঢ়িলে আৰু এই যাত্ৰাতে নিজৰ ইংৰাজী ভাষাৰ দক্ষতাও উন্নত কৰিলে। তেওঁৰ পাঠ্যক্ৰম চলি থকাৰ সময়ত গাঁৱত মইনৰ সহযোগীসকলে কিতাপ বিক্ৰীৰ কাম চলাই ৰাখিছিল।
 
এপ্ৰিল মাহত মহাৰাষ্ট্ৰলৈ উভতি আহি তেওঁ ‘উই ৰিড’ নামেৰে নিজৰ পঢ়াৰ আন্দোলনটো অধিক সম্প্ৰসাৰিত কৰিলে। ‘বুক টক উইথ মইন’ নামৰ উদ্যোগটোৰ জৰিয়তে তেওঁ নিজে পঢ়া কিতাপসমূহৰ তথ্য সকলোৰে মাজত ভাগ-বতৰা কৰে। আনহাতে ‘উই ৰিড চাৰ্কল’ৰ মাধ্যমেৰে তেওঁ সপ্তাহত এবাৰকৈ অনলাইন পঠন সত্ৰ আয়োজন কৰে।
 
মইন তেওঁৰ পৰিয়ালৰ প্ৰথমজন স্নাতক। এতিয়ালৈকে তেওঁ গাঁৱৰ দহজন ল’ৰা-ছোৱালীক উচ্চ শিক্ষাৰ বাবে আন চহৰলৈ যোৱাত সহায় কৰিছে।
 
কিতাপৰ মাজেৰে এজন পৰিপূৰ্ণ মানুহ হোৱাৰ যাত্ৰা
 
এই সমগ্ৰ যাত্ৰাত মইনে নিজৰ আদৰ্শ হিচাপে গণ্য কৰা তিনিজন ব্যক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে: গৌতম বুদ্ধ, ড০ বাবাচাহেব আম্বেদকাৰ আৰু দাৰ্শনিক হেনৰী ডেভিদ থৰ’।
 
ভাৰতৰ জাতি আৰু ধৰ্মৰ বৈচিত্ৰ্যৰ প্ৰতি লক্ষ্য ৰাখি মইনে ধৰ্মীয় গ্ৰন্থসমূহ বুজি পোৱাটো প্ৰয়োজনীয় বুলি অনুভৱ কৰিছিল। সেই অনুসৰি তেওঁ কোৰান, ভাগৱত গীতা, বাইবেল আৰু জ্ঞানেশ্বৰী অধ্যয়ন কৰে। ইয়াৰ লগতে তেওঁ ৰিচাৰ্ড ডকিন্স আৰু যুভাল নোৱা হাৰাৰীৰ যুক্তিবাদী গ্ৰন্থসমূহো পঢ়িছিল।
 
বৰ্তমানলৈকে মইনে পঢ়া কিতাপৰ সংখ্যা প্ৰায় ১,৩২২ খন হৈছেগৈ। তেওঁ পঢ়া প্ৰতিখন কিতাপৰ সবিশেষ তথ্য আৰু মূল কথাখিনি অতি যত্নসহকাৰে টুকি ৰাখে। মইনে জোৰ দি কয়, “পঢ়াই মোৰ ভিতৰত আৰু বাহিৰত এক গভীৰ পৰিৱৰ্তন আনিছে। মই এজন অধিক সংবেদনশীল মানুহ হৈ উঠিছোঁ।”
 
বঞ্চিত সমাজ আৰু মুছলমান সম্প্ৰদায়ৰ মাজত শিক্ষাৰ প্ৰতি থকা অনীহা দূৰ কৰিব বিচাৰে মইনে। তেওঁ অনুভৱ কৰে যে যদি মুছলমান সম্প্ৰদায়ৰ যুৱপ্ৰজন্মই সুশিক্ষা অৰ্জন কৰে, তেন্তে সামাজিক বৈষম্যৰ ব্যৱধানো হ্ৰাস পাব।
 
নিজৰ এই প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে মইনক শেহতীয়াকৈ ‘গ্ৰামৰত্ন পুৰস্কাৰ’ প্ৰদান কৰা হৈছে আৰু ২০২৬ চনৰ ১৫ অক্টোবৰত মুম্বাইত মহাৰাষ্ট্ৰ চৰকাৰৰ ভাষা সঞ্চালকালয়ে তেওঁক ‘বাচন প্ৰেৰণা পুৰস্কাৰ’ৰে সম্বৰ্ধনা জনাইছে। মইনৰ কামৰ শলাগ লৈ ডাভোলকাৰ পৰিয়ালেও তেওঁক ২ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে।
 
বৰ্তমান মইনে ছুলতানপুৰ আৰু মেহকৰ অঞ্চললৈ দূৰ-দূৰণিৰ পৰা চিকিৎসাৰ বাবে অহা আৰ্তজনসকলক থকাৰ সুবিধা দিব পৰাকৈ নিজৰ গাঁৱৰ ‘ষ্টাডি বাংকাৰ’ চৌহদত কিছু নিৰ্মাণ কাৰ্য চলাই আছে। অদূৰ ভৱিষ্যতে মইনে পাব্লিক পলিচী বিষয়ত উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছে।
 
তেওঁৰ দীৰ্ঘম্যাদী সপোন হ’ল ছুলতানপুৰৰ এই ‘ষ্টাডি বাংকাৰ’ৰ আৰ্হি মহাৰাষ্ট্ৰৰ প্ৰায় ১০০ টা স্থানত গঢ়ি তোলা, য’ত মানুহ আহি কিতাপ পঢ়িব পাৰিব আৰু সুস্থ আলোচনা-বিলোচনাত ভাগ ল’ব পাৰিব।
 
আজিৰ যুৱপ্ৰজন্মৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা ‘স্ক্ৰীন টাইম’ৰ ভয়াৱহতাৰ বিষয়ে মইন ভালদৰেই সচেতন। সেয়েহে যান্ত্ৰিকতাৰ পৰা আঁতৰি মানুহৰ মন আৰু মগজুৰ প্ৰকৃত কৰ্ষণৰ বাবে বিশুদ্ধ আৰু নিৰ্ভেজাল কিতাপ পঢ়াৰ প্ৰতি সকলোকে অনুপ্ৰাণিত কৰি তোলাটোৱেই মইনৰ এই নিৰন্তৰ সংগ্ৰামৰ একমাত্ৰ লক্ষ্য হৈ ৰৈছে।