মুন্নী বেগম / গুৱাহাটী
স্বাৱলম্বিতাৰ বাবে সদায় বৃহৎ মূলধন, দোকানঘৰ অথবা সুসজ্জিত পৰিকাঠামোৰ প্ৰয়োজন নহয়। নিজৰ দক্ষতা, সৃষ্টিশীলতা আৰু একাগ্ৰতাক সম্বল কৰিও আৰম্ভ কৰিব পাৰি উপাৰ্জনৰ এক নতুন পথ। বিশেষকৈ মহিলাসকলৰ বাবে ঘৰুৱা পৰিসৰৰ পৰাই নিজৰ প্ৰতিভাক ব্যৱসায়ৰ ৰূপ দিয়াৰ এনে প্ৰচেষ্টা আৰ্থিক স্বাৱলম্বিতাৰ লগতে আত্মবিশ্বাস বৃদ্ধিৰো এক অন্যতম মাধ্যম হৈ পৰিছে। ৰঙিয়াৰ সাহানৰ এগৰাকী মাতৃ আৰু তেওঁৰ কন্যাই একেলগে আৰম্ভ কৰা ক্লাউড কিচেনৰ ব্যৱসায়টো তেনে এক প্ৰেৰণাদায়ক প্ৰচেষ্টা।
প্ৰায় তিনি মাহ পূৰ্বে মাত্ৰ ১০ হাজাৰ টকাৰ মূলধনেৰে ঘৰৰ পাকঘৰৰ পৰাই আৰম্ভ কৰা 'ঘৰ কা স্বাদ' নামৰ ক্লাউড কিচেন ব্যৱসায়টোৰ জৰিয়তে মাতৃ ৰবিনা চুলতানা আৰু তেওঁৰ কন্যা ছালিমা ৰাজীয়ে দৈনিক ১,০০০ৰ পৰা ১,৫০০ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ৰঙিয়াৰ দৰে গ্ৰামাঞ্চলত ক্লাউড কিচেনৰ ধাৰণাটো এতিয়াও নতুন হোৱাৰ মাজতে দুয়ো মাতৃ-কন্যাৰ এই উদ্যোগে ঘৰুৱা পৰিসৰৰ পৰাই মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ এক নতুন সম্ভাৱনাৰ দিশ উন্মোচন কৰিছে।
মাতৃ ৰবিনা চুলতানা আৰু তেওঁৰ কন্যা ছালিমা ৰাজীয়ে গ্ৰাহকৰ বাবে প্ৰস্তুত কৰা আহাৰ
বিশেষকৈ চাকৰিজীৱী লোক, ব্যস্ত গৃহিণী তথা দৈনন্দিন কাম-কাজৰ মাজত খাদ্য প্ৰস্তুত কৰিবলৈ সময় নোপোৱা লোকসকলৰ বাবে ঘৰতে প্ৰস্তুত কৰা খাদ্যৰ এক বিকল্প ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে তেওঁলোকে এই ক্লাউড কিটছেনৰ ব্যৱসায়ী আৰম্ভ কৰিছিল। অঞ্চলটোত ক্লাউড কিচেনৰ বিশেষ প্ৰচলন নথকাৰ বাবেও এই ব্যৱসায়িক ধাৰণাটোক বাস্তৱ ৰূপ দিয়াৰ সুযোগ দেখিছিল দুয়ো মাতৃ কন্যাই। কিয়নো প্ৰতিদিনে হোটেল বা ৰেষ্টুৰেণ্টৰ খাদ্য গ্ৰহণ কৰাটো সকলোৰে বাবে সুবিধাজনক নহয়। এনে পৰিস্থিতিত ঘৰুৱা পৰিৱেশত প্ৰস্তুত কৰা খাদ্য গ্ৰাহকৰ হাতত তুলি দিয়াৰ চিন্তাই তেওঁলোকৰ ব্যৱসায়ৰ মূল উদ্দেশ্য আছিল।
এই সন্দৰ্ভত 'ঘৰ কা স্বাদ' নামৰ ক্লাউড কিচেনৰ প্ৰতিষ্ঠাপক ৰবীন চুলতানাই আৱাজ-দ্য ভইচ অসমক কয়, "আমাৰ অঞ্চলত ক্লাউড কিচেনৰ ধাৰণাটো এতিয়াও সম্পূৰ্ণ নতুন। বহু মানুহে কৰ্মব্যস্ততাৰ বাবে সময়মতে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। বিশেষকৈ চাকৰিজীৱী লোক আৰু ঘৰুৱা কাম-কাজৰ মাজত ব্যস্ত হৈ থকা মহিলাসকলৰ বাবে কেতিয়াবা খাদ্য প্ৰস্তুত কৰাটো অসুবিধাজনক হৈ পৰে। সেই কথা চিন্তা কৰিয়েই আমি এই ক্লাউড কিটছেনৰ ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিলোঁ। আমাৰ উদ্দেশ্য হৈছে গ্ৰাহকসকলক খাদ্য যোগান ধৰাৰ লগতে নিজৰ বাবেও উপাৰ্জনৰ এক পথ সৃষ্টি কৰা। বৰ্তমান আমাৰ এই ব্যৱসায়েৰে মাহত ৪০ হাজাৰ টকালৈ উপাৰ্জন হোৱা বুলি কব পাৰি।"
বৃহৎ বিনিয়োগ অবিহনেও যে, নিজৰ দক্ষতা আৰু ৰন্ধন প্ৰতিভাক ব্যৱসায়িক ৰূপ দিব পৰা যায়, তাৰেই এক উদাহৰণ হৈছে 'ঘৰ কা স্বাদ' ক্লাউড কিটছেন। খাদ্যৰ অৰ্ডাৰ অনুসৰি প্ৰয়োজনীয় সামগ্ৰী যোগাৰ কৰি খাদ্য প্ৰস্তুত কৰাৰ পৰিকল্পনাৰে তেওঁলোকে খাদ্য নষ্ট হোৱাৰ সম্ভাৱনাও কম কৰাৰ চেষ্টা কৰিছে। ঘৰত ৰেচনৰ দোকান থকাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যোগাৰ কৰাত কিছু সুবিধা লাভ কৰিছিল দুয়ো মাতৃ-কন্যাই। চিনাকী, আত্মীয়, বন্ধু তথা পৰিয়ালৰ লোকসকলৰ উৎসাহ আৰু পৰামৰ্শইও তেওঁলোকক ব্যৱসায়টো আৰম্ভ কৰাত সহায় কৰিছিল।
মাতৃ ৰবিনা চুলতানা আৰু তেওঁৰ কন্যা ছালিমা ৰাজীয়ে আৰম্ভ কৰা ক্লাউড কিটছেনৰ বেনাৰ
আৰম্ভণিৰ দিনবোৰত তেওঁলোকৰ প্ৰথম অৰ্ডাৰ অঞ্চলটোৰ এগৰাকী কলেজৰ ছাত্ৰৰ পৰা লাভ কৰিছিল। তেওঁ পৰা লাভ কৰা পৰঠা, ৰুটি আৰু ভাজিৰ অৰ্ডাৰৰ জৰিয়তেই আৰম্ভ হৈছিল 'ঘৰ কা স্বাদ' ক্লাউড কিটছেনৰ যাত্ৰা। সেই সৰু আৰম্ভণিৰ পৰা ক্ৰমে গ্ৰাহকৰ সঁহাৰি লাভ কৰি বৰ্তমান তেওঁলোকে খাদ্যৰ এক বিস্তৃত তালিকা প্ৰস্তুত কৰিছে। বৰ্তমান তেওঁলোকে চৰকাৰী খণ্ড, ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী, স্কুল- কলেজৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো ধৰনৰ গ্ৰাহকক খাদ্য যোগান ধৰি আহিছে।
বৰ্তমান তেওঁলোকৰ ক্লাউড কিচেনত চিকেন ক'ছা, চিকেন পকোৰা, চিকেন মছলা, পিয়াজা চিকেন, মটন ক'ছা, পনীৰ টিক্কা, পনীৰ মালাই, পনীৰ পকোৰা, আলু ভাজি, আলু দম, মিক্সড ফ্ৰাই আৰু দাইল ফ্ৰাই আদি খাদ্য গ্ৰাহকৰ বাবে প্ৰস্তুত কৰা হয়। তদুপৰি এগ ৰ'ল, চিকেন ৰ'ল, প্লেইন ৰাইচ, ফ্ৰাইড পোলাও, ফ্ৰাইড ৰাইচ, চিকেন ফ্ৰাইড ৰাইচ, এগ ফ্ৰাইড ৰাইচ, এগ বিৰিয়ানি আৰু চিকেন বিৰিয়ানিৰ দৰে খাদ্যও উপলব্ধ।
ৰবিনা চুলতানাই কয়, "গ্ৰাহকসকলে ফোন, WhatsApp আৰু Instagram-ৰ থকা 'ঘৰ কা স্বাদ' ক্লাউড কিটছেনৰ পেজৰ জৰিয়তে অৰ্ডাৰ দিব পাৰে। অৰ্ডাৰ অনুসৰি খাদ্য প্ৰস্তুত কৰাৰ পাছত ঘৰৰ লোকসকলেই ডেলিভাৰীৰ দায়িত্ব পালন কৰে। ৰঙিয়াৰ ভিতৰত সাধাৰণতে ডেলিভাৰীৰ বাবে কোনো অতিৰিক্ত মাচুল লোৱা নহয়। অৱশ্যে নলবাৰী বা আন দূৰৱৰ্তী অঞ্চললৈ খাদ্য যোগান ধৰাৰ ক্ষেত্ৰত দূৰত্ব অনুসৰি ডেলিভাৰী চাৰ্জ লোৱা হয়। ইতিমধ্যে ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ লগতে নলবাৰী, চাৰিআলি আৰু জয়ন্তীপুৰৰ পৰাও গ্ৰাহকে তেওঁলোকৰ খাদ্য ক্ৰয় কৰিছে।"
মাতৃ ৰবিনা চুলতানা আৰু তেওঁৰ কন্যা ছালিমা ৰাজীয়ে গ্ৰাহকৰ বাবে খাদ্য পেকিং কৰি থকা দৃশ্য
প্ৰায় তিনিমাহৰ এই যাত্ৰাত গ্ৰাহকৰ সঁহাৰি একেধৰণৰ নহয় যদিও বন্ধৰ দিনসমূহত তেওঁলোকৰ অৰ্ডাৰ কিছু বৃদ্ধি পায়। লগতে কৰ্মব্যস্ততাৰ বাবে খাদ্য প্ৰস্তুত কৰিবলৈ সময় নোপোৱা লোকসকলেও প্ৰয়োজন অনুসৰি প্ৰায়ে তেওঁলোকৰ পৰা খাদ্য ক্ৰয় কৰি আহিছে। ৰবীনাই কয় যে, অৱশ্যে আমাৰ এই ব্যৱসায়টো এতিয়াও প্ৰাথমিক পৰ্যায়ত থকাৰ বাবে অঞ্চলটোৰ অধিক সংখ্যক লোকৰ মাজলৈ ইয়াক জনপ্ৰিয় কৰি তোলাৰ প্ৰয়োজনীয়তা আছে।
উদ্যোগটোৰ আৰম্ভণি আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ বিষয়ে ছালিমা ৰাজীয়ে কয়, "আমি খুব বৃহৎ পৰিসৰত এই ব্যৱসায়টো আৰম্ভ কৰা নাই। মাত্ৰ ১০ হাজাৰ টকাৰ মূলধনেৰে সৰু পৰিসৰত আৰম্ভ কৰিছোঁ। বৰ্তমান আমি দৈনিক প্ৰায় ১,০০০ৰ পৰা ১,৫০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। সম্প্ৰতি কেতিয়াবা অৰ্ডাৰ বেছি আহে, কেতিয়াবা কম আহে। কিন্তু মানুহৰ সঁহাৰি আৰু উৎসাহে আমাক আগবাঢ়ি যাবলৈ সদায় প্ৰেৰণা যোগাই আহিছে। আমাৰ আশা আগলৈ আমাৰ এই ব্যৱসায়টোৱে অধিক জনপ্ৰিয়তা লাভ কৰিব।"
একে পৰিয়ালৰ দুগৰাকী সদস্য মাতৃ- কন্যাই নিজৰ ৰন্ধন প্ৰতিভা আৰু পৰিশ্ৰমক সম্বল কৰি উপাৰ্জনৰ পথ সৃষ্টি কৰিবলৈ আগবাঢ়ি আহিছে। ঘৰুৱা দায়িত্বৰ মাজতো নিজৰ দক্ষতাক ব্যৱসায়িক ৰূপ দিয়াৰ এই প্ৰচেষ্টাই মহিলাসকলৰ বাবে স্বাৱলম্বিতাৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। ঘৰতে থাকি, নিজৰ সুবিধা অনুসৰি কাম কৰাৰ লগতে পৰিয়ালৰ সহযোগিতাৰে উপাৰ্জন কৰাৰ সুযোগ এই ব্যৱসায়টোৱে তেওঁলোকৰ বাবে সৃষ্টি কৰিছে।
মহিলাসকলৰ স্বাৱলম্বীতাৰ সন্দৰ্ভত ৰবীন চুলতানাই কয়, "ঘৰত থাকিও যে নিজৰ প্ৰতিভাৰে কিবা এটা কৰিব পাৰি, সেই কথাটো আমি অনুভৱ কৰিছোঁ। বিশেষকৈ মহিলাসকলৰ বাবে এনে ব্যৱসায় এক ভাল সুযোগ। কিয়নো বাহিৰলৈ ওলাই নগৈও ঘৰত থাকিয়ে নিজৰ ঘৰুৱা দায়িত্ব পালন কৰাৰ লগতে নিজৰ বাবেও উপাৰ্জনৰ পথ সৃষ্টি কৰিব পাৰি। মোৰ মতে, এনে ব্যৱসায়ৰ জৰিয়তে বহু মহিলাই স্বাৱলম্বী হ'ব পাৰে। সকলোৰে বাবে বৃহৎ মূলধনৰ প্ৰয়োজন নহয়। সৰু পৰিসৰত আৰম্ভ কৰিও নিজৰ উপাৰ্জনৰ পথ সৃষ্টি কৰিব পাৰি। মই বিচাৰোঁ, সকলো মহিলাই নিজৰ দক্ষতা আৰু প্ৰতিভাক লৈ আগবাঢ়ি আহিব লাগে।"
মাতৃ ৰবিনা চুলতানা আৰু তেওঁৰ কন্যা ছালিমা ৰাজীয়ে প্ৰস্তুত কৰা সুস্বাদু ব্যঞ্জন
ভৱিষ্যতে 'ঘৰ কা স্বাদ' ক্লাউড কিচেনটোক অধিক জনপ্ৰিয় কৰাৰ লগতে ব্যৱসায়টো সম্প্ৰসাৰণ কৰাৰ আশা পুহি ৰাখিছে দুই মাতৃ-কন্যাই। তেওঁলোকৰ লক্ষ্য কেৱল কিছু টকা উপাৰ্জন কৰাই নহয়, বৰঞ্চ এই ব্যৱসায়টোক এক শক্তিশালী আৰু স্বাৱলম্বী ব্যৱসায় হিচাপে গঢ়ি তোলা। সৰু পৰিসৰত আৰম্ভ কৰা এই প্ৰচেষ্টাই আগলৈ অধিক গ্ৰাহকৰ আস্থা লাভ কৰি এক বৃহৎ উদ্যোগৰ ৰূপ ল'ব বুলি তেওঁলোক আশাবাদী।
ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে ৰবীন চুলতানাই কয়, " মই বিচাৰোঁ আমাৰ ক্লাউড কিচেনটোৰ বিষয়ে অধিক মানুহে জানক। আগলৈ ব্যৱসায়টো আৰু অধিক সম্প্ৰসাৰিত কৰি এক শক্তিশালী উদ্যোগ হিচাপে গঢ়ি তুলিবলৈ আমাৰ ইচ্ছা আছে। ঘৰৰ পৰাই এই কামটো কৰিব পাৰি আৰু নিজৰ বাবে এটা উপাৰ্জনৰ পথ সৃষ্টি কৰিব পাৰি। সেয়েহে মই আৰু মোৰ কন্যাই এই উদ্যোগটোক আগলৈ আৰু অধিক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ চেষ্টা কৰি যাম।"
ঘৰৰ পাকঘৰৰ পৰা আৰম্ভ হোৱা এই সৰু যাত্ৰাই যেন এটা কথাই প্ৰতিফলিত কৰিছে, স্বাৱলম্বিতাৰ সপোন বাস্তৱ কৰিবলৈ সদায় বাহিৰৰ বৃহৎ পৰিকাঠামোৰ প্ৰয়োজন নহয়; নিজৰ প্ৰতিভা, পৰিশ্ৰম, সাহস আৰু পৰিয়ালৰ সহযোগিতাইও জীৱনৰ নতুন পথ মুকলি কৰিব পাৰে। ৰঙিয়াৰ দৰে গ্ৰামাঞ্চলত আৰম্ভ কৰা এই ব্যৱসায়ে দৈনিক উপাৰ্জনৰ পথ সৃষ্টি কৰাৰ লগতে ক্লাউড কিচেনৰ দৰে নতুন ব্যৱসায়িক ধাৰণাৰ সম্ভাৱনাও উন্মোচন কৰিছে। মাতৃ-কন্যাৰ এই যৌথ প্ৰচেষ্টা কেৱল এটা খাদ্য ব্যৱসায়ৰ আৰম্ভণি নহয়, বৰং ঘৰুৱা পৰিসৰৰ পৰাই মহিলাৰ আৰ্থিক স্বাৱলম্বিতাৰ এক আশাব্যঞ্জক উদাহৰণ।