বিশ্ব শিশু দিৱস উপলক্ষে নীলা পোহৰেৰে আলোকিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়সহ ৰাজ্যৰ বিভিন্ন আৰক্ষী প্ৰতিষ্ঠান

Story by  atv | Posted by  Munni Begum • 24 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
বিশ্ব শিশু দিৱস উপলক্ষে ২০ নৱেম্বৰত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ লগতে ৰাজ্যৰ বিভিন্ন আৰক্ষী প্ৰতিষ্ঠান নীলা পোহৰেৰে আলোকিত কৰা হয়। শিশুৰ অধিকাৰ সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰে অসম আৰক্ষীয়ে। 
 
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চলি থকা ‘গ’ ব্লু’ (Go Blue) অভিযানৰ অংশ হিচাপে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অভিযানৰ অধীনত বিশ্বৰ বিভিন্ন দেশৰ উল্লেখযোগ্য অট্টালিকা আৰু ঐতিহাসিক স্থানসমূহ নীলা পোহৰেৰে আলোকিত কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে শিশুৰ অধিকাৰ সুৰক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু প্ৰতিগৰাকী শিশুৰ সুৰক্ষা নিশ্চিত কৰাটো যে, সকলোৰে উমৈহতীয়া দায়িত্ব, সেই বাৰ্তা সমাজলৈ আগবঢ়োৱা।
 
এক চৰকাৰী বিবৃতি অনুসৰি, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমীত সিঙে কয় যে, শিশুৰ সুৰক্ষা নিশ্চিত কৰাটো আৰক্ষীৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানগত দায়িত্ব।
 
তেওঁ উল্লেখ কৰে যে, প্ৰতি বছৰে ১৪ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ পালন কৰা শিশু অধিকাৰ সপ্তাহে আৰক্ষীৰ লোকসকলক শিশুসকলৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰাৰ এক বিশেষ সুযোগ প্ৰদান কৰে। এই সময়ছোৱাত শিশুসকলৰ মনৰ কথা আৰু তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহ শুনাৰ লগতে শিশুবান্ধৱ আৰক্ষী ব্যৱস্থাৰ বিষয়ে আৰক্ষীৰ লোকসকলৰ বুজাবুজি অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। 
 
আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে লগতে কয় যে, ৰাজ্যৰ বিভিন্ন আৰক্ষী প্ৰতিষ্ঠান নীলা পোহৰেৰে আলোকিত কৰাৰ এই পদক্ষেপে এক বিশেষ বাৰ্তা বহন কৰিছে। প্ৰতিটো আৰক্ষী প্ৰতিষ্ঠান শিশুসকলৰ বাবে সহজে কাষ চাপিব পৰা, তেওঁলোকৰ সমস্যাৰ প্ৰতি সঁহাৰি জনোৱা আৰু শিশুৰ প্ৰয়োজনীয়তাৰ প্ৰতি সংবেদনশীল হোৱাটো অতি জৰুৰী। 
 
উল্লেখযোগ্য যে, অসম আৰক্ষীৰ 'শিশু মিত্ৰ কাৰ্যসূচী'ৰ অধীনত এই বিশেষ অভিযান ৰূপায়ণ কৰা হৈছে। ইউনিচেফ (UNICEF) আৰু উৎসাহ শিশু অধিকাৰ সংস্থাৰ সহযোগত সমগ্ৰ ৰাজ্যতে এই শিশুবান্ধৱ আৰক্ষী ব্যৱস্থা গঢ়ি তোলাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে।
 
২০১৯ চনত আৰম্ভ কৰা শিশু মিত্ৰ কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে শিশুৰ সৈতে জড়িত বিষয়সমূহ সংবেদনশীলতাৰে মোকাবিলা কৰিবলৈ আৰক্ষীৰ লোকসকলৰ দক্ষতা বৃদ্ধি কৰা। বিশেষকৈ আইনৰ সংস্পৰ্শলৈ অহা শিশুসকলৰ ক্ষেত্ৰত আৰক্ষী আৰু সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহৰ ভূমিকা অধিক ফলপ্ৰসূ কৰি তোলা তথা শিশুৰ অধিকাৰ, মৰ্যাদা আৰু কল্যাণ সুনিশ্চিত কৰাৰ ওপৰত এই কাৰ্যসূচীয়ে গুৰুত্ব আৰোপ কৰি আহিছে। 
 
ইফালে, শিশু অধিকাৰ সপ্তাহ ২০২৬ উপলক্ষে অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীসমূহৰ জৰিয়তে শিশু আৰু আৰক্ষীৰ মাজত সহজ-সৰল পৰিৱেশত মত-বিনিময়ৰ সুযোগ সৃষ্টি কৰা, শিশু সুৰক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু আৰক্ষী ব্যৱস্থাত শিশুৰ প্ৰতি সংবেদনশীল আচৰণৰ গুৰুত্ব অধিক শক্তিশালী কৰাৰ প্ৰয়াস চলোৱা হয়।
 
বিশ্ব শিশু দিৱস উপলক্ষে গ্ৰহণ কৰা এই পদক্ষেপৰ জৰিয়তে প্ৰতিগৰাকী শিশুৰ অধিকাৰ, সুৰক্ষা আৰু মৰ্যাদা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত আৰক্ষীৰ দায়বদ্ধতাৰ বাৰ্তা পুনৰ দাঙি ধৰা হয়।