বিশ্ব সংগীত জগতত ভাৰ্ছুৱেল শিল্পী আৰু অসমৰ প্ৰেক্ষাপট

Story by  Nikunja Nath | Posted by  Munni Begum • 36 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নিকুঞ্জ নাথ / গুৱাহাটী
 
এটা সময় আছিল, যেতিয়া এটা গীতক শ্ৰোতাৰ কাষলৈ লৈ যাবলৈ প্ৰয়োজন হৈছিল ব্যয়বহুল ৰেকৰ্ডিং ষ্টুডিঅ’, কেইবাগৰাকীও দক্ষ বাদ্যযন্ত্ৰী আৰু এটা বৃহৎ প্ৰযোজনা গোষ্ঠীৰ। কিন্তু বিশ্বায়ন আৰু অত্যাধুনিক প্ৰযুক্তিবিদ্যাই সেই চিনাকি দৃশ্যপটটো সলনি কৰি পেলাইছে। সময়ৰ লগে লগে ভৌগোলিক সীমাৰেখা দ্ৰুত গতিত ম্লান হৈ সমগ্ৰ পৃথিৱীখন আজি যেন এখন ক্ষুদ্ৰ গোলকীয় গাঁৱলৈ সংকুচিত হৈ পৰিছে। 
 
বিজ্ঞান আৰু প্ৰযুক্তিৰ চমকপ্ৰদ উত্তৰণে আমাৰ সমাজ-সংস্কৃতিলৈ আনিছে আমূল পৰিৱৰ্তন, আঙুলিৰ এটা টিপতে আজি সম্ভৱ হৈ উঠিছে অকল্পনীয় কাম। মানৱ সভ্যতাৰ এই সহজসাধ্য আৰু গতিশীল যাত্ৰাত শেহতীয়াকৈ এক যাদুকৰী শক্তিৰ দৰে আত্মপ্ৰকাশ কৰিছে কৃত্ৰিম বুদ্ধিমত্তা বা AI-এ।
 
প্ৰতিনিধিত্বমূলক ছবি
 
অৱশ্যে মানৱ ইতিহাসত যেতিয়াই কোনো বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা হয়, তেতিয়াই আশা আৰু সম্ভাৱনাৰ সমান্তৰালকৈ মানুহৰ মন-মগজুত গভীৰ দুঃচিন্তা আৰু আশংকাৰো জন্ম হয়। AI-ৰ অভাৱনীয় উত্থানো ইয়াৰ ব্যতিক্ৰম নহয়। কৰ্মসংস্থাপনৰ নিৰাপত্তা, কাৰিকৰী নিৰ্ভৰশীলতা আৰু মানৱীয় মৌলিকতাৰ ভৱিষ্যৎ আদিক লৈ আজি সৰ্বত্ৰে গভীৰ চৰ্চা আৰু বিতৰ্ক চলিছে। বিশেষকৈ সৃষ্টিশীল কৰ্ম, সাহিত্য আৰু সংগীতৰ সূক্ষ্ম জগতখনত AI-ৰ দ্ৰুত তথা নিখুঁত কাৰ্যক্ষমতাই বহু শ্ৰদ্ধাশীল শিল্পী, গীতিকাৰ, সুৰকাৰ আৰু কলা-কুশলীৰ মনত স্বাভাৱিকতেই উদ্বেগ বঢ়াই তুলিছে।
 
কিন্তু ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় যে বিজ্ঞানৰ প্ৰতিটো যুগান্তকাৰী আৱিষ্কাৰৰেই যেনেদৰে কিছুমান নেতিবাচক দিশ বা প্ৰত্যাহ্বান থাকে, ঠিক তেনেদৰে থাকে ইতিবাচক সম্ভাৱনাও। ছপাশালৰ আৱিষ্কাৰ, গ্ৰামোফোনৰ আগমন, ইলেকট্ৰিক গীটাৰৰ প্ৰচলন অথবা ডিজিটেল চিন্থেছাইজাৰৰ ব্যৱহাৰ আৰম্ভ হোৱাৰ সময়তো সাংস্কৃতিক মহলত অনুৰূপ শংকা আৰু বিতৰ্কই দেখা দিছিল। সময়ৰ সৈতে সেই সকলোবোৰেই মানৱ সৃষ্টিশীলতাৰ সহযোগী হৈ পৰিল। সেয়েহে নতুনক ভয় খাই অগ্ৰাহ্য কৰাৰ সলনি যিকোনো প্ৰযুক্তিৰ ভালখিনি বিচাৰ-বিবেচনাৰে গ্ৰহণ কৰি যুগৰ সৈতে খোজ মিলাই আগবঢ়াটোৱেই আজিৰ সময়ৰ আটাইতকৈ বুদ্ধিদীপ্ত পন্থা। এই লেখাত বিশ্বৰ সাংস্কৃতিক জগতত AI-ৰ দ্বাৰা সৃষ্ট সংগীত, ভাৰ্ছুৱেল বা ফিচাৰিং আৰ্টিষ্টৰ উত্থান আৰু অসমৰ সংগীত ক্ষেত্ৰত ইয়াৰ নতুন সম্ভাৱনাসমূহ সহজভাৱে বিশ্লেষণ কৰাৰ প্ৰয়াস কৰা হৈছে।
 
সংগীত জগতত 'ভাৰ্ছুৱেল আৰ্টিষ্ট' বা কাল্পনিক শিল্পী চৰিত্ৰৰ ধাৰণাটো আচলতে সম্পূৰ্ণ নতুন নহয়; শেহতীয়া AI প্ৰযুক্তিয়ে মাথোঁ এই ধাৰণাটোক এক অভূতপূৰ্ব গতি আৰু নতুন মাত্ৰা প্ৰদান কৰিছে। ১৯৯৮ চনতেই ব্ৰিটেইনত ডেমন আলবাৰ্ন আৰু জেমি হিউলেটে সৃষ্টি কৰা 'Gorillaz’ নামৰ ভাৰ্ছুৱেল বেণ্ডটোৱে এনিমেটেড চৰিত্ৰৰ জৰিয়তে বিশ্বজুৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। আনহাতে, ২০০৭ চনত জাপানৰ 'Crypton Future Media'-ই Vocaloid ছফ্টৱেৰৰ সহায়ত নিৰ্মাণ কৰা 'হাটছুনে মিকু' (Hatsune Miku) নামৰ ভাৰ্ছুৱেল পপ তাৰকাগৰাকীয়ে হলোগ্ৰাম প্ৰযুক্তিৰ জৰিয়তে হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত মঞ্চত লাইভ কনচাৰ্ট পৰিৱেশন কৰি সংগীত জগতত নতুন ইতিহাস ৰচিছিল।
 
কিন্তু সেই সময়ত এনে ভাৰ্ছুৱেল প্ৰকল্পসমূহ নিৰ্মাণ কৰাটো আছিল অতি ব্যয়বহুল, কাৰিকৰীভাৱে জটিল আৰু কেৱল বৃহৎ প্ৰতিষ্ঠানসমূহৰ মাজতেই সীমাবদ্ধ। শেহতীয়াকৈ জেনেৰেটিভ AI প্লেটফৰ্মৰ আগমনে এই সমগ্ৰ ছবিখনকেই মূলৰ পৰা সলনি কৰি দিছে। এতিয়া কোনো বৃহৎ প্ৰতিষ্ঠানৰ সহায় নোহোৱাকৈয়ে এজন স্বতন্ত্ৰ গীতিকাৰ বা সুৰকাৰে নিজৰ ঘৰৰ কোঠালিতে বহি নিজৰ কথা, সুৰ আৰু কল্পনাশক্তিৰ সৈতে AI প্ৰযুক্তিৰ সংমিশ্ৰণ ঘটাই আন্তঃৰাষ্ট্ৰীয় মানৰ গীত নিৰ্মাণ কৰিব পাৰে। সংগীত নিৰ্মাণৰ এই গণতান্ত্ৰিকীকৰণৰ ফলতেই আজি বিশ্ব সংগীতৰ মূলসুঁতিত একাধিক AI শিল্পী আৰু প্ৰজেক্টে তীব্ৰ খলকনিৰ সৃষ্টি কৰিছে। অৱশ্যে দুৰ্বল মস্তিষ্কৰ একাংশই ইয়াৰ দুৰ্ব্যৱহাৰ কৰি অগ্ৰজ একাংশ শিল্পীৰ সৃষ্টিৰাজিক বিকৃত কৰাও পৰলক্ষিত হৈছে, যিবোৰ কাৰ্য কোনোপধ্যে গ্ৰহণযোগ্য নহয়৷  
 
বৰ্তমান বিশ্বৰ আগশাৰীৰ ষ্ট্ৰীমিং প্লেটফৰ্ম স্পটিফাই (Spotify), এপল মিউজিক, ইউটিউব আনকি আমেৰিকাৰ বিখ্যাত বিলবোৰ্ড (Billboard) চাৰ্টতো AI-নিৰ্মিত শিল্পী আৰু গীতে নিজৰ শক্তিশালী উপস্থিতি জাহিৰ কৰিবলৈ সক্ষম হৈছে। এই বিশ্বব্যাপী ধাৰাটোৰ কেইটামান উল্লেখযোগ্য উদাহৰণ - Enlly Blue, Xania Monet, Breaking Rust, Solomon Ray, Masters of Prophecy, BOI WHAT, Polar আৰু FN Meka৷
 
বিটলছ বেণ্ড
 
Enlly Blue (এনলি ব্লু): ১৯৫০-ৰ দশকৰ ক্লাছিক ব্লুজ সংগীতৰ মাধুৰ্য আৰু শৈলীৰে শ্ৰোতাৰ মন জয় কৰা এনলি ব্লু হৈছে এগৰাকী অত্যন্ত জনপ্ৰিয় ভাৰ্ছুৱেল আৰ্টিষ্ট। থং ভিয়েট নামৰ এজন সৃষ্টিশীল ব্যক্তিয়ে এই ভাৰ্ছুৱেল চৰিত্ৰটো নিৰ্মাণ কৰিছে। তেওঁৰ আটাইতকৈ চৰ্চিত গীত "Through My Soul"-এ বিশ্বজুৰি শ্ৰোতাৰ মাজত অভূতপূৰ্ণ সঁহাৰি লাভ কৰিছে। স্পটিফাইত তেওঁৰ গীতসমূহে মিলিয়ন মিলিয়ন ষ্ট্ৰীম অতিক্ৰম কৰিছে আৰু ইয়াৰ জৰিয়তে বৃহৎ পৰিমাণৰ ৰয়েল্টী তথা ধন উপাৰ্জন কৰিবলৈও সক্ষম হৈছে।
 
Xania Monet (জেনিয়া মনেট): R&B আৰু গছপেল (Gospel) সংগীতৰ জগতত জেনিয়া মনেটে এক নতুন ইতিহাস সৃষ্টি কৰিছে। তেওঁৰ "How Was I Supposed to Know?" গীতটোৱে আমেৰিকাৰ মৰ্যাদাপূৰ্ণ বিলবোৰ্ড ৰেডিঅ' এয়াৰপ্লে চাৰ্টত প্ৰৱেশ কৰা প্ৰথমটো এআই গীত হিচাপে খ্যাতি অৰ্জন কৰিছে। কেৱল সেয়াই নহয়, জেনিয়া মনেটৰ দৰে এআই আৰ্টিষ্টে বিশ্বৰ আগশাৰীৰ মিউজিক লেবেলৰ সৈতে মিলিয়ন ডলাৰৰ ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰি সংগীত উদ্যোগক আচৰিত কৰি তুলিছে।
 
Breaking Rust: এইটো এটা সম্পূৰ্ণ AI-ৰ দ্বাৰা নিৰ্মিত কাণ্ট্ৰি (Country) মিউজিক প্ৰজেক্ট। তেওঁলোকৰ "Walk My Walk" শীৰ্ষক গীতটোৱে বিলবোৰ্ডৰ কাণ্ট্ৰি ডিজিটেল চং চেলছ চাৰ্টত শীৰ্ষস্থান দখল কৰি এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰি দিছে যে দৰ্শক-শ্ৰোতাই ভাল সুৰ আৰু হৃদয়স্পৰ্শী উপস্থাপনক কেৱল প্ৰযুক্তিৰ সীমাৰেখাৰে বিচাৰ নকৰে।
 
Solomon Ray: ছ'ল (Soul) আৰু গছপেল সংগীতপ্ৰেমীসকলৰ মাজত অতি জনপ্ৰিয় এই ভাৰ্ছুৱেল শিল্পীগৰাকীৰ "Find Your Rest" আৰু "Goodbye Temptation" নামৰ গীত দুটাই বিলবোৰ্ড চাৰ্টত ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰি আন্তঃৰাষ্ট্ৰীয় সংগীত মহলত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছিল।
 
Masters of Prophecy: AI ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এইটো এটা জনপ্ৰিয় Synth-rock প্ৰজেক্ট। ইউটিউব আৰু অন্যান্য ষ্ট্ৰীমিং প্লেটফৰ্মত তেওঁলোকৰ লাখ লাখ চাবস্ক্ৰাইবাৰ আৰু ষ্ট্ৰীম আছে, যিয়ে আধুনিক ৰক সংগীতৰ ক্ষেত্ৰখনতো এআইৰ শক্তিশালী কাৰ্যকাৰিতাকে প্ৰতিফলিত কৰে।
 
BOI WHAT: এই প্ৰজেক্টটোৱে সংগীতত এক অভিনৱ আৰু ৰসাল পৰীক্ষা-নিৰীক্ষা চলাইছে। মেটেলক'ৰ (Metalcore) সংগীতৰ শক্তিশালী বাদ্যযন্ত্ৰৰ সৈতে স্পঞ্জববৰ (SpongeBob) দৰে জনপ্ৰিয় কাৰ্টুন চৰিত্ৰৰ AI কণ্ঠস্বৰ সংযোজন কৰি তেওঁলোকে "PLAN Z"-ৰ দৰে ভাইৰেল গীত সৃষ্টি কৰিছে।

Polar আৰু FN Meka: ভাৰ্ছুৱেল পপ তাৰকা হিচাপে 'প'লাৰ' (Polar)-এ গেমিং আৰু সংগীতপ্ৰেমীৰ মাজত নিজৰ সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছে। আনহাতে, ২০২২ চনৰ আগষ্ট মাহত বিশ্ববিখ্যাত সংগীত প্ৰতিষ্ঠান কেপিটল ৰেকৰ্ডছে (Capitol Records) AI ৰেপাৰ এফ এন মেকাক (FN Meka) আনুষ্ঠানিকভাৱে চুক্তিৱদ্ধ কৰিছিল। অৱশ্যে সাংস্কৃতিক সংবেদনশীলতা আৰু নৈতিকতাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হোৱাৰ পাছত কেইদিনমানৰ ভিতৰতেই কোম্পানীটোৱে সেই চুক্তি বাতিল কৰিবলগীয়া হয়। এই ঘটনাই AI সংগীতৰ ক্ষেত্ৰত কেৱল প্ৰযুক্তিগত দক্ষতাই যথেষ্ট নহয়, বৰং নৈতিক দায়বদ্ধতাৰ গুৰুত্বও যে অপৰিসীম, তাকে স্পষ্টকৈ আঙুলিয়াই দিছিল।
 
AI মানেই যে মানৱ শিল্পীৰ বিকল্প বা প্ৰতিদ্বন্দ্বী এনে ধাৰণা সম্পূৰ্ণ শুদ্ধ নহয়। বৰং বিশ্বৰ শ্ৰেষ্ঠ শিল্পীসকলেও আজি AI-ক নিজৰ সৃজনীশীলতা পূৰ্ণ কৰাৰ এক শক্তিশালী সঁজুলি হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে। ইয়াৰ দুটা অত্যন্ত উল্লেখযোগ্য তথা অনুপ্ৰেৰণাদায়ক উদাহৰণ বিশ্ব আৰু ভাৰতীয় সংগীতত দেখিবলৈ পোৱা গৈছে—
 

Now and Then মিউজিক ভিডিঅ’
 
১. The Beatles-ৰ "Now and Then": ১৯৭০-ৰ দশকত কিংবদন্তি শিল্পী জন লেননে ঘৰুৱা কেছেটত বাণীবদ্ধ কৰি থৈ যোৱা এটা অসম্পূৰ্ণ ডেমো গীত দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈয়ে ৰৈছিল। সেই কেছেটটোৰ পৰা পিয়ানোৰ শব্দ আৰু অন্যান্য কোলাহল আঁতৰাই কেৱল লেননৰ কণ্ঠটো নিখুঁতভাৱে পৃথক কৰিবলৈ চলচ্চিত্ৰ নিৰ্মাতা পিটাৰ জেকচনৰ মেচিন লাৰ্নিং AI প্ৰযুক্তি (MAL) ব্যৱহাৰ কৰা হৈছিল। এই প্ৰযুক্তিৰ সহায়তেই ২০২৩ চনত প'ল মেককাৰ্টনি আৰু ৰিংগো ষ্টাৰে দ্য বিটলছৰ অন্তিমটো গীত "Now and Then" শ্ৰোতাৰ বাবে মুকলি কৰিবলৈ সক্ষম হয়। প্ৰযুক্তি আৰু মানৱীয় আৱেগৰ এই অপূৰ্ব সংমিশ্ৰণে স্বীকৃতিও লাভ কৰে—গীতটোৱে ৬৭ সংখ্যক গ্ৰেমী বঁটা (২০২৫)-ত 'শ্ৰেষ্ঠ ৰক পাৰফৰ্মেন্স' শিতানত মৰ্যাদাপূৰ্ণ বঁটা অৰ্জন কৰে।
 
২. এ আৰ ৰহমান আৰু ভাৰতীয় চলচ্চিত্ৰত AI কণ্ঠ: ভাৰতীয় সংগীত জগততো অস্কাৰ বিজয়ী সংগীত পৰিচালক এ আৰ ৰহমানে ২০২৪ চনত এক নৈতিক আৰু সৃজনীশীল দৃষ্টান্ত দাঙি ধৰে। তামিল চলচ্চিত্ৰ 'লাল ছালাম' (Lal Salaam)-ৰ "থিমিৰি য়েঝুদা" (Thimiri Yezhuda) গীতটোত তেওঁ AI ভইচ মডেলিং প্ৰযুক্তিৰ সহায়ত দুগৰাকী প্ৰয়াত জনপ্ৰিয় গায়ক বাম্বা বাক্যা আৰু ছাহুল হামিদৰ কণ্ঠ পুনৰ জীৱন্ত কৰি তুলিছিল। এই প্ৰকল্পটোৰ আটাইতকৈ প্ৰশংসনীয় দিশটো আছিল ইয়াৰ নৈতিক স্বচ্ছতা- ৰহমানে এই কাম কৰাৰ পূৰ্বে প্ৰয়াত শিল্পীদ্বয়ৰ পৰিয়ালৰ পৰা আনুষ্ঠানিক অনুমতি লৈছিল আৰু তেওঁলোকক উচিত পাৰিশ্ৰমিকো প্ৰদান কৰিছিল।
 
বিশ্বৰ এই বিশাল প্ৰযুক্তিগত পৰিৱৰ্তনৰ ঢৌ এতিয়া লাহে লাহে অসমৰ সংগীত জগততো প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে। অসমৰ সাংস্কৃতিক প্ৰেক্ষাপটত ভাৰ্ছুৱেল আৰ্টিষ্ট বা AI ভকেলৰ সৈতে 'ফিচাৰিং আৰ্টিষ্ট' (Featuring Artist) ব্যৱহাৰ কৰাটো এক সম্পূৰ্ণ নতুন, সাহসী আৰু দূৰদৰ্শী পৰীক্ষা-নিৰীক্ষা।
 
অসমৰ চুকে-কোণে এনে বহু প্ৰতিভাৱান গীতিকাৰ আৰু সুৰকাৰ আছে, যাৰ কলমত উচ্চমানৰ কথা আৰু মনত মৌলিক সুৰৰ ভাণ্ডাৰ থকা সত্ত্বেও বৃহৎ ষ্টুডিঅ', বাদ্যযন্ত্ৰী বা ব্যয়বহুল সংগীত ব্যৱস্থাপনাৰ অভাৱত অসংখ্য সুন্দৰ সৃষ্টি শ্ৰোতাৰ অগোচৰেই ৰৈ যায়। এনে প্ৰতিভাসমূহৰ বাবে AI প্ৰযুক্তিয়ে এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিছে। ইয়াৰ সদ্য উদাহৰণ হিচাপে 'নদী মোৰ প্ৰথম ভালপোৱা’ শীৰ্ষক গীতটিৰ কথা ক’ব পাৰি। কিছুদিন পূৰ্বে অসমত অভূতপূৰ্ণ জনপ্ৰিয়তা অৰ্জন কৰা AI-ৰ দ্বাৰা সৃষ্ট এই গীতটো কোনো বিশেষ এজন মানৱ কণ্ঠশিল্পীয়ে গোৱা নহয়; বৰং AI প্ৰযুক্তি ব্যৱহাৰ কৰি ইয়াৰ সুৰ আৰু কণ্ঠ প্ৰস্তুত কৰা হৈছে। অভিজিত লুথাৰি চেতিয়া পাটৰ নামৰ এজন লোকে গীতটো ডিজিটেলী প্ৰচেছ কৰি ইউটিউব আৰু ফেচবুকত আপলোড কৰিছিল, যিয়ে অতি কম সময়ৰ ভিতৰতে লাখ লাখ ভিউজ লাভ কৰিবলৈ সক্ষম হয়। এই গীতটি বিশ্বৰ আগশাৰীৰ ষ্ট্ৰীমিং প্লেটফৰ্ম স্পটিফাই (Spotify)তো উপলব্ধ।
 
অৱশ্যে, বৰ্তমান অসমীয়া সংগীত জগতত কৃত্ৰিম বুদ্ধিমত্তা বা AI ভকেলক এক সুকীয়া 'ভাৰ্ছুৱেল আৰ্টিষ্ট'ৰ পৰিচয় দি আনুষ্ঠানিকভাৱে 'ফিচাৰিং আৰ্টিষ্ট' হিচাপে বিশ্বমঞ্চত মুক্তি দিয়াৰ ধাৰাটো নিচেই প্ৰাৰম্ভিক পৰ্যায়তে আছে। আন্তঃৰাষ্ট্ৰীয় স্তৰত যিদৰে বহুকেইজন ভাৰ্ছুৱেল সংগীত শিল্পীয়ে স্পটিফাই বা এপল মিউজিকত নিজৰ সুকীয়া আৰু স্থায়ী স্থান দখল কৰিছে, অসমীয়া সংগীতত তেনে সুসংগঠিত আৰু পঞ্জীভুক্ত ভাৰ্ছুৱেল আৰ্টিষ্টৰ সংখ্যা এতিয়াও অতি সীমিত।
 
অসমত বৰ্তমান AI সংগীতৰ ব্যৱহাৰক মূলতঃ দুটা পৃথক স্তৰত ভাগ কৰি চাব পাৰি- 
 
১. অনানুষ্ঠানিক বা ছ'চিয়েল মিডিয়া কেন্দ্ৰিক প্ৰয়াসঃ ইউটিউব, ফেচবুক বা ইনষ্টাগ্ৰামত বহু অনুৰাগীয়ে জনপ্ৰিয় অসমীয়া কণ্ঠশিল্পীসকলৰ কণ্ঠ নকল কৰি অথবা AI সঁজুলিৰে পৰীক্ষামূলক গীত প্ৰস্তুত কৰি আপলোড কৰা দেখা যায়। কিন্তু কপিৰাইট নীতি আৰু আন্তঃৰাষ্ট্ৰীয় প্লেটফৰ্মসমূহৰ কঠোৰ নিয়মাৱলীৰ বাবে এনে গীতবোৰে সাধাৰণতে বিশ্বমঞ্চৰ মূলসুঁতিৰ ষ্ট্ৰীমিং প্লেটফৰ্মত স্থান নাপায়; লগতে ইয়াত কোনো মৌলিক ভাৰ্ছুৱেল আৰ্টিষ্টৰ স্থায়ী পৰিচয়ো গঢ় লৈ নুঠে।
 
২. আনুষ্ঠানিক 'ফিচাৰিং আৰ্টিষ্ট' আৰ্হিঃ মৌলিক অসমীয়া গীতৰ কথা আৰু মানৱসৃষ্ট সুৰৰ সৈতে AI কণ্ঠক একোটা সুকীয়া ভাৰ্ছুৱেল চৰিত্ৰৰ নাম দি আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় ষ্ট্ৰীমিং প্লেটফৰ্মত মুক্তি দিয়াৰ শৃংখলাবদ্ধ প্ৰচেষ্টা এতিয়াহে আৰম্ভ হৈছে।
 
অসমৰ স্বাধীন সংগীত ক্ষেত্ৰখনত ভাৰ্ছুৱেল আৰ্টিষ্টৰ এই ধাৰাটোক 'অসম NE' লেবেল আৰু এই লেখকৰ উদ্যোগত আনুষ্ঠানিক ৰূপ দিয়াৰ প্ৰয়াস চলোৱা হৈছে। এই আৰ্হিত মৌলিক গীতৰ কথা আৰু সুৰৰ সম্পূৰ্ণ স্বত্ব মানৱ স্ৰষ্টাৰ হাতত অক্ষুণ্ণ ৰাখি কেৱল কণ্ঠৰ বাবে ভাৰ্ছুৱেল আৰ্টিষ্টৰ চৰিত্ৰ ব্যৱহাৰ কৰা হৈছে। উদাহৰণস্বৰূপে, আমাৰ 'Nikunja Nath feat. Nibir N' ৰ দৰে ক্ৰেডিট আৰ্হিটোৰ কথা উল্লেখ কৰিব পাৰি। ইয়াত মূল গীতিকাৰ তথা সুৰকাৰ অৰ্থাৎ আমাৰ নামটো 'প্ৰাইমেৰী আৰ্টিষ্ট' (Primary Artist) হিচাপে ৰাখি AI ভকেলটোক 'Nibir N' নামৰ এটা নিৰ্দিষ্ট ভাৰ্ছুৱেল চৰিত্ৰ বা 'ফিচাৰিং আৰ্টিষ্ট'ৰ পৰিচয় দিয়া হৈছে। একেদৰে ফিচাৰিং আৰ্টিষ্ট অনামিকা এন হৈছে এই শৃংখলাবদ্ধ ধাৰাটোৰ আন এক উল্লেখযোগ্য উদাহৰণ।
 
জেনিয়া মনেট
 
এই পদ্ধতিৰ চাৰিটা গুৰুত্বপূৰ্ণ ইতিবাচক দিশ হ’ল স্বচ্ছতা (Transparency), ব্ৰেণ্ড আইডেণ্টিটী, স্ৰষ্টাৰ অধিকাৰ সুৰক্ষা আৰু বিশ্বব্যাপী প্ৰসাৰ৷ এই আৰ্হিত শ্ৰোতাৰ সৈতে কোনো ধৰণৰ লুকাভাকু বা বিভ্ৰান্তি নাথাকে; মানৱ স্ৰষ্টা আৰু ভাৰ্ছুৱেল কণ্ঠৰ ভূমিকা আৰম্ভণিৰে পৰাই স্পষ্ট হৈ থাকে। আনহাতে, একেটা ভাৰ্ছুৱেল নাম (যেনে Nibir N) ধাৰাবাহিকভাৱে ব্যৱহাৰ কৰিলে স্পটিফাই, এপল মিউজিক, জিঅ'ছাৱন বা ইউটিউবৰ দৰে মঞ্চত শ্ৰোতাৰ মাজত এটা স্থায়ী আৰু চিনাকি ব্ৰেণ্ড পৰিচয় গঢ় লৈ উঠে।
 
গীতটোৰ মূল কথা, সুৰ আৰু ভাবধাৰা মানুহৰ হোৱা বাবে গীতিকাৰ-সুৰকাৰজনৰ সৃজনীশীল স্বীকৃতি, আইনী অধিকাৰ আৰু মূল শিল্পীৰ মৰ্যাদা অক্ষুণ্ণ থাকে। তুলনামূলকভাৱে কম খৰচতে উন্নত ছাউণ্ড কোৱালিটীৰে অসমীয়া আধুনিক অথবা লোক-আধাৰিত গীত বিশ্বৰ শ শ ষ্ট্ৰীমিং প্লেটফৰ্মলৈ লৈ যোৱাটো সম্ভৱ হৈ পৰে।
 
সংগীতৰ ক্ষেত্ৰত AI-ৰ ব্যৱহাৰ যিমানেই ব্যাপক হৈছে, সিমানেই কপিৰাইট, স্বত্ত্বাধিকাৰ আৰু নৈতিকতাৰ প্ৰশ্নবোৰো গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই সন্দৰ্ভত বিশ্বৰ দুটা শীৰ্ষ প্ৰতিষ্ঠানৰ স্পষ্ট স্থিতি বিশেষভাৱে মন কৰিবলগীয়াঃ
 
আমেৰিকাৰ কপিৰাইট কাৰ্যালয় (US Copyright Office): কাৰ্যালয়টোৰ স্পষ্ট নিৰ্দেশনা অনুসৰি কেৱল মানৱীয় সৃষ্টিশীলতাৰ ওপৰতহে কপিৰাইট বা স্বত্বাধিকাৰ প্ৰযোজ্য হয়। অৰ্থাৎ সম্পূৰ্ণ যন্ত্ৰ-সৃষ্ট গীতত কপিৰাইট নাথাকে; কিন্তু যিবোৰ গীতৰ কথা, সুৰ আৰু মূল পৰিকল্পনা মানুহৰ আৰু য'ত AI-ক কেৱল সহায়কাৰী মাধ্যম হিচাপে লোৱা হৈছে, তাত স্ৰষ্টাৰ মানৱীয় অংশটো আইনীভাৱে সুৰক্ষিত।
 
গ্ৰেমী বঁটা (The Recording Academy): ৰেকৰ্ডিং একাডেমীয়েও নীতি স্পষ্ট কৰি দিছে যে কেৱল মানুহেহে গ্ৰেমী বঁটা লাভ কৰিব পাৰে। সম্পূৰ্ণ AI-নিৰ্মিত গীত এই বঁটাৰ বাবে অযোগ্য হ'লেও, যদি কোনো গীতত মানুহৰ অৰ্থপূৰ্ণ সৃষ্টিশীল অৱদান থাকে আৰু AI-ক সহায়ক সঁজুলি হিচাপে ব্যৱহাৰ কৰা হয়, তেন্তে মানৱ স্ৰষ্টাই নিজা শিতানত নিঃসন্দেহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।
 
প্ৰযুক্তিৰ সকলো চমকপ্ৰদ সফলতাৰ পাছতো এটা চিৰন্তন সত্য আমি স্বীকাৰ কৰিবই লাগিব। AI-এ যিমানেই নিখুঁত সুৰ বা মসৃণ কণ্ঠ সৃষ্টি নকৰক কিয়, এজন মানৱ শিল্পীৰ কণ্ঠত নিহিত হৈ থকা সেই সূক্ষ্ম আৱেগ, বিহু বা লোকগীতৰ কেঁচা মাটিৰ গোন্ধ, মঞ্চত হাজাৰ দৰ্শকৰ চকুত চকু থৈ গীত গোৱাৰ মাদকতা আৰু জীৱনৰ তিতা-মিঠা অভিজ্ঞতাৰে গঢ় লৈ উঠা হৃদয়ৰ স্পন্দন কোনো এলগৰিথমে কেতিয়াও সম্পূৰ্ণৰূপে অনুকৰণ কৰিব নোৱাৰে। AI-ৰ প্ৰসাৰে যদিও কিছুমান পৰম্পৰাগত কাৰিকৰী কামত নতুন প্ৰত্যাহ্বান কঢ়িয়াই আনিছে, তাৰ সমান্তৰালভাৱে নতুন ধৰণৰ সংগীত প্ৰযোজনা, AI-প্ৰম্প্ট ডিজাইনিং আৰু স্বাধীন সংগীত উদ্যোগৰ এক বিশাল কৰ্মক্ষেত্ৰও মুকলি কৰিছে।
 
আচলতে প্ৰযুক্তি কেতিয়াও স্থবিৰ হৈ নাথাকে আৰু মানৱ সংস্কৃতিও সদায়েই গতিশীল। সেয়েহে AI-ক লৈ শংকিত হৈ হাত সাবটি বহি থকাতকৈ অথবা বিচাৰ-বিবেচনাহীনভাৱে ইয়াক অন্ধ অনুকৰণ কৰাতকৈ আমাক আজি আটাইতকৈ বেছি প্ৰয়োজন এটা সুস্থ আৰু ভাৰসাম্যপূৰ্ণ দৃষ্টিভংগীৰ। যিদৰে তুলিকা বা ৰঙে কেতিয়াও নিজে নিজে এখন জীৱন্ত চিত্ৰ আঁকিব নোৱাৰে, তাৰ আঁৰত থাকিব লাগে এজন চিত্ৰকৰৰ অনুভৱী মন আৰু কল্পনাশক্তি, ঠিক তেনেদৰেই AI-ও হৈছে আধুনিক যুগৰ এক শক্তিশালী বাদ্যযন্ত্ৰ বা তুলিকা মাথোঁ।
 
সময়ৰ এই সন্ধিক্ষণত অসমৰ প্ৰান্তে প্ৰান্তে লুকাই থকা প্ৰতিভাৱান গীতিকাৰ আৰু সুৰকাৰসকলে যদি নিজৰ মৌলিক চিন্তা, শিপাক সাবটি ধৰা মাটিৰ সুৰ আৰু স্বচ্ছ নৈতিক নীতিৰে বিশ্ব সংগীতৰ বিশাল বজাৰত আত্মবিশ্বাসেৰে খোজ দিব পাৰে, তেন্তে অসমীয়া সংগীতৰ ইতিহাসত ই এক নতুন আৰু সোণালী অধ্যায়ৰ সূচনা কৰিব। মানৱীয় আৱেগক কেন্দ্ৰবিন্দু হিচাপে অটুট ৰাখি বিজ্ঞানৰ ইতিবাচক শক্তিক সৃজনীশীলভাৱে আঁকোৱালি লোৱাটোৱেই হ'ব একবিংশ শতিকাৰ শ্ৰেষ্ঠ শিল্পধৰ্ম।