শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি ড্ৰাগছবিৰোধী সজাগতাৰ কণ্ঠ হৈ পৰিছে কাশ্মীৰৰ কিশোৰ জাহিদ মঞ্জুৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
বুডগামৰ কিশোৰ জাহিদ মঞ্জুৰ
বুডগামৰ কিশোৰ জাহিদ মঞ্জুৰ
 
এহছান ফাজিলী / শ্ৰীনগৰ
 
সমাজৰ যুৱপ্ৰজন্মৰ মাজত ড্ৰাগছৰ আসক্তিয়ে উদ্বেগজনক ৰূপ ধাৰণ কৰাৰ সময়তে কাশ্মীৰৰ এগৰাকী কিশোৰে নিজৰ শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি এক অনন্য নিদৰ্শন দাঙি ধৰিছে। মধ্য কাশ্মীৰৰ বুডগাম জিলাৰ বীৰৱাহ অঞ্চলৰ জাহিদ মঞ্জুৰ নামৰ এই কিশোৰজনে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে নিজকে উৎসৰ্গা কৰিছে। 
 
জন্মৰে পৰা মাত্ৰ এখন ভৰি থকা জাহিদে শাৰীৰিক প্ৰতিবন্ধকতাক কেতিয়াও নিজৰ সপোন পূৰণৰ বাটত বাধা হ’বলৈ দিয়া নাই। বৰ্তমান জম্মু-কাশ্মীৰ বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা জাহিদে চাইকেল চলোৱা, নৃত্য আৰু মাৰ্চিয়েল আৰ্টৰ দৰে বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভাৰ পৰিচয় দিছে। ইয়াৰ সমান্তৰালকৈ ড্ৰাগছৰ অপকাৰিতাৰ বিষয়ে সমাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিছে। 
 
মঞ্চানুষ্ঠানৰ জৰিয়তে ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ বাৰ্তা প্ৰচাৰ কৰিছে জাহিদ মঞ্জুৰে
 
বিগত প্ৰায় এটা দশক ধৰি কাশ্মীৰৰ বিভিন্ন অঞ্চললৈ গৈ ড্ৰাগছ বিৰোধী সজাগতা বিয়পোৱাৰ বাবে কৰা নিৰন্তৰ প্ৰচেষ্টাই জাহিদক এক সুকীয়া পৰিচয় দিছে। বৰ্তমান তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী অভিযান ‘নশামুক্ত ভাৰত অভিযান’ৰ সৈতেও সক্ৰিয়ভাৱে জড়িত হৈ আছে।
 
বুডগাম জিলাৰ বীৰৱাহ অঞ্চলৰ মীৰিপোৰা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ১৬ বছৰীয়া জাহিদে ‘আৱাজ–দ্য ভইচ’ৰ আগত নিজৰ শৈশৱৰ অভিজ্ঞতা ব্যক্ত কৰি কয়, "মই যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ, তেতিয়া আন ল’ৰা-ছোৱালীবোৰে মোৰ পৰা আঁতৰি থাকিবলৈ বিচাৰিছিল।" 
 
কিন্তু আনৰ এনে আচৰণে জাহিদৰ মনোবল দুৰ্বল কৰিব পৰা নাছিল। সৰুৰে পৰাই বিভিন্ন কাম-কাজৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহ আছিল। তেওঁৰ মনত সদায় এটা প্ৰশ্নই ঠাই পাইছিল, যদি আন ল’ৰা-ছোৱালীয়ে সকলো কাম কৰিব পাৰে, তেন্তে তেওঁ কিয় নোৱাৰিব? এই অদম্য ইচ্ছাশক্তি আৰু আত্মবিশ্বাসেই তেওঁক আগবাঢ়ি যোৱাত সহায় কৰিছিল। শৈশৱৰ পৰাই তেওঁৰ প্ৰতিভাই স্বীকৃতি লাভ কৰিবলৈ আৰম্ভ কৰে আৰু বিভিন্ন সুযোগ-সুবিধাও লাভ কৰে।
 
কাশ্মীৰৰ ঐতিহ্যমণ্ডিত শ্বল বোৱা শিল্পৰ সৈতে জড়িত এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল জাহিদে। মাগামৰ সমীপৱৰ্তী বীৰৱাহ অঞ্চলৰ এই পৰিয়ালটোৱে পৰম্পৰাগতভাৱে শ্বল বোৱাৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। জন্মৰ পৰাই জাহিদৰ শাৰীৰিক অৱস্থাক লৈ পিতৃ-মাতৃ যথেষ্ট চিন্তিত আছিল। উপযুক্ত পৰামৰ্শ আৰু দিকনিৰ্দেশনাৰ অভাৱত তেওঁলোকে পুত্ৰৰ ভৱিষ্যৎ সম্পৰ্কে অনিশ্চয়তাত ভুগিছিল। গাঁৱৰ বহু লোকে জাহিদে জীৱনত বিশেষ একো কৰিব নোৱাৰিব বুলিও মন্তব্য কৰিছিল। অৱশ্যে তেওঁৰ ককাকে নাতিয়েকৰ প্ৰতিভা আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিছিল। জাহিদে যাতে নিজৰ দক্ষতা বিকাশ কৰি ভৱিষ্যতে স্বাৱলম্বী হ’ব পাৰে, তাৰ বাবে তেওঁ বিশেষভাৱে যত্ন লৈছিল।
 
ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে মঞ্চস্থ কৰা নাটকত অভিনয়ৰত জাহিদ মঞ্জুৰ
 
জাহিদৰ জীৱনত ড্ৰাগছবিৰোধী সজাগতা অভিযান আৰম্ভ কৰাৰ আঁৰতো আছে এক বিশেষ ঘটনা। এদিন প্ৰশিক্ষকৰ ঘৰৰ পৰা উভতি অহাৰ সময়ত ধাননি পথাৰৰ মাজেৰে যোৱা এটা বাটত তেওঁ কেইজনমান যুৱকক ড্ৰাগছ সেৱন কৰি থকা দেখা পায়। দৃশ্যটো দেখি ভয় খোৱা জাহিদে ততাতৈয়াকৈ সেই ঠাইৰ পৰা আঁতৰি আহি শিক্ষকক ঘটনাটো জনায়। 
 
সেইদিনাই শিক্ষকৰ পৰা তেওঁ এক গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিছিল—প্ৰকৃত অক্ষমতা শৰীৰত নহয়, বৰং ড্ৰাগছৰ দৰে ক্ষতিকাৰক আসক্তিৰ মাজতহে নিহিত হৈ থাকে। এই কথাই জাহিদৰ মনত গভীৰ প্ৰভাৱ পেলায়। তেওঁ উপলব্ধি কৰে যে, এখন ভৰিৰে যদি তেওঁ ইমানবোৰ কাম কৰিব পাৰে, তেন্তে শাৰীৰিকভাৱে সক্ষম আন যুৱকসকলে কিয় বেয়া অভ্যাসৰ পৰা আঁতৰি থাকি ভাল কামত নিজকে নিয়োজিত কৰিব নোৱাৰিব? তাৰ পাছৰে পৰা তেওঁ ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ কামত সক্ৰিয় হৈ পৰে।
 
ইতিমধ্যে জাহিদে এশৰো অধিক সজাগতামূলক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। বিভিন্ন বিদ্যালয়ৰ প্ৰাতঃসভাত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ড্ৰাগছৰ ভয়াৱহ পৰিণতিৰ বিষয়ে বক্তব্য আগবঢ়াই তেওঁ যুৱপ্ৰজন্মক নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাই আহিছে। কেৱল ভাষণ বা সজাগতা সভাতে সীমাবদ্ধ নাথাকি জাহিদে শিক্ষক মহম্মদ ইউছুফৰ সহযোগত ড্ৰাগছৰ কুপ্ৰভাৱক লৈ ৪৮ মিনিট দৈৰ্ঘ্যৰ এখন চলচ্চিত্ৰও নিৰ্মাণ কৰিছে।
 
প্ৰায় দুবছৰ পূৰ্বে নিৰ্মাণ কৰা এই চলচ্চিত্ৰখন ড্ৰাগছ বিৰোধী অভিযানৰ এক অংশ হিচাপে ব্যৱহাৰ কৰা হৈছে। কাশ্মীৰ উপত্যকাৰ বিভিন্ন বিদ্যালয়ত ছবিখন প্ৰদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগ কৰাৰ লগতে ইয়াৰ পৰা আঁতৰি থাকিবলৈ উৎসাহিত কৰা হৈছে। জাহিদৰ প্ৰতিভা পোহৰলৈ অহাৰ আঁৰতো আছে আন এক উল্লেখযোগ্য ঘটনা।  
 
২০১৪ চনত, জাহিদৰ বয়স প্ৰায় পাঁচ বছৰ হওঁতে, তেওঁৰ ককাকে নাৰাবল মধ্য ইংৰাজী বিদ্যালয়ত বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে আয়োজন কৰা সহায়ক সঁজুলি বিতৰণ শিবিৰলৈ তেওঁক লৈ গৈছিল। চৰকাৰৰ সমাৱেশী শিক্ষা কাৰ্যসূচীৰ অধীনত জিলা পৰ্যায়ত আয়োজন কৰা সেই শিবিৰত হুইলচেয়াৰ, খোজকঢ়াত সহায় কৰা ৰোলেটৰ, তিনিচকীয়া চাইকেল, শ্ৰৱণ সহায়ক যন্ত্ৰ, বহুসংবেদনশীল শিক্ষা সামগ্ৰী আৰু ভৰি তথা গোৰোহাৰ বাবে বিশেষ সহায়ক সঁজুলি বিতৰণ কৰা হৈছিল। 
 
সেই শিবিৰতে জাহিদৰ অসাধাৰণ আগ্ৰহ আৰু প্ৰতিভা প্ৰথমবাৰৰ বাবে চকুত পৰিছিল শিক্ষক মহম্মদ ইউছুফ পাৰেৰ। তেওঁ সেই সময়ত সমীপৱৰ্তী মাকাহামা বালক উচ্চ বিদ্যালয়ৰ শিক্ষক আছিল আৰু বৰ্তমান সংশ্লিষ্ট কাৰ্যসূচীৰ জিলা সমন্বয়ক হিচাপে কৰ্মৰত। জাহিদৰ বাবে এখন ৰোলেটৰৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু সঁজুলিটো হাতত পোৱাৰ লগে লগে তেওঁ যি আত্মবিশ্বাসেৰে ইয়াক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল, সেয়া দেখি উপস্থিত সকলোৱে আচৰিত হৈছিল। 
 
মঞ্চত জাহিদ মঞ্জুৰ
 
জাহিদৰ প্ৰশিক্ষক মহম্মদ ইউছুফ পাৰেৰ ভাষ্য অনুসৰি, "তেওঁক এখন ৰোলেটৰ দিয়াৰ কথা আছিল। কিন্তু সেইখন পোৱাৰ লগে লগে তেওঁ অতি আত্মবিশ্বাসেৰে চলাবলৈ আৰম্ভ কৰে। আনকি সেইদিনাই ইয়াৰে দৌৰাৰ চেষ্টাও কৰিছিল।"
 
পাৰেৰ মতে, জাহিদৰ মাজত যথেষ্ট আগ্ৰহ আৰু প্ৰতিভা আছিল। প্ৰয়োজন আছিল মাথোঁ উপযুক্ত প্ৰশিক্ষণ আৰু দিকনিৰ্দেশনাৰ। এই কথা তেওঁ জাহিদৰ ককাকক জনাইছিল। নাতিয়েকৰ প্ৰতিভাৰ বিষয়ে জানিব পাৰি ককাকো অত্যন্ত আনন্দিত হৈছিল। 
 
ইয়াৰ পাছতে মহম্মদ ইউছুফ পাৰেৰ তত্ত্বাৱধানত জাহিদৰ প্ৰশিক্ষণ আৰম্ভ হয়। প্ৰথমে ৰোলেটৰ ব্যৱহাৰৰ প্ৰশিক্ষণ দিয়াৰ লগতে পৰৱৰ্তী সময়ত তেওঁক চাইকেল চলোৱা, মাৰ্চিয়েল আৰ্ট আৰু ভৰিৰে বিশেষ কৌশলপূৰ্ণ আঘাত কৰাৰ দৰে কলা শিকোৱা হয়।
 
অসাধাৰণ ইচ্ছাশক্তি আৰু একাগ্ৰতাৰ বাবে জাহিদে অতি কম সময়ৰ ভিতৰতে এই দক্ষতাসমূহ আয়ত্ত কৰিবলৈ সক্ষম হয়। ২০১৭ চনটো জাহিদৰ জীৱনৰ এক উল্লেখযোগ্য বছৰ হিচাপে পৰিগণিত হয়। সেই বছৰ ‘সমগ্ৰ শিক্ষা’ৰ অধীনত প্ৰতিভাৱান বিশেষভাৱে সক্ষম শিক্ষাৰ্থী হিচাপে তেওঁ স্বীকৃতি লাভ কৰে। ইয়াৰ ফলত জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতা আৰু অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ লাভ কৰে।  
 
২০১৭ চনৰ পৰা তেওঁ নিয়মীয়াকৈ ওড়িশাত অনুষ্ঠিত ‘অঞ্জলি আন্তঃৰাষ্ট্ৰীয় শিশু আৰু যুৱ মহোৎসৱ’ত অংশগ্ৰহণ কৰি আহিছে। আগন্তুক মাহত অনুষ্ঠিত হ’বলগীয়া ২৬সংখ্যক বাৰ্ষিক মহোৎসৱতো তেওঁ অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই মহোৎসৱত ভাৰতৰ লগতে বাংলাদেশ, নেপাল আৰু ম্যানমাৰৰ দৰে চুবুৰীয়া দেশৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে। এনে আন্তঃৰাষ্ট্ৰীয় মঞ্চতো জাহিদে নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে।
 
মঞ্চত জাহিদ মঞ্জুৰ
 
ইয়াৰোপৰি প্ৰতিবছৰে ৩ ডিচেম্বৰত পালন কৰা আন্তঃৰাষ্ট্ৰীয় বিশেষভাৱে সক্ষম ব্যক্তি দিৱস উপলক্ষে জম্মুত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানতো তেওঁ অংশগ্ৰহণ কৰি আহিছে। জাহিদৰ আন এক বিশেষ প্ৰতিভা হৈছে নৃত্য। তেওঁ বলীউডৰ এগৰাকী নৃত্যশিল্পীৰ অধীনতো প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিল। 
 
প্ৰশিক্ষক মহম্মদ ইউছুফ পাৰেৰ মতে, "বৰ্তমান জাহিদ এগৰাকী দক্ষ নৃত্যশিল্পী। তেওঁ কেৱল নিজে নৃত্য কৰাই নহয়, আনকো নৃত্যৰ প্ৰশিক্ষণ দিয়ে। পঢ়া-শুনাৰ সমান্তৰালকৈ তেওঁ নৃত্যশিক্ষক হিচাপেও নিজকে গঢ়ি তুলিছে।"
 
শাৰীৰিক প্ৰতিবন্ধকতাই যে মানুহৰ প্ৰতিভা, সপোন বা সফলতাৰ পথ ৰুদ্ধ কৰিব নোৱাৰে, জাহিদ মঞ্জুৰে নিজৰ জীৱনৰ মাজেৰে সেই কথাই প্ৰমাণ কৰি দেখুৱাইছে।
 
নিজৰ সীমাবদ্ধতাক শক্তিলৈ ৰূপান্তৰিত কৰি জাহিদে কেৱল ব্যক্তিগত সফলতা অৰ্জন কৰাই নহয়, ড্ৰাগছৰ কবলৰ পৰা যুৱপ্ৰজন্মক আঁতৰাই ৰখাৰ এক সমাজমুখী অভিযানৰো অংশ হৈ পৰিছে। তেওঁৰ এই যাত্ৰাই সমাজলৈ কঢ়িয়াই আনিছে সাহস, আত্মবিশ্বাস আৰু ইতিবাচক পৰিৱৰ্তনৰ এক প্ৰেৰণাদায়ক বাৰ্তা।


শেহতীয়া খবৰ