তৰুণ নন্দী, কলকাতা
পিতৃ পেছাত এগৰাকী ক্ষুদ্ৰ কৃষক আৰু মাতৃ ICDS সহায়িকা। অভাৱ-অনাটন য’ত নিত্যসংগী, তেনে এখন সীমিত সামৰ্থ্যৰ ঘৰৰ পৰাই ওলাই আহি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পদকেৰে নিজৰ কৰণি ভৰাই পেলাইছে দক্ষিণ ২৪ পৰগনা জিলাৰ ভাঙড়ৰ অন্তৰ্গত ফুলবাৰীৰ ১৯ বছৰীয়া কিশোৰী তহুৰা খাতুনে।
তেওঁৰ দৌৰৰ লক্ষ্য এতিয়া হাতত ভাৰতৰ জাতীয় পতাকা লৈ অলিম্পিকৰ ট্ৰেকত অৱতীৰ্ণ হোৱাৰ সপোনৰ দিশে। ভাঙৰ অঞ্চলৰ এটি সৰু ঘৰতেই তহুৰাৰ বাস। পৰিয়ালটোত আৰ্থিক দৈন্যতাই অনবৰতে বিৰাজ কৰে। পিতৃ ক্ষুদ্ৰ খেতিয়ক হোৱাৰ বিপৰীতে মাতৃ ICDS কেন্দ্ৰৰ সহায়িকাৰ কামত ব্যস্ত। চাৰিজন ভাই-ভনীৰে সৈতে এই সংসাৰখনত বিলাসিতাৰ কোনো স্থান নাই বুলিলেই চলে। অথচ, দুবেলা দুমুঠিৰ বাবে অহৰহ সংগ্ৰাম কৰিবলগীয়া এই ঘৰখনতে জন্মগ্ৰহণ কৰি তহুৰাই আজি আন্তঃৰাষ্ট্ৰীয় এথলেটিকছৰ মঞ্চত নিজৰ স্থান সুনিশ্চিত কৰিছে।
তহুৰা খাতুনে
দক্ষিণ ২৪ পৰগনাৰ ভাঙড়ৰ ফুলবাৰীৰ কন্যা তহুৰা খাতুনৰ বয়স মাত্ৰ ১৯ বছৰ। এই কম বয়সতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ইটোৰ পিছত সিটোকৈ সাফল্য অৰ্জন কৰি তেওঁ বংগৰ গৌৰৱৰ মুকুটত নতুন দিশ সংযোজন কৰিছে। আৰু এতিয়া তেওঁৰ চকুত কেৱল এদিন অলিম্পিকৰ ট্ৰেকত ভাৰতৰ হৈ দৌৰাৰ সপোন।
তহুৰাৰ পিতৃ-মাতৃয়ে জানিবলৈ দিয়া মতে, সৰুৰে পৰাই খেল-ধেমালিৰ প্ৰতি তহুৰাৰ প্ৰবল আগ্ৰহ আছিল। জীয়ৰীৰ এই প্ৰতিভাক চিনাক্ত কৰাত অকণো ভুল কৰা নাছিল পিতৃ মীৰ তৈয়ব আলীয়ে। প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়তেই বুকুত বহু সপোন বান্ধি তেওঁ কন্যাক স্প’ৰ্টছ স্কুলত নামভৰ্তি কৰাই দিছিল। তাৰ পৰাই আৰম্ভ হৈছিল কণমানি তহুৰাৰ দৌৰৰ যাত্ৰা। কিন্তু ট্ৰেকত প্ৰতিভা দেখুৱালেও প্ৰশিক্ষণ, ক্ৰীড়া সামগ্ৰী, যাতায়াত আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাকে ধৰি খেল-ধেমালিৰ প্ৰতিটো স্তৰতেই ধনৰ প্ৰয়োজন হৈছিল। তহুৰাৰ পৰিয়ালৰ বাবে সেই ধনৰ যোগান ধৰাটো আছিল এক বৃহৎ প্ৰত্যাহ্বান। তৎসত্ত্বেও, সংসাৰৰ অভাৱ-অনাটনৰ মাজতো পিতৃয়ে জীয়ৰীৰ বাবে সকলো ব্যৱস্থা কৰি গৈছিল। প্ৰতিকূল পৰিস্থিতিতো তেওঁ কোনো কাৰণতে জীয়ৰীৰ দৌৰ স্তব্ধ হ’বলৈ দিয়া নাছিল। ইয়াৰ ফলিত সুফল পোৱা গ’ল হাতে হাতে।
২০১৮ চনত স্কুল নেচনেল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰি তহুৰাই ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ স্থিতি সবল কৰে। ইয়াৰ পিছতে ক্ৰমান্বয়ে দীঘলীয়া হ’বলৈ ধৰে তেওঁৰ সাফল্যৰ তালিকা। তেওঁ প্ৰমাণ কৰিলে যে দৌৰৰ ক্ষেত্ৰত তেওঁ সঁচাকৈয়ে দীঘলীয়া ৰেচৰ ঘোঁৰা।
পৰৱৰ্তী সময়ত, খেলো ইণ্ডিয়া, নেচনেল জুনিয়ৰ ফেডাৰেচন আদিকে ধৰি বিভিন্ন ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ২০২১ চনৰ পৰা ২০২৬ চনৰ ভিতৰত মুঠ ১২টা পদক জয় কৰি তহুৰাই নিজৰ প্ৰতিভাৰ প্ৰমাণ দিছে। তেওঁৰ পদকৰ কৰণিলৈ একেৰাহে আহিছে সোণ, ৰূপ আৰু ব্ৰঞ্জ। কিন্তু তহুৰাৰ এই সংগ্ৰাম আছিল অতি কঠোৰ। কাৰণ প্ৰতিটো পদক জয়ৰ আঁৰত আছিল দীৰ্ঘদিনীয়া অনুশীলন, সীমিত সুযোগৰ মাজত নিজকে গঢ়ি তোলাৰ প্ৰয়াস আৰু প্ৰতিকূল পৰিস্থিতিৰ সৈতে প্ৰতিদিনৰ আপোচবিহীন যুঁজ।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাফল্যৰ পিছত আন্তঃৰাষ্ট্ৰীয় মঞ্চত অংশগ্ৰহণৰ সুযোগ আহে। চীনৰ হংকঙত অনুষ্ঠিত ‘এছিয়ান অনূৰ্ধ্ব-২০ এথলেটিকছ চেম্পিয়নশ্বিপ’ৰ মহিলাৰ ৪x৪০০ মিটাৰ ৰিলে দৌৰত তেওঁ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰে। ভাৰতীয় দলৰ হৈ দৌৰি তহুৰাই সোণৰ পদক জয় কৰিবলৈ সক্ষম হয়। চাৰিজনীয়া ভাৰতীয় দলটোৰ বাকী তিনিগৰাকী এথলীট আছিল ক্ৰমে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু পঞ্জাৱৰ। আৰু সেই সোণালী জয়ৰ অন্যতম অংশীদাৰ হ’ল ভাঙৰৰ এক সাধাৰণ কৃষক পৰিয়ালৰ এই ১৯ বছৰীয়া ছোৱালীজনী। এইগৰাকী কন্যাই আন্তঃৰাষ্ট্ৰীয় এথলেটিকছৰ মঞ্চত দেশৰ পতাকা গৌৰৱেৰে উৰুৱালে। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ বংগবাসীয়ে তহুৰাক অভিবাদন জনায়।
তহুৰা খাতুনে পুৰস্কাৰ লাভ কৰাৰ সময়ৰ দৃশ্য
কিন্তু ইয়াতেই শেষ নহয়, আন্তঃৰাষ্ট্ৰীয় সাফল্যৰ পিছতো তহুৰাৰ সংগ্ৰামৰ অন্ত পৰা নাছিল। আন ৰাজ্যৰ পদকজয়ী খেলুৱৈসকলে চৰকাৰী পুৰস্কাৰ আৰু স্বীকৃতি লাভ কৰাৰ সময়ত বংগৰ এই প্ৰতিভাশালী দৌৰবিদগৰাকীয়ে কিন্তু অপেক্ষা কৰিবলগীয়া হৈছিল। স্বাভাৱিকতেই তেওঁৰ সন্মুখত তেতিয়া নিজৰ ভৱিষ্যতক লৈ প্ৰশ্নবোধক চিহ্নই দেখা দিছিল। অৱশ্যে, সেই অপেক্ষাৰো এদিন অন্ত পৰে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে নৱান্নত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ কৃতী খেলুৱৈসকলৰ লগতে তহুৰাকো সম্বৰ্ধনা জনোৱা হয়। আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশৰ হৈ সোণ জয় কৰাৰ স্বীকৃতিস্বৰূপে তেওঁৰ হাতত তুলি দিয়া হয় ১২ লাখ ৫০ হাজাৰ টকাৰ আৰ্থিক পুৰস্কাৰ। আন্তঃৰাষ্ট্ৰীয় মঞ্চত পদক জয়ৰ এই চৰকাৰী স্বীকৃতি লাভ কৰাৰ পিছত তেওঁৰ মনলৈ পুনৰ নতুন আত্মবিশ্বাস ঘূৰি আহে।
২০২২ চনৰ পৰা কলকাতাৰ চল্টলেকত স্প’ৰ্টছ অথৰিটি অৱ ইণ্ডিয়াৰ (SAI) অধীনত সম্পূৰ্ণ চৰকাৰী খৰচত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ভাঙড়ৰ এইগৰাকী যুঁজাৰু কন্যাই। খেলৰ সমান্তৰালকৈ তেওঁ আগুৱাই নিছে নিজৰ শিক্ষাজীৱনো। বাৰাসাতৰ এডামাচ ইউনিভাৰ্চিটিত ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী তহুৰা। পুৱাৰ পৰাই কঠোৰ অনুশীলন আৰু প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ লগতে চলি থাকে পঢ়া-শুনা। শিক্ষা আৰু ক্ৰীড়া- এই দুয়োটাৰে সুন্দৰ ভাৰসাম্য ৰক্ষা কৰি নিৰন্তৰ আগুৱাই গৈছে বংগৰ এইগৰাকী উদীয়মান এথলীট। কাৰণ তেওঁ খুব ভালদৰেই জানে, আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত নিজৰ স্থান অটুট ৰাখিবলৈ হ’লে প্ৰতিদিনে নিজকে আগৰ দিনটোতকৈ অধিক উন্নত কৰিব লাগিব।
একাগ্রতা, কঠোৰ পৰিশ্ৰম আৰু শৃংখলাৰ এক অপূৰ্ব সমন্বয়ৰ মাজেৰেই গঢ় লৈ উঠে এগৰাকী প্ৰকৃত আন্তঃৰাষ্ট্ৰীয় মানৰ খেলুৱৈ। নিৰন্তৰ অনুশীলন আৰু অটুট লক্ষ্যৰে আগুৱাই যোৱা ভাঙৰৰ এই ১৯ বছৰীয়া তৰুণীগৰাকীয়ে এতিয়া কেৱল ভাৰতীয় জাৰ্চি পৰিধান কৰি অলিম্পিকৰ মঞ্চত থিয় দিয়াৰ সপোন দেখে। সপোনবোৰ বাস্তৱায়িত কৰিবলৈ তহুৰা আজিও দৌৰিছে- আৰু বহুদূৰ, আৰু অধিক দ্ৰুতগতিত, এক বিশাল সোণালী ভৱিষ্যতৰ দিশে!