জেবা নাছিম/মুম্বাই
এটা ডাঙৰ বাতৰি, অথচ মাত্ৰ ৬০টা শব্দত তাৰ সাৰাংশ। এসময়ত এক সৰু পৰীক্ষামূলক প্ৰচেষ্টা হিচাপে আৰম্ভ হোৱা এই ধাৰণাটোৱেই আজি বিশ্বজুৰি ‘ইনশ্বৰ্টছ’ (Inshorts) নামেৰে পৰিচিত। এই অভিনৱ চিন্তাৰ আঁৰত আছিল এজন উদ্যমী যুৱক, যিয়ে উপলব্ধি কৰিছিল যে, সময়ৰ লগে লগে মানুহৰ জীৱন অধিক ব্যস্ত হৈ পৰিছে। প্ৰত্যেকেই নিজৰ নিজৰ কাম-কাজ আৰু দৈনন্দিন জীৱনৰ ব্যস্ততাত ডুব গৈছে। এনে পৰিস্থিতিত দীঘলীয়া বাতৰিৰ মূল কথাখিনি কম শব্দতে সহজভাৱে পাঠকৰ ওচৰলৈ লৈ যোৱাৰ ধাৰণাটো আছিল এক নতুন চিন্তা।
এই অভিনৱ প্ৰচেষ্টাৰ মূল ব্যক্তি আছিল আজহাৰ ইকবাল। ২০১৩ চনত তেওঁ আৰম্ভ কৰা এই সৰু প্ৰয়াসে পৰৱৰ্তী সময়ত মানুহৰ বাতৰি পঢ়াৰ অভ্যাসলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আনিলে। ‘নিউজ ইন শ্বৰ্টছ’ (News in Shorts) নামৰ এটা সাধাৰণ ফেচবুক পেজৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই আজি ‘ইনশ্বৰ্টছ’ নামৰ এক বৃহৎ ডিজিটেল প্ৰতিষ্ঠানৰ ৰূপ লৈছে।
আজহাৰ ইকবাল
বিহাৰৰ এজন যুৱকৰ ডাঙৰ সপোন
আজহাৰ ইকবালৰ জন্ম বিহাৰৰ কিষাণগঞ্জত। এটা মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘল হোৱা আজহাৰৰ সৰুৰে পৰাই নতুন নতুন কথা শিকা আৰু জ্ঞান আহৰণৰ প্ৰতি বিশেষ আগ্ৰহ আছিল। পঢ়া-শুনাতো তেওঁ যথেষ্ট মেধাৱী আছিল। আইআইটিত নামভৰ্তিৰ বাবে অনুষ্ঠিত সংযুক্ত প্ৰৱেশ পৰীক্ষা (JEE) উত্তীৰ্ণ হৈ ২০০৯ চনত তেওঁ আইআইটি দিল্লীত নামভৰ্তি কৰে।
আইআইটি দিল্লীত তেওঁ গণিত আৰু কম্পিউটাৰ বিজ্ঞানৰ সৈতে জড়িত এক সংযুক্ত উচ্চশিক্ষা পাঠ্যক্ৰমত অধ্যয়ন কৰিছিল। কিন্তু পঢ়ি থকা সময়তে তেওঁ উপলব্ধি কৰিছিল যে, তেওঁৰ সপোন কেৱল আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰি এটা ভাল চাকৰি লাভ কৰাতে সীমাবদ্ধ নহয়। তেওঁ জীৱনত নিজৰ চিন্তাৰে নতুন কিবা এটা গঢ়ি তুলিব বিচাৰিছিল। সেই সপোনক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যেই অৱশেষত তেওঁ আইআইটিৰ শিক্ষা আধাতে এৰাৰ সাহসী সিদ্ধান্ত লয়।
১৯৯২ চনৰ ১৮ জানুৱাৰীত জন্মগ্ৰহণ কৰা আজহাৰ ইকবালৰ মনত সৰুৰে পৰাই জীৱনত ডাঙৰ কিবা এটা কৰাৰ প্ৰবল ইচ্ছা আছিল। আজি তেওঁ লাভ কৰা আৰ্থিক সফলতাকো সেই একাগ্ৰতা আৰু দৃঢ় সংকল্পৰ প্ৰতিফলন হিচাপে গণ্য কৰা হয়। ২০২৩ চনৰ তথ্য অনুসৰি, তেওঁৰ বাৰ্ষিক আয় প্ৰায় ১,১৪,১৪৩ মাৰ্কিন ডলাৰ বুলি অনুমান কৰা হৈছিল।
ফেচবুকৰ পৰা আৰম্ভ হোৱা প্ৰথম খোজ
২০১৩ চনত আজহাৰ ইকবালে তেওঁৰ দুই সহপাঠী অনুনয় অৰুণাভ আৰু দীপিত প্ৰকাশথাৰ সৈতে মিলি ‘নিউজ ইন শ্বৰ্টছ’ নামৰ এটা ফেচবুক পেজ আৰম্ভ কৰে। তেওঁলোকৰ ধাৰণাটো আছিল অতি সহজ, কিন্তু সেই ধাৰণাই মানুহৰ এক গুৰুত্বপূৰ্ণ প্ৰয়োজন পূৰণ কৰাৰ সম্ভাৱনা বহন কৰিছিল। তেওঁলোকে বিচাৰিছিল যে, দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ বাছনি কৰি সহজ-সৰল ভাষাত অতি কম শব্দৰ ভিতৰতে পাঠকৰ আগত তুলি ধৰা হওক। লগতে বাতৰিৰ মূল উৎসৰ তথ্যও দিয়া হওক, যাতে কোনো পাঠকে ইচ্ছা কৰিলে সম্পূৰ্ণ বাতৰিটো নিজে পঢ়িব পাৰে।
আজহাৰ ইকবাল
তেওঁলোকৰ মূল উদ্দেশ্য আছিল—পৃথিৱীত কি ঘটি আছে, সেই কথা জানিবলৈ যাতে মানুহে দীঘলীয়া বাতৰি পঢ়ি বহু সময় ব্যয় কৰিবলগীয়া নহয়। তথ্যৰ প্ৰবাহ ক্ৰমাৎ বৃদ্ধি পোৱা আৰু মানুহৰ হাতত সময় কমি অহাৰ সেই সময়ছোৱাত এনে এক নতুন ব্যৱস্থাই পাঠকৰ মাজত বিশেষ সঁহাৰি লাভ কৰে।
টি-লেবছে দেখুৱালে নতুন দিশ
আজহাৰ ইকবাল আৰু তেওঁৰ সহযোগীসকলৰ উদ্যোগী জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণ আহিছিল, যেতিয়া তেওঁলোকৰ প্ৰকল্পটো ‘টি-লেবছ’ (T-Labs) নামৰ ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহক সহায় কৰা এক বিশেষ কাৰ্যসূচীৰ বাবে নিৰ্বাচিত হৈছিল। এই কাৰ্যসূচীলৈ টাইমছ ইণ্টাৰনেট গ্ৰুপৰ সমৰ্থন আছিল।
এই সুযোগ তিনিওজন যুৱ উদ্যোগীৰ বাবে কেৱল আৰ্থিক সহায় লাভৰ মাধ্যম নাছিল। ইয়াৰ জৰিয়তে তেওঁলোকে এটা ব্যৱসায় কেনেদৰে গঢ়ি তুলিব লাগে, এটা প্ৰতিষ্ঠান কেনেদৰে পৰিচালনা কৰিব লাগে আৰু এটা নতুন চিন্তাক কেনেদৰে সফল ব্যৱসায়লৈ ৰূপান্তৰ কৰিব পাৰি, সেই বিষয়ে বহু কথা শিকাৰ সুযোগ পাইছিল।
এই সহায় আৰু অভিজ্ঞতাই ‘নিউজ ইন শ্বৰ্টছ’ৰ ধাৰণাটোক আগুৱাই লৈ যায়। লাহে লাহে এটা সাধাৰণ ফেচবুক পেজে পূৰ্ণাংগ ডিজিটেল মঞ্চৰ ৰূপ ল'বলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত এই মঞ্চই ‘ইনশ্বৰ্টছ’ নামেৰে আত্মপ্ৰকাশ কৰে। এয়াই আছিল সেই সময়, যেতিয়া এটা সৰু চিন্তা ক্ৰমাৎ এক বৃহৎ ব্যৱসায়িক উদ্যোগৰ দিশে আগবাঢ়িছিল।
ইনশ্বৰ্টছৰ আনুষ্ঠানিক জন্ম
প্ৰথম পৰীক্ষামূলক প্ৰচেষ্টাৰ সফলতাৰ পাছত আজহাৰ ইকবাল আৰু তেওঁৰ সহযোগীসকলে এই উদ্যোগক আনুষ্ঠানিক ব্যৱসায়িক প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লয়। আৰম্ভণিৰ পৰাই ইনশ্বৰ্টছৰ লক্ষ্য আছিল স্পষ্ট যে, অতি কম সময়ৰ ভিতৰত পাঠকক যিমান পাৰি সিমান প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ বাতৰিৰ তথ্য যোগান ধৰা। ব্যস্ত জীৱন যাপন কৰা মানুহৰ বাবে ই এনে এখন মঞ্চ হৈ পৰিল, য'ত তেওঁলোকে কম সময়তে দেশ-বিদেশৰ লগতে বিভিন্ন ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ খবৰসমূহ জানিব পাৰে।
শ্বাৰ্ক টেংকত আজহাৰ ইকবাল
ইনশ্বৰ্টছৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে বিনিয়োগকাৰীসকলৰ দৃষ্টিও এই উদ্যোগৰ ওপৰত পৰিবলৈ ধৰে। প্ৰাৰম্ভিক পৰ্যায়ত ২০১৩ চনত টি-লেবছৰ পৰা প্ৰতিষ্ঠানটোৱে ১০ লাখ টকাৰ আৰ্থিক সহায় লাভ কৰিছিল। ইয়াৰ পাছত বিভিন্ন পৰ্যায়ত কোম্পানীটোৱে উল্লেখযোগ্য পৰিমাণৰ বিনিয়োগ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
বিশেষকৈ ২০১৫ চনত লাভ কৰা বিনিয়োগে প্ৰতিষ্ঠানটোৰ বিকাশত নতুন গতি আনে। পৰৱৰ্তী সময়ত আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীসকলেও এই ডিজিটেল মঞ্চৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। বিভিন্ন প্ৰতিবেদন অনুসৰি, টাইগাৰ গ্ল'বেল আৰু টাইমছ ইণ্টাৰনেটকে ধৰি কেইবাটাও বিনিয়োগকাৰী প্ৰতিষ্ঠানৰ পৰা ইনশ্বৰ্টছে কেইবা নিযুত মাৰ্কিন ডলাৰৰ বিনিয়োগ লাভ কৰিছিল।
লাখ লাখ পাঠকৰ পৰা কোটি কোটি ব্যৱহাৰকাৰীলৈ
এটা সৰু ফেচবুক পেজৰ পৰা আৰম্ভ হোৱা এই ধাৰণাটোৱে কেইবছৰমানৰ ভিতৰতে লাখ লাখ আৰু পৰৱৰ্তী সময়ত কোটি কোটি ব্যৱহাৰকাৰীৰ মাজত নিজৰ স্থান গঢ়ি তুলিবলৈ সক্ষম হয়। ইনশ্বৰ্টছৰ বৃহৎ সংখ্যক সক্ৰিয় ব্যৱহাৰকাৰী আৰু এপটো ডাউনলোড কৰা লোকৰ সংখ্যাই প্ৰমাণ কৰিছিল যে, কম শব্দত বাতৰি পঢ়াৰ প্ৰতি মানুহৰ আগ্ৰহ কেৱল সাময়িক নাছিল। বৰং ই আছিল সময়ৰ প্ৰয়োজনৰ পৰা জন্ম লোৱা এক নতুন অভ্যাস।
এই সফলতাই ডিজিটেল সংবাদ পৰিৱেশনৰ ক্ষেত্ৰতো এক নতুন দৃষ্টিভংগী গঢ়ি তুলিলে। মানুহে উপলব্ধি কৰিবলৈ ধৰিলে যে প্ৰতিটো বাতৰিৰ মূল কথা বুজিবলৈ সদায় বহু সময়ৰ প্ৰয়োজন নহয়। তথ্য যদি সঠিকভাৱে বাছনি কৰি সহজ আৰু সুসংবদ্ধ ৰূপত উপস্থাপন কৰা হয়, তেন্তে কম শব্দৰ মাজতো বহু কথা প্ৰকাশ কৰিব পাৰি।
জনসাধাৰণৰ সৈতে সংযোগ স্থাপনৰ নতুন মঞ্চ
ইনশ্বৰ্টছৰ সফলতাৰ পাছতো আজহাৰ ইকবাল আৰু তেওঁৰ সহযোগীসকলে নিজৰ কাম কেৱল চুটি বাতৰি পৰিৱেশনতে সীমাবদ্ধ কৰি ৰখা নাছিল। তেওঁলোকে স্থানীয় পৰ্যায়ৰ ঘটনা-পৰিঘটনা আৰু জনসাধাৰণৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত খবৰসমূহক অধিক গুৰুত্ব দি ‘পাব্লিক’ (Public) নামৰ মঞ্চটোৰো সম্প্ৰসাৰণ ঘটায়। এই মঞ্চৰ উদ্দেশ্য আছিল মানুহক তেওঁলোকৰ নিজৰ অঞ্চলত ঘটি থকা ঘটনা আৰু স্থানীয় বিষয়সমূহৰ সৈতে অধিক ঘনিষ্ঠভাৱে জড়িত কৰা। এইদৰে ইনশ্বৰ্টছে এফালে দেশ-বিদেশৰ গুৰুত্বপূৰ্ণ বাতৰি সংক্ষিপ্ত ৰূপত আগবঢ়াই নিবলৈ ধৰিলে, আনফালে ‘পাব্লিক’ মঞ্চই স্থানীয় সংবাদ আৰু সমাজৰ মানুহৰ মাজত যোগাযোগৰ এক নতুন পথ মুকলি কৰিলে।
আজহাৰ ইকবাল
ইনশ্বৰ্টছৰ পৰা শ্বাৰ্ক টেংকলৈ
ইনশ্বৰ্টছ প্ৰতিষ্ঠা আৰু ইয়াৰ বিকাশৰ ক্ষেত্ৰত আজহাৰ ইকবালে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দীৰ্ঘদিন ধৰি তেওঁ প্ৰতিষ্ঠানটোৰ পৰিচালনাৰ নেতৃত্ব বহন কৰিছিল আৰু পৰৱৰ্তী সময়ত অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে। আনহাতে, দীপিত প্ৰকাশথাই মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহন কৰে। এই পৰিৱৰ্তনে তিনিজন শিক্ষাৰ্থীয়ে আৰম্ভ কৰা এটা সৰু প্ৰকল্পৰ পৰা ইনশ্বৰ্টছ কেনেদৰে এক সুপ্ৰতিষ্ঠিত প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হ'ল, তাৰো আভাস দিছিল।
ব্যৱসায়িক ক্ষেত্ৰত লাভ কৰা সফলতাই আজহাৰ ইকবালক এগৰাকী পৰিচিত ব্যক্তিত্ব হিচাপেও প্ৰতিষ্ঠা কৰে। তেওঁ জনপ্ৰিয় টেলিভিছন অনুষ্ঠান ‘শ্বাৰ্ক টেংক ইণ্ডিয়া’ৰ তৃতীয় ছিজনত বিনিয়োগকাৰীৰ আসনত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ জৰিয়তে তেওঁ দেশৰ বিভিন্ন প্ৰান্তৰ নতুন উদ্যোগী আৰু যুৱ প্ৰতিষ্ঠাপকসকলৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰাৰ সুযোগ লাভ কৰে।
যিজন যুৱকে এদিন শিক্ষাৰ্থী অৱস্থাত এটা সৰু ফেচবুক পেজৰ জৰিয়তে নিজৰ সপোনৰ যাত্ৰা আৰম্ভ কৰিছিল, সেইজন ব্যক্তিয়েই পৰৱৰ্তী সময়ত আন যুৱক-যুৱতীৰ ব্যৱসায়িক সপোনৰ সম্ভাৱনা বিচাৰ কৰি তেওঁলোকক বিনিয়োগ আৰু পৰামৰ্শ আগবঢ়োৱাৰ সুযোগ লাভ কৰে। নিঃসন্দেহে এয়া তেওঁৰ জীৱনযাত্ৰাৰ এক বিশেষ অধ্যায়।
নৱপ্ৰজন্মৰ উদ্যোগীসকলৰ বাবে এক অনুপ্ৰেৰণা
আজহাৰ ইকবালে নিজৰ কৰ্মজীৱনত দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সন্মান আৰু স্বীকৃতি লাভ কৰিছে। তেওঁৰ নাম ‘বিজনেছ ৱৰ্ল্ড ৪০ আণ্ডাৰ ৪০’, ‘ফৰ্চুন ইণ্ডিয়া ৪০ আণ্ডাৰ ৪০’, ‘বিজনেছ ৱৰ্ল্ড ইয়ং এণ্ট্ৰেপ্ৰেনিউৰ এৱাৰ্ড’, ‘ফৰ্বছ ইণ্ডিয়া ৩০ আণ্ডাৰ ৩০’ আৰু ‘ফৰ্বছ এছিয়া ৩০ আণ্ডাৰ ৩০’ৰ দৰে উল্লেখযোগ্য তালিকা আৰু সন্মানৰ সৈতে জড়িত হৈ আছে।
শ্বাৰ্ক টেংকত আজহাৰ ইকবাল
কিন্তু তেওঁৰ জীৱন কাহিনীৰ প্ৰকৃত তাৎপৰ্য কেৱল এই বঁটা, সন্মান অথবা আৰ্থিক সফলতাতে সীমাবদ্ধ নহয়। তেওঁৰ আটাইতকৈ ডাঙৰ পৰিচয় হয়তো এইটোৱেই যে, তেওঁ লাখ লাখ মানুহে দৈনন্দিন জীৱনত সন্মুখীন হোৱা এটা সাধাৰণ সমস্যাক সময়মতে চিনাক্ত কৰিব পাৰিছিল। মানুহে পৃথিৱীৰ খবৰ ৰাখিব বিচাৰে, কিন্তু সকলোৰে হাতত দীঘলীয়া বাতৰি পঢ়াৰ বাবে পৰ্যাপ্ত সময় নাথাকে। আজহাৰে এই সমস্যাটোৰ মাজতেই বিচাৰি পাইছিল এক নতুন সম্ভাৱনা। আৰু সেই সম্ভাৱনাক বাস্তৱ ৰূপ দিয়াৰ সাহস দেখুৱাইছিল।
এক যাত্ৰা, এক অনুকৰণীয় দৃষ্টান্ত
আজহাৰ ইকবালৰ সফলতাৰ কাহিনী এতিয়াও শেষ হোৱা নাই। এটা সৰু ফেচবুক পেজৰ পৰা আৰম্ভ হোৱা তেওঁৰ যাত্ৰাই আজি ইনশ্বৰ্টছ আৰু পাব্লিকৰ দৰে বৃহৎ ডিজিটেল মঞ্চলৈ বিস্তাৰ লাভ কৰিছে। আইআইটি দিল্লীৰ পঢ়া আধাতে এৰি নিজৰ সপোনৰ পিছত আগবঢ়া, তাৰ পাছত এগৰাকী সফল উদ্যোগী হিচাপে নিজকে প্ৰতিষ্ঠা কৰা আৰু পৰৱৰ্তী সময়ত ‘শ্বাৰ্ক টেংক ইণ্ডিয়া’ৰ দৰে জনপ্ৰিয় মঞ্চত নতুন প্ৰজন্মৰ উদ্যোগীসকলক দিশ দেখুওৱা, এই দীঘলীয়া যাত্ৰাৰ প্ৰতিটো পৰ্যায়তে আছে সাহস, অধ্যৱসায় আৰু নিজৰ চিন্তাৰ প্ৰতি গভীৰ বিশ্বাসৰ নিদৰ্শন।
বিহাৰৰ এটা মধ্যবিত্ত পৰিয়ালৰ যুৱকৰ পৰা ভাৰতৰ এগৰাকী উল্লেখযোগ্য ষ্টাৰ্টআপ উদ্যোগীলৈ আজহাৰ ইকবালৰ এই উত্তৰণৰ কাহিনী কেৱল ব্যক্তিগত সফলতাৰ কাহিনী নহয়। ই হৈছে সপোন, সংগ্ৰাম, ধৈৰ্য, একাগ্ৰতা আৰু এটা নতুন ধাৰণাৰ প্ৰতি অটল বিশ্বাসৰ কাহিনী। তেওঁৰ জীৱনযাত্ৰাই এই কথাই সোঁৱৰাই দিয়ে যে, মানুহৰ মনত যদি নতুন কিবা এটা কৰাৰ প্ৰবল ইচ্ছা থাকে, নিজৰ সপোন পূৰণৰ বাবে যদি সাহসেৰে আগবাঢ়িব পাৰে আৰু বিফলতা বা অনিশ্চয়তাক ভয় নকৰে, তেন্তে এটা অতি সৰু পদক্ষেপেও এদিন বৃহৎ পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে।
এদিন এটা সাধাৰণ ফেচবুক পেজৰ পৰা আৰম্ভ হোৱা যাত্ৰাও যে, কোটি কোটি মানুহৰ দৈনন্দিন জীৱনৰ অংশ হৈ উঠিব পাৰে, আজহাৰ ইকবাল আৰু ইনশ্বৰ্টছৰ কাহিনীয়ে তাৰেই এক উজ্জ্বল উদাহৰণ দাঙি ধৰিছে।