"দৰিদ্ৰতা আৰু ৰোগৰ কোনো ধৰ্ম নাথাকে": নিজৰ উপাৰ্জনৰ আধা অংশ দৰিদ্ৰক দান কৰে মুস্তাকিমে

Story by  atv | Posted by  [email protected] • 55 m ago
মুস্তাকিম ফাৰুখ নাদফ
মুস্তাকিম ফাৰুখ নাদফ
 
ভক্তি চালক
 
মানৱ সেৱাই পৰম ধৰ্ম- এই কথাষাৰ কেৱল কিতাপৰ পাততে সীমাবদ্ধ নাৰাখি নিজৰ জীৱনৰ মূলমন্ত্ৰ কৰি লৈছে এজন ব্যক্তিয়ে। দৰিদ্ৰতাৰ কোনো ধৰ্ম নাই আৰু সহায়ৰ কোনো সীমা নাই, এই কথা প্ৰমাণ কৰি তেওঁ সমাজলৈ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। এই ঘটনা প্ৰায় সাত-আঠ মাহৰ আগৰ। ধাৰাসাৰ বৰষুণৰ ফলত ছালৰ পৰা ডাঙৰ ডাঙৰ পানীৰ টোপাল পৰিছিল। সেই জুপুৰীটোত ৮২ বছৰীয়া বৎসলা খোট আৰু তেওঁৰ ১১০ বছৰীয়া মাতৃয়ে কঁপি কঁপি বহি আছিল। সেই ভয়ংকৰ নিশা প্ৰকৃতিৰ তাণ্ডৱে তেওঁলোকৰ জুপুৰীটো মাটিৰ লগত মিহলাই পেলালে। এই মাতৃ-কন্যাৰ দুৰ্দশা দেখি গাঁৱৰ মুস্তাকিম ফাৰুখ নাদফ নামৰ লোকজন ওৰে নিশা অস্থিৰ হৈ পৰিছিল।
 
পুৱা সাৰ পায়েই মুস্তাকিমে নিজৰ কষ্টোপাৰ্জিত ধন আৰু বন্ধু-বান্ধৱৰ সহযোগত মাত্ৰ কেইদিনমানৰ ভিতৰতে সেই দুগৰাকী বৃদ্ধাৰ মূৰৰ ওপৰত টিনপাতৰ এক মজবুত আশ্ৰয় নিৰ্মাণ কৰি দিলে। ফেন, গেছৰ চৌকা আৰু এবছৰৰ বাবে প্ৰয়োজনীয় ৰেচন যোগান ধৰি তেওঁলোকৰ ঘৰখন পুনৰ সজাই তুলিলে। এই প্ৰথমটো ঘটনাই চাংলিৰ আষ্টাত বসবাস কৰা মুস্তাকিমৰ জীৱনৰ দিশেই সলনি কৰি পেলালে।
 
নিজৰ এই প্ৰথম সহায়ৰ স্মৃতি সুঁৱৰি মুস্তাকিমে কয়, "সেই মাতৃ-কন্যাক সহায় কৰাৰ পাছত তেওঁলোকৰ দুচকুৰে যি চকুপানী বৈ আহিছিল আৰু তেওঁলোকে যি আশীৰ্বাদ দিছিল... বচ, তাৰ পৰাই সমাজসেৱাৰ প্ৰতি মোৰ যাত্ৰা আৰম্ভ হ'ল। এটা খোজ আগবঢ়ালে, ৰাস্তা আপোনা-আপুনি ওলাই পৰে।"
 
জীয়ৰীৰ সৈতে মুস্তাকিম নাদফ
 
উপাৰ্জনৰ ৫০ শতাংশ ধন দান
 
মুস্তাকিমৰ ব্যৱসায় এটা পাৰিবাৰিক ব্যৱসায়। ১৯৭২ চনত তেওঁৰ ককাদেউতাকে আৰম্ভ কৰা ‘ভাৰত গাদী কাৰখানা’ আজি মুস্তাকিমে আগুৱাই লৈ গৈছে। দেউতাকৰ দিনৰ কপাহী তুলিৰ তোচক বনোৱা এই পুৰণি ব্যৱসায়টোত তেওঁ সময়ৰ লগে লগে কিছু পৰিৱৰ্তন আনিলে। বৰ্তমান তেওঁ ছোফা, ফেন্সী পৰ্দা আৰু আধুনিক মেট্ৰেছ তৈয়াৰ কৰে।
 
কিন্তু তেওঁৰ এই ব্যৱসায়ৰ এক অতি বিশেষ দিশ আছে। মুস্তাকিমে তেওঁৰ ব্যৱসায়ৰ পৰা অহা মুঠ লাভৰ সম্পূৰ্ণ ৫০ শতাংশ ধন প্ৰয়োজনগ্ৰস্ত লোকক সহায় কৰাৰ স্বাৰ্থত ব্যয় কৰে। এই সন্দৰ্ভত তেওঁ কয়, "গাদী আৰু ছোফা বনোৱাটো আমাৰ পুৰুষানুক্ৰমিক কাম। ঈশ্বৰে মোক নোখোজাকৈয়ে বহুত কিবাকিবি দিছে, সেয়েহে মই মোৰ ব্যৱসায়ৰ ৫০ শতাংশ উপাৰ্জন প্ৰতিদিনৰ সমাজসেৱাৰ বাবে পৃথকে আঁতৰাই থওঁ।"
 
এদিনীয়া নৱজাতকক তোলনীয়া হিচাপে গ্ৰহণ

মুস্তাকিমৰ ব্যক্তিগত জীৱনতো হঠাতে এক ডাঙৰ ধুমুহা আহিছিল। পত্নীৰ পৰা পৃথক হোৱাৰ সিদ্ধান্তৰ পাছত, তেওঁ ভাঙি পৰা নাছিল বৰং তেওঁৰ দুয়োটা সন্তানৰ লালন-পালনৰ সম্পূৰ্ণ দায়িত্ব লৈছিল।
 
মুস্তাকিমৰ আগৰে পৰাই এটি পুত্ৰ সন্তান আছিল। কিন্তু তেওঁৰ ভগ্নীৰ একেৰাহে চতুৰ্থজনী কন্যা সন্তান জন্ম হোৱাত, মুস্তাকিমে এক অতি আৱেগিক সিদ্ধান্ত গ্ৰহণ কৰে। যেতিয়া সেই কন্যা শিশুটিৰ বয়স মাত্ৰ এদিন আছিল, তেতিয়াই তেওঁ তাইক তোলনীয়া হিচাপে গ্ৰহণ কৰে আৰু নিজৰ জন্মদাতা কন্যাৰ দৰেই তাইৰ লালন-পালন আৰম্ভ কৰে।
 
নিজৰ এই সিদ্ধান্তৰ বিষয়ে মুস্তাকিমে কয়, "মই এক মুহূৰ্তও চিন্তা নকৰাকৈ সেই শিশুটি তুলি ল'লোঁ। মই তাইৰ পিতৃ-মাতৃৰ দায়িত্ব স্বীকাৰ কৰি ল'লোঁ... তাই মাত্ৰ এদিনৰ হওঁতেই মোৰ ওচৰলৈ আহিছিল আৰু এতিয়া ময়েই তাইক ডাঙৰ-দীঘল কৰিছোঁ।"
 
দৰিদ্ৰৰ সহায়ৰ বাবে 'ছ'চিয়েল মিডিয়া কণ্টেণ্ট’

আজিকালি নৱপ্ৰজন্মই ছ'চিয়েল মিডিয়াত জনপ্ৰিয় হ'বলৈ বা ভিউজ পাবলৈ বিভিন্ন ৰীলছ বনায়। মুস্তাকিমেও ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰিছিল, কিন্তু তেওঁৰ উদ্দেশ্য আছিল সম্পূৰ্ণ বেলেগ।

এদিন ৰাস্তাৰে গৈ থাকোঁতে তেওঁৰ সৰু পুত্ৰই এজন দিব্যাংগ ব্যক্তিক সহায় কৰাৰ ইচ্ছা প্ৰকাশ কৰে। সেই ঘটনাটোৱে মুস্তাকিমৰ মনলৈ এক নতুন ধাৰণা কঢ়িয়াই আনে। তেওঁ ভাবিলে যে অকলশৰে সহায় কৰাতকৈ যদি এই ভিডিঅ'টো মানুহৰ মাজলৈ লৈ যোৱা হয়, তেন্তে ইয়াৰ পৰা হোৱা উপাৰ্জন আৰু ৰাইজৰ সহায়ত হাজাৰ হাজাৰ দুখীয়া লোকৰ উপকাৰ হ'ব পাৰে।
 
নিজৰ অভিভাৱকৰ সৈতে মুস্তাকিম
 
ছ'চিয়েল মিডিয়াৰ এই যাত্ৰাৰ বিষয়ে মুস্তাকিমে কয়, "ভিডিঅ' বনাই কেৱল দৰিদ্ৰৰ অৱস্থা দেখুৱাই কি লাভ? ইয়াৰ পৰিৱৰ্তে সেই একেই ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি ধন উপাৰ্জন কৰা আৰু সেই ধন পুনৰ এই প্ৰয়োজনগ্ৰস্ত লোকসকলৰ মুখত হাঁহি বিৰিঙাবলৈ ব্যৱহাৰ কৰাটোৱেই মোৰ আচল পৰিকল্পনা আছিল।"
 
প্ৰতি মাহৰ নিৰ্ধাৰিত তাৰিখত ৰেচন!
 
মুস্তাকিমৰ সমাজসেৱা কেৱল কোনো এক উৎসৱ বা বিশেষ অনুষ্ঠানতে সীমাবদ্ধ নহয়। তেওঁ নিজৰ গাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ নিৰাশ্ৰয়, দিব্যাংগ আৰু অতি দৰিদ্ৰ পৰিয়ালৰ এখন তালিকা প্ৰস্তুত কৰি ৰাখিছে। প্ৰতি মাহৰ নিৰ্ধাৰিত তাৰিখত তেওঁ নিজে সেই লোকসকলৰ ঘৰলৈ গৈ গোটেই মাহটোৰ ৰেচন, গেছ চিলিণ্ডাৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰে।
 
কাৰোবাক যদি হুইলচেয়াৰ লাগে, কাৰোবাক ট্ৰাইচাইকেল লাগে অথবা কাৰোবাৰ ঘৰ মেৰামতি কৰিবলগীয়া থাকে, মুস্তাকিম সদায় তাত উপস্থিত থাকে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল সহায় কৰাৰ সময়ত তেওঁ কেতিয়াও সন্মুখৰজনৰ ধৰ্ম বা জাতি বিচাৰ নকৰে।
 
মুস্তাকিম নাদফ
 
নিজৰ এই কাম কৰাৰ পদ্ধতিৰ বিষয়ে তেওঁ কয়, "মই প্ৰথমে নিজে গৈ জৰীপ কৰোঁ যে সঁচাকৈয়ে সেই লোকজনৰ সহায়ৰ প্ৰয়োজন আছেনে নাই? তাৰ পাছত প্ৰতি মাহৰ এক তাৰিখ লিখি ৰখা হয়। সেই নিৰ্দিষ্ট তাৰিখত ৰেচন, গেছ বা যিয়েই প্ৰয়োজন নহওক কিয়, মই নিজেই গৈ দি আহোঁ।"
 
"দৰিদ্ৰতা আৰু ৰোগৰ কোনো ধৰ্ম নাথাকে..."

আমাৰ সমাজত আজিকালি ধৰ্ম আৰু জাতি-ভেদৰ নামত চলি থকা ৰাজনীতি দেখি মুস্তাকিম বৰ ব্যথিত হয়। তেওঁ বিশ্বাস কৰে যে মানুহ যেতিয়া জন্ম হয়, তেতিয়া তেওঁৰ গাত ধৰ্মৰ মোহৰ মাৰি দিয়া হয়। কিন্তু প্ৰকৃতিৰ দৰবাৰত সকলোৱেই এক।
 
মানৱতাৰ এই একমাত্ৰ ধৰ্মত বিশ্বাস ৰাখি কাম কৰা মুস্তাকিমে অতি সৰল আৰু সহজ ভাষাত কয়, "দৰিদ্ৰতা বা ৰোগ কেতিয়াও হিন্দু নে মুছলমান সেয়া চাই নাহে। মই এখন মুছলমান ঘৰত জন্মগ্ৰহণ কৰিলোঁ সেয়ে মুছলমান হ'লোঁ, আপুনি এখন হিন্দু ঘৰত জন্ম ল'লে সেয়ে হিন্দু হ'ল। কিন্তু আটাইতকৈ ডাঙৰ ধৰ্মটোৱেই হ'ল মানৱতা। যদি আমি সকলোৱে নিজৰ চুবুৰীৰ মাত্ৰ এজন দৰিদ্ৰ লোকৰো দায়িত্ব লওঁ, তেন্তে ৰাস্তাত ভিক্ষা খুজি থকা কোনো মানুহেই চকুত নপৰিব।"
 
সমাজ এখন সলনি কৰিবলৈ কোনো বৃহৎ পুঁজি বা উচ্চ পদবীৰ প্ৰয়োজন নহয়, এই কথা মুস্তাকিমে নিজৰ নিৰন্তৰ কৰ্মৰ জৰিয়তে প্ৰমাণ কৰি দিছে। এখন সুন্দৰ সমাজ গঢ়িবলৈ মাথোঁ এটা সৎ উদ্দেশ্য আৰু মানৱদৰদী মনৰ প্ৰয়োজন।