যোগেশ জগতপ
এক সুন্দৰ শৈক্ষিক পৰিৱেশত গঢ় লৈ উঠা পাৰিবাৰিক মূল্যবোধ, চিকিৎসা আৰু গৱেষণাৰ প্ৰতি থকা অদম্য অনুৰাগ আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে শিক্ষা খণ্ডত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলাৰ দুৰন্ত হেঁপাহ- এয়াই হৈছে ২৯ বছৰীয়া চিকিৎসক ডাঃ ছৰফৰাজ বছিৰ তাম্বোলীৰ পৰিচয়।
Pharm.D. অধ্যয়ন কৰাৰ পিছত বৰ্তমান ধাৰাশিৱৰ কে টি পাটিল ফাৰ্মাচী মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত ডাঃ ছৰফৰাজে শেহতীয়াকৈ ‘টাইপ-২ ডায়েবেটিচ আৰু ডায়েবেটিক ৰেটিনোপেথী’ বিষয়ত নিজৰ Ph.D. সম্পূৰ্ণ কৰিছে। তেওঁ ৰাজস্থানৰ আলৱাৰস্থিত ছানৰাইজ বিশ্ববিদ্যালয়ৰ পৰা এই ডক্টৰেট ডিগ্ৰী অৰ্জন কৰিছে। তেওঁৰ এই গৱেষণাই ডায়েবেটিচ ৰোগীৰ চকুৰোগৰ নিদান আৰু চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব।
পিতৃ-মাতৃ আৰু পত্নীৰ সৈতে ডাঃ ছৰফৰাজ বছিৰ তাম্বোলী
Pharm.D. সম্পূৰ্ণ কৰাৰ পিছত ৩০ বছৰ বয়সৰ পূৰ্বেই Ph.D. ডিগ্ৰী অৰ্জন কৰা ডাঃ ছৰফৰাজ হৈছে মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী ব্যক্তি। চিকিৎসা শিক্ষাৰ ক্ষেত্ৰখনলৈ তেওঁৰ এই যাত্ৰা সঁচাকৈয়ে এক বিৰল আৰু উল্লেখনীয় নিদৰ্শন।
শিক্ষা আৰু চিকিৎসা বিজ্ঞানৰ এক সুন্দৰ পাৰিবাৰিক উত্তৰাধিকাৰ
ডাঃ ছৰফৰাজৰ জন্মস্থান হৈছে ধাৰাশিৱৰ সমতানগৰ। তেওঁৰ পিতৃ এখন জিলা পৰিষদৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত। আনহাতে, তেওঁৰ মাতৃ ৰেশমা তাম্বোলীয়ে শিক্ষাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে যদিও তেওঁ এগৰাকী গৃহিণী।
পৰিয়ালৰ এই সুন্দৰ শৈক্ষিক পৰিৱেশৰ বাবেই ছৰফৰাজ আৰু তেওঁৰ ভগ্নীয়ে চিকিৎসা ক্ষেত্ৰখনক নিজৰ কেৰিয়াৰ হিচাপে বাছি লৈছিল। তেওঁৰ ভগ্নী ডাঃ তাবাচ্ছুম এগৰাকী MBBS চিকিৎসক। ইফালে, তেওঁৰ পত্নী ডাঃ আলিশা শ্বেখ এগৰাকী BAMS চিকিৎসক। ২০২৪ চনত MPSC পৰীক্ষাৰ জৰিয়তে তেওঁ প্ৰথম শ্ৰেণীৰ চিকিৎসা বিষয়া হিচাপে নিৰ্বাচিত হৈ বৰ্তমান আণ্ডুৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত হৈ আছে।
মাত্ৰ ৪ নম্বৰৰ বাবে হেৰুৱাইছিল MBBS পঢ়াৰ সুযোগ
ধাৰাশিৱতে দশম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰাৰ পিছত ছৰফৰাজে লাটুৰৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষা গ্ৰহণ কৰে। দ্বাদশ শ্ৰেণীত পঢ়ি থকা সময়তেই তেওঁ চিকিৎসা ক্ষেত্ৰখনত নিজৰ ভৱিষ্যত গঢ়াৰ সিদ্ধান্ত লৈছিল। তেওঁ জীৱবিজ্ঞান অত্যন্ত আগ্ৰহেৰে অধ্যয়ন কৰিছিল। দ্বাদশ শ্ৰেণীৰ পাছত তেওঁ MBBS পঢ়িবলৈ বিচাৰিছিল। পিছে, NEET পৰীক্ষাত মাত্ৰ ৪ নম্বৰৰ বাবে তেওঁ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ সুযোগ হেৰুৱাবলগীয়া হয়।
একেখিনি নম্বৰৰেই তেওঁ এখন অৰ্ধ-চৰকাৰী মহাবিদ্যালয়ত নামভৰ্তিৰ সুযোগ পাইছিল যদিও তেওঁ সেই প্ৰস্তাৱ নাকচ কৰে। সেই সময়ত একাংশ চিনাকি লোকে তেওঁক ফাৰ্মাচী পঢ়াৰ পৰামৰ্শ দিছিল। অৱশ্যে, নিজকে কেৱল ৰোগ নিৰ্ণয় কৰা বা ঔষধ প্ৰস্তুত কৰাৰ মাজতে আৱদ্ধ নাৰাখি ছৰফৰাজে চিকিৎসা ক্ষেত্ৰখনত ক্লিনিকেল ৰিচাৰ্চ বা গৱেষণা কৰাৰ সুযোগ বিচাৰিছিল। এই লক্ষ্য আগত ৰাখিয়েই তেওঁ Pharm.D. অৰ্থাৎ ‘ডক্টৰ অফ ফাৰ্মাচী’ পঢ়াৰ সিদ্ধান্ত লয়। এই ৬ বছৰীয়া পাঠ্যক্ৰমৰ বাবে তেওঁ ২০১৬ চনত ছত্ৰপতি সম্ভাজীনগৰৰ চৰকাৰী ফাৰ্মাচী মহাবিদ্যালয়ত নামভৰ্তি কৰে।
পি এইচ ডি ডিগ্ৰীধাৰী ডাঃ ছৰফৰাজ বছিৰ তাম্বোলীৰ পৰিয়াল
Pharm.D. পঢ়ি থকাৰ মাজতেই ছৰফৰাজে শিক্ষকতাৰ প্ৰতি থকা নিজৰ আগ্ৰহকো জীয়াই ৰাখিছিল। মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ পৰাই তেওঁ সম্ভাজীনগৰত দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে জীৱবিজ্ঞানৰ পাঠদান আৰম্ভ কৰিছিল। ২০১৭ চনৰ পৰা ২০২১ চনৰ ভিতৰত তেওঁ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমৰ জৰিয়তে শ শ ছাত্ৰ-ছাত্ৰীক পাঠদানৰ যোগেদি পথপ্ৰদৰ্শন কৰিছিল।
২০২১ চনত Pharm.D.-ৰ কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ সম্ভাজীনগৰৰ চৰকাৰী ঘাটী হাস্পতালত এবছৰীয়া ইণ্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰে। ইয়াৰ পিছতে তেওঁৰ সন্মুখলৈ বিদেশত Ph.D. কৰাৰ লগতে চাকৰিৰ এক সোণোৱালী সুযোগ আহিছিল। কিন্তু পিতৃৰ হাৰ্ট এটেক আৰু তাৰ পৰৱৰ্তী আৰ্থিক অনাটনৰ বাবে তেওঁ সেই সুযোগ এৰি দিবলগীয়া হয়।
ডায়েবেটিক ৰেটিনোপেথীৰ ওপৰত যুগান্তকাৰী গৱেষণা
নিজৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত ছৰফৰাজ নিজৰ গৃহভূমি ধাৰাশিৱলৈ উভতি আহে। তেওঁ কে টি পাটিল ফাৰ্মাচী মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে আৰু একে সময়তে Ph.D.-ৰ বাবে নাম পঞ্জীয়ন কৰে।
তেওঁৰ গৱেষণাৰ মূল বিষয় আছিল টাইপ-২ ডায়েবেটিচ মেলিটাছ ৰোগীৰ ক্ষেত্ৰত হোৱা 'ডায়েবেটিক ৰেটিনোপেথী'। ৮-১০ বছৰ বা তাতকৈ অধিক সময় ধৰি ডায়েবেটিচত ভুগি থকা ৰোগীৰ চকুৰ ৰেটিনাত ই কেনেদৰে বিৰূপ প্ৰভাৱ পেলায়, ইয়াৰ ফলত অন্ধত্বৰ আশংকা কেনেদৰে বৃদ্ধি পায় আৰু ইয়াৰ সৈতে জড়িত বিপদাশংকাসমূহ কি কি- সেই বিষয়ে তেওঁ বিশদ গৱেষণা কৰিছিল।
আহমেদাবাদৰ এখন চকু চিকিৎসালয়ত প্ৰায় ২০০ গৰাকী ৰোগীৰ নমুনা আৰু ক্লিনিকেল মূল্যায়নৰ জৰিয়তে তেওঁ নিজৰ গৱেষণা সম্পূৰ্ণ কৰে। তেওঁৰ এই গৱেষণাই ভৱিষ্যতে ডায়েবেটিচৰ ফলত হোৱা অন্ধত্ব প্ৰতিৰোধ কৰাৰ লগতে চিকিৎসাৰ সঠিকতা বৃদ্ধিত যথেষ্ট সহায় কৰিব। নিজৰ গৱেষণাৰ বিষয়ে ডাঃ ছৰফৰাজে কয়, "দীৰ্ঘদিনীয়া ডায়েবেটিচ আৰু নিয়ন্ত্ৰণহীন ৰক্ত শৰ্কৰা ডায়েবেটিক ৰেটিনোপেথীৰ ক্ৰমবৰ্ধমান অৱস্থাৰ সৈতে পোনপটীয়াকৈ জড়িত।"
ডাঃ ছৰফৰাজ বছিৰ তাম্বোলী
তেওঁ লগতে কয়, "CRP, টি.এন.এফ-আলফা (TNF-α), আৰু VEGF আদি বায়'মাৰ্কাৰসমূহৰ বৃদ্ধিয়েও ৰোগৰ ভয়াৱহতা বঢ়ায়। সেয়েহে, ডায়েবেটিচ ৰোগীসকলৰ বাবে সময়মতে চকু পৰীক্ষা কৰোৱা, HbA1c আৰু অন্যান্য কাৰকসমূহ নিয়ন্ত্ৰণত ৰখা আৰু সঠিক চিকিৎসা গ্ৰহণ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। ইয়াৰ জৰিয়তে ডায়েবেটিক ৰেটিনোপেথী সোনকালে চিনাক্ত কৰিব পৰা যায় আৰু দৃষ্টিশক্তি হেৰুওৱাৰ আশংকা হ্ৰাস কৰিব পৰা যায়।"
Pharm.D. সন্দৰ্ভত সজাগতা সৃষ্টিৰ এক মহান লক্ষ্য
ভাৰতত এতিয়াও ‘Pharm.D.’ পাঠ্যক্ৰম আৰু এগৰাকী ক্লিনিকেল ফাৰ্মাচিষ্টৰ ভূমিকা সম্পৰ্কে পৰ্যাপ্ত সজাগতা নাই। পশ্চিমীয়া দেশসমূহত চিকিৎসকে কেৱল ৰোগ নিৰ্ণয় কৰে, আনহাতে Pharm.D. চিকিৎসকসকলে সঠিক ঔষধ আৰু চিকিৎসা নিৰ্ধাৰণ কৰে।
ভাৰতত ২০০৮ চনতে এই পাঠ্যক্ৰম আৰম্ভ হৈছিল যদিও মানুহে ইয়াক প্ৰায়ে 'D.Pharm’ বুলি ভুল কৰে। সমাজৰ এই ভুল ধাৰণা দূৰ কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলক ক্লিনিকেল ৰিচাৰ্চ তথা ফাৰ্মাচী খণ্ডৰ সঠিক জ্ঞান প্ৰদান কৰাই হৈছে ডাঃ ছৰফৰাজৰ মূল লক্ষ্য। পাৰিবাৰিক দায়বদ্ধতাৰ বাবে বিদেশৰ আকৰ্ষণীয় সুযোগ ত্যাগ কৰি তেওঁ নিজৰ মাতৃভূমিতে থাকি নতুন প্ৰজন্মক গঢ় দিয়াৰ লগতে গৱেষণাৰ জৰিয়তে সমাজলৈ অৱদান আগবঢ়োৱাৰ পথ বাছি ল'লে।
জীৱনৰ প্ৰতিটো ঘাট-প্ৰতিঘাট অতিক্ৰম কৰি সফলতাৰ শিখৰত আৰোহণ কৰা ডাঃ ছৰফৰাজ তাম্বোলীৰ এই অনুপম যাত্ৰা গ্ৰামাঞ্চলৰ যুৱপ্ৰজন্ম আৰু চিকিৎসা গৱেষণাৰ ক্ষেত্ৰখনত ভৱিষ্যত গঢ়িব বিচৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এক চিৰযুগমীয়া প্ৰেৰণাৰ উৎস হৈ ৰ'ব। তেওঁৰ কাহিনীয়ে আমাক শিকায় যে সদিচ্ছা আৰু কঠোৰ পৰিশ্ৰম থাকিলে নিৰ্দিষ্ট লক্ষ্যত অৱশ্যেই উপনীত হ'ব পাৰি।