অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান ২০২৫: ডাঃ হৰ্ষ ভট্টাচাৰ্যলৈ অসম বৈভৱ, নুৰুদ্দিন আহমেদসহ ১৪ গৰাকী ব্যক্তি আৰু ২টা অনুষ্ঠানলৈ ‘অসম সৌৰভ’ আৰু ‘অসম গৌৰৱ’ বঁটা

Story by  Munni Begum | Posted by  Munni Begum • 1 h ago
বিশিষ্ট চকু চিকিৎসক ডাঃ হৰ্ষ ভট্টাচাৰ্য, বন্যপ্ৰাণী বিশেষজ্ঞ ড° কুশল কোঁৱৰ শৰ্মা, বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, কণ্ঠশিল্পী পুলক বেনাৰ্জী আৰু হাড়গিলা সংৰক্ষণকৰ্মী ড° পূৰ্ণিমা দেৱী বৰ্মন।
বিশিষ্ট চকু চিকিৎসক ডাঃ হৰ্ষ ভট্টাচাৰ্য, বন্যপ্ৰাণী বিশেষজ্ঞ ড° কুশল কোঁৱৰ শৰ্মা, বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, কণ্ঠশিল্পী পুলক বেনাৰ্জী আৰু হাড়গিলা সংৰক্ষণকৰ্মী ড° পূৰ্ণিমা দেৱী বৰ্মন।
 
মুন্নী বেগম / গুৱাহাটী 
 
অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান 'অসম বৈভৱ', 'অসম সৌৰভ' আৰু 'অসম গৌৰৱ' বঁটাৰ ২০২৫ বৰ্ষৰ প্ৰাপকসকলৰ নাম চূড়ান্ত কৰিলে অসম চৰকাৰে। শুকুৰবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। এইবাৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান 'অসম বৈভৱ' বঁটাৰ বাবে নিৰ্বাচিত হৈছে বিশিষ্ট চকু চিকিৎসক ডাঃ হৰ্ষ ভট্টাচাৰ্য। একেদৰে 'অসম সৌৰভ' বঁটাৰ বাবে চাৰিগৰাকী আৰু 'অসম গৌৰৱ' বঁটাৰ বাবে দহগৰাকী ব্যক্তিৰ লগতে দুটা অনুষ্ঠানক নিৰ্বাচিত কৰা হৈছে।
 
মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া অনুসৰি, ২০২৫ বৰ্ষৰ ৰাজ্যিক অসামৰিক বঁটাসমূহ বিগত বৰ্ষতে প্ৰদান কৰিব পৰা হোৱা নাছিল। সেয়েহে এইবাৰ বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া এক বিশেষ অনুষ্ঠানত নিৰ্বাচিত ব্যক্তি আৰু অনুষ্ঠানসমূহক এই সন্মান প্ৰদান কৰা হ'ব। আনহাতে, ২০২৬ বৰ্ষৰ বঁটাপ্ৰাপকসকলৰ নাম অহা নৱেম্বৰ মাহত ঘোষণা কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে।
বঁটাপ্ৰাপকসকলৰ নাম চূড়ান্ত কৰাৰ বাবে মন্ত্ৰী ডাঃ ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱা, অজন্তা নেওগ আৰু কেশৱ মহন্তক লৈ গঠিত কেবিনেট উপ-সমিতিয়ে মনোনয়নসমূহ বিতংভাৱে পৰ্যালোচনা কৰে। বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ মূল্যায়নৰ ভিত্তিত এই ব্যক্তিসকলক নিৰ্বাচিত কৰা হয়।
 
ডাঃ হৰ্ষ ভট্টাচাৰ্যলৈ অসম বৈভৱ বঁটা
 
২০২৫ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান 'অসম বৈভৱ' বঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট চকু চিকিৎসক ডাঃ হৰ্ষ ভট্টাচাৰ্য উত্তৰ-পূৰ্বাঞ্চলৰ চকু চিকিৎসাৰ ক্ষেত্ৰখনৰ এগৰাকী অগ্ৰণী ব্যক্তিত্ব। শিলচৰত জন্মগ্ৰহণ কৰা চিকিৎসকগৰাকীয়ে চকু চিকিৎসাৰ আধুনিক পদ্ধতিৰ প্ৰসাৰ আৰু বিশেষজ্ঞ চিকিৎসাসেৱা সুলভ কৰি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে।
 
গুৱাহাটীৰ শ্ৰীশংকৰদেৱ নেত্ৰালয়ৰ প্ৰতিষ্ঠাপক চিকিৎসা সঞ্চালক তথা প্ৰতিষ্ঠাপক ন্যাসৰক্ষী ডাঃ ভট্টাচাৰ্যৰ নেতৃত্বত ১৯৯৪ চনত প্ৰতিষ্ঠা লাভ কৰা এই চিকিৎসা প্ৰতিষ্ঠানটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ চকু চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰে। বিশেষকৈ ছানি অস্ত্ৰোপচাৰ, ৰেটিনাৰ জটিল ৰোগৰ চিকিৎসা, শিশু চকু চিকিৎসা আৰু আধুনিক চকু অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছে। দৰিদ্ৰ তথা আৰ্থিকভাৱে পিছপৰা ৰোগীসকলৰ বাবে উন্নত চকু চিকিৎসাসেৱা সুলভ কৰি তোলাৰ লগতে চিকিৎসা শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰতো তেওঁৰ অৱদান উল্লেখযোগ্য। চিকিৎসাক্ষেত্ৰৰ এই দীৰ্ঘদিনীয়া অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক অসম বৈভৱ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। 
 
অসম সৌৰভ বঁটাৰ বাবে নিৰ্বাচিত চাৰি বিশিষ্ট ব্যক্তিত্ব
 
২০২৫ বৰ্ষৰ ‘অসম সৌৰভ’ বঁটাৰ বাবে নিৰ্বাচিত হৈছে বন্যপ্ৰাণী বিশেষজ্ঞ ড° কুশল কোঁৱৰ শৰ্মা, বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, কণ্ঠশিল্পী পুলক বেনাৰ্জী আৰু হাড়গিলা সংৰক্ষণকৰ্মী ড° পূৰ্ণিমা দেৱী বৰ্মন।
 
অসমৰ ‘হাতীৰ চিকিৎসক’ হিচাপে পৰিচিত ড° কুশল কোঁৱৰ শৰ্মাই বন্যপ্ৰাণী চিকিৎসা আৰু সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই আহিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ শল্য চিকিৎসা আৰু ৰেডিঅ’লজি বিভাগৰ অধ্যাপক হিচাপে তেওঁ দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াইছে। বিশেষকৈ বন্য তথা পোহনীয়া হাতীৰ চিকিৎসা, আহত হাতী উদ্ধাৰ, সংজ্ঞাহীন কৰি চিকিৎসা প্ৰদান আৰু বন্যপ্ৰাণীৰ স্থানান্তৰকৰণৰ ক্ষেত্ৰত তেওঁ বিশেষ দক্ষতা অৰ্জন কৰিছে। কেইবাটাও দশক ধৰি হাজাৰ হাজাৰ হাতীৰ চিকিৎসাৰ সৈতে জড়িত চিকিৎসকগৰাকীয়ে ২০২০ চনত দেশৰ সন্মানীয় ‘পদ্মশ্ৰী’ বঁটাও লাভ কৰিছিল। বন্যপ্ৰাণীৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু চিকিৎসাসেৱাই তেওঁক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত কৰি তুলিছে।
 
আনহাতে, অসম সৌৰভ বঁটাৰ বাবে নিৰ্বাচিত নুৰুদ্দিন আহমেদ অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ এগৰাকী প্ৰখ্যাত কলা নিৰ্দেশক, মঞ্চসজ্জা শিল্পী আৰু ভাস্কৰ শিল্পী। নলবাৰী জিলাৰ ষাঠিকুছি গাঁৱত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে বিগত চাৰি দশকৰো অধিক সময় ধৰি অসমৰ নাট্য, চলচ্চিত্ৰ আৰু ভাস্কৰ্য শিল্পৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত আধুনিক প্ৰযুক্তি আৰু অভিনৱ কলা-কৌশল ব্যৱহাৰ কৰি দৰ্শকক নতুন অভিজ্ঞতা প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।
 
‘টাইটানিক’ৰ দৰে জটিল দৃশ্য মঞ্চত জীৱন্ত ৰূপত উপস্থাপন কৰি বিশেষ চৰ্চা লাভ কৰা নুৰুদ্দিন আহমেদে মঞ্চসজ্জাৰ লগতে ভাস্কৰ্য নিৰ্মাণ, পূজা মণ্ডপৰ শিল্পসজ্জা আৰু বিভিন্ন সাংস্কৃতিক প্ৰকল্পতো নিজৰ প্ৰতিভাৰ  চানেকি ধৰি ৰাখিছে। ২০১৭ বৰ্ষৰ সংগীত নাটক অকাডেমি বঁটা লাভ কৰা শিল্পীগৰাকীক ২০২৬ চনত ভাৰত চৰকাৰে ‘পদ্মশ্ৰী’ সন্মানেৰেও সন্মানিত কৰে। অসমীয়া নাট্যকলাৰ দৃশ্যগত উপস্থাপনক এক নতুন মাত্ৰা প্ৰদান কৰা শিল্পীগৰাকীৰ দীৰ্ঘদিনীয়া সাধনাক অসম সৌৰভ বঁটাৰ জৰিয়তে স্বীকৃতি দিয়া হৈছে। 
 
একেদৰে অসমৰ সংগীতজগতৰ বিশিষ্ট কণ্ঠশিল্পী পুলক বেনাৰ্জীও এইবাৰৰ অসম সৌৰভ বঁটাৰ বাবে নিৰ্বাচিত হৈছে। পাঁচ দশকৰো অধিক সময় ধৰি অসমীয়া সংগীতৰ সৈতে জড়িত শিল্পীগৰাকীয়ে অসংখ্য গীতত কণ্ঠদান কৰি শ্ৰোতাৰ হৃদয়ত এক সুকীয়া স্থান অধিকাৰ কৰিছে। বিশেষকৈ ‘সোঁৱৰণি’ শীৰ্ষক শ্ৰব্য কেছেটৰ জৰিয়তে তেওঁ ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। আধুনিক অসমীয়া গীতৰ লগতে চলচ্চিত্ৰৰ নেপথ্য সংগীততো তেওঁৰ উল্লেখযোগ্য অৱদান আছে। ১৯৯৯ বৰ্ষৰ বাবে অসম চৰকাৰৰ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰা পুলক বেনাৰ্জীয়ে সংগীত পৰিচালনাৰ ক্ষেত্ৰতো নিজৰ দক্ষতাৰ পৰিচয় দিছে। অসমীয়া সংগীতৰ সমৃদ্ধিত তেওঁৰ দীৰ্ঘদিনীয়া অৱদানৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে।
 
ইফালে, হাড়গিলা সংৰক্ষণৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ পৰিচয় লাভ কৰা ড° পূৰ্ণিমা দেৱী বৰ্মনকো অসম সৌৰভ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। বিলুপ্তিৰ ভাবুকিৰ সন্মুখীন হোৱা হাড়গিলা পক্ষীৰ সংৰক্ষণৰ বাবে তেওঁ দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। বিশেষকৈ কামৰূপ জিলাৰ দদৰা, পচৰীয়া আৰু শিঙিমাৰী অঞ্চলত স্থানীয় মহিলাসকলক একত্ৰিত কৰি তেওঁ গঠন কৰা ‘হাড়গিলা আৰ্মী’য়ে সংৰক্ষণ আন্দোলনত এক নতুন দৃষ্টান্ত স্থাপন কৰিছে।
 
হাড়গিলাৰ বাহ সুৰক্ষা, স্থানীয় ৰাইজৰ মাজত সজাগতা সৃষ্টি, জলাশয় সংৰক্ষণ আৰু মহিলাৰ আৰ্থিক সবলীকৰণৰ ক্ষেত্ৰত তেওঁৰ পদক্ষেপে বিশেষ সফলতা লাভ কৰিছে। এই অৱদানৰ স্বীকৃতিস্বৰূপে ২০২২ চনত তেওঁ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ সন্মানীয় ‘চেম্পিয়নছ অৱ দ্য আৰ্থ’ বঁটা লাভ কৰে। ইয়াৰ উপৰি ২০১৭ চনত হুইটলী বঁটা আৰু ২০২৪ চনত হুইটলী গ’ল্ড বঁটাও লাভ কৰিছে সংৰক্ষণকৰ্মীগৰাকীয়ে। তেওঁৰ উদ্যোগে অসমৰ হাড়গিলা সংৰক্ষণক বিশ্বৰ পৰিৱেশ আন্দোলনৰ এক উল্লেখযোগ্য উদাহৰণ হিচাপে প্ৰতিষ্ঠা কৰিছে।
 
অসম গৌৰৱ বঁটাৰ তালিকাত খেলুৱৈৰ পৰা কৃষকলৈ
 
আনহাতে, ‘অসম গৌৰৱ’ বঁটাৰ বাবে নিৰ্বাচিত দহগৰাকী ব্যক্তি হৈছে সমাজকৰ্মী দেৱীপ্ৰসাদ বাগ্ৰডিয়া, ফুটবল খেলুৱৈ হলিচৰণ নাৰ্জাৰী, ক্ৰিকেট তাৰকা ছিমু দাস, তৈল খেজুৰ খেতিয়ক হৰকান্ত বসুমতাৰী, সাঁচিপাত সংৰক্ষণকৰ্মী ধনজিৎ তালুকদাৰ, খাদ্য আৰু পৰ্যটন উদ্যোগী নিবেদিতা য়েইন, দবা খেলুৱৈ মায়ংক চক্ৰৱৰ্তী, আদা খেতিয়ক জিতেন ফাংছ’, দুগ্ধ পালনৰ সৈতে জড়িত তনুমায়া সোণাৰ বিশ্বকৰ্মা আৰু ভ্ৰমণ তথা পৰ্যটন ক্ষেত্ৰৰ দিকপাল লাহন। 
 
ইয়াৰ উপৰি বেচৰকাৰী সংস্থা ‘কলং কপিলী’ আৰু কৃষক উৎপাদক সংস্থা ‘পদুম পথাৰ এগ্ৰ’ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড’কো অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। ক্ৰীড়া, কৃষি, পৰ্যটন, সমাজসেৱা আৰু ঐতিহ্য সংৰক্ষণকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি তথা অনুষ্ঠানক এই তালিকাত স্থান দিয়া হৈছে।
ঊষা মংগেশকাৰলৈ প্ৰথম ‘ভাৰতৰত্ন ড° ভূপেন হাজৰিকা বঁটা’
 
ইফালে, শুকুৰবাৰৰ কেবিনেট বৈঠকত আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সন্মানাৰ্থে ‘ভাৰতৰত্ন ড° ভূপেন হাজৰিকা বঁটা’ প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হয়। এই বঁটা প্ৰতি তিনি বছৰৰ মূৰে মূৰে সংগীত, কলা অথবা চলচ্চিত্ৰ জগতৰ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ’ব।
 
বঁটাটোৰ সৈতে এখন প্ৰশস্তিপত্ৰ আৰু নগদ ১০ লাখ টকা আগবঢ়োৱা হ’ব। কেবিনেটৰ সিদ্ধান্ত অনুসৰি এই সন্মানীয় বঁটাৰ প্ৰথমগৰাকী প্ৰাপক হ’ব যশস্বী কণ্ঠশিল্পী ঊষা মংগেশকাৰ।
 
উল্লেখযোগ্য যে, অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ এই বিশেষ সময়ছোৱাত তেওঁৰ নামত নতুন বঁটা প্ৰৱৰ্তনৰ সিদ্ধান্তই বিশেষ তাৎপৰ্য বহন কৰিছে।
 
শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ ধনৰাশি ১৫ লাখ টকালৈ বৃদ্ধি
 
একেখন কেবিনেট বৈঠকতে মৰ্যাদাপূৰ্ণ ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বঁটা’ৰ ধনৰাশি ১৫ লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়। অসমৰ ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক জীৱনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অতুলনীয় অৱদানৰ প্ৰতি সন্মান জনাই প্ৰদান কৰা এই বঁটাৰ ধনৰাশি বৃদ্ধিৰ সিদ্ধান্ত বিশেষভাৱে উল্লেখযোগ্য।
 
সামগ্ৰিকভাৱে শুকুৰবাৰৰ কেবিনেট বৈঠকত ৰাজ্যিক অসামৰিক বঁটাপ্ৰাপকসকলৰ নাম চূড়ান্ত কৰাৰ লগতে অসমৰ দুই মহান ব্যক্তিত্ব শ্ৰীমন্ত শংকৰদেৱ আৰু ড° ভূপেন হাজৰিকাৰ নামৰ সৈতে জড়িত সন্মানীয় বঁটাক লৈও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। চিকিৎসা, বন্যপ্ৰাণী সংৰক্ষণ, নাট্যকলা, সংগীত, পৰিৱেশ সুৰক্ষা, ক্ৰীড়া, কৃষি আৰু সমাজসেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানসমূহক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত এইবাৰৰ বঁটা ঘোষণা বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠিছে।