মনোজ কুমাৰ ওজা / ডুমডুমা
ধৰ্ম, জাতি আৰু জনগোষ্ঠীৰ ভিন্নতাৰ ঊৰ্ধ্বত ক্ৰীড়াই যে, মানুহক একতাৰ এনাজৰীৰে বান্ধি ৰাখিব পাৰে, তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ২০২৬ বৰ্ষৰ মৰাণ জনগোষ্ঠীৰ ক্ৰীড়া মহোৎসৱে। এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অসমৰ বিশিষ্ট সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ উপস্থিতিয়ে ক্ৰীড়াৰ জৰিয়তে সামাজিক ঐক্য, ভাতৃত্ববোধ আৰু ধৰ্মীয় সম্প্ৰীতিৰ এক ইতিবাচক বাৰ্তা বহন কৰিছে।
সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত চাৰিদিনীয়া এই ক্ৰীড়া মহোৎসৱ বুধবাৰে উজনি অসমৰ তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ আৰু সৰ্বানন্দ সিংহ ষ্টেডিয়ামত আৰম্ভ হয়। অহা ৩১ অক্টোবৰলৈ চলিবলগীয়া এই মহোৎসৱত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠান আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ অংশগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। নতুন প্ৰজন্মৰ ক্ৰীড়া প্ৰতিভা বিকাশ আৰু সমাজৰ সকলো স্তৰৰ লোকৰ মাজত সহযোগিতা তথা অংশগ্ৰহণৰ মনোভাৱ গঢ়ি তোলাই এই আয়োজনৰ অন্যতম উদ্দেশ্য।
অসমৰ এগৰাকী সুপৰিচিত সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। মৰাণ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ছাত্ৰ সংগঠনটোৰ উদ্যোগত আয়োজিত এই বৃহৎ ক্ৰীড়া অনুষ্ঠানত তেওঁৰ উপস্থিতিয়ে এক বিশেষ তাৎপৰ্য বহন কৰিছে। ধৰ্মীয় বিশ্বাস, জাতিগত পৰিচয় আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ মাজতো ক্ৰীড়াই যে সকলোকে একেখন মঞ্চত একত্ৰিত কৰি ৰাখিব পাৰে, সেয়া এই অনুষ্ঠানে পুনৰ এবাৰ প্ৰতিফলিত কৰিছে।
অসমৰ মৰাণ জনগোষ্ঠীৰ ক্ৰীড়া মহোৎসৱ
উল্লেখ্য যে, এলভিছ আলী হাজৰিকা কেৱল এগৰাকী সফল সাঁতোৰবিদেই নহয়, ব্যক্তিগত জীৱনতো ধৰ্মীয় সহিষ্ণুতা, পাৰস্পৰিক সন্মান আৰু সম্প্ৰীতিৰ তেওঁ এক উল্লেখযোগ্য উদাহৰণ। গুৱাহাটীত ডাঙৰ-দীঘল হোৱা হাজৰিকাই শৈশৱৰ পৰাই সাঁতোৰৰ ক্ষেত্ৰত নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল। পৰৱৰ্তী সময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত একাধিক সাফল্য অৰ্জন কৰি তেওঁ অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইংলিছ চেনেল, নৰ্থ চেনেল আৰু আমেৰিকাৰ কেটালিনা চেনেলত তেওঁৰ সাঁতোৰৰ অভিযানসমূহে তেওঁক দেশৰ এগৰাকী বিশিষ্ট দীৰ্ঘদূৰত্বৰ সাঁতোৰবিদ হিচাপে প্ৰতিষ্ঠা কৰিছে। ২০২৩ চনত তেওঁ ৰিলে পদ্ধতিত ইংলিছ চেনেল দুয়ো দিশে অতিক্ৰম কৰাৰ কৃতিত্বও অৰ্জন কৰিছিল।
তেওঁৰ ব্যক্তিগত জীৱনৰ আন এক বিশেষ দিশ হৈছে ধৰ্মীয় সম্প্ৰীতিৰ প্ৰতি থকা গভীৰ বিশ্বাস। এলভিছ আলী হাজৰিকাৰ পিতৃ এলবান আলী হাজৰিকা আৰু মাতৃ দীপিকা আলী হাজৰিকাৰ বিবাহো আছিল আন্তঃধৰ্মীয়। এনে এক উদাৰ পাৰিবাৰিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা এলভিছে শৈশৱৰ পৰাই সকলো ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ শিক্ষা লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ নিজেও এটি হিন্দু পৰিয়ালৰ কন্যা প্ৰণামীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ সংসাৰত ধৰ্মীয় বিশ্বাসৰ ভিন্নতা কেতিয়াও পাৰস্পৰিক মৰম, বুজাবুজি আৰু সন্মানৰ অন্তৰায় হৈ উঠা নাই।
মুছলমান ধৰ্মাৱলম্বী পৰিয়ালত জন্মগ্ৰহণ কৰা এলভিছ আলী হাজৰিকাই ইছলাম ধৰ্মৰ ৰীতি-নীতি পালন কৰাৰ লগতে হিন্দু ধৰ্মীয় পৰম্পৰাৰ প্ৰতিও গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰি আহিছে। তেওঁ ৰমজান মাহত ৰোজা ৰখা, নামাজ পঢ়া আৰু অসহায় লোকক সহায় কৰাৰ দৰে ধৰ্মীয় কৰ্তব্য পালন কৰি আহিছে। একে সময়তে তেওঁ গুৱাহাটীৰ ঐতিহাসিক কামাখ্যা মন্দিৰ আৰু মা বগলামুখী মন্দিৰলৈ গৈ দেৱীৰ আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনাও জনায়। তেওঁৰ সৈতে পত্নী প্ৰণামীয়েও বগলামুখী মন্দিৰত পূজা-যজ্ঞত অংশগ্ৰহণ কৰিছে।
বিশেষকৈ এলভিছৰ পৰিয়ালত ঈদ আৰু দীপাৱলী দুয়োটা উৎসৱেই সমান আন্তৰিকতাৰে উদযাপন কৰা হয়। ঈদৰ আনন্দত পৰিয়ালৰ সকলো সদস্য একত্ৰিত হোৱাৰ লগতে ৰমজান মাহত ইফতাৰৰ আয়োজন কৰা হয়। আনহাতে, দীপাৱলীৰ সময়ত তেওঁলোকৰ ঘৰো পোহৰৰ উৎসৱৰ আনন্দৰে মুখৰিত হৈ পৰে। ইয়াৰ উপৰি পৰিয়ালটোত অসমীয়া নৱবৈষ্ণৱ পৰম্পৰা অনুসৰি নাম-প্ৰসংগৰো আয়োজন কৰা হয়। এনে সহাৱস্থানে এলভিছৰ পৰিয়ালটোক ধৰ্মীয় সম্প্ৰীতি আৰু সাংস্কৃতিক সমন্বয়ৰ এক সুন্দৰ উদাহৰণ হিচাপে তুলি ধৰিছে।
অসমৰ মৰাণ জনগোষ্ঠীৰ ক্ৰীড়া মহোৎসৱত ক্ৰীড়া মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
২০২৩ চনত আৱাজ-দ্য ভইচ' অসমত প্ৰকাশিত এক সাক্ষাৎকাৰত এলভিছ আলী হাজৰিকাই স্পষ্টকৈ উল্লেখ কৰিছিল যে, তেওঁ জন্মসূত্ৰে মুছলমান আৰু ইছলাম ধৰ্মীয় পৰম্পৰা পালন কৰে। কিন্তু একে সময়তে হিন্দু ধৰ্মকো সন্মান কৰে আৰু মা কামাখ্যা তথা মা বগলামুখীৰ আশীৰ্বাদত আধ্যাত্মিক শান্তি অনুভৱ কৰে। তেওঁৰ মতে, মানুহৰ প্ৰতি মৰম আৰু সন্মানেই হৈছে সকলোতকৈ ডাঙৰ কথা। নিজৰ সন্তানেও যাতে সকলো ধৰ্মৰ প্ৰতি সন্মান ৰাখি এগৰাকী ভাল মানুহ হিচাপে গঢ় লৈ উঠিব পাৰে, সেই শিক্ষাই তেওঁ দিব বিচাৰে।
এনে এক উদাৰ মানসিকতা আৰু সম্প্ৰীতিৰ আদৰ্শৰে পৰিচালিত এলভিছ আলী হাজৰিকাৰ মৰাণ জনগোষ্ঠীৰ ক্ৰীড়া মহোৎসৱত উপস্থিতিয়ে সেয়েহে এক বিশেষ সামাজিক তাৎপৰ্য বহন কৰিছে। তেওঁৰ জীৱনে এই কথাই সোঁৱৰাই দিয়ে যে, ধৰ্মীয় বিশ্বাস ব্যক্তিগত হ'লেও পাৰস্পৰিক সন্মান, সহযোগিতা আৰু মানৱীয় মূল্যবোধ সকলোৰে বাবে সমানেই গুৰুত্বপূৰ্ণ।
মহোৎসৱৰ আৰম্ভণিতে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক ত্ৰিদীপ কোঁৱৰে ক্ৰীড়াস্থলী আৰু মূল প্ৰৱেশদ্বাৰ উদ্বোধন কৰে। ইয়াৰ পিছতে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বৰা আৰু সাধাৰণ সম্পাদক জয়কান্ত মৰাণে সংগঠনটোৰ পতাকা উত্তোলন কৰাৰ লগতে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
বিয়লি সন্থাৰ সভাপতি পলিন্দ্ৰ বৰাৰ সভাপতিত্বত আনুষ্ঠানিক উদ্বোধনী সভা অনুষ্ঠিত হয়। সভাত অসমৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ সভাপতি তথা মৰাণ জনগোষ্ঠীৰ ছয়টাকৈ সংগঠনৰ প্ৰতিনিধিসকলেও অনুষ্ঠানত উপস্থিত থাকি মহোৎসৱটোক এক সামূহিক মিলনক্ষেত্ৰলৈ ৰূপান্তৰিত কৰে।
এই ক্ৰীড়া মহোৎসৱত এলভিছ আলী হাজৰিকাৰ অংশগ্ৰহণে অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ মুছলমান সমাজৰ খেলুৱৈসকলে আগবঢ়োৱা অৱদানৰ বিষয়টোও পুনৰ চৰ্চালৈ আনিছে। এলভিছ আলী হাজৰিকাৰ দৰে প্ৰতিষ্ঠিত খেলুৱৈসকলে নিজৰ প্ৰতিভা আৰু সাধনাৰে জনসাধাৰণৰ স্বীকৃতি লাভ কৰাৰ সমান্তৰালভাৱে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বহু মুছলমান প্ৰশিক্ষক, ক্ৰীড়া সংগঠক আৰু তৃণমূল পৰ্যায়ৰ পথপ্ৰদৰ্শকে নীৰৱে নতুন প্ৰজন্মৰ খেলুৱৈসকলক আগবঢ়াই নিয়াৰ বাবে কাম কৰি আহিছে।
ক্ৰীড়া মহোৎসৱত খেলুৱৈসকল
এইসকল প্ৰশিক্ষক আৰু ক্ৰীড়া অনুৰাগীয়ে বহু সময়ত বিশেষ প্ৰচাৰ বা স্বীকৃতি লাভ নকৰাকৈয়ে উদীয়মান প্ৰতিভা চিনাক্ত কৰা, যুৱ খেলুৱৈসকলক উপযুক্ত দিশত আগবঢ়াই নিয়া আৰু তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াই আহিছে। অসমৰ ক্ৰীড়া জগতৰ সামগ্ৰিক বিকাশত তেওঁলোকৰ এনে নিষ্ঠাপূৰ্ণ অৱদানকো যথোচিত স্বীকৃতি দিয়াৰ প্ৰয়োজনীয়তা আছে।
মৰাণ জনগোষ্ঠীৰ এই ক্ৰীড়া মহোৎসৱৰ গুৰুত্ব সেয়েহে কেৱল খেলপথাৰৰ প্ৰতিযোগিতাতে সীমাবদ্ধ নহয়। বিভিন্ন ধৰ্ম, জাতি আৰু জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি তথা প্ৰতিনিধিসকলক একেখন মঞ্চত একত্ৰিত কৰি এই অনুষ্ঠানে পাৰস্পৰিক সন্মান, সহযোগিতা, ভাতৃত্ববোধ আৰু সামাজিক সম্প্ৰীতিৰ এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে।
বুধবাৰে মহোৎসৱৰ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী নীলাভ নীতা আৰু জনমানুৰ সংগীতানুষ্ঠানৰো আয়োজন কৰা হয়। অহা ৩১ অক্টোবৰলৈ চলিবলগীয়া এই ক্ৰীড়া মহোৎসৱে খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ লগতে সমাজত একতা আৰু সম্প্ৰীতিৰ মনোভাৱ অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
ক্ৰীড়াৰ কোনো ধৰ্ম নাই, কোনো জাতিগত সীমাৰেখা নাই। প্ৰতিভা, সাধনা আৰু খেলুৱৈসুলভ মনোভাৱেই ইয়াৰ প্ৰকৃত পৰিচয়। মৰাণ জনগোষ্ঠীৰ এই ক্ৰীড়া মহোৎসৱে পুনৰ এবাৰ সোঁৱৰাই দিছে যে, ধৰ্ম আৰু সংস্কৃতিৰ ভিন্নতা থাকিলেও ক্ৰীড়াৰ জৰিয়তে সকলোকে একতাৰ এনাজৰীৰে বান্ধি ৰখাটো সম্ভৱ।