নতুন দিল্লী
কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীৰ ইটালীত থকা শৈশৱৰ বাসগৃহটো অদূৰ ভৱিষ্যতে এটা সংগ্ৰহালয়লৈ ৰূপান্তৰিত হ’ব পাৰে। এই পৰিকল্পনা গ্ৰহণ কৰিছে ইটালীপ্ৰবাসী পঞ্জাৱৰ শিখ ব্যৱসায়ী সুখদেৱ সিং কাংগে। ছবছৰ পূৰ্বে ছোনিয়া গান্ধীৰ শৈশৱৰ বাসগৃহটো ক্ৰয় কৰা কাংগে এতিয়া ইয়াক এক অত্যাধুনিক সংগ্ৰহালয় হিচাপে গঢ়ি তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।
সংগ্ৰহালয়টোত প্ৰদৰ্শনৰ বাবে ছোনিয়া গান্ধীৰ ব্যক্তিগত সামগ্ৰী, আলোকচিত্ৰ, নথি-পত্ৰ আৰু অন্যান্য স্মৃতিচিহ্ন সংগ্ৰহ কৰাৰ উদ্দেশ্যে গান্ধী পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰাৰো ইচ্ছা প্ৰকাশ কৰিছে ব্যৱসায়ীগৰাকীয়ে।
পিটিআইৰ সৈতে টেলিফোনযোগে হোৱা বাৰ্তালাপত কাংগে কয়, "এই ঘৰটোৰ নাম 'ইণ্ডিয়ান হাউছ'। ইয়াত ভাৰতৰ ত্ৰিৰংগা পতাকাও আছে। ঘৰৰ বাহিৰত লগোৱা এখন নামফলকত ইয়াক 'ছোনিয়া গান্ধীৰ জন্মস্থান' বুলি উল্লেখ কৰা হৈছে।"
ইটালীৰ ভিচেঞ্জা প্ৰদেশৰ লুচিয়ানা অঞ্চলত অৱস্থিত এই ঘৰটো ধূসৰ ৰঙৰ শিল আৰু কংক্ৰিটেৰে নিৰ্মিত ছটা কোঠাযুক্ত এটা বাসগৃহ। কাংগে বাস কৰা ব্ৰেছিয়া চহৰৰ পৰা ঘৰটোলৈ প্ৰায় এঘণ্টাৰ বাট। ৫২ বছৰীয়া ব্যৱসায়ীগৰাকীয়ে জনোৱা অনুসৰি, ১৯৪৬ চনৰ ৯ ডিচেম্বৰত ছোনিয়া গান্ধীৰ জন্ম হৈছিল এই ঘৰটোতে। শৈশৱৰ প্ৰথমছোৱা সময়ো তেওঁ ইয়াতেই অতিবাহিত কৰিছিল।
বৰ্তমান অমৃতসৰ ভ্ৰমণলৈ অহা কাংগে জনায় যে, ১৯৯২ চনত তেওঁ পঞ্জাৱৰ হোছিয়াৰপুৰ জিলাৰ এখন গাঁৱৰ পৰা ইটালীলৈ গৈছিল। তেতিয়াৰ পৰাই তেওঁ ইটালীত বসবাস কৰি আহিছে। অৱশ্যে বিদেশৰ মাটিত জীৱন আৰম্ভ কৰাটো তেওঁৰ বাবে সহজ নাছিল। সেই দিনবোৰৰ কথা সুঁৱৰি কাংগে কয়, “আৰম্ভণিতে মই দুগ্ধ পাম, কৃষিখণ্ড আৰু কাৰখানাত কাম কৰিছিলোঁ।”
তেওঁ জনোৱা মতে, ২০২০ চনত পত্নী আৰু কন্যাৰ নামত ছোনিয়া গান্ধীৰ শৈশৱৰ বাসগৃহটো ক্ৰয় কৰিছিল। বৰ্তমান ঘৰটোৰ চোৱাচিতাৰ বাবে এগৰাকী তত্ত্বাৱধায়ক নিয়োগ কৰা হৈছে। কোনো পৰ্যটকে ঘৰটো চাবলৈ ইচ্ছা কৰিলে তত্ত্বাৱধায়কগৰাকীয়ে তেওঁলোকক সহায় কৰে। ঘৰটোৰ সম্পত্তি কৰকে ধৰি ৰক্ষণাবেক্ষণৰ বাবে কাংগে বছৰি প্ৰায় ১,০০০ ইউৰো ব্যয় কৰে।
কাংগে লগতে জনায় যে, তেওঁ আৰু তেওঁৰ পৰিয়াল গান্ধী পৰিয়ালৰ অনুৰাগী। প্ৰতি বছৰে ছোনিয়া গান্ধীৰ জন্মদিন উপলক্ষে তেওঁলোকে এক বৃহৎ ৰাজহুৱা অনুষ্ঠানৰো আয়োজন কৰে।
ঘৰটো ক্ৰয় কৰাৰ আঁৰৰ কাহিনী উল্লেখ কৰি কাংগে কয়, "ইটালীত থকা মোৰ কেইজনমান পৰিচিত লোকৰ পৰা জানিব পাৰিছিলোঁ যে, এই ঐতিহাসিক ঘৰটো কোনো ভাৰতীয় তথা শিখ পৰিয়ালৰ হাতলৈ যোৱাটো বিচৰা হৈছিল।"
তাৰ পিছতেই তেওঁ ঘৰটো ক্ৰয় কৰাৰ সিদ্ধান্ত লয়। ক্ৰয় কৰাৰ দিনৰ পৰাই বাসগৃহটোৰ মূল ৰূপ অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰি আহিছে কাংগে। তেওঁৰ আশা, এদিন ঘৰটোক সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰি ইটালী ভ্ৰমণলৈ যোৱা ভাৰতীয় পৰ্যটকসকলৰ বাবে এক নতুন আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰিব।
কাংগৰ বিশ্বাস, পৰিকল্পনা অনুসৰি সংগ্ৰহালয়টো সম্পূৰ্ণ হৈ উঠিলে শতাধিক পৰ্যটক ইয়ালৈ আহিব। ইয়াৰ ফলত স্থানীয় গাঁওখনৰ অৰ্থনৈতিক উন্নয়নতো সহায় হ’ব। এই পৰিকল্পনাত তেওঁৰ পত্নী আৰু কন্যাৰো সম্পূৰ্ণ সমৰ্থন আছে।
ব্যৱসায়ীগৰাকীয়ে জনোৱা মতে, পূৰ্বে ঘৰটো ভাড়ালৈ দিবলৈ অথবা গুৰুদ্বাৰলৈ ৰূপান্তৰিত কৰিবলৈ কেইবাটাও প্ৰস্তাৱ আহিছিল। কিন্তু ছোনিয়া গান্ধী আৰু তেওঁৰ মাইনো পৰিয়ালৰ সৈতে জড়িত ঐতিহাসিক স্মৃতি সংৰক্ষণ কৰাৰ উদ্দেশ্যে তেওঁৰ পৰিয়ালে সেই প্ৰস্তাৱসমূহ গ্ৰহণ কৰা নাছিল।
কাংগে যিমান পাৰি সোনকালে বাসগৃহটোক এটা আধুনিক সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰিব বিচাৰে। কিন্তু ছোনিয়া গান্ধী আৰু তেওঁৰ পৰিয়ালৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত পৰ্যাপ্ত তথ্য তথা সামগ্ৰীৰ অভাৱে এই কামত কিছু বাধাৰ সৃষ্টি কৰিছে।
সেয়েহে পৰৱৰ্তী পদক্ষেপ হিচাপে ছোনিয়া গান্ধী আৰু তেওঁৰ দুই সন্তান ৰাহুল গান্ধী তথা প্ৰিয়ংকা গান্ধীক সাক্ষাৎ কৰাৰ আশা কৰিছে কাংগে। এই সাক্ষাতৰ জৰিয়তে ছোনিয়া গান্ধীৰ ব্যক্তিগত সামগ্ৰী, পুৰণি আলোকচিত্ৰ, নথি-পত্ৰ আৰু অন্যান্য স্মৃতিচিহ্নৰ বিষয়ে তথ্য লাভ কৰাৰ লগতে সংগ্ৰহালয়ত কি কি সামগ্ৰী প্ৰদৰ্শন কৰিব পৰা যায়, সেই বিষয়ে আলোচনা কৰিব বিচাৰে তেওঁ।
কাংগে কয়, "সংগ্ৰহালয়টোৰ বাবে আমাক বহু সামগ্ৰীৰ প্ৰয়োজন। সেইবোৰ সংগ্ৰহ কৰিব পাৰিলেই আমি তাত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিম।"
ইফালে, ছোনিয়া গান্ধীৰ স্মৃতিকথা ‘বিলং: এ জাৰ্নি অৱ লাভ’ প্ৰকাশ পোৱাৰ পিছত তেওঁৰ জীৱন কাহিনী, বিশেষকৈ ইটালীত অতিবাহিত কৰা শৈশৱৰ দিনবোৰক লৈ পুনৰ আগ্ৰহ বৃদ্ধি পাইছে। কাংগেও গ্ৰন্থখন পঢ়িবলৈ আগ্ৰহী বুলি জনাইছে।
নিজৰ জীৱনৰ এই ব্যতিক্ৰমী অভিজ্ঞতাৰ কথা উল্লেখ কৰি কাংগে কয়, “কেইবছৰমান পূৰ্বে পঞ্জাৱৰ কিছুমান বন্ধুৱে মোক সুধিছিল, মই ছোনিয়া গান্ধীৰ ঘৰটো দেখিছোঁ নেকি। এসময়ত ছোনিয়া গান্ধীয়ে জানো কল্পনা কৰিছিল যে, এদিন তেওঁ এনে এটা পৰিয়ালত বিবাহপাশত আবদ্ধ হ’ব, যি পৰিয়ালৰ তেওঁৰ শাহুৱেক দেশৰ প্ৰধানমন্ত্ৰী আছিল? ঠিক একেদৰে কেইবছৰমান আগলৈকে মই নিজেও জানো কল্পনা কৰিব পাৰিছিলোঁ যে এদিন ছোনিয়া গান্ধীৰ পৈতৃক বাসগৃহৰ চাবি মোৰ হাতত থাকিব?"
ছোনিয়া গান্ধীৰ শৈশৱৰ স্মৃতি বিজড়িত এই ঘৰটো সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰাৰ সপোন সফল হ’লে ইটালীৰ মাটিত ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ সৈতে জড়িত এক নতুন পৰ্যটনস্থলী গঢ় লৈ উঠাৰ সম্ভাৱনা আছে।