অকলশৰীয়া মুহূৰ্ততহে গভীৰভাৱে অনুভৱ হয় ভাৰতীয় হোৱাৰ অৰ্থ
Story by Atir Khan | Posted by Munni Begum • 37 m ago
প্ৰতিনিধিত্বমূলক ছবি
আতিৰ খান
ভাৰতীয় হিচাপে আমাৰ এনে বহু অদ্ভুত আৰু অমূল্য বৈশিষ্ট্য আছে, যিবোৰক আমি প্ৰায়ে অতি সাধাৰণ বুলিয়েই ধৰি লওঁ। তেনে এক অনন্য বৈশিষ্ট্য হ’ল সেই অদৃশ্য শক্তি, যিয়ে সকলো ভাৰতীয়ক এক অটুট এনাজৰীৰে বান্ধি ৰাখে আৰু আমাৰ মাজত আপোনত্বৰ এক উমৈহতীয়া অনুভূতি জাগ্ৰত কৰে। এই শক্তিক শব্দৰ পৰিধিত বান্ধি সংজ্ঞায়িত কৰাটো কঠিন আৰু তাক জোখাটো তাতোকৈয়ো দুঃসাধ্য- অথচ ইয়াৰ প্ৰভাৱ অপৰিসীম আৰু গভীৰভাৱে শক্তিশালী।
কল্পনা কৰকচোন, বেলেগ বেলেগ ধৰ্ম, সংস্কৃতি আৰু ভাষিক পৰম্পৰাৰ সৈতে জড়িত মানুহবোৰে এটা উমৈহতীয়া কেন্দ্ৰৰ চাৰিওফালে গ্ৰহবোৰৰ দৰে পৰিভ্ৰমণ কৰি আছে। তেওঁলোক এক অদৃশ্য বলৰ দ্বাৰা পৰস্পৰৰ সৈতে বান্ধ খাই আছে, তথাপি তেওঁলোকে নিজৰ স্বকীয়তা আৰু বিশিষ্ট পৰিচয় অক্ষুণ্ণ ৰাখিছে। সম্ভৱতঃ এয়াই ভাৰতৰ আটাইতকৈ আকৰ্ষণীয় বৈশিষ্ট্যসমূহৰ ভিতৰত অন্যতম।
এই উমৈহতীয়া অনুভূতি ভৌগোলিক সীমাৰেখা, একেধৰণৰ আইনৰ সংকলন বা কৰ আদায় দিয়াৰ দায়িত্বতকৈ বহু ওপৰত। নিঃসন্দেহে ভাৰতীয় সংবিধান আমাৰ সোণালী গ্ৰন্থ, আমাৰ ধ্ৰুৱতৰা, যিয়ে এনে এক গাঁথনি প্ৰদান কৰে যাৰ ভিতৰত এই অসাধাৰণ বৈচিত্ৰ্য বিকশিত হয়। কিন্তু যিটো কথাই ভাৰতক কেৱল এটা ভৌগোলিক আৰু ৰাজনৈতিক গোটতকৈ বহু ওপৰলৈ লৈ যায়, সেয়া হ’ল ভাৰতীয় হোৱাৰ সমষ্টিগত অনুভূতি।
উৰ্দু ভাষাত ‘ৰৱিশ’ নামৰ এটা শব্দ আছে, যাৰ মোটামুটি অৰ্থ হ’ল চলা-ফুৰাৰ ধৰণ, আচৰণ বা স্বভাৱ। সম্ভৱতঃ যুগ যুগ ধৰি লালিত-পালিত হোৱা এই উমৈহতীয়া স্বভাৱেই এনে এক ছন্দৰ সৃষ্টি কৰে, য’ত ভাৰতীয়সকলে সকলো মতভেদৰ পাছতো একেলগে খোজত খোজ মিলাই আগবাঢ়ে।
যিটো কথাই ভাৰতীয়সকলক অনন্য কৰি তোলে, সেয়া হ’ল শতিকাজোৰা উমৈহতীয়া ধৰ্মীয় আৰু সাংস্কৃতিক অভিজ্ঞতাৰ সঞ্চয়। ইয়াৰে কিছুমান অভিজ্ঞতা আনন্দদায়ক আছিল, আন কিছুমান আছিল বেদনাদায়কো। তথাপি হিন্দু, মুছলমান, শিখ, বৌদ্ধ আৰু খ্ৰীষ্টানসকলে বিভিন্ন ৰাজনৈতিক ব্যৱস্থা, ঐতিহাসিক উত্থান-পতন আৰু সামাজিক পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈ ইজনে সিজনৰ সৈতে কান্ধত কান্ধ মিলাই বসবাস কৰি আহিছে।
ক্ষমতাৰ সমীকৰণ সলনি হৈছে, সাম্ৰাজ্যৰ উত্থান আৰু পতন ঘটিছে আৰু শাসন ব্যৱস্থাবোৰৰ বিৱৰ্তন হৈছে। তথাপি সাধাৰণ মানুহে নিজৰ ঠাই, অভিজ্ঞতা আৰু জীৱন ভাগ-বতৰা কৰি গৈছে। সম্ভৱতঃ এই উমৈহতীয়া অভিজ্ঞতাবোৰৰ সঞ্চিত শক্তি সেই শক্তিবোৰতকৈ বহুগুণে প্ৰবল আছিল, যিবোৰে তেওঁলোকক বিভাজিত কৰিবলৈ চেষ্টা কৰিছিল।
প্ৰতিনিধিত্বমূলক ছবি
এই অভিজ্ঞতাবোৰ আমাৰ সমষ্টিগত স্মৃতিত গভীৰভাৱে খোদিত হৈ আছে। ভাৰতীয়ত্ব কেৱল এনে এটা ধাৰণা নহয়, যাৰ সৈতে আমি বৌদ্ধিকভাৱে সহমত পোষণ কৰোঁ; এয়া এনে এক অনুভূতি, যি আমাৰ জীৱনৰ প্ৰত্যক্ষ অভিজ্ঞতা আৰু সংবেদনশীলতাৰ পৰা জন্ম লয়।
ৰাষ্ট্ৰীয় উৎসৱসমূহৰ সময়ত আমি ইয়াক সমূহীয়াভাৱে অনুভৱ কৰোঁ, যেতিয়া বিভিন্ন অঞ্চল আৰু সম্প্ৰদায়ৰ লোক একত্ৰিত হয়। কিন্তু এই অনুভূতিৰ আন এটা অধিক অন্তৰংগ দিশো আছে। সেয়া হ’ল ভাৰতীয়ত্বৰ ব্যক্তিগত অভিজ্ঞতা, যাক মানুহে প্ৰায়ে অকলশৰীয়া অৱস্থাত আটাইতকৈ গভীৰভাৱে অনুভৱ কৰে।
সেই নিৰ্জন মুহূৰ্তবোৰত ধৰ্ম, জাতি, অঞ্চল আৰু সম্প্ৰদায়ৰ সীমাবোৰ গৌণ হৈ পৰে। তেতিয়া মানুহজন কেৱল এজন ভাৰতীয় হৈ থাকে, যিয়ে চিনাকি আৰু গভীৰ শিপা থকা কোনো বস্তুৰ প্ৰতি স্বাভাৱিকভাৱেই সঁহাৰি জনায়।
কোনো এটা পুৰণি গম্বুজৰ (যি মন্দিৰ আৰু মছজিদ দুয়োটাৰ নিৰ্মাণশৈলীতে ব্যৱহাৰ কৰা হয়) দৃশ্যৰ কথা ভাবকচোন। বহু ভাৰতীয়ৰ বাবে, তেওঁলোকৰ ধৰ্মীয় বিশ্বাস যিয়েই নহওক কিয়, এনে স্থাপত্যই ইতিহাস, ৰহস্য আৰু আধ্যাত্মিকতাৰ অনুভূতি জগাই তোলে। ইয়াৰ স্থাপত্য কলাৰ সৌন্দৰ্য আৰু ইয়াৰ বেৰত সোমাই থকা কাহিনীবোৰে এজন হিন্দু বা এজন মুছলমানক ঠিক তেনেকৈয়ে আৱেগিক কৰি তুলিব পাৰে, যেনেকৈ এটা মন্দিৰ বা মছজিদে বিস্ময়ৰ ভাৱ জগাই তোলে।
একেদৰে, যেতিয়া কোনো ভাৰতীয়ই গায়ত্ৰী মন্ত্ৰ বা ছুফি গীত শুনে, তেতিয়া সেই অভিজ্ঞতা কোনো নিৰ্দিষ্ট ধৰ্মীয় বিশ্বাসৰ গণ্ডীৰ মাজত সীমাবদ্ধ হৈ নাথাকে। সংগীত আৰু আধ্যাত্মিকতা প্ৰায়ে ধৰ্মীয় বিভেদৰ ঊৰ্ধ্বলৈ উঠি যায়। ৰাজহুৱা চৰ্চাত প্ৰায়ে প্ৰাধান্য লাভ কৰা ৰাজনৈতিক আৰু ধৰ্মীয় মতভেদসমূহৰ পাছতো এই উমৈহতীয়া সাংস্কৃতিক সংবেদনশীলতা নিৰন্তৰভাৱে বৰ্তি আছে।
এজন মুছলমান হিন্দী ভাষাৰ এজন উৎকৃষ্ট শিক্ষক হ’ব পাৰে, ঠিক তেনেকৈয়ে এজন হিন্দু এজন প্ৰখ্যাত উৰ্দু শ্বায়েৰ বা গজল গায়ক হ’ব পাৰে। এইবোৰ ভাৰতীয় অভিজ্ঞতাৰ ব্যতিক্ৰম নহয়, বৰং ইয়াৰ স্বাভাৱিক অভিব্যক্তিহে।
কোনো এখন বৃহৎ মহানগৰত বাস কৰা এজন বিহাৰী লোকৰ কথা ভাবক, যি বিভিন্ন পটভূমিৰ লাখ লাখ মানুহৰ মাজত থাকে। যি মুহূৰ্তত তেওঁৰ একেটা উপভাষাত কথা কোৱা আন এজন বিহাৰী লোকৰ সৈতে সাক্ষাৎ হয়, লগে লগেই এটা তাৎক্ষণিক সম্পৰ্ক গঢ় লৈ উঠে। সেই কেইটামান মুহূৰ্তৰ বাবে সামাজিক মৰ্যাদা, অৰ্থনৈতিক অৱস্থা আৰু শ্ৰেণী বৈষম্য গৌণ হৈ পৰে। এটা উমৈহতীয়া ভাষা আৰু সাংস্কৃতিক স্মৃতিয়েই নিমিষতে এটা গভীৰ সম্পৰ্ক গঢ়ি তুলিবলৈ যথেষ্ট হয়।
দিল্লী ভ্ৰমণলৈ অহা কোনো এজন বঙালী লোকে ৰেষ্টুৰেণ্টখন হিন্দুৰ নে মুছলমানৰ সেই কথাৰ প্ৰতি ভ্ৰূক্ষেপ নকৰাকৈয়ে এপ্লেট আলু বিৰিয়ানীৰ সোৱাদ ল’ব পাৰে। জামা মছজিদৰ কাষত অৱস্থিত ‘কৰিমছ’ত হিন্দু আৰু শিখসকলে পৰম্পৰাগত মুছলমান ৰান্ধনিশালত তৈয়াৰী খাদ্যৰ জুতি ল’বলৈ যায়। দৈনন্দিন জীৱনৰ এই আদান-প্ৰদানবোৰ দেখাত সাধাৰণ যেন লাগিলেও, ই ভাৰতীয়সকলে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি গঢ়ি তোলা সাংস্কৃতিক অন্তৰংগতাকে প্ৰতিফলিত কৰে।
ভাৰতীয়সকলক একত্ৰিত কৰি ৰখা এক উমৈহতীয়া নৈতিক অন্তৰ্দৃষ্টিও আছে। দৰিদ্ৰতা, অভাৱ আৰু অন্যায়ে ধৰ্মীয় তথা সামাজিক সীমাৰ ঊৰ্ধ্বত সহানুভূতি জগাই তোলে। বঞ্চিতসকলৰ সংগ্ৰামে ঐতিহাসিকভাৱে বিভিন্ন সম্প্ৰদায়ৰ লোকৰ সমৰ্থন লাভ কৰি আহিছে। ভাৰতৰ সমষ্টিগত বিবেকে অন্যায়ৰ বিৰুদ্ধে একতা আৰু সাহসৰ কাৰ্যসমূহৰ জৰিয়তে বাৰে বাৰে নিজকে প্ৰকাশ কৰিছে।
তথাপি এনে এটা অভিজ্ঞতা আছে, যিয়ে সম্ভৱতঃ ভাৰতীয়ত্বৰ আটাইতকৈ গভীৰ অভিব্যক্তি দাঙি ধৰে। সেয়া হ’ল সেই মুহূৰ্ত, যেতিয়া কোনো ভাৰতীয়ই দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া কোনো এজন শ্বহীদৰ কাহিনী শুনে।
কোনো ৰাজহুৱা সভাত সমূহীয়াভাৱে অনুভৱ কৰাই হওক অথবা অকলশৰে কোনো এখন চিনেমা চাই, কাহিনী পঢ়ি বা ত্যাগৰ বৃত্তান্ত শুনি অনুভৱ কৰাই হওক- এই আৱেগ অত্যন্ত প্ৰবল হ’ব পাৰে। ইয়াৰ ফলত গাৰ নোম শিয়ৰি উঠে, কণ্ঠ থোকাথুকি হৈ পৰে আৰু আপোনত্বৰ এক অবৰ্ণনীয় অনুভূতি জাগি উঠে।
সম্ভৱতঃ এয়াই ভাৰতীয় হোৱাৰ সৰ্বোচ্চ অভিব্যক্তিঃ এনে এক অনুভূতি, যিয়ে আমাক আমাৰ ব্যক্তিগত পৰিচয়, ধৰ্মীয় বিশ্বাস বা সাংস্কৃতিক সংযোগ ত্যাগ কৰিবলৈ দাবী নকৰে। তাৰ পৰিৱৰ্তে, ই এই সকলোবোৰ পৰিচয়ক আপোনত্বৰ এক বৃহত্তৰ অনুভূতিৰ ছাঁত একেডাল সূতাৰে গাঁথি লয়।
এইটোৱেই সেই কথা, যিয়ে শতিকাজুৰি ভাৰত ভ্ৰমণলৈ অহা বিদেশীসকলক বিস্মিত কৰি আহিছে আৰু আজিও দৰ্শনাৰ্থীসকলক আকৰ্ষণ কৰে। তেওঁলোকে ইয়াৰ বৈচিত্ৰ্য, স্ববিৰোধিতা আৰু বাহ্যিক বিশৃংখলতা প্ৰত্যক্ষ কৰে। কিন্তু এই জটিলতাৰ তলত এনে এক আৱেগিক বন্ধন লুকাই আছে, যাক নিজে অনুভৱ নকৰা এজন ব্যক্তিক বুজাই দিয়াটো বৰ কঠিন।