অসমৰ ঐতিহ্যমণ্ডিত চাহ গৱেষণা প্ৰতিষ্ঠান টোকলাইক পুনৰুজ্জীৱিত কৰাৰ এয়াই উপযুক্ত সময়

Story by  atv | Posted by  Munni Begum • 23 m ago
যোৰহাটস্থিত ঐতিহ্যমণ্ডিত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান
যোৰহাটস্থিত ঐতিহ্যমণ্ডিত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান
 
  উদ্ধৱ চন্দ্ৰ শৰ্মা
 
অসমৰ যোৰহাটত থকা চাহ গৱেষণা সংস্থা (Tea Research Association–TRA) বিশেষকৈ চাহ উদ্যোগৰ গৌৰৱময় ইতিহাসৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ঐতিহ্যমণ্ডিত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানে সম্প্ৰতি সন্মুখীন হোৱা আৰ্থিক সংকটে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। বৰ্তমান এই সংকটৰ প্ৰতি ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু সমগ্ৰ ভাৰতীয় চাহ উদ্যোগে বিশেষ গুৰুত্বসহকাৰে দৃষ্টি নিক্ষেপ কৰাৰ সময় আহি পৰিছে। 
 
কিয়নো টোকলাই কেৱল এটি গৱেষণা প্ৰতিষ্ঠান নহয়, ই অসম চাহৰ গৌৰৱ, বিজ্ঞানসন্মত চাহ খেতিৰ পথপ্ৰদৰ্শক আৰু আমাৰ অমূল্য ঐতিহ্য। এই ঐতিহ্য ৰক্ষা কৰিবলৈ চৰকাৰ, চাহ উদ্যোগ আৰু সংশ্লিষ্ট সকলো পক্ষই একত্ৰিত হৈ সময়োচিত পদক্ষেপ গ্ৰহণ কৰাটো এতিয়া অত্যন্ত জৰুৰী। কাৰণ, টোকলাইৰ ভৱিষ্যতৰ সৈতে অসমৰ চাহ উদ্যোগৰ ভৱিষ্যতো গভীৰভাৱে জড়িত হৈ আছে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
১৯১১ চনত প্ৰতিষ্ঠা লাভ কৰা টোকলাই বিশ্বৰ অন্যতম প্ৰাচীন আৰু অগ্ৰণী চাহ গৱেষণা প্ৰতিষ্ঠান। এশ বছৰতকৈও অধিক সময় ধৰি এই প্ৰতিষ্ঠানটোৱে চাহ খেতিৰ বৈজ্ঞানিক উন্নয়ন, উন্নত ৰোপণ সামগ্ৰীৰ উদ্ভাৱন, কীট-পতংগ আৰু ৰোগ নিয়ন্ত্ৰণ, মাটিৰ স্বাস্থ্য সংৰক্ষণ, চাহ প্ৰস্তুতকৰণৰ আধুনিক প্ৰযুক্তি আৰু চাহৰ গুণগত মান উন্নয়নৰ ক্ষেত্ৰত অসামান্য অৱদান আগবঢ়াই আহিছে। বিশ্বৰ চাহৰ বজাৰত অসম চাহে লাভ কৰা সুনাম আৰু স্বীকৃতিৰ আঁৰতো টোকলাইৰ গৱেষণা আৰু বিজ্ঞানীসকলৰ অৱদান অনস্বীকাৰ্য।
 
অত্যন্ত পৰিতাপৰ বিষয় যে, এনে এক গৌৰৱোজ্জ্বল প্ৰতিষ্ঠানে আজি গুৰুতৰ আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। প্ৰকাশিত তথ্য অনুসৰি, এই সংকটৰ প্ৰভাৱ কৰ্মচাৰীসকলৰ নিয়মীয়া দৰমহা, অৱসৰকালীন প্ৰাপ্য ধন আৰু অত্যাৱশ্যকীয় গৱেষণামূলক কাম-কাজৰ ওপৰতো পৰিছে। বিশেষকৈ বৰ্তমান চাহ উদ্যোগে উৎপাদন ব্যয় বৃদ্ধি, জলবায়ু পৰিৱৰ্তন, নিলাম বজাৰত চাহৰ মূল্যৰ স্থবিৰতা, শ্ৰমিকৰ অভাৱ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰমবৰ্ধমান প্ৰতিযোগিতাৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত টোকলাইৰ এই দুৰৱস্থা অধিক চিন্তনীয়।
 
চাহ গৱেষণা সংস্থাৰ ২০২৬–২৭ বৰ্ষৰ সংশোধিত বাজেট অনুসৰি, সংস্থাটোৰ সম্ভাব্য মুঠ আয় প্ৰায় ৩২.৬৭ কোটি টকা হোৱাৰ বিপৰীতে নিয়মীয়া ব্যয়ৰ পৰিমাণ ৩৪.২৫ কোটি টকা ধাৰ্য কৰা হৈছে। অৰ্থাৎ প্ৰায় ১.৫৭ কোটি টকাৰ বাজেট ঘাটি দেখুওৱা হৈছে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
আনহাতে, চাহ ব’ৰ্ডৰ অনুদানৰ পৰিমাণ ১০.৪৮ কোটি টকা হিচাপে উল্লেখ কৰা হৈছে, যাৰ সৰ্বোচ্চ সীমা ২০১৬ চনৰ ব্যৱস্থাৰ সৈতে জড়িত হৈ আছে। এই তথ্যসমূহে স্পষ্টভাৱে সূচায় যে, প্ৰতিষ্ঠানটোৰ বৰ্তমানৰ আৰ্থিক সাহায্যৰ ব্যৱস্থা পুনৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
 
ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয় তথা চাহ ব’ৰ্ডে এই কথা উপলব্ধি কৰা উচিত যে, চাহ গৱেষণা কেৱল এক বাণিজ্যিক কাৰ্যকলাপ নহয়। ই দেশৰ চাহ উদ্যোগৰ দীৰ্ঘম্যাদী উন্নয়ন আৰু বহনক্ষম ভৱিষ্যৎ নিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিনিয়োগ।
 
সেয়েহে চাহ গৱেষণা সংস্থাৰ আৰ্থিক অৱস্থা সুস্থিৰ কৰি তুলিবলৈ এক সুপৰিকল্পিত পুনৰুজ্জীৱন আঁচনি গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। এই আঁচনিৰ অধীনত প্ৰথমে কৰ্মচাৰীসকলৰ পৰীক্ষিত আৰু নিশ্চিত বকেয়া দৰমহা, অৱসৰকালীন প্ৰাপ্য ধন আৰু অন্যান্য ন্যায্য পাওনা নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ লগতে পৰৱৰ্তী পাঁচ বছৰৰ বাবে এক নিশ্চিত আৰ্থিক সাহায্যৰ ব্যৱস্থা গঢ়ি তোলা উচিত। অৱশ্যে এনে সাহায্যৰ সৈতে স্বচ্ছ বিত্তীয় পৰিচালনা, স্বতন্ত্ৰ হিচাপ পৰীক্ষা আৰু সুনিৰ্দিষ্ট গৱেষণামূলক লক্ষ্যও জড়িত থাকিব লাগিব।
 
প্ৰতিনিধিত্বমূলক ছবি
 
এই ক্ষেত্ৰত চাহ উদ্যোগৰো এক গুৰুত্বপূৰ্ণ দায়িত্ব আছে। দেশৰ বৃহৎ চাহ উৎপাদনকাৰী প্ৰতিষ্ঠান, চাহ উদ্যোগৰ বিভিন্ন সংগঠন, ৰপ্তানিকাৰক আৰু আন্তঃৰাষ্ট্ৰীয় চাহ ক্ৰেতা প্ৰতিষ্ঠানসমূহে একেলগে আগবাঢ়ি আহি 'টোকলাই গৱেষণা বহনক্ষমতা পুঁজি' (Tocklai Research Sustainability Fund) গঠন কৰাৰ কথা বিবেচনা কৰা উচিত। এই পুঁজিয়ে চৰকাৰী সাহায্যৰ পৰিপূৰক হিচাপে টোকলাইৰ গৱেষণা আৰু উন্নয়নমূলক কাম-কাজ অব্যাহত ৰখাত সহায় কৰিব পাৰিব। 
 
একে সময়তে, টোকলাইয়েও নিজস্ব আয় বৃদ্ধিৰ নতুন নতুন পথ অন্বেষণ কৰা উচিত। বাণিজ্যিক ভিত্তিত উন্নত পৰীক্ষাগাৰ সেৱা, চাহত কীটনাশকৰ অৱশিষ্ট আৰু সৰ্বাধিক অনুমোদিত অৱশিষ্ট সীমা (MRL) পৰীক্ষা, প্ৰমাণিত উন্নত ৰোপণ সামগ্ৰী যোগান, বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী, মূল্য সংযোজিত চাহজাত সামগ্ৰীৰ বিকাশ আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খুৱাব পৰা বহনক্ষম চাহ খেতিৰ ওপৰত পৃষ্ঠপোষকতাপ্ৰাপ্ত গৱেষণাৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ আৰ্থিক ভেটি অধিক শক্তিশালী কৰিব পৰা যায়।
 
অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উন্নয়নৰ ক্ষেত্ৰতো টোকলাইয়ে অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব পাৰে। বিশেষকৈ কৃষক উৎপাদক সংগঠন (FPO) আৰু কৃষক উৎপাদক কোম্পানী (FPC)সমূহৰ সহযোগত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে এক বিশেষ গৱেষণা, প্ৰশিক্ষণ আৰু প্ৰযুক্তি সম্প্ৰসাৰণ কাৰ্যসূচী গ্ৰহণ কৰিলে ইয়াৰ সুফল অসমৰ চাহ খেতিৰ সৈতে জড়িত বৃহত্তৰ সমাজখনে লাভ কৰিব। ইয়াৰ ফলত টোকলাইৰ গৱেষণাৰ প্ৰাসংগিকতা আৰু সামাজিক গুৰুত্বও অধিক বৃদ্ধি পাব।
 
প্ৰতিনিধিত্বমূলক ছবি
 
এই পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰলৈ মোৰ এক আন্তৰিক আহ্বান যে, চাহ ব’ৰ্ড, অসম চৰকাৰ, চাহ গৱেষণা সংস্থাৰ কৰ্তৃপক্ষ, চাহ উদ্যোগৰ প্ৰতিনিধি, বিজ্ঞানী আৰু কৰ্মচাৰীসকলৰ প্ৰতিনিধিক সামৰি এখন উচ্চ পৰ্যায়ৰ ‘টোকলাই পুনৰুজ্জীৱন সমিতি’ গঠন কৰা হওক। এই সমিতিক ছমাহৰ ভিতৰত প্ৰতিষ্ঠানটোৰ আৰ্থিক, প্ৰশাসনিক আৰু গৱেষণামূলক দিশসমূহ সামৰি এখন সুসংহত পুনৰুজ্জীৱন পৰিকল্পনা প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰা উচিত।
 
টোকলাই কেৱল অসমৰ এখন গৱেষণা প্ৰতিষ্ঠান নহয়। ই ভাৰতীয় চাহ উদ্যোগৰ এক অমূল্য বৈজ্ঞানিক ঐতিহ্য, অসমৰ গৌৰৱ আৰু চাহ উদ্যোগৰ দীৰ্ঘদিনীয়া অগ্ৰগতিৰ এক উজ্জ্বল প্ৰতীক। ১৯১১ চনত প্ৰতিষ্ঠা লাভ কৰি ভাৰতীয় চাহ উদ্যোগৰ বৈজ্ঞানিক ভেটি গঢ়ি তোলাত ঐতিহাসিক ভূমিকা পালন কৰা এই প্ৰতিষ্ঠানটোক একবিংশ শতিকাত আৰ্থিক অৱহেলাৰ বলি হ’বলৈ দিয়াটো কোনোপধ্যেই উচিত নহ’ব।
 
টোকলাই ৰক্ষা কৰাৰ অৰ্থ কেৱল এটা প্ৰতিষ্ঠানক ৰক্ষা কৰা নহয়। ইয়াৰ অৰ্থ হৈছে অসম চাহৰ গৌৰৱময় ঐতিহ্য অক্ষুণ্ণ ৰখা, চাহ খেতিয়ক আৰু চাহ উদ্যোগৰ ভৱিষ্যৎ সুৰক্ষিত কৰা আৰু সমগ্ৰ ভাৰতীয় চাহ উদ্যোগৰ বহনক্ষম উন্নয়নৰ পথ সুদৃঢ় কৰা। সেয়েহে আহক, চৰকাৰ, চাহ উদ্যোগ আৰু সংশ্লিষ্ট সকলো পক্ষই একেলগে আগবাঢ়ি আহোঁ। টোকলাই ৰক্ষাৰ বাবে এতিয়াই পদক্ষেপ লোৱাৰ সময়। কাইলৈ লৈ অপেক্ষা কৰিলে হয়তো বহু পলম হৈ যাব। 
 
(লেখক ছলিডাৰিডাড এছিয়াৰ এগৰাকী জ্যেষ্ঠ চাহ পৰামৰ্শদাতা তথা তিনিচুকীয়াৰ ৱাৰেন টি লিমিটেডৰ প্ৰাক্তন কাৰ্যবাহী সঞ্চালক)