হেমন্ত শৰ্মা
জুবিন গাৰ্গক ভালপোৱা মানুহৰ বাবে তেওঁৰ গীত, চিন্তা আৰু জীৱনবোধৰ মাজত সোমাই থকা কথাবোৰ বুজি পোৱাটোও এক গুৰুত্বপূৰ্ণ দায়িত্ব। তেওঁক কেৱল এজন শিল্পী হিচাপে স্মৰণ কৰিলেই নহ'ব; মানুহ, সমাজ, ধৰ্ম আৰু জীৱনৰ প্ৰতি তেওঁৰ দৃষ্টিভংগীকো বুজিবলৈ চেষ্টা কৰিব লাগিব। শাৰদীয় দুৰ্গোৎসৱৰ সময়ত এই বিষয়টো অতি প্ৰাসংগিক হৈ পৰিছে। দেৱী দুৰ্গাই মহিষাসুৰক বধ কৰাৰ পৌৰাণিক কাহিনীৰ মাজত অসুৰৰ বিনাশ আৰু শক্তিৰ জয়ৰ কথা আছে। কিন্তু জুবিন গাৰ্গৰ চিন্তাৰ সৈতে এই প্ৰসংগক মিলাই চালে আন এটা কথাও মনলৈ আহে। কথাটো হ'ল আমাৰ নিজৰ মনৰ ভিতৰত থকা ঈৰ্ষা, অসহিষ্ণুতা, নিষ্ঠুৰতা আৰু নেতিবাচকতাক আমি কিমান দূৰ পৰাস্ত কৰিব পাৰিছোঁ? বাহিৰৰ অসুৰ বধৰ কাহিনী স্মৰণ কৰাৰ লগতে নিজৰ ভিতৰৰ অসুৰবোৰকো চিনাক্ত কৰাৰ প্ৰয়োজনীয়তা নাই জানো?
জুবিন গাৰ্গৰ ধৰ্মীয় বিশ্বাসৰ প্ৰসংগলৈ আহিলে তেওঁক কেৱল এটা নিৰ্দিষ্ট ধাৰণাৰে বিচাৰ কৰাটো উচিত নহয়। তেওঁ দেৱ-দেৱীৰ প্ৰতি শ্ৰদ্ধাশীল আছিল, শিৱৰ প্ৰতি তেওঁৰ বিশেষ অনুৰাগ আছিল আৰু নিজৰ বাহুত শিৱৰ ছবি (টাটু) অংকন কৰাইছিল। তেওঁ কামাখ্যা মন্দিৰলৈও গৈছিল। আনকি কামাখ্যা মন্দিৰৰ ওপৰৰ ফালে থকা নিৰিবিলি স্থানত অৱস্থিত এটা মন্দিৰলৈ তেওঁ মাজে মাজে গৈ সময় অতিবাহিত কৰিছিল। এই কথাবোৰে তেওঁৰ বিশ্বাসৰ ব্যক্তিগত দিশটোৰ আভাস দিয়ে। সেয়েহে তেওঁক কেৱল কিছুমান মন্তব্য বা আচৰণৰ আধাৰত নাস্তিক বুলি অভিহিত কৰাটো তেওঁৰ ব্যক্তিত্বৰ সম্পূৰ্ণ ছবি নহয়। জুবিন গাৰ্গৰ ধৰ্মীয় দৃষ্টিভংগী বুজিবলৈ হ’লে তেওঁ কি বিশ্বাস কৰিছিল, কোনবোৰ প্ৰথাৰ সৈতে একমত নাছিল আৰু সেই বিশ্বাসৰ আঁৰত কেনে চিন্তা আছিল— এই সকলোবোৰ দিশ একেলগে চাব লাগিব।
দেৱী দুৰ্গা
দেৱী পূজা আৰু বলি-বিধানৰ প্ৰসংগত জুবিন গাৰ্গে বহু সময়ত ৰাইজক কৈ গৈছে। জুবিন গাৰ্গে দেৱী পূজাক অস্বীকাৰ কৰা নাছিল, কিন্তু বলি-বিধানৰ প্ৰথা সমৰ্থন কৰা নাছিল। নিজ হাতেৰে এটা জীৱ হত্যা কৰি ঈশ্বৰক পূজা কৰাৰ ধাৰণাটোৰ প্ৰতি তেওঁৰ আপত্তি আছিল। এই আপত্তিৰ মাজত ধৰ্মৰ বিৰোধিতা কৰাতকৈ জীৱৰ প্ৰতি মমতাৰ কথাটোহে অধিক গুৰুত্বপূৰ্ণ। যদি পূজাৰ উদ্দেশ্য ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰোঁ, তেন্তে সেই শ্ৰদ্ধা প্ৰকাশৰ নামত এটা জীৱৰ প্ৰাণ লোৱাটো কিমান যুক্তিসংগত— এই প্ৰশ্ন উত্থাপন কৰাৰ অধিকাৰ নিশ্চয় আছে। জুবিন গাৰ্গৰ এই দৃষ্টিভংগীক তেওঁৰ মানৱীয় চিন্তাৰ সৈতে সংযোগ কৰি চাব পাৰি। কাৰণ, কোনো বিশ্বাসৰ প্ৰকৃত মূল্য কেৱল বাহ্যিক আচাৰত নহয়, সেই বিশ্বাসে মানুহক কিমান দয়াশীল আৰু সংবেদনশীল কৰি তুলিব পাৰিছে, তাৰ মাজতহে প্ৰকাশ পায়।
সম্প্ৰতি সামাজিক মাধ্যমত জুবিন গাৰ্গে দুৰ্গাপূজা চাবলৈ নোযোৱাৰ বিষয়ে কৰা মন্তব্যৰ প্ৰসংগ চৰ্চালৈ আহিছে। তেওঁ পূজাস্থলীলৈ গ’লে মানুহৰ ভিৰ অধিক বাঢ়িব বুলি ভাবি যোৱাৰ পৰা বিৰত আছিল। কিন্তু কোনো উৎসৱলৈ নোযোৱা মানে সেই উৎসৱৰ প্ৰতি অনাস্থা অথবা তাৰ সৈতে জড়িত ধৰ্মীয় বিশ্বাসক অস্বীকাৰ কৰা বুলি ধৰি ল’ব নোঁৱাৰি। কোনো অনুষ্ঠানত উপস্থিত নথকাৰ কাৰণ আৰু সেই অনুষ্ঠানৰ প্ৰতি থকা ব্যক্তিগত বিশ্বাস, দুয়োটা পৃথক বিষয়। জুবিন গাৰ্গৰ ক্ষেত্ৰতো এই পাৰ্থক্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। তেওঁ দুৰ্গাপূজালৈ যোৱা-নোযোৱাৰ কথাটোকে লৈ তেওঁৰ সমগ্ৰ ধৰ্মীয় দৃষ্টিভংগীৰ মাপকাঠী কৰি লোৱাটো উচিত নহ’ব।
জুবিন গাৰ্গৰ জীৱন আৰু চিন্তাৰ পৰা আমি যিটো কথা উপলব্ধি কৰিব পাৰোঁ, সেয়া হ’ল— বিশ্বাসৰ সৈতে প্ৰশ্ন কৰাৰ অধিকাৰ আৰু জীৱৰ প্ৰতি মমতা একেলগে থাকিব পাৰে। দেৱ-দেৱীৰ প্ৰতি শ্ৰদ্ধা থাকিলেও কোনো এটা ধৰ্মীয় প্ৰথাৰ সৈতে দ্বিমত পোষণ কৰিব পাৰি। মন্দিৰলৈ যোৱা মানেই সকলো আচাৰ-অনুষ্ঠানৰ সৈতে একমত হোৱাটো নুবুজায়। একেদৰে কোনো আচাৰ-বিচাৰ পালন নকৰা মানেই ঈশ্বৰৰ প্ৰতি বিশ্বাস নথকা বুলিও ক’ব নোঁৱাৰি। জুবিন গাৰ্গৰ ব্যক্তিত্বক বুজিবলৈ এই সূক্ষ্ম পাৰ্থক্যবোৰৰ প্ৰতি সচেতন হোৱা প্ৰয়োজন। তেওঁক কেৱল ধৰ্মীয় পৰিচয়ৰ আধাৰত বিচাৰ নকৰি তেওঁৰ চিন্তা, কৰ্ম আৰু মানৱীয় মূল্যবোধৰ মাজেৰে বুজিবলৈ চেষ্টা কৰাটোহে অধিক অৰ্থপূৰ্ণ।
জুবিন গাৰ্গ
এই দৃষ্টিভংগীৰ পৰাই দুৰ্গোৎসৱৰ তাৎপৰ্যকো নতুনকৈ ভাবিব পাৰি। মহিষাসুৰ বধৰ কাহিনী কেৱল পূজাৰ মণ্ডপত প্ৰতীকী ৰূপত দেখাৰ বিষয় হৈ থাকিলে আমাৰ জীৱনত তাৰ অৰ্থ সীমিত হৈ পৰিব। আমি যদি আনৰ ভাল কামক সহ্য কৰিব নোৱাৰোঁ, নতুন সৃষ্টিক উৎসাহ দিয়াৰ সলনি সমালোচনাৰে মনোবল ভাঙোঁ, নিৰীহ জীৱৰ প্ৰতি নিষ্ঠুৰ হওঁ আৰু নিজৰ ভুল স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰোঁ, তেন্তে মনৰ ভিতৰত থকা নেতিবাচকতাক পৰাস্ত কৰা হ’ব কেনেকৈ? জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা তেতিয়াহে অৰ্থৱহ হ’ব, যেতিয়া তেওঁৰ আদৰ্শৰ পৰা প্ৰেৰণা লৈ আমি নিজৰ চিন্তা আৰু আচৰণৰো পৰিৱৰ্তন ঘটাবলৈ চেষ্টা কৰিম।
সেয়ে এই শৰৎতেই সংকল্প হওক যে কেৱল বাহিৰৰ অসুৰ বধৰ কাহিনী স্মৰণ কৰি থাকিলেই নহ'ব, নিজৰ মনৰ মহিষাসুৰকো পৰাস্ত কৰিব লাগিব। জীৱৰ প্ৰতি দয়া, মানুহৰ প্ৰতি সহমৰ্মিতা, আনৰ সৃষ্টিৰ প্ৰতি শ্ৰদ্ধা আৰু যুক্তিৰে নিজৰ বিশ্বাসক বিচাৰ কৰাৰ সাহস আমাৰ জীৱনৰ অংশ হওক। জুবিন গাৰ্গৰ নামটো কেৱল উৎসৱ, প্ৰতিচ্ছবি, মূৰ্তি আৰু স্মৃতিৰ মাজত সীমাবদ্ধ নাথাকি তেওঁৰ চিন্তা আৰু কৰ্মৰ মাজেৰে জীয়াই থাকক। দুৰ্গোৎসৱৰ প্ৰকৃত তাৎপৰ্যও তেতিয়াহে আমাৰ জীৱনত অধিক অৰ্থৱহ হৈ উঠিব। জয় জুবিনদা।
(লেখক এগৰাকী সাংবাদিক, লেখক, সমালোচক)