২০২৭ চনত দেশত আৰম্ভ হ’ব প্ৰথমখন বুলেট ট্ৰেইনৰ সেৱা; প্ৰথম পৰ্যায়ত চলিব ছুৰাটৰ পৰা ভাপিলৈ

Story by  atv | Posted by  Munni Begum • 8 m ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী 
 
ভাৰতৰ প্ৰথমখন উচ্চগতিসম্পন্ন বুলেট ট্ৰেইনৰ সেৱা ২০২৭ চনৰ পৰা আৰম্ভ হ’ব। প্ৰথম পৰ্যায়ত গুজৰাটৰ ছুৰাটৰ পৰা ভাপিলৈ এই ৰে’লসেৱা মুকলি কৰা হ’ব। শুকুৰবাৰে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা ঘোষণা কৰিছে। 
 
‘ছাবষ্টেক’ত প্ৰকাশ কৰা এক পোষ্টত ৰে’লমন্ত্ৰীগৰাকীয়ে জনায় যে, প্ৰথম পৰ্যায়ৰ সেৱা আৰম্ভ হোৱাৰ পিছত পৰ্যায়ক্ৰমে মুম্বাইলৈকে সম্পূৰ্ণ উচ্চগতিসম্পন্ন ৰে’লপথটো মুকলি কৰা হ’ব।
 
প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰি বৈষ্ণৱে কয় যে, ছেপ্টেম্বৰ মাহলৈকে ৪৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশত ৰে’লপথৰ খুঁটা নিৰ্মাণৰ কাম আৰু ৩৭১ কিলোমিটাৰ অংশত উৰণীয়া ৰে’লপথ বা ভায়াডাক্ট নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে।
 
ইয়াৰ উপৰি ২৯৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে প্ৰায় ছয় লাখ শব্দ প্ৰতিৰোধক স্থাপন কৰা হৈছে। একেদৰে ২০৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া ৰে’লপথত বিদ্যুৎ যোগান ব্যৱস্থাৰ বাবে ৯,৩০০টা অভাৰহেড ইকুইপমেণ্ট (OHE) খুঁটা স্থাপন কৰা হৈছে।
 
ৰে’লমন্ত্ৰীগৰাকীয়ে লগতে জনায় যে, প্ৰকল্পটোৰ অধীনত চাৰিটা পাহাৰীয়া সুৰংগ খননৰ কাম সম্পূৰ্ণ হৈছে। মহাৰাষ্ট্ৰত নিৰ্মাণাধীন ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগটোৰ ভিতৰত পাহাৰীয়া সুৰংগ খনন পদ্ধতিৰে পাঁচ কিলোমিটাৰ অংশৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে।
 
ইফালে, আঠটা ৰে’ল ষ্টেচনৰ অসামৰিক নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ বিপৰীতে বৰ্তমান সেইবোৰৰ স্থাপত্যশৈলীৰ সৈতে জড়িত চূড়ান্ত কাম চলি আছে। একেদৰে সাবৰমতী, ছুৰাট আৰু থানেত থকা তিনিওটা ৰে’ল ৰক্ষণাবেক্ষণ ডিপোৰ নিৰ্মাণকাৰ্যও অব্যাহত আছে। 
 
প্ৰকল্পটোৰ অন্যতম আকৰ্ষণ হৈছে ভাৰতৰ প্ৰথমটো সাগৰৰ তলৰ ৰে’ল সুৰংগ। ৰে’লমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, মহাৰাষ্ট্ৰত বুলেট ট্ৰেইনৰ পথটো ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা সুৰংগৰ মাজেৰে পাৰ হ’ব। ইয়াৰে সাত কিলোমিটাৰ অংশ থানে ক্ৰীকৰ তলেদি যাব। এইটোৱেই হ’ব দেশৰ প্ৰথমটো সাগৰৰ তলৰ ৰে’ল সুৰংগ।
 
এই সুৰংগ নিৰ্মাণৰ বাবে ২০২৬ চনৰ জুলাই মাহত ভিখৰোলী আৰু ছাৱলীৰ পৰা দুটা অত্যাধুনিক টানেল ব’ৰিং মেচিনৰ কাম আৰম্ভ কৰা হয়। বৈষ্ণৱৰ মতে, এই মেচিন দুটা ভাৰতত এতিয়ালৈকে ব্যৱহাৰ কৰা আটাইতকৈ ডাঙৰ সুৰংগ খনন যন্ত্ৰসমূহৰ ভিতৰত অন্যতম।
 
তেওঁ কয়, “প্ৰতিটো মেচিনৰ সন্মুখৰ খননকাৰী অংশৰ ব্যাস ১৩.৬ মিটাৰ, যিটো প্ৰায় চাৰিমহলীয়া অট্টালিকাৰ সমান ওখ। প্ৰতিটো মেচিনৰ ওজন ৩,০০০ টনতকৈও অধিক, অৰ্থাৎ প্ৰায় ৫০০টা এছীয় হাতীৰ ওজনৰ সমান। মেচিনটোৰ দৈৰ্ঘ্য ৯৬ মিটাৰ, যিটো প্ৰায় পাঁচখন ক্ৰিকেট পিটচ একেলগে সংযোগ কৰিলে হোৱা দৈৰ্ঘ্যৰ সমান।”
 
ইয়াৰ লগতে দেশতে বুলেট ট্ৰেইন নিৰ্মাণৰ কামো আগবাঢ়িছে বুলি ৰে’লমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে, ইণ্টিগ্ৰেল কোচ ফেক্টৰী (ICF) আৰু ভাৰত আৰ্থ মুভাৰ্ছ লিমিটেডে (BEML) যৌথভাৱে দেশীয় প্ৰযুক্তিৰে বি-২৮ নামৰ উচ্চগতিসম্পন্ন ৰে’ল নিৰ্মাণ কৰি আছে। এই ৰে’লখন ঘণ্টাত ২৮০ কিলোমিটাৰ বেগত চলাচল কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে। 
 
ইতিমধ্যে ৰে’লখনৰ প্ৰথমটো মূল বডী ফ্ৰেম নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু বৰ্তমান ইয়াৰ গাঁথনিগত সক্ষমতা পৰীক্ষা কৰি থকা হৈছে। ২০২৭ চনৰ মাজভাগলৈ ৰে’লখনৰ পৰীক্ষামূলক চলাচল আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। 
 
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ঘণ্টাত ৩৫০ কিলোমিটাৰ বেগত চলিব পৰা অধিক উন্নত বি-৩৫ মডেলৰ বুলেট ট্ৰেইন নিৰ্মাণৰ পৰিকল্পনাও গ্ৰহণ কৰা হৈছে।
 
ৰে’লমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, উচ্চগতিসম্পন্ন ৰে’লপথৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিও দেশীয়ভাৱে নিৰ্মাণত গুৰুত্ব দিয়া হৈছে। বিশেষকৈ উচ্চগতিসম্পন্ন বিদ্যুৎ যোগান ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় বৃহৎ ট্ৰেন্সফৰ্মাৰ, বিদ্যুতৰ খুঁটাত ব্যৱহৃত ক্ৰছ আৰ্ম, গ্ৰাউণ্ড ৱায়াৰ, সুৰক্ষা তাঁৰ আৰু বিদ্যুৎ সৰবৰাহৰ তাঁৰকে ধৰি বিভিন্ন সামগ্ৰী ভাৰততে উৎপাদন কৰা হৈছে। 
 
ইফালে, ২০১৭ চনত ঘোষণা কৰা বুলেট ট্ৰেইন প্ৰকল্পটো আৰম্ভ হোৱাৰ প্ৰায় এটা দশক পিছতো সম্পূৰ্ণ নোহোৱাক লৈ উত্থাপিত সমালোচনাৰো উত্তৰ দিয়ে ৰে’লমন্ত্ৰীগৰাকীয়ে।
 
বৈষ্ণৱে কয় যে, মহাৰাষ্ট্ৰত প্ৰয়োজনীয় চৰকাৰী অনুমতি আৰু ভূমি অধিগ্ৰহণৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে প্ৰায় আঢ়ৈ বছৰ ধৰি প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিব পৰা হোৱা নাছিল। ইয়াৰ পিছত ক’ভিড মহামাৰীৰ বাবে আৰু দুবছৰ সময় নষ্ট হয়। তেওঁৰ মতে, ২০২১ চনৰ পৰাহে প্ৰকল্পটোৰ পূৰ্ণগতিত নিৰ্মাণকাৰ্য আৰম্ভ হয়।
 
সমালোচকসকলক উদ্দেশ্যি বৈষ্ণৱে কয়, “যেতিয়া সমালোচকসকলে প্ৰশ্ন কৰে যে বুলেট ট্ৰেইন ক’ত, তেতিয়া ইয়াৰ প্ৰকৃত উত্তৰ হ’ল— প্ৰকল্পটোৰ মূল নিৰ্মাণকাৰ্য আৰম্ভ হোৱা মাত্ৰ পাঁচ বছৰ হৈছে। এই পাঁচ বছৰত কিমান কাম সম্পূৰ্ণ হৈছে, সেয়া সকলোৱে চোৱা উচিত।”
 
কেন্দ্ৰীয় ৰে’লমন্ত্ৰীগৰাকীৰ এই ঘোষণা অনুসৰি, ২০২৭ চনত ছুৰাট-ভাপি অংশত বুলেট ট্ৰেইনৰ সেৱা আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ ৰে’ল পৰিবহণ ব্যৱস্থাত এক নতুন অধ্যায়ৰ সূচনা হ’ব।