ক'হিমা
নাগালেণ্ডত অহা ১ৰ পৰা ১০ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ২৭ সংখ্যক হৰ্ণবিল সংগীত মহোৎসৱৰ শিল্পীসকলৰ তালিকা ঘোষণা কৰা হৈছে। দহদিনীয়া এই সংগীত মহোৎসৱত ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ সংগীতশিল্পীয়ে অংশগ্ৰহণ কৰিব।
কিছামাৰ নগা হেৰিটেজ ভিলেজৰ ইউনিটি প্লাজাত অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱত ভাৰতৰ জনপ্ৰিয় সংগীত দল 'হোৱেন চাই মেট টোষ্ট', 'ইণ্ডিয়ান অ'চেন', 'পৰিক্ৰমা', 'থাইক্কুডাম ব্ৰীজ' আৰু 'থাৰ্মেল এণ্ড এ কোৱাৰ্টাৰ' এ সংগীত পৰিৱেশন কৰিব।
উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাগৰাকীও প্ৰতিভাৱান সংগীতশিল্পী আৰু সংগীত দলেও এই মহোৎসৱত অংশগ্ৰহণ কৰিব। তেওঁলোকৰ ভিতৰত আছে মেবা অফিলিয়া, মোকো কোজা, দ্য ৰুডি ৱালাং বেণ্ড, চালি, ৰঞ্জ এক্স ক্লিপাৰ, ব্লিং ট্ৰাইব আৰু এইচ অ' এমৰ সৈতে দ্য গ্লাটনছ।
আন্তঃৰাষ্ট্ৰীয় শিল্পী আৰু সংগীত দলসমূহৰ ভিতৰত আছে আমেৰিকাৰ হট বাটাৰ্ড ৰাম, যুক্তৰাজ্যৰ কোৰাছ ট্ৰিঅ', জাপানৰ ড্ৰাম টাও, চাইপ্ৰাছৰ মঁছিয়ৰ দুয়ামানি, পেৰুৰ চিলভিয়া ফালকন, অষ্ট্ৰেলিয়াৰ মিচ টেম্বো, অষ্ট্ৰিয়াৰ টিম এণ্ড জনিক আৰু ফ্ৰান্সৰ বাগাড ৰনছে ডি'মৰ।
ইয়াৰ উপৰি প'লাৰ লাইটছ, ফেদাৰহেডছ, ছিন্স নাইণ্টিজ, থাণ্ডাৰ্ছ কেভ, ডেড এন ডটাৰ, ডিজে লিল বম্ব, ছাৰিৱাৰ, এনচেণ্টাৰ, হেণ্টক কন্যাক, শ্বাউ ইভান্স, দ্য ব্ৰাইটলাইটছ কোৱাৰ, ৰিদমছ অৱ দ্য আৰ্থ, ভেলভেট ছাইৰেন, মনিকা ষ্টাৰ্লিং, বাউণ্ড বাই ফায়াৰ, জেলি কায়িট টামিন বেণ্ড, ষ্টীল ফেলকন, ভি কে খুছন আৰু ক্ল'ই ছাৰাই সংগীত পৰিৱেশন কৰিব।
'উৎসৱৰ উৎসৱ' হিচাপে জনপ্ৰিয় হৰ্ণবিল মহোৎসৱ হৈছে নাগালেণ্ডৰ এক বাৰ্ষিক সাংস্কৃতিক মহোৎসৱ। ৰাজ্যখনৰ বিভিন্ন নগা জনগোষ্ঠীৰ পৰম্পৰা, সংগীত, নৃত্য, খাদ্য-সম্ভাৰ, হস্তশিল্প আৰু থলুৱা ৰীতি-নীতি উদ্যাপনৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হয়।
প্ৰতিবছৰে ডিচেম্বৰ মাহত কিছামাত অনুষ্ঠিত হোৱা এই মহোৎসৱ বৰ্তমান দেশ-বিদেশৰ পৰ্যটকসকলৰ বাবে এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হৈ উঠিছে।
পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠানৰ সমান্তৰালকৈ হৰ্ণবিল সংগীত মহোৎসৱে উত্তৰ-পূৰ্বাঞ্চলৰ সংগীতশিল্পীসকলক দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠিত শিল্পীসকলৰ সৈতে একেখন মঞ্চত প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰি আহিছে।