পুৰুষপ্ৰধান বৃত্তিত এগৰাকী নাৰীঃ মাটিৰে প্ৰতিমা নিৰ্মাণৰ লগতে নিজৰো ভাগ্য গঢ়িছে পাণ্ডুৰ দীপিকা পালে

Story by  atv | Posted by  [email protected] • 1 h ago
দীপিকা পাল
দীপিকা পাল
 
সুদীপ শৰ্মা চৌধুৰী আৰু আৰিফুল ইছলাম / গুৱাহাটী
 
মাটিৰে তেওঁ কেৱল প্ৰতিমাই নগঢ়ে, গঢ়ি তোলে নিজৰ সপোনো। তেওঁৰ হাতৰ পৰশত যেন প্ৰাণ পাই উঠে বোকামাটি, ফাইবাৰ আৰু চিমেণ্টৰ নিৰ্জীৱ সামগ্ৰীয়ে। কেতিয়াবা দুৰ্গা, কেতিয়াবা বাসন্তী, আকৌ কেতিয়াবা হিন্দু ধৰ্মৰ নানা দেৱ-দেৱীৰ মূৰ্তি, প্ৰতিটো প্ৰতিমাৰ সৈতে মিলি থাকে তেওঁৰ শিল্পীসত্তা, পৰিশ্ৰম আৰু জীৱনৰ দীৰ্ঘ সংগ্ৰামৰ কাহিনী। তেওঁ হৈছে গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ বাসিন্দা দীপিকা পাল। প্ৰায় ১২ বছৰ ধৰি প্ৰতিমা নিৰ্মাণকে পেছা হিচাপে বাছি লৈছে তেওঁ। পিছে এই পেছা তেওঁৰ বাবে কেৱল জীৱিকা উপাৰ্জনৰ এক আহিলা নহয়। এই পেছা তেওঁৰ পৰিয়ালৰ ঐতিহ্য, পিতৃৰ স্মৃতি আৰু নিজৰ আত্মপৰিচয় গঢ়ি তোলাৰ এক দীঘলীয়া যুঁজ।
 
দীপিকাৰ পৰিয়ালটি দীৰ্ঘদিন ধৰি প্ৰতিমা নিৰ্মাণ শিল্পৰ সৈতে জড়িত। শৈশৱত পঢ়া-শুনাৰ সমান্তৰালকৈ দেউতাকহঁতে মূৰ্তি বনোৱা কাম নিবিড়ভাৱে পৰ্যবেক্ষণ কৰিছিল দীপিকাই। মাটিৰে কেনেকৈ লাহে লাহে এটা গাঁথনি তৈয়াৰ হয় আৰু কেনেকৈ সেই গাঁথনিত জিলিকি উঠে দেৱীৰ মুখমণ্ডল, সেই সকলোবোৰ তেওঁৰ চকুৰ আগতেই সংঘটিত হৈছিল। তেতিয়া অৱশ্যে তেওঁ কল্পনাও কৰা নাছিল যে এদিন এই শিল্পই তেওঁৰ জীৱনৰ পেছা হৈ পৰিব। কিন্তু জীৱনে কেতিয়াবা মানুহক এনে সিদ্ধান্ত ল'বলৈও বাধ্য কৰে, যিটো তেওঁ নিজে কেতিয়াও কল্পনা কৰা নাছিল।

পৰিয়ালত তেওঁলোক তিনিগৰাকী বায়েক-ভনীয়েক, দীপিকাৰ কোনো জ্যেষ্ঠ বা কনিষ্ঠ ভাতৃ নাই। তেনে সময়তে হঠাতে পিতৃৰ বিয়োগ ঘটাত পৰিয়ালৰ সমস্ত দায়িত্ব আহি পৰে দীপিকাৰ কান্ধত। এফালে সংসাৰৰ বোজা, আনফালে ভৱিষ্যতৰ অনিশ্চয়তা- সকলো দিশ চম্ভালাৰ এক কঠিন সময়ৰ সূত্ৰপাত হয় তেতিয়াই। আৰু সেই কঠিন সময়তেই পিতৃৰ হাতৰ কামখিনি নিজৰ হাতত তুলি লয় দীপিকাই।
 
'আৱাজ - দ্য ভইচ'ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত দীপিকা পালে কয়, "দুৰ্গা মাৰ প্ৰতিমা প্ৰস্তুত কৰিবলৈ পোৱাটো মোৰ বাবে এক সৌভাগ্য। দেউতাৰ মৃত্যুৰ পিছত পৰিয়াল পোহপাল দিবলৈ মই দেউতাৰ তথা আমাৰ পৰিয়ালৰ এই পেছাটোকেই বাছি ল'লোঁ। সৰুৰে পৰা দেউতা আৰু আতাই কাম কৰা মাজে মাজে চাইছিলোঁ আৰু দেউতাক কেতিয়াবা সহায়ো কৰিছিলোঁ। তেনেকৈয়ে মই এই কামটো আয়ত্ত কৰিছিলোঁ।"
 
প্ৰতিমা গঢ় দি থকা মুহূৰ্তত দীপিকা
 
তেওঁ লগতে কয়, "সাধাৰণতে প্ৰতিমা প্ৰস্তুত কৰা কাম পুৰুষেহে কৰে। মই ভাবিছিলোঁ পুৰুষে যদি পাৰে, মহিলাই কিয় নোৱাৰিব? সেই ভাবিয়েই মই কাম আৰম্ভ কৰিছিলোঁ। সৰুৰে পৰা প্ৰতিমা বনোৱাৰ প্ৰতি মোৰ এক সপোনো আছিল। আমাৰ পৰিয়ালৰ এই পৰম্পৰা যদি মই অব্যাহত নাৰাখিলোঁহেঁতেন, তেন্তে হয়তো দেউতাৰ মৃত্যুৰ লগে লগেই ইয়াৰ অন্ত পৰিলহেঁতেন। মই এয়া ভাবি অত্যন্ত গৌৰৱবোধ কৰোঁ যে এই মহান কামটোৰ জৰিয়তে মই দেউতাৰ নামটো বৰ্তাই ৰাখিব পাৰিছোঁ।"
 
এগৰাকী নাৰী হৈ পুৰুষপ্ৰধান প্ৰতিমা নিৰ্মাণৰ জগতখনত নিজৰ স্থান সুৰক্ষিত কৰিবলৈ তেওঁ প্ৰতিনিয়ত যুঁজ কৰিবলগীয়া হৈছে। দেউতাকৰ পুৰণি গ্ৰাহকসকলৰ ওচৰলৈ তেওঁ পুনৰ যাবলগীয়া হৈছে আৰু নতুনকৈ তেওঁলোকৰ বিশ্বাস অৰ্জন কৰিবলগীয়া হৈছে। নিজৰ নিপুণতাৰ জৰিয়তে তেওঁ প্ৰমাণ কৰি দিছে যে প্ৰতিমা নিৰ্মাণ শিল্পত দক্ষতাৰ কোনো লিংগভেদ নাথাকে। ক্ৰমান্বয়ে তেওঁৰ কামৰ পৰিচিতি বৃদ্ধি পাবলৈ ধৰিলে। তেওঁৰ হাতেৰে নিৰ্মিত প্ৰতিমা ক্ৰয় কৰিবলৈ দূৰ-দূৰণিৰ পৰাও গ্ৰাহক আহিবলৈ আৰম্ভ কৰিলে। পিতৃৰ পুৰণি পৰিচয়ক ভিত্তি কৰি আৰম্ভ কৰিলেও, বৰ্তমান দীপিকাৰ নিজৰ নিজৰ এক সুকীয়া পৰিচয় গঢ় লৈ উঠিছে।
 
সংসাৰ চলোৱাৰ যুঁজৰ সমান্তৰালকৈ তেওঁৰ বৈবাহিক জীৱনতো আহি পৰিছে নানা প্ৰত্যাহ্বান। তথাপি তেওঁ থমকি ৰোৱা নাই। দেৱী দুৰ্গাৰ দৰেই প্ৰতিকূলতাৰ বিৰুদ্ধে যুঁজি নিজৰ পৰিয়ালটোক তেওঁ সুৰক্ষা দি ৰাখিছে। এফালে সংসাৰৰ দায়িত্ব, আনফালে শিল্পৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱা- এই দুয়োটাৰে মাজত ভাৰসাম্য বজাই ৰাখিয়েই তেওঁ আগুৱাই গৈছে। বৰ্তমান স্থানীয় এখন ক্লাবৰ দুৰ্গাপূজাৰ মণ্ডপ ভাড়া লৈ সেই ঠাইতে তেওঁ গঢ়ি তুলিছে প্ৰতিমা নিৰ্মাণৰ কৰ্মশালা। চাৰিওফালে মাটি, খেৰ, বাঁহ, ৰং আৰু বিভিন্ন সঁজুলিৰে পৰিপূৰ্ণ সেই কৰ্মশালাখনেই এতিয়া তেওঁৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ ঠিকনা।
 
দীপিকাৰ প্ৰতিমা নিৰ্মাণৰ কৰ্মশালা
 
দীপিকাই নিৰ্মাণ কৰা প্ৰতিমাৰ চাহিদাও ক্ৰমান্বয়ে বাঢ়িছে। তেওঁ জানিবলৈ দিয়া মতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহৰ বাবেও তেওঁ বাসন্তী পূজাৰ এটি প্ৰতিমা নিৰ্মাণ কৰিছিল আৰু সেই প্ৰতিমাতে মুখ্যমন্ত্ৰীগৰাকীয়ে পূজা-অৰ্চনা কৰিছিল।
 
দুৰ্গাপূজাৰ বতৰত তেওঁৰ ব্যস্ততা আৰু অধিক বৃদ্ধি পায়। দেৱীৰ মুখৰ আকৃতি, চকুৰ চাৱনি, অলংকাৰৰ আৰ্হি— প্ৰতিটো বিষয়তেই থাকে তেওঁৰ তীক্ষ্ণ দৃষ্টি আৰু বিশেষ যত্ন। তেওঁৰ বাবে প্ৰতিটো প্ৰতিমাই যেন একোটা নতুন সপোন। দীপিকাৰ ভাষাত, "মাৰ মূৰ্তি নিৰ্মাণ কৰাটো মোৰ বাবে কেৱল এটা পেছা নহয়, ই মোৰ সপোন পূৰণৰ দৰে।"
 
কৰ্মপ্ৰক্ৰিয়া সন্দৰ্ভত দীপিকাই কয়, "প্ৰতিমা নিৰ্মাণৰ বাবে বাঁহ, কাঠ, খেৰ আৰু মাটিৰ প্ৰয়োজন হয়। চহৰ অঞ্চল হোৱা হেতুকে ইয়াত সকলো সামগ্ৰী কিনিবলগীয়া হয়। মই মোৰ কৰ্মচাৰীসকলকো বাহিৰৰ পৰা ভাড়া কৰি নিবলগীয়া হয়। বছৰটোৰ আৰম্ভণিতে মই প্ৰথমতে গণেশৰ মূৰ্তি প্ৰস্তুত কৰোঁ। তাৰপিছত মনসা, বিশ্বকৰ্মা, গণেশ চতুৰ্থী, দুৰ্গা পূজা আৰু কালী পূজালৈকে মোৰ কাম নিৰৱচ্ছিন্নভাৱে চলি থাকে। তদুপৰি ৰাস পূৰ্ণিমাৰ বাবেও মই প্ৰতিমা নিৰ্মাণৰ কাম কৰোঁ।"
 
গ্ৰাহকৰ বিশ্বাস সন্দৰ্ভত তেওঁ কয়, "দেউতাৰ প্ৰতি মানুহৰ অগাধ বিশ্বাস আছিল। মই যেতিয়া কাম আৰম্ভ কৰোঁ, দেউতাৰ গ্ৰাহকসকলে মোক প্ৰশ্ন কৰিছিল- 'পাৰিবা জানো?' মই তেতিয়া আত্মবিশ্বাসেৰে উত্তৰ দিছিলোঁ যে মই পাৰিম। লাহে লাহে মোৰ কাম দেখি মানুহে পছন্দ কৰিবলৈ ল'লে আৰু বিশ্বাস ঘূৰাই পালে। বৰ্তমান আমাৰ স্থানীয় গ্ৰাহকৰ উপৰি যথেষ্ট সংখ্যক বাহিৰৰ গ্ৰাহকো আছে।"
 
কেৱল শিল্পকৰ্মই নহয়, পৰিৱেশৰ প্ৰতিও তেওঁৰ আছে বিশেষ দায়বদ্ধতা। প্ৰতিমা নিৰ্মাণত পৰিৱেশবান্ধৱ ৰং আৰু সামগ্ৰী ব্যৱহাৰ কৰাৰ দিশত তেওঁ সততে গুৰুত্ব প্ৰদান কৰে। নৈ-নিজৰা আৰু জলাশয়ত প্ৰতিমা বিসৰ্জনৰ ফলত যাতে প্ৰদূষণৰ মাত্ৰা হ্ৰাস পায়, সেই বিষয়টোৰ প্ৰতিও এইগৰাকী শিল্পী সদায় সজাগ।
 
আদৰেৰে মা দুৰ্গাৰ প্ৰতিমা প্ৰস্তুত কৰি থকা মুহূৰ্তত
 
দেৱী বিসৰ্জনৰ সময়ৰ অনুভৱ ব্যক্ত কৰি দীপিকাই এক আৱেগিক সুৰত কয়, "বিসৰ্জনৰ সময়ছোৱা মোৰ বাবে যথেষ্ট কষ্টকৰ। মোৰ এনেকুৱা অনুভৱ হয়, যেন মোৰ মা মোৰ কাষৰ পৰা গুচি গৈছে। এগৰাকী মাতৃয়ে যিদৰে এটা শিশুক সৰুৰে পৰা গঢ় দিয়ে, ঠিক একেদৰেই মই প্ৰতিটো প্ৰতিমা অতিকৈ আদৰেৰে প্ৰস্তুত কৰোঁ।"
 
অৱশ্যে দীপিকাৰ জীৱন সংগ্ৰামৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰটো হয়তো তেওঁৰ নিজৰ কনমানি ছোৱালীজনীৰ মুখৰ এটি নিস্পাপ কথা। এদিন ছোৱালীজনীয়ে তেওঁক কৈছিল- "মা, ময়ো তোমাৰ দৰেই মূৰ্তি বনাম।" এই মাত্ৰ এটা বাক্যই যেন দীপিকাৰ দীঘলীয়া যুঁজখনক এক নতুন আৰু গভীৰ অৰ্থ প্ৰদান কৰিছে। যি শিল্প এদিন পিতৃৰ পৰা তেওঁৰ হাতলৈ আহিছিল, সেয়া হয়তো এদিন তেওঁৰ কন্যাৰ হাতলৈয়ো হস্তান্তৰিত হ'ব। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বৈ থাকিব মাটিৰে সপোন গঢ়াৰ এই অনন্য ঐতিহ্য।
 
সেয়েহে দীপিকাৰ কাহিনী কেৱল এগৰাকী মহিলা মূৰ্তিশিল্পীৰ কাহিনীয়েই নহয়; ই হৈছে এগৰাকী নাৰীৰ দৃঢ়তা আৰু আত্মনিৰ্ভৰশীলতাৰ কাহিনী। পিতৃক হেৰুওৱাৰ পিছত শোকত ভাগি নপৰি, ধৈৰ্যৰে পৰিয়ালৰ দায়িত্ব কান্ধ পাতি লোৱাৰ কাহিনী। পুৰুষতান্ত্ৰিক মানসিকতাৰ সন্মুখত থিয় দি নিজৰ যোগ্যতাৰে সমাজত পৰিচয় গঢ়ি তোলাৰ কাহিনী। তেওঁ দেৱীৰ মূৰ্তি নিৰ্মাণ কৰে, অথচ তেওঁৰ নিজৰ জীৱনটোৱেই যেন এক জীৱন্ত দুৰ্গাৰ আখ্যান— য'ত সংগ্ৰাম আছে, বাধা আছে, অন্ধকাৰ আছে; কিন্তু শেষত আছে জয়ৰ উজ্জ্বল পোহৰ। মাটিৰে প্ৰতিমা গঢ়ি গঢ়ি পাণ্ডুৰ দীপিকা পালে আচলতে গঢ়ি তুলিছে নিজৰ ভাগ্য।