নতুন দিল্লী
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৭ সংস্কৰণৰ পূৰ্বেই ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এক বৃহৎ খবৰ। ক্ৰিকেট জগতত এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে আই পি এলৰ ইতিহাসৰ অন্যতম বৃহৎ ট্ৰেড ডিলে। জানিব পৰা মতে, পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ শিবিৰ এৰিব পাৰে দলটোৰ বৰ্তমানৰ অধিনায়ক তথা তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই। সকলো ঠিকে থাকিলে পাণ্ডিয়াৰ পৰৱৰ্তী ঠিকনা হ’ব পঞ্জাব কিংছ। আনহাতে, ইয়াৰ বিনিময়ত পঞ্জাবৰ তাৰকা বাঁওহতীয়া বেগী বলাৰ অৰ্শদীপ সিঙে মুম্বাই ইণ্ডিয়ানছৰ জাৰ্ছী পৰিধান কৰিব।
জনপ্ৰিয় ক্ৰীড়া সংবাদ মাধ্যম 'স্পৰ্টছ টক'ৰ এক বিশেষ প্ৰতিবেদন অনুসৰি, দুয়োটা ফ্ৰেঞ্চাইজিয়ে ইতিমধ্যে এই হাই-প্ৰফাইল ট্ৰেড ডীলৰ সকলো প্ৰয়োজনীয় নথি-পত্ৰ প্ৰস্তুত কৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ ওচৰত আনুষ্ঠানিকভাৱে জমা দিছে। কেৱল সেয়াই নহয়, হাৰ্দিক পাণ্ডিয়া আৰু অৰ্শদীপ সিং— দুয়োগৰাকী খেলুৱৈয়ে এই চুক্তিত সন্মতি প্ৰদান কৰা বুলিও প্ৰতিবেদনত দাবী কৰা হৈছে। এই বৃহৎ বিনিময় প্ৰক্ৰিয়াটোত অৰ্শদীপৰ লগতে পঞ্জাবৰ আন এগৰাকী খেলুৱৈ, উইকেটকীপাৰ-বেটাৰ বিষ্ণু বিনোদো মুম্বাইৰ শিবিৰত অন্তৰ্ভুক্ত হোৱাৰ প্ৰবল সম্ভাৱনা আছে। বৰ্তমান কেৱল বিচিচিআইৰ চূড়ান্ত অনুমোদন আৰু আনুষ্ঠানিক ঘোষণালৈহে অপেক্ষা কৰা হৈছে।
এই খবৰৰ লগে লগে মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত দীৰ্ঘদিন ধৰি চলি থকা "ৰোহিত-হাৰ্দিক" বিতৰ্কৰো অন্ত পৰাৰ দিশে অগ্ৰসৰ হৈছে। উল্লেখযোগ্য যে, ২০২৪ চনৰ ছিজনত গুজৰাট টাইটানছৰ পৰা নিজৰ পুৰণি দল মুম্বাইলৈ উভতি আহিছিল হাৰ্দিক আৰু দল পৰিচালন সমিতিয়ে তেওঁক পোনপোটীয়াকৈ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰিছিল। কিন্তু ৰোহিত শৰ্মাক অপসাৰণ কৰি হাৰ্দিকক অধিনায়ক পতা বিষয়টো মুম্বাইৰ বৃহৎ সংখ্যক অনুৰাগীয়ে সহজভাৱে ল'ব পৰা নাছিল। ফলত হাৰ্দিকৰ অধিনায়কত্বক লৈ তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হোৱাৰ লগতে দলৰ ভিতৰতো মতানৈক্যৰ খবৰ সঘনাই সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। ৰোহিত শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াৰ মাজৰ শীতল সম্পৰ্কই ক্ৰিকেট মহলত ব্যাপক বিতৰ্কৰো সূত্ৰপাত কৰিছিল। এতিয়া হাৰ্দিকৰ প্ৰস্থানৰ খবৰে এই সকলো বিতৰ্কৰ অৱসান ঘটাব বুলি ধাৰণা কৰা হৈছে।
প্ৰথম অৱস্থাত বৰ্তমানৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছেও হাৰ্দিক পাণ্ডিয়াক নিজৰ দলত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা বুলি গুজৱ বিয়পিছিল। অৱশ্যে, বৰ্তমানৰ পৰিস্থিতিলৈ চাই পঞ্জাব কিংছেই মুম্বাইৰ সৈতে এই ঐতিহাসিক চুক্তি চূড়ান্ত কৰাৰ দিশে খোজ পেলাইছে।
এই ট্ৰেড ডীল দুয়োটা দলৰ বাবেই লাভজনক আৰু সুদূৰপ্ৰসাৰী কৌশলৰ অংশ হিচাপে বিবেচিত হৈছে। টি-২০ ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ অৰ্শদীপ সিঙক দলত অন্তৰ্ভুক্ত কৰি মুম্বাইয়ে নিজৰ বলিং বিভাগক অধিক দুৰ্ভেদ্য আৰু শক্তিশালী কৰাৰ লক্ষ্য লৈছে। একেদৰে, হাৰ্দিক পাণ্ডিয়াৰ দৰে এজন অভিজ্ঞ খেলুৱৈৰ আগমনে পঞ্জাব কিংছৰ অলৰাউণ্ডাৰ বিভাগটো অধিক সৱল কৰিব। যদিহে এই ট্ৰেড ডীল বাস্তৱায়িত হয়, তেন্তে আগন্তুক ছিজনত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব আৰু দলৰ আভ্যন্তৰীণ সমীকৰণত এক আমূল পৰিৱৰ্তন দেখা পোৱা যাব।