আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা গ্লেন মেক্সৱেলৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
গ্লেন মেক্সৱেল
গ্লেন মেক্সৱেল
 
নতুন দিল্লী 
 
অষ্ট্ৰেলিয়াৰ বিস্ফোৰক অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে সোমবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে৷ ইয়াৰ লগতে তেওঁ তিনিওটা ফৰ্মেটতে এক দশকৰো অধিক সময়ৰ কেৰিয়াৰৰ অন্ত পেলাইছে৷
 
ই এছ পি এন ক্ৰিচিনফ’ৰ তথ্য অনুসৰি মেক্সৱেলে অষ্ট্ৰেলিয়াৰ হৈ ২৮৬খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ৭,২২৬ ৰাণ সংগ্ৰহ কৰি ১৩৬টা উইকেট দখল কৰিছে৷ দ্য বিগ শ্ব’ নামেৰে পৰিচিত ৩৮ বছৰীয়া মেক্সৱেল ২০১৫ আৰু ২০২৩ চনৰ এদিনীয়া বিশ্বকাপ আৰু ২০২১ চনৰ টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সফল দলসমূহৰ মূল অংশ আছিল৷
 
২০১২ চনত আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া খেলৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা মেক্সৱেল নিজৰ প্ৰজন্মৰ অন্যতম বিপজ্জনক হোৱাইট বল বেটছমেন হিচাপে পৰিগণিত হয়৷ তেওঁৰ অনন্য শ্বট, পাৱাৰ-হিটিং, খেলৰ গতিপথ সলনি কৰাৰ বাবে পৰিচিত আছিল৷ টি-২০ ইণ্টাৰনেশ্যনেলত মেক্সৱেলে পাঁচটা শতক অৰ্জন কৰিছে, যিটো ভাৰতৰ ৰোহিত শৰ্মাৰ সৈতে যৌথভাৱে সৰ্বাধিক শতক৷
 
তেওঁৰ কেৰিয়াৰৰ এটা টাৰ্নিং পইণ্ট আছিল ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ সময়ত মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত আফগানিস্তানৰ বিৰুদ্ধে লীগ পৰ্যায়ৰ খেলখন৷ ক্ৰেম্প আৰু খোজ কঢ়াত অসুবিধা হোৱাৰ পিছতো মেক্সৱেলে ১২৮টা বলত অপৰাজিত ২০১ ৰাণৰ অবিশ্বাস্য ইনিংছ খেলিছিল৷ তেওঁৰ ইনিংছৰ সহায়ত অষ্ট্ৰেলিয়াই ২৯২ ৰাণৰ লক্ষ্য অনুসৰণ কৰি আফগানিস্তানক তিনি উইকেটত পৰাস্ত কৰে৷
 
মেক্সৱেলৰ যাদুকৰী ইনিংছৰ পূৰ্বে অষ্ট্ৰেলিয়া ৯১/৭ আছিল আৰু পৰাজয় নিশ্চিত যেন লাগিছিল৷ মেক্সৱেলে মুঠ সাতখন টেষ্ট মেচ খেলিছিল আৰু অন্তিমখন টেষ্ট আছিল ২০১৭ চনত৷ ইয়াৰ পিছত তেওঁ মূলতঃ সীমিত অভাৰৰ ক্ৰিকেটত মনোনিৱেশ কৰিছিল, য’ত তেওঁ যথেষ্ট সফলতা লাভ কৰিছিল৷
 
তেওঁ ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ পাছত এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল৷ এই ফৰ্মেটত তেওঁ মুঠ ৩,৯৯০ ৰাণ সংগ্ৰহ কৰে৷ তেওঁৰ শেষৰখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ আছিল চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ওমানৰ বিৰুদ্ধে৷ 
 
মেক্সৱেলৰ অৱসৰৰ লগে লগে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্ত পৰিল৷ এই কেৰিয়াৰৰ সময়ছোৱাত তেওঁ আক্ৰমণাত্মক বেটিং, উপযোগী অফ স্পিন বলিং আৰু উৎকৃষ্ট ফিল্ডিঙৰ দ্বাৰা অষ্ট্ৰেলিয়াৰ অন্যতম প্ৰভাৱশালী সীমিত অভাৰ ক্ৰিকেটাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল৷


শেহতীয়া খবৰ