মণিপুৰৰ মুখ্যমন্ত্ৰী ৱাই খেমচান্দ সিং টাইকোৱাণ্ডোত ‘গ্ৰেণ্ড মাষ্টাৰ নৱম ডান’ উপাধি লাভ কৰা প্ৰথম ভাৰতীয়

Story by  atv | Posted by   Imtiaz Ahmed • 1 h ago
অনুষ্ঠানত মণিপুৰৰ মুখ্যমন্ত্ৰী ৱাই খেমচান্দ সিঙে নিজৰ সমৰকলাৰ দক্ষতা আৰু ক্ষিপ্ৰ প্ৰতিক্ৰিয়াৰ ক্ষমতাও প্ৰদৰ্শন কৰে
অনুষ্ঠানত মণিপুৰৰ মুখ্যমন্ত্ৰী ৱাই খেমচান্দ সিঙে নিজৰ সমৰকলাৰ দক্ষতা আৰু ক্ষিপ্ৰ প্ৰতিক্ৰিয়াৰ ক্ষমতাও প্ৰদৰ্শন কৰে
ইম্ফল 

মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙে বুধবাৰে গ্ল’বেল ট্ৰেডিশ্যনেল টাইকোৱাণ্ডো ফেডাৰেশ্যন (জিটিটিএফ)ৰ পৰা ‘গ্ৰেণ্ড মাষ্টাৰ নৱম ডান’ উপাধি লাভ কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়। ইম্ফলত অনুষ্ঠিত প্ৰথম মণিপুৰ ৰাজ্যিক পুমছে টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ২০২৬ৰ উদ্বোধনী অনুষ্ঠানত তেওঁক এই উপাধি প্ৰদান কৰা হয়।

খুমান লাম্পাক ইনড’ৰ ষ্টেডিয়ামত জিটিটিএফৰ সভাপতি গ্ৰেণ্ড মাষ্টাৰ জুন লীয়ে মুখ্যমন্ত্ৰীগৰাকীক এই উপাধি প্ৰদান কৰে। মুখ্যমন্ত্ৰীৰ সচিবালয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, অনুষ্ঠানত সিঙে নিজৰ সমৰকলাৰ দক্ষতা আৰু ক্ষিপ্ৰ প্ৰতিক্ৰিয়াৰ ক্ষমতাও প্ৰদৰ্শন কৰে।

অনুষ্ঠানত ভাষণ দি সিঙে কয় যে টাইকোৱাণ্ডোৰ উৎপত্তিস্থল দক্ষিণ কোৰিয়াৰ পৰা লীৰ নেতৃত্বত অহা এটা দলৰ অংশগ্ৰহণেৰে আয়োজিত এই প্ৰতিযোগিতাই মণিপুৰৰ টাইকোৱাণ্ডো খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক অভিজ্ঞতা আৰু পৰিচয় লাভ কৰাত সহায় কৰিব।

পুমছে প্ৰতিযোগিতাই এই ক্ৰীড়াৰ প্ৰসাৰ ঘটোৱাৰ লগতে ৰাজ্যখনত ইয়াৰ অধিক বিকাশত অৰিহণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
সিঙৰ প্ৰশংসা কৰি লীয়ে কয় যে ১৯৮০ৰ দশকৰ আৰম্ভণিতে তেওঁ ভাৰতৰ অন্যতম বিশিষ্ট টাইকোৱাণ্ডো খেলুৱৈ আছিল। সিঙে একাধিকবাৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জয়লাভ কৰিছিল আৰু ভাৰতত টাইকোৱাণ্ডোৰ প্ৰসাৰৰ অন্যতম বাটকটীয়া আছিল বুলিও তেওঁ উল্লেখ কৰে।

লীয়ে কয়, “বহুতে তেওঁক এগৰাকী নেতা হিচাপে জানে। কিন্তু ৰাজনীতিত প্ৰৱেশ কৰাৰ বহু আগতেই তেওঁ টাইকোৱাণ্ডোৰ চেম্পিয়ন আছিল আৰু আজিও তেওঁ টাইকোৱাণ্ডোৰ সৈতে একাত্ম হৈ আছে।”

মণিপুৰৰ গৃহ, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী গোবিন্দদাস কনথৌজামে কয় যে ৰাজ্যখনত বিভিন্ন ক্ৰীড়াত প্ৰচুৰ প্ৰতিভা আছে। তেওঁ এই প্ৰতিযোগিতাক অধিক শক্তিশালী আৰু সকলোকে সামৰি লোৱা টাইকোৱাণ্ডো আন্দোলন গঢ়ি তোলাৰ ভেটি বুলি অভিহিত কৰে।

তেওঁ অনুশাসন, সম সুযোগ আৰু যুৱক-যুৱতীসকলৰ প্ৰতিভা তথা দৃঢ় সংকল্পক স্বীকৃতি দিয়াৰ ওপৰত ভিত্তি কৰি এক ক্ৰীড়া সংস্কৃতি গঢ়ি তোলাৰ আহ্বান জনায়। লগতে যুৱ সমাজক হিংসা পৰিহাৰ কৰি ক্ৰীড়াৰ জৰিয়তে এখন শান্তিপূৰ্ণ সমাজ গঢ়াত অৰিহণা যোগাবলৈ আহ্বান জনায়।

অনুষ্ঠানত হুয়েন লাল্লং মণিপুৰ থাং-টা কালচাৰেল এছ’চিয়েশ্যনে মণিপুৰৰ পৰম্পৰাগত সমৰকলা থাং-টা প্ৰদৰ্শন কৰে। দক্ষিণ কোৰিয়াৰ শ্বিনহান বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও প্ৰদৰ্শন আগবঢ়ায়।

জিটিটিএফৰ এটা ৩১জনীয়া প্ৰতিনিধি দলে ১৯ৰ পৰা ২৪ অক্টোবৰলৈ মণিপুৰ ভ্ৰমণ কৰিছে। দলটোত অলিম্পিকত তিনিবাৰ পদক বিজয়ী হোৱাং কিয়ুং-ছিয়নো আছে।

অনুষ্ঠানত বিধায়ক, জ্যেষ্ঠ প্ৰশাসনিক বিষয়া, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ বিষয়া, প্ৰশিক্ষক, খেলুৱৈ আৰু অভিভাৱকসকল উপস্থিত থাকে।