ৰিয়েল মাদ্ৰিদৰ পৰিচালনা সমিতিৰ নতুন সদস্য হিচাপে নিৰ্বাচিত টেনিছ কিংবদন্তি ৰাফায়েল নাডাল

Story by  atv | Posted by   Imtiaz Ahmed • 5 h ago
ৰাফায়েল নাডাল; ৰিয়েল মাদ্ৰিদৰ ল'গ'
ৰাফায়েল নাডাল; ৰিয়েল মাদ্ৰিদৰ ল'গ'
মাদ্ৰিদ 

শুকুৰবাৰে অনুষ্ঠিত ৰিয়েল মাদ্ৰিদৰ বিশেষ সাধাৰণ সভাত ৯৯.৫ শতাংশ ভোট লাভ কৰি ক্লাবটোৰ পৰিচালনা সমিতিৰ সদস্য হিচাপে নিৰ্বাচিত হয় স্পেইনৰ টেনিছ কিংবদন্তি ৰাফায়েল নাডাল। মুঠ ১,৭১৩টা ভোটৰ ভিতৰত নাডালৰ নিযুক্তিৰ সপক্ষে ১,৭০৪টা আৰু বিপক্ষে চাৰিটা ভোট পৰে। পাঁচজন ভোটদানৰ পৰা বিৰত থাকে। নিযুক্তিৰ পাছত ক্লাবৰ প্ৰতিনিধিসকলে থিয় হৈ হাতচাপৰিৰে নাডালক অভিনন্দন জনায়।

ক্লাবৰ আনুষ্ঠানিক বিবৃতি অনুসৰি, সভাপতি ফ্ল’ৰেণ্টিনো পেৰেজে সভাৰ আৰম্ভণিতে কয় যে ৰাফায়েল নাডাল পাৰেৰাৰ নিযুক্তিত অনুমোদন জনোৱাই আছিল একমাত্ৰ কাৰ্যসূচী। দিনটো ক্লাবৰ বাবে আৰু সভাপতি হিচাপে তেওঁৰ নিজৰ বাবেও বিশেষ বুলি পেৰেজে উল্লেখ কৰে।

পেৰেজে কয় যে বিশ্ব ক্ৰীড়াৰ ইতিহাসত নাডালৰ নাম ইতিমধ্যে লিপিবদ্ধ হৈছে। বিশ্বৰ চুকে-কোণে প্ৰশংসা আৰু সন্মান লাভ কৰা এনে কিংবদন্তি হোৱাৰ সৌভাগ্য অতি কমসংখ্যকৰহে হয়। নাডালক ব্যক্তিগতভাৱে জনাসকলে বুজে যে তেওঁৰ মহত্ত্ব জয় আৰু অগণন খিতাপতকৈও বহু ঊৰ্ধ্বত। তেওঁৰ চৰিত্ৰ, ক’ৰ্টৰ ভিতৰে-বাহিৰে আচৰণ আৰু ক্ৰীড়াক মহান কৰি তোলা মূল্যবোধৰ প্ৰতি অটল নিষ্ঠাই তেওঁলৈ লাখ লাখ মানুহৰ সন্মান আৰু মৰম কঢ়িয়াই আনিছে।

“ৰাফা আমাৰেই এজন,” পেৰেজে কয়। ক্লাবৰ এই সন্মানীয় সদস্যজনৰ জাৰ্ছিৰ ৰঙৰ সৈতে গভীৰ আৱেগিক সম্পৰ্ক আছে। মাদ্ৰিদৰ প্ৰতি আনুগত্য তেওঁ সদায় গৌৰৱেৰে প্ৰকাশ কৰিছে। পেৰেজৰ মতে, পৰিচালনা সমিতিত যোগ দি স্পেইন তথা বিশ্ব ক্ৰীড়াৰ অন্যতম শ্ৰেষ্ঠ কিংবদন্তিগৰাকীয়ে ক্লাবৰ ভৱিষ্যতৰ বাবে কাম কৰাৰ দায়িত্ব আৰু গৌৰৱৰ অংশীদাৰ হ’ব বিচাৰিছে। তেওঁৰ উপস্থিতিয়ে ক্লাবৰ পৰিচয়, নীতি আৰু উচ্চাকাংক্ষা অটুট ৰাখি ভৱিষ্যৎ প্ৰজন্মৰ বাবে আকাংক্ষিত ৰিয়েল মাদ্ৰিদ গঢ়াত সহায় কৰিব বুলি পেৰেজে বিশ্বাস প্ৰকাশ কৰে। নাডালে এই পদ গ্ৰহণ কৰাটো ক্লাবৰ বাবে সন্মানৰ কথা বুলি কৈ তেওঁ যোগ দিয়ে, “এই ক্লাব আপোনাৰ ঘৰ।” নতুন ভূমিকাতো একেলগে গৌৰৱ আৰু উত্তেজনাৰ বহু মুহূৰ্ত পাৰ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

নাডালে কয় যে পৰিচালনা সমিতিৰ সদস্য হোৱাটো এক বৃহৎ দায়িত্ব, পৰম সন্মান আৰু গভীৰ সন্তুষ্টিৰ বিষয়। পিতৃ-মাতৃৰ পৰা সন্তানলৈ ক্লাবৰ প্ৰতি ভালপোৱা বিয়পি পৰে আৰু ই মানুহক একত্ৰ কৰে। পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে একেলগে খেল চোৱাটোৱেই তেওঁৰ বাবে সেই বন্ধনৰ প্ৰকাশ। বিশ্বজুৰি পৰিচিত ব্ৰেণ্ড ৰিয়েল মাদ্ৰিদৰ এই দায়িত্বৰ ব্যাপকতা উপলব্ধি কৰিয়েই তেওঁ তাক গ্ৰহণ কৰিছে। সময়ৰ লগে লগে শিকি ক্লাবটোক বিশ্বশ্ৰেষ্ঠ কৰি ৰখাত অৰিহণা যোগাব বিচাৰে নাডালে। আগন্তুক বছৰবোৰতো ক্লাবৰ সাফল্য অব্যাহত ৰাখিবলৈ কাম কৰাৰ অংগীকাৰ কৰি তেওঁ কয়, “হালা মাদ্ৰিদ!”

২০১১ চনৰ পৰা ৰিয়েল মাদ্ৰিদৰ সন্মানীয় সদস্য নাডালক টেনিছ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হয়। এসময়ৰ বিশ্বৰ এক নম্বৰ খেলুৱৈগৰাকীয়ে ২২টা গ্ৰেণ্ড শ্লেমসহ ৯২টা একক খিতাপ, দুটা অলিম্পিক স্বৰ্ণপদক আৰু স্পেইনৰ হৈ পাঁচটা ডেভিছ কাপ জিকিছে।