নতুন দিল্লী
ভাৰতৰ যুৱ প্ৰজন্মই ডাঙৰ ডাঙৰ সপোন দেখাৰ লগতে সেই সপোনবোৰ বাস্তৱায়িত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে। কিন্তু তেওঁলোকৰ আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰত মাদকাসক্তি এক বৃহৎ প্ৰত্যাহ্বান হিচাপে দেখা দিছে। দেওবাৰে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
মাহেকীয়া ৰেডিঅ' অনুষ্ঠান 'মন কী বাত'ত প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দেশজুৰি মাদকদ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে চলি থকা সংগ্ৰামত সমাজৰ বিভিন্ন স্তৰৰ লোকৰ অংশগ্ৰহণ বৃদ্ধি পোৱাটো অত্যন্ত আশাব্যঞ্জক।
তেওঁ কয়, "আজি সমগ্ৰ বিশ্বতে ভাৰতীয় যুৱ প্ৰজন্মৰ প্ৰতিভাক লৈ চৰ্চা হৈছে। আমাৰ যুৱক-যুৱতীসকলে ডাঙৰ ডাঙৰ সপোন দেখিছে আৰু সেই সপোনবোৰ বাস্তৱায়িত কৰিবলৈ নিজৰ সমস্ত শক্তিৰে প্ৰচেষ্টা চলাইছে। কিন্তু তেওঁলোকৰ আশা-আকাংক্ষা পূৰণৰ পথত মাদকাসক্তি এক বৃহৎ প্ৰত্যাহ্বান হৈ থিয় দিছে।"
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশত 'নিচামুক্ত যুৱ অভিযান' পূৰ্ণগতিত চলি আছে। এই প্ৰসংগত তেওঁ নিজৰ দৃঢ় ইচ্ছাশক্তিৰ বলত মাদকাসক্তিৰ কবলৰ পৰা মুক্ত হোৱা কেইবাগৰাকীও যুৱক-যুৱতীৰ অনুপ্ৰেৰণাদায়ক উদাহৰণ দাঙি ধৰে। মোদীয়ে কয়, "তেওঁলোকে নিজৰ সৈতে সংগ্ৰাম কৰি জীৱনক এক নতুন দিশলৈ লৈ গৈছে।"
অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে এগৰাকী যুৱকৰ সৈতেও বাৰ্তালাপ কৰে। যুৱকজনে মাদকাসক্তিৰ পৰা মুক্ত হোৱাৰ যাত্ৰা আৰু সেই সময়ছোৱাত সন্মুখীন হোৱা বিভিন্ন কঠিন পৰিস্থিতিৰ বিষয়ে অৱগত কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে, তেওঁৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে মাদকাসক্তিৰ পৰা মুক্ত হ’ব বিচৰা আন বহু যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব। তেওঁ লগতে কয়, "আমাৰ পৰিয়াল আৰু দেশৰ স্বাৰ্থত যুৱ প্ৰজন্ম মাদকদ্ৰব্যৰ পৰা আঁতৰি থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ।"
ম'বাইল ফোন হেৰুওৱাৰ সমস্যা সন্দৰ্ভত মোদীয়ে কয় যে ম'বাইল ফোনত যোগাযোগৰ নম্বৰ, ফটো, গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় তথ্য সংৰক্ষিত হৈ থাকে। সেয়েহে ম'বাইল ফোন হেৰালে মানুহ যথেষ্ট উদ্বিগ্ন হৈ পৰে। এই ক্ষেত্ৰত চৰকাৰৰ ডিজিটেল প্লেটফৰ্ম 'সঞ্চাৰ সাথী'য়ে হেৰুওৱা ম'বাইল ফোন উদ্ধাৰ কৰাত সহায় কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে।
মোদীয়ে কয়, "এতিয়ালৈকে 'সঞ্চাৰ সাথী' পৰ্টেলটো ৩০ কোটিৰো অধিক বাৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ এপটোও প্ৰায় ৩ কোটি বাৰ ডাউনলোড কৰা হৈছে।"
ইণ্টাৰনেচনেল ম'বাইল ইকুইপমেণ্ট আইডেণ্টিটি (IMEI) নম্বৰৰ সহায়ত এই এপটোৱে হেৰুওৱা ম'বাইল ফোনৰ সন্ধান উলিওৱাত সহায় কৰে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয়, "এই ব্যৱস্থাৰ জৰিয়তে সমগ্ৰ দেশত ১৪ লাখৰো অধিক হেৰুওৱা ম'বাইল ফোন উদ্ধাৰ কৰি প্ৰকৃত গৰাকীক ঘূৰাই দিয়া হৈছে।"
ভাৰতীয় সংগ্ৰহালয়সমূহৰ সাফল্যৰ বিষয়েও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে বিশ্বৰ ১০০টা শ্ৰেষ্ঠ সংগ্ৰহালয়ৰ তালিকাত পাটনাৰ বিহাৰ সংগ্ৰহালয়ে নৱম স্থান লাভ কৰাৰ লগতে এছিয়াৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে। মোদীয়ে কয়, "আপোনালোকে হয়তো পেৰিছৰ লুভ্ৰ সংগ্ৰহালয়ৰ নাম শুনিছে। নিউয়ৰ্কৰ মেট সংগ্ৰহালয়ো সমগ্ৰ বিশ্বতে বিখ্যাত। এই তালিকাত বিহাৰ সংগ্ৰহালয়ে দুয়োটা সংগ্ৰহালয়তকৈ আগস্থান লাভ কৰিছে।"
বিশ্বৰ বজাৰত ভাৰতীয় চকলেটে এক সুকীয়া পৰিচয় গঢ়ি তোলাৰ বিষয়েও প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। তেওঁ কয় যে যোৱা বছৰত চকলেট আৰু ক’ক’ভিত্তিক সামগ্ৰীৰ ৰপ্তানি প্ৰায় ২৫ শতাংশ বৃদ্ধি পাইছে। এই খণ্ডৰ ষ্টাৰ্টআপসমূহে স্থানীয়ভাৱে উপলব্ধ উপাদান ব্যৱহাৰ কৰি নতুন নতুন সোৱাদৰ চকলেট প্ৰস্তুত কৰাৰ লগতে উদ্ভাৱনৰ ক্ষেত্ৰতো আগবাঢ়িছে।
তেওঁ কয়, "ইয়াৰ ফলত আমাৰ কৃষক, মাতৃ-ভগ্নীসকল আৰু যুৱ উদ্যোগীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছে।" চকলেটৰ সৈতে গুজৰাটৰ কচ্ছ অঞ্চলৰ বিশেষ সম্পৰ্কৰ বিষয়েও মোদীয়ে উল্লেখ কৰে। এই অঞ্চলত উটৰ গাখীৰ ব্যৱহাৰ কৰি চকলেট প্ৰস্তুত কৰা হয়।
তেওঁ কয়, "স্থানীয় উটপালকসকলে যোগান ধৰা গাখীৰ ব্যৱহাৰ কৰি আমুলে চকলেট, জাফৰানৰ সোৱাদযুক্ত গাখীৰ আৰু 'ৰাজভোগ' আইচক্ৰীম প্ৰস্তুত কৰে।" ছুৰাটৰ ‘শ্বমিটেন’ (Schmitten) চকলেটৰ বিষয়েও উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ‘মেড ইন ইণ্ডিয়া’ৰ এক উন্নতমানৰ চকলেট ব্ৰেণ্ড হিচাপে ই বিশ্বৰ বজাৰত নিজৰ পৰিচয় গঢ়ি তুলিছে।
দেশৰ বিভিন্ন প্ৰান্তত ভাৰতীয় সংস্কৃতিৰ প্ৰতিফলন ঘটোৱা আৰু গ্ৰাহকক এক আভিজাত্যপূৰ্ণ অভিজ্ঞতা প্ৰদান কৰা আধুনিক চকলেট বিপণীও গঢ় লৈ উঠিছে বুলি তেওঁ কয়। দেশৰ বহু অঞ্চলত শীতকাল আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক শাৰীৰিক সুস্থতাৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ লগতে ‘ফিট ইণ্ডিয়া আন্দোলন’ আগুৱাই নিবলৈ আহ্বান জনায়।
তেওঁ কয়, "আমি পূৰ্ণ উৎসাহেৰে ‘ফিট ইণ্ডিয়া আন্দোলন’ আগুৱাই নিব লাগিব। লগতে দৈনন্দিন খাদ্যত তেলৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাস কৰিবলৈ মই আগবঢ়োৱা পৰামৰ্শটোও মনত ৰাখিব।"
শ্ৰী গুৰু নানক দেৱৰ জন্মজয়ন্তী উপলক্ষে শেহতীয়াকৈ দিল্লীত আয়োজিত শব্দ কীৰ্তনত অংশগ্ৰহণ কৰাৰ স্মৃতিও ৰোমন্থন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই অভিজ্ঞতাই তেওঁৰ মনত এক গভীৰ সাঁচ পেলোৱা বুলি তেওঁ উল্লেখ কৰে।
শিখ গুৰুসকলৰ প্ৰতিকৃতিয়ে তেওঁৰ মনত গভীৰ শ্ৰদ্ধাৰ ভাব জগাই তোলে বুলি উল্লেখ কৰি মোদীয়ে এনে বহু প্ৰতিকৃতিৰ স্ৰষ্টা বিশিষ্ট চিত্ৰশিল্পী সোভাব সিঙৰ বিষয়েও আলোচনা কৰে। ২৯ নৱেম্বৰত এইগৰাকী শিল্পীৰ ১২৫ সংখ্যক জন্মজয়ন্তী।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, সোভাব সিঙে কেইবাবছৰ ধৰি সেনাবাহিনীত নক্সা অংকনকাৰী হিচাপে সেৱা আগবঢ়োৱাৰ লগতে বাগদাদতো কৰ্মৰত আছিল।
এইগৰাকী বিশিষ্ট চিত্ৰশিল্পীৰ ১২৫ সংখ্যক জন্মজয়ন্তী উপলক্ষে তেওঁৰ সন্মানত স্মাৰক মুদ্ৰা মুকলি কৰাত শিখ সম্প্ৰদায়ৰ মাজত আনন্দৰ সৃষ্টি হৈছে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।