গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনত শিক্ষাৰ্থীৰ অংশগ্ৰহণৰ বাবে অসমৰ পদক্ষেপক আদৰণি পি ভি সিন্ধুৰ
গুৱাহাটী
দুবাৰকৈ অলিম্পিক পদক বিজয়ী প্ৰখ্যাত বেডমিণ্টন খেলুৱৈ তথা টাটা ইলেক্ট্ৰনিকছ গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথন ২০২৭ৰ ব্ৰেণ্ড এম্বেছেডৰ পি ভি সিন্ধুৱে আগন্তুক মাৰাথনত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণ উৎসাহিত কৰিবলৈ অসম চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে।
২০২৭ চনৰ ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই মাৰাথনত শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণে তেওঁলোকক ক্ৰীড়াৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ লগতে সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। শাৰীৰিক সুস্থতা নিশ্চিত কৰাৰ উপৰি ক্ৰীড়াই অনুশাসন, অধ্যৱসায়, আত্মবিশ্বাস, দায়বদ্ধতা আৰু প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ মানসিকতা আদি জীৱনৰ অত্যাৱশ্যকীয় গুণসমূহ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এখন পত্ৰযোগে এই পদক্ষেপৰ বিষয়ে অৱগত কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠানটোত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ অধিক অংশগ্ৰহণ নিশ্চিত কৰাই হৈছে এই পদক্ষেপৰ মূল লক্ষ্য। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে এখন বৃহৎ ক্ৰীড়া মঞ্চৰ অভিজ্ঞতা লাভ কৰাৰ লগতে সুস্থ জীৱনশৈলীৰ গুৰুত্ব উপলব্ধি কৰাৰ সুযোগ পাব। এই পদক্ষেপৰ অধীনত জিলাখনৰ চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়সমূহক অংশগ্ৰহণৰ বাবে আহ্বান জনোৱা হৈছে।
এই উদ্যোগৰ প্ৰশংসা কৰি পি ভি সিন্ধুৱে কয়, "টাটা ইলেক্ট্ৰনিকছ গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণ উৎসাহিত কৰিবলৈ অসম চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰা পদক্ষেপক মই আন্তৰিকতাৰে প্ৰশংসা কৰিছোঁ। কম বয়সৰ পৰাই শিক্ষাৰ্থীসকলক সুস্থ জীৱনশৈলীৰ সৈতে পৰিচয় কৰাই দিয়াটো অত্যন্ত গুৰুত্বপূৰ্ণ। এনে বৃহৎ পৰিসৰৰ অনুষ্ঠানত অংশগ্ৰহণে তেওঁলোকক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰাৰ লগতে এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চৰ অভিজ্ঞতা লাভৰ মূল্যৱান সুযোগো প্ৰদান কৰিব। অসমৰ শিক্ষাৰ্থীসকলক এই সুন্দৰ পদক্ষেপৰ অংশীদাৰ হ’বলৈ আগবাঢ়ি আহিবলৈ মই আহ্বান জনাইছোঁ।"
বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বিশেষভাৱে উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজকসকলে তেওঁলোকৰ বাবে বিনামূলীয়া পঞ্জীয়ন আৰু অংশগ্ৰহণৰ ব্যৱস্থা কৰিছে। শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে বিদ্যালয়ৰ পৰা মাৰাথনৰ অনুষ্ঠানস্থলীলৈ আৰু অনুষ্ঠানৰ অন্তত পুনৰ বিদ্যালয়লৈ বিনামূলীয়া বাছ সেৱাৰ ব্যৱস্থাও কৰা হ’ব। ইয়াৰ উপৰি অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক খাদ্যৰ টোপোলা, শক্তিবৰ্ধক পানীয়, খোৱাপানী, মাৰাথনৰ আনুষ্ঠানিক টি-চাৰ্ট আৰু উপহাৰৰ টোপোলা প্ৰদান কৰা হ’ব।
বিদ্যালয় পৰ্যায়ত ক্ৰীড়াৰ প্ৰসাৰৰ উদ্দেশ্যে অংশগ্ৰহণকাৰী প্ৰতিখন বিদ্যালয়ক বিশেষভাৱে প্ৰস্তুত কৰা ক্ৰীড়া সামগ্ৰীৰ এটা টোপোলা প্ৰদান কৰা হ’ব। ইয়াত ফুটবল, ক্ৰিকেট বেট, টেনিছ বল, স্কিপিং ৰছীকে ধৰি বিভিন্ন ক্ৰীড়া সঁজুলি থাকিব। শিক্ষাৰ্থীসকলৰ সৈতে অহা শিক্ষক-শিক্ষয়িত্ৰীসকলকো বিশেষ উপহাৰৰ টোপোলা প্ৰদান কৰা হ’ব।
বিদ্যালয়সমূহক www.guwahatiinternationalmarathon.org ৱেবছাইটৰ জৰিয়তে অনলাইন পঞ্জীয়ন কৰি সৰ্বাধিকসংখ্যক শিক্ষাৰ্থীৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে। লগতে মাৰাথনৰ দিনা অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলৰ তদাৰকৰ বাবে প্ৰতিখন বিদ্যালয়ৰ পৰা দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক মনোনীত কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
পিএমজি স্পৰ্টছ এলএলপিৰ উদ্যোগত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহযোগিতাত অনুষ্ঠিত হ’বলগীয়া এই মাৰাথনৰ মুঠ পুৰস্কাৰৰ ধনৰাশি হ’ব ১.২৫ কোটি টকা। কেনিয়া, ইথিওপিয়া, নামিবিয়া আৰু উগাণ্ডাৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় মাৰাথন দৌৰবিদসকলৰ লগতে ভাৰতৰ শীৰ্ষস্থানীয় খেলুৱৈসকলেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।
টাটা ইলেক্ট্ৰনিকছ গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ প্ৰথম সংস্কৰণত পাঁচটা শাখাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সেইকেইটা হৈছে পূৰ্ণ মাৰাথন, অৰ্ধ মাৰাথন, ১০ কিলোমিটাৰ দৌৰ, ৫ কিলোমিটাৰ দৌৰ আৰু ১.৫ কিলোমিটাৰ দৌৰ। এই শাখাসমূহে বিভিন্ন বয়সৰ লোকক প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিব।
আয়োজকসকলৰ মতে, বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক মাৰাথনত অংশগ্ৰহণৰ বাবে উৎসাহিত কৰাটো কেৱল এটা ক্ৰীড়া অনুষ্ঠানত অংশ লোৱাৰ মাজতে সীমাবদ্ধ নহয়। বৰং নতুন প্ৰজন্মক সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ, স্বাস্থ্যকৰ অভ্যাস গঢ়ি তুলিবলৈ আৰু ক্ৰীড়াক শিক্ষা তথা দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ হিচাপে গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰাৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।