সামুদ্ৰিক নিৰাপত্তাৰ বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ

Story by  atv | Posted by  Munni Begum • 51 m ago
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ
 
কান্নুৰ
 
আজিৰ পাৰস্পৰিকভাৱে সংযুক্ত বিশ্বত সামুদ্ৰিক ক্ষেত্ৰৰ গুৰুত্ব ক্ৰমাৎ বৃদ্ধি পাইছে। বিশ্ব বাণিজ্যৰ এক বৃহৎ অংশ সামুদ্ৰিক পথেৰে সম্পন্ন হয় বুলি শনিবাৰে মন্তব্য কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে। ইয়াৰ লগতে ভাৰতে স্বদেশী প্ৰতিৰক্ষা সামৰ্থ্য ক্ৰমাগতভাৱে সুদৃঢ় কৰি আহিছে বুলিও উল্লেখ কৰে।
 
ইয়াৰ এঝিমালাস্থিত ভাৰতীয় নৌসেনা একাডেমীৰ (আইএনএ) প্ৰশিক্ষণ সমাপনী কুচকাৱাজত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, সামুদ্ৰিক পথৰ নিৰাপত্তাৰ সৈতে বিভিন্ন দেশৰ অৰ্থনৈতিক সমৃদ্ধি আৰু জনসাধাৰণৰ দৈনন্দিন জীৱন ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে।
 
তেওঁ কয়, "আজিৰ পাৰস্পৰিকভাৱে সংযুক্ত বিশ্বত সামুদ্ৰিক ক্ষেত্ৰৰ গুৰুত্ব ক্ৰমাৎ বৃদ্ধি পাইছে। বিশ্ব বাণিজ্যৰ এক বৃহৎ অংশ সাগৰীয় পথেৰে সম্পন্ন হয়। সেয়েহে সামুদ্ৰিক পথৰ নিৰাপত্তাৰ সৈতে দেশসমূহৰ অৰ্থনৈতিক সমৃদ্ধি আৰু জনসাধাৰণৰ দৈনন্দিন জীৱনৰ ঘনিষ্ঠ সম্পৰ্ক আছে।"
 
ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে, জাহাজ চলাচলত কোনো ধৰণৰ ব্যাঘাত জন্মিলে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাৰ লগতে সাধাৰণ নাগৰিকৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা পৰিব পাৰে।
 
ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, "আপোনালোকে সদায় মনত ৰাখিব লাগিব যে, সাগৰত আগবঢ়োৱা আপোনালোকৰ সেৱা ভাৰতৰ জনসাধাৰণৰ জীৱনৰ সৈতে জড়িত। এই সেৱাই দেশবাসীৰ নিৰাপত্তা, সমৃদ্ধি আৰু কল্যাণৰ ক্ষেত্ৰত প্ৰত্যক্ষ অৰিহণা যোগায়।"
 
ৰাষ্ট্ৰপতি মূৰ্মূৱে লগতে কয় যে, ভাৰতে স্বদেশী প্ৰতিৰক্ষা সামৰ্থ্য ক্ৰমাগতভাৱে বৃদ্ধি কৰি আহিছে। দেশৰ জাহাজ নিৰ্মাণ কেন্দ্ৰসমূহত অধিকসংখ্যক জাহাজ আৰু ছাবমেৰিনৰ আৰ্হি প্ৰস্তুত কৰাৰ লগতে নিৰ্মাণৰ কামো চলি আছে।
 
তেওঁ কয়, "ই আত্মনিৰ্ভৰশীলতাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ লগতে দেশৰ অভিযন্তা, বিজ্ঞানী, দক্ষ কৰ্মী আৰু উদ্যোগ খণ্ডৰ সামৰ্থ্যৰ ওপৰত থকা আমাৰ আস্থাকে প্ৰতিফলিত কৰে। ভাৰতীয় নৌসেনাৰ বিষয়া হিচাপে আপোনালোকেও এখন অধিক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ এই যাত্ৰাৰ অংশীদাৰ হ’ব।" 
 
বিশ্ব অভূতপূৰ্ব গতিত পৰিৱৰ্তিত হৈ থকাৰ কথা উল্লেখ কৰি মুৰ্মুৱে কয় যে, নতুন নতুন প্ৰযুক্তিয়ে যুদ্ধৰ স্বৰূপ আৰু সামুদ্ৰিক নিৰাপত্তা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন আনিছে। 
 
তেওঁ কয়, "ভৱিষ্যতে কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব, সেয়া আমি আগতীয়াকৈ অনুমান কৰিব নোৱাৰোঁ। কিন্তু মই নিশ্চিত যে, আপোনালোকৰ প্ৰশিক্ষণ, পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাই লোৱাৰ সামৰ্থ্য আৰু কৰ্তব্যনিষ্ঠাই সেই প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ আপোনালোকক সক্ষম কৰি তুলিব। আপোনালোকে সদায় নতুন কথা শিকি যাব লাগিব আৰু নিজৰ জ্ঞান তথা দক্ষতা বৃদ্ধি কৰি থাকিব লাগিব।" 
 
ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে, দেশৰ সকলো প্ৰচেষ্টাৰ চূড়ান্ত লক্ষ্য হৈছে এখন শক্তিশালী, সমৃদ্ধিশালী আৰু উন্নত ভাৰত গঢ়ি তোলা। তেওঁৰ মতে, ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগী কেৱল অৰ্থনৈতিক বিকাশ অথবা উন্নয়নৰ সূচকসমূহৰ উন্নতিৰ মাজতে সীমাবদ্ধ নহয়। বৰং এনে এখন দেশ গঢ়ি তোলাই ইয়াৰ মূল উদ্দেশ্য, য’ত প্ৰতিগৰাকী নাগৰিকে নিৰাপত্তা অনুভৱ কৰিব, বিভিন্ন সুযোগ-সুবিধা লাভ কৰিব আৰু মৰ্যাদা তথা আত্মসন্মানেৰে জীৱন যাপন কৰিব পাৰিব।
 
ইয়াৰ লগতে উন্নয়নৰ সুফল যাতে সমাজৰ প্ৰতিটো শ্ৰেণী আৰু দেশৰ প্ৰতিটো প্ৰান্তলৈকে বিয়পি পৰে, সেয়া নিশ্চিত কৰাটোও এই লক্ষ্যৰ অন্যতম উদ্দেশ্য বুলি তেওঁ উল্লেখ কৰে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বিশাখাপট্টনমত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নৌবহৰ পৰিদৰ্শন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা স্মৰণ কৰি মূৰ্মূৱে কয় যে, সেই অনুষ্ঠানত ভাৰতীয় নৌসেনাৰ বৰ্ধিত শক্তি আৰু সামৰ্থ্যৰ এক আকৰ্ষণীয় প্ৰদৰ্শন দেখা গৈছিল।
 
সশস্ত্ৰ বাহিনীক অধিক শক্তিশালী কৰাৰ লগতে সামুদ্ৰিক সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতে দ্ৰুতগতিত অগ্ৰগতি লাভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। প্ৰশিক্ষণ সম্পূৰ্ণ কৰা কেডেটসকলৰ মাজত কেইবাগৰাকীও যুৱতীৰ উপস্থিতিত সন্তোষ প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, তেওঁলোকৰ অংশগ্ৰহণ সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয়।
 
ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, "মোৰ মৰমৰ কন্যাসকল, ইয়াত আপোনালোকৰ উপস্থিতি সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয়। দৃঢ় সংকল্প, সাহস আৰু যোগ্যতাৰ যে, কোনো সীমা নাই, সেয়া আপোনালোকে প্ৰমাণ কৰি দেখুৱাইছে। আপোনালোকৰ এই সফলতাই আন বহু যুৱতীক ডাঙৰ সপোন দেখিবলৈ আৰু দেশসেৱাৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বান তথা দায়িত্ব গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।"  
 
প্ৰশিক্ষণ সম্পূৰ্ণ কৰা কেডেটসকলক অভিনন্দন জনাই মুৰ্মুৱে কয় যে, শাৰীৰিক সহনশীলতা, মানসিক শক্তি আৰু দৃঢ় সংকল্পৰ পৰীক্ষা লোৱা কঠোৰ প্ৰশিক্ষণ তেওঁলোকে সফলতাৰে সম্পূৰ্ণ কৰিছে। 
 
কেডেটসকলৰ পৰিপাটি সাজ-পোছাক, উৎকৃষ্ট সামৰিক আচৰণ আৰু নিখুঁত কুচকাৱাজে উচ্চমানৰ প্ৰশিক্ষণ, অনুশাসন আৰু কৰ্তব্যৰ প্ৰতি তেওঁলোকৰ নিষ্ঠাকে প্ৰতিফলিত কৰিছে বুলি তেওঁ উল্লেখ কৰে।
 
প্ৰশিক্ষণ সম্পূৰ্ণ কৰা বিষয়াসকলৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ অৱদানৰ কথাও ৰাষ্ট্ৰপতিগৰাকীয়ে কৃতজ্ঞতাৰে স্মৰণ কৰে। তেওঁ কয় যে, প্ৰতিগৰাকী যুৱ বিষয়াৰ সফলতাৰ আঁৰত এনে একোটা পৰিয়াল আছে, যিয়ে বহু ত্যাগ স্বীকাৰ কৰাৰ লগতে কঠিন সময়ত উৎসাহ আৰু সাহস যোগাই আহিছে।
 
বন্ধুত্বপূৰ্ণ বিদেশী ৰাষ্ট্ৰসমূহৰ পৰা অহা প্ৰশিক্ষাৰ্থীসকলকো বিশেষভাৱে অভিনন্দন জনায় ৰাষ্ট্ৰপতিগৰাকীয়ে। ভাৰতীয় কেডেটসকলৰ সৈতে কান্ধত কান্ধ মিলাই তেওঁলোকে কুচকাৱাজত অংশগ্ৰহণ কৰা দৃশ্য অত্যন্ত আনন্দদায়ক বুলি তেওঁ মন্তব্য কৰে। 
 
একাডেমীত গঢ় লৈ উঠা বন্ধুত্ব কেৱল প্ৰশিক্ষণৰ সময়ছোৱাতে সীমাবদ্ধ নাথাকিব। বৰং এই প্ৰশিক্ষাৰ্থীসকলে নিজ নিজ দেশৰ মাজত থকা পাৰস্পৰিক আস্থা, সহযোগিতা আৰু বন্ধুত্বৰ মনোভাৱ আগুৱাই লৈ যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, বিষয়াসকলৰ সততা, পেছাগত দক্ষতা, সাহস আৰু সহমৰ্মিতাই ভাৰতীয় নৌসেনাৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিব।
 
তেওঁ কয়, "আপোনালোকে সদায় মনত ৰাখিব যে, নেতৃত্ব মানে কেৱল নিৰ্দেশ দিয়া নহয়। নেতৃত্ব মানে দায়িত্ব গ্ৰহণ কৰা, নিজৰ কৰ্মৰ জৰিয়তে আদৰ্শ দাঙি ধৰা আৰু সহকৰ্মীসকলৰ কাষত থিয় দিয়া।"
 
উল্লেখ্য যে, ভাৰতীয় নৌসেনা একাডেমীত মুঠ ৪২৭গৰাকী প্ৰশিক্ষাৰ্থীয়ে সফলতাৰে প্ৰশিক্ষণ সম্পূৰ্ণ কৰি আনুষ্ঠানিকভাৱে বিষয়া হিচাপে নিযুক্তি লাভ কৰে।
 
অনুষ্ঠানত ৰাষ্ট্ৰপতি মূৰ্মূৱে প্ৰথমে কুচকাৱাজত অংশগ্ৰহণ কৰা প্লাটুনসমূহ পৰিদৰ্শন কৰে আৰু তাৰ পাছত অভিবাদন গ্ৰহণ কৰে। ইয়াৰ লগতে একাডেমীৰ প্ৰশিক্ষণত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা কেডেটসকলক বঁটাও প্ৰদান কৰে। 
 
অনুষ্ঠানত কেৰালাৰ ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ, নৌসেনাৰ মুৰব্বী এডমিৰেল কৃষ্ণ স্বামীনাথন, দক্ষিণ নৌসেনা কমাণ্ডৰ ফ্লেগ অফিচাৰ কমাণ্ডিং-ইন-চীফ ভাইচ এডমিৰেল সমীৰ ছাক্সেনা আৰু ভাৰতীয় নৌসেনা একাডেমীৰ কমাণ্ডেণ্ট ভাইচ এডমিৰেল আলোক আনন্দাও উপস্থিত থাকে।