অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা নাইজেৰিয়াৰ নাগৰিকক এবছৰৰ কাৰাদণ্ড

Story by  atv | Posted by  Munni Begum • 28 m ago
অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা নাইজেৰিয়াৰ নাগৰিকক এবছৰৰ কাৰাদণ্ড
অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা নাইজেৰিয়াৰ নাগৰিকক এবছৰৰ কাৰাদণ্ড
 
গুৱাহাটী 
 
বৈধ ভ্ৰমণ নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত অসমৰ কাছাৰ জিলাৰ এখন আদালতে নাইজেৰিয়াৰ এগৰাকী ৪৪ বছৰীয়া নাগৰিকক এবছৰৰ কাৰাদণ্ড বিহিছে। ইয়াৰ লগতে আদালতে অভিযুক্তজনক ১০ হাজাৰ টকাৰ জৰিমনাও বিহিছে। জৰিমনাৰ ধন আদায় দিব নোৱাৰিলে তেওঁ অতিৰিক্ত এমাহৰ কাৰাদণ্ড ভোগ কৰিব লাগিব। 
 
মুখ্য ন্যায়িক দণ্ডাধীশ মতিলাল দাসৰ আদালতে এই ৰায় প্ৰদান কৰে। দোষী সাব্যস্ত হোৱা নাইজেৰিয়াৰ নাগৰিকজনৰ নাম ইমেকা ইজেডো। তেওঁ নাইজেৰিয়াৰ ৰিভাৰ্ছ ৰাজ্যৰ ইণ্টেজা অঞ্চলৰ বাসিন্দা।
 
যোৱা ২৫ মাৰ্চত এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে শিলচৰৰ পাৰ্ক ৰোডৰ ডিআইজি বাংলো পইণ্ট এলেকাৰ পৰা ইজেডোক গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত তেওঁ এখন অটোৰিক্সাৰে যাত্ৰা কৰি আছিল।
 
আৰক্ষীয়ে তেওঁৰ লগতে আন চাৰিজন লোককো আটক কৰিছিল। তেওঁলোক হৈছে মিজোৰামৰ আইজলৰ বাসিন্দা কে মালছাওমদুৱাংগী আৰু শিলচৰৰ বাসিন্দা পিংকু হুছেইন বৰভূঞা, টিংকু হুছেইন বৰভূঞা আৰু ৰোমিনা বেগম বৰভূঞা। 
 
তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে, ইজেডোৱে শিলচৰৰ ঘানিয়ালা অঞ্চলৰ এটা ভাড়াঘৰত বসবাস কৰি আছিল। ভাৰতত প্ৰৱেশৰ বাবে প্ৰয়োজনীয় বৈধ নথি-পত্ৰ দাখিল কৰিব নোৱাৰাত তেওঁৰ বিৰুদ্ধে অবৈধভাৱে দেশত প্ৰৱেশ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হয়।
 
পৰৱৰ্তী সময়ত নাইজেৰিয়াৰ নাগৰিকজনক আশ্ৰয় আৰু সহযোগিতা আগবঢ়োৱাৰ অভিযোগত আন চাৰিজন অভিযুক্তৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযোগনামা দাখিল কৰে।
 
শুকুৰবাৰে গোচৰৰ শুনানি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত আদালতে ১৯৬৭ চনৰ পাছপ’ৰ্ট আইনৰ বিভিন্ন ধাৰাৰ অধীনত ইজেডোক দোষী সাব্যস্ত কৰি এবছৰৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনাৰ ধন আদায় দিব নোৱাৰিলে তেওঁ অতিৰিক্ত এমাহৰ কাৰাদণ্ড ভোগ কৰিব লাগিব বুলিও আদালতে নিৰ্দেশ দিয়ে।
 
ইয়াৰ উপৰি, ২০২৫ চনৰ অভিবাসন আৰু বিদেশী নাগৰিক আইনৰ ২১ নং ধাৰাৰ অধীনতো তেওঁক এবছৰৰ কাৰাদণ্ড বিহা হয়। অৱশ্যে দুয়োটা কাৰাদণ্ডৰ ম্যাদ একেলগে চলিব বুলি আদালতে স্পষ্ট কৰি দিয়ে। আনহাতে, বাকী চাৰিজন অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত নোহোৱাত আদালতে তেওঁলোকক দোষমুক্ত ঘোষণা কৰে।