অসমত স্থাপন হ’ব তিনিটাকৈ ডাটা চেণ্টাৰ; ৰাজ্য চৰকাৰ আৰু ভাৰতী এয়াৰটেলৰ মাজত চুক্তি স্বাক্ষৰ

Story by  atv | Posted by  Munni Begum • 11 h ago
ৰাজ্য চৰকাৰ আৰু ভাৰতী এয়াৰটেলৰ মাজত চুক্তি স্বাক্ষৰ
ৰাজ্য চৰকাৰ আৰু ভাৰতী এয়াৰটেলৰ মাজত চুক্তি স্বাক্ষৰ
 
গুৱাহাটী
 
ৰাজ্যৰ ডিজিটেল আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লগতে নতুন বিনিয়োগ আকৰ্ষণৰ লক্ষ্যৰে বুধবাৰে অসম চৰকাৰ আৰু ভাৰতী এয়াৰটেলৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ অধীনত অসমত তিনিটাকৈ ডাটা চেণ্টাৰ স্থাপন কৰা হ’ব।
 
গুৱাহাটীৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ভাৰতী এয়াৰটেলৰ অধ্যক্ষ ৰাজন ভাৰতী মিত্তল, ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী আৰু উচ্চপদস্থ চৰকাৰী বিষয়াৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তি (এমঅ’ইউ) স্বাক্ষৰিত হয়।
অনুষ্ঠানত বক্তব্য আগবঢ়াই মিত্তলে কয় যে, প্ৰস্তাৱিত ডাটা চেণ্টাৰসমূহে অঞ্চলটোৰ গ্ৰাহকসকলৰ ওচৰলৈ তথ্য সংৰক্ষণৰ সুবিধা লৈ অহাৰ লগতে ৰাজ্যৰ বাহিৰত থকা ডিজিটেল আন্তঃগাঁথনিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব।
 
"ডাটা চেণ্টাৰসমূহে গ্ৰাহকৰ ওচৰলৈ তথ্য সংৰক্ষণৰ সুবিধা লৈ আহিব আৰু ৰাজ্যৰ ভিতৰতে তথ্য সংৰক্ষণ কৰাত সহায় কৰিব," বুলি তেওঁ মন্তব্য কৰে।
 
সমগ্ৰ অসমতে এয়াৰটেলৰ ৫জি নেটৱৰ্ক আৰু ফাইবাৰ অপ্টিক সংযোগ সম্প্ৰসাৰণৰ পৰিকল্পনাৰ কথাও মিত্তলে উল্লেখ কৰে। তেওঁ কয় যে, প্ৰস্তাৱিত ডাটা চেণ্টাৰ স্থাপনৰ লগতে প্ৰতিষ্ঠানটোৰ নেটৱৰ্ক সম্প্ৰসাৰণে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োগৰ নতুন সুযোগ সৃষ্টি কৰিব।
 
বিশেষকৈ স্বাস্থ্য, শিক্ষা আৰু চৰকাৰী সেৱা লাভৰ ক্ষেত্ৰত এতিয়াও সমস্যাৰ সন্মুখীন হৈ অহা অঞ্চলসমূহত উন্নত ডিজিটেল সংযোগ ব্যৱস্থাই অত্যাৱশ্যকীয় সেৱাসমূহ সহজলভ্য কৰাত সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে।
 
আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, দেশৰ দ্ৰুতগতিত বিকাশ লাভ কৰা প্ৰযুক্তি খণ্ডত অসমৰ স্থিতি অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই চুক্তি স্বাক্ষৰ কৰা হৈছে।
 
আন্তঃগাঁথনিৰ পৰিৱৰ্তিত স্বৰূপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, পথ, দলং, ৰে’লপথ আৰু বিদ্যুতৰ দৰে পৰম্পৰাগত আন্তঃগাঁথনিৰ সমান্তৰালকৈ বৰ্তমান ডিজিটেল সংযোগ আৰু তথ্য ব্যৱস্থাপনাৰ গুৰুত্বও ক্ৰমাৎ বৃদ্ধি পাইছে। কৃত্ৰিম বুদ্ধিমত্তা, ক্লাউড কম্পিউটিং আৰু অন্যান্য প্ৰযুক্তিনিৰ্ভৰ সেৱাৰ সম্প্ৰসাৰণৰ ফলত ডাটা চেণ্টাৰৰ চাহিদাও বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে।
 
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, অসম কেৱল ডিজিটেল সেৱাৰ উপভোক্তা হৈ থাকিলেই নহ’ব, দেশৰ বৰ্ধিত ডিজিটেল অৰ্থনীতিৰ বিকাশতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগিব।
 
অসমৰ ভৌগোলিক অৱস্থান, যোগাযোগ ব্যৱস্থা, বৰ্তমানৰ আন্তঃগাঁথনি আৰু দক্ষ মানৱ সম্পদে এই খণ্ডত অধিক বিনিয়োগ আকৰ্ষণ কৰাত সহায় কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
 
প্ৰযুক্তি খণ্ডত বিনিয়োগ আকৰ্ষণৰ বাবে অসম চৰকাৰে চলাই অহা প্ৰচেষ্টাৰ ক্ষেত্ৰত ভাৰতী এয়াৰটেলৰ সৈতে স্বাক্ষৰিত এই চুক্তি আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। প্ৰস্তাৱিত ডাটা চেণ্টাৰসমূহে উত্তৰ-পূৰ্বাঞ্চলত তথ্য সংৰক্ষণ আৰু ডিজিটেল সেৱাৰ বৰ্ধিত চাহিদা পূৰণ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।