ভাৰত-কানাডাৰ দ্বিপাক্ষিক সম্পৰ্কক নতুন গতি প্ৰদান কৰাৰ বাবে ১১ আৰু ১২ ডিচেম্বৰত কানাডা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

Story by  atv | Posted by  Munni Begum • 12 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু  কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি
 
নতুন দিল্লী
 
অহা ১১ আৰু ১২ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত কানাডা ভ্ৰমণে ভাৰত-কানাডাৰ দ্বিপাক্ষিক সম্পৰ্কক নতুন গতি প্ৰদান কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ মাজত হ’বলগীয়া আলোচনাত প্ৰস্তাৱিত ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (CEPA) অন্যতম মুখ্য বিষয় হ’ব বুলি আশা কৰা হৈছে।
 
কানাডাৰ অন্টাৰিঅ’ প্ৰদেশৰ অৰ্থনৈতিক উন্নয়ন, নিয়োগ সৃষ্টি আৰু বাণিজ্য মন্ত্ৰী ভিক্টৰ ফেডেলিয়ে ২০২৬ চনৰ শেষৰ ফালে দুয়োখন দেশৰ মাজত এই বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ সম্ভাৱনাক লৈ আশাবাদ ব্যক্ত কৰে। কেইবাবছৰ ধৰি চলি অহা কূটনৈতিক উত্তেজনাৰ পাছত দুয়োখন দেশৰ বাণিজ্যিক আৰু অৰ্থনৈতিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ সুযোগ বুলিও তেওঁ অভিহিত কৰে। 
 
ফেডেলিয়ে কয়, “দুয়োখন দেশক পুনৰ ওচৰ চপাই অনা আৰু পাৰস্পৰিক বাণিজ্যিক সম্পৰ্ক আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। দুয়োখন দেশৰ কেন্দ্ৰীয় চৰকাৰে সফলতাৰে এই চুক্তি সম্পন্ন কৰিব বুলি আমি আশাবাদী।”
 
তেওঁৰ মতে, কানাডাৰ সৰ্ববৃহৎ প্ৰাদেশিক অৰ্থনীতি হিচাপে পৰিচিত অন্টাৰিঅ’ৰ বাবে এই চুক্তি বিশেষভাৱে গুৰুত্বপূৰ্ণ হ’ব। কানাডাৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশই অন্টাৰিঅ’ত বাস কৰে। বিমান নিৰ্মাণ, যান-বাহন উৎপাদন, প্ৰযুক্তি, উদ্ভাৱন আৰু উন্নত উৎপাদন উদ্যোগৰ ক্ষেত্ৰত এই প্ৰদেশখন বিশেষভাৱে আগবঢ়া। 
 
“বিমানৰ পৰা ৰে’লগাড়ীলৈকে বহু সামগ্ৰী অন্টাৰিঅ’তেই নিৰ্মাণ কৰা হয়,” বুলি উল্লেখ কৰি ফেডেলিয়ে কয় যে, ভাৰতৰ সৈতে বাণিজ্য চুক্তিয়ে প্ৰদেশখনৰ বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সম্পৰ্কক অধিক শক্তিশালী কৰিব।
 
২০৩০ চনৰ ভিতৰত ভাৰত আৰু কানাডাৰ দ্বিপাক্ষিক বাণিজ্য দুগুণলৈ বৃদ্ধি কৰি ৭০ বিলিয়ন ডলাৰ কৰাৰ অভিলাষী লক্ষ্যৰ পৰিপ্ৰেক্ষিতত প্ৰস্তাৱিত এই চুক্তিয়ে বিশেষ গুৰুত্ব লাভ কৰিছে। চুক্তিখনে দুয়োখন দেশৰ বজাৰত প্ৰৱেশৰ সুবিধা বৃদ্ধি কৰাৰ লগতে বিনিয়োগক উৎসাহিত কৰিব আৰু বিভিন্ন খণ্ডৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বাবে অধিক সুস্থিৰ পৰিৱেশ গঢ়ি তুলিব বুলি আশা কৰা হৈছে।
 
২০২৩ চনত ব্ৰিটিছ কলম্বিয়াত খালিস্তানপন্থী বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জৰৰ হত্যাকাণ্ডৰ পাছত ভাৰত আৰু কানাডাৰ সম্পৰ্কৰ যথেষ্ট অৱনতি ঘটিছিল। এই হত্যাকাণ্ডৰ সৈতে ভাৰত চৰকাৰৰ এজেণ্ট জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল কানাডাৰ কৰ্তৃপক্ষই। অৱশ্যে, নতুন দিল্লীয়ে সেই অভিযোগ নাকচ কৰিছিল। এই বিবাদৰ ফলত কূটনীতিবিদসকলক বহিষ্কাৰ কৰাৰ লগতে দীৰ্ঘদিন ধৰি দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ যোগাযোগ স্থবিৰ হৈ পৰিছিল।
 
পৰৱৰ্তী সময়ত দুয়োখন দেশৰ চৰকাৰে সম্পৰ্ক স্বাভাৱিক কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। ২০২৬ চনৰ মাৰ্চ মাহত কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ ভাৰত ভ্ৰমণে পুনৰ সহযোগিতাৰ এক আধাৰ গঢ়ি তোলাৰ লগতে CEPA চুক্তি সন্দৰ্ভত আনুষ্ঠানিক আলোচনা আৰম্ভ কৰাত সহায় কৰে। 
 
যোৱা ২০ নৱেম্বৰত নতুন দিল্লীত চুক্তিখনৰ ষষ্ঠ পৰ্যায়ৰ আলোচনা সম্পন্ন হয়। এই আলোচনাত সামগ্ৰী আৰু সেৱাৰ বাণিজ্য, সামগ্ৰীৰ উৎপত্তি নিৰ্ধাৰণৰ নিয়ম, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ আৰু বিনিয়োগ বৃদ্ধিকে ধৰি বিভিন্ন বিষয় সামৰি লোৱা হয়। বৰ্তমানেও চুক্তিখনক লৈ আলোচনা অব্যাহত আছে আৰু চলিত বৰ্ষৰ শেষৰ ভিতৰত ইয়াক চূড়ান্ত কৰাৰ লক্ষ্য লৈছে দুয়োপক্ষই।
 
ফেডেলিৰ মতে, দুয়োখন দেশৰ মাজত পুনৰ গঢ় লৈ উঠা সুসম্পৰ্কই ইতিমধ্যে ব্যৱসায়িক মহলৰ আস্থা বৃদ্ধি কৰিছে। তেওঁৰ শেহতীয়া ভাৰত ভ্ৰমণৰ সময়ত ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ অন্টাৰিঅ’ৰ প্ৰতি দৃষ্টিভংগীৰ এক উল্লেখযোগ্য পৰিৱৰ্তন তেওঁ লক্ষ্য কৰিছে। উত্তৰ আমেৰিকাৰ বজাৰত প্ৰৱেশৰ বাবে ভাৰতীয় প্ৰতিষ্ঠানসমূহে অন্টাৰিঅ’ক এক গুৰুত্বপূৰ্ণ প্ৰৱেশদ্বাৰ হিচাপে বিবেচনা কৰিবলৈ লৈছে।
 
তেওঁ লগতে জানিবলৈ দিয়ে যে বিগত আঠ বছৰত ভাৰত আৰু অন্টাৰিঅ’ৰ মাজত দ্বিপাক্ষিক বাণিজ্য ৮৮ শতাংশ বৃদ্ধি পাইছে। ২০১৮ চনত দহ বছৰৰ ভিতৰত এই বাণিজ্য দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল।
 
বৰ্তমান নতুন দিল্লী আৰু মুম্বাইত অন্টাৰিঅ’ৰ বাণিজ্যিক প্ৰতিনিধি কাৰ্যালয় আছে। ভাৰতৰ সৈতে বৰ্ধিত বাণিজ্যিক সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি বেংগালুৰু অঞ্চলতো তৃতীয়টো কাৰ্যালয় স্থাপনৰ সম্ভাৱনা বিবেচনা কৰা হৈছে।