ভাৰত-মালদ্বীপৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা শক্তিশালী কৰাৰ বাবে মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ NSA অজিত ড’ভালৰ

Story by  atv | Posted by  Munni Begum • 19 m ago
মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ NSA অজিত ড’ভালৰ
মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ NSA অজিত ড’ভালৰ
 
মালে
 
ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে মঙলবাৰে মালদ্বীপৰ প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় সেৱা মন্ত্ৰী হাছান ৰছিদক সাক্ষাৎ কৰে। কলম্বো নিৰাপত্তা মঞ্চৰ (চিএছচি) ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ অষ্টম বৈঠকৰ সমান্তৰালকৈ এই সাক্ষাৎ অনুষ্ঠিত হয়। 
 
বৈঠকত দুয়োগৰাকী নেতাই ভাৰত আৰু মালদ্বীপৰ মাজত প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা অধিক শক্তিশালী কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে।
মালদ্বীপস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্সত এটা পোষ্টযোগে এই বৈঠকৰ সবিশেষ প্ৰকাশ কৰে। পোষ্টটোত ডোভাল আৰু ৰছিদে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা বৃদ্ধিৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰা বুলি উল্লেখ কৰা হৈছে।
 
ইফালে মালদ্বীপৰ প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় সেৱা মন্ত্ৰালয়েও এই বৈঠকৰ জৰিয়তে দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰা বুলি প্ৰকাশ কৰিছে। 
 
মন্ত্ৰালয়ে এক্সৰ এটা পোষ্টত কয় যে, প্ৰতিৰক্ষা মন্ত্ৰী হাছান ৰছিদে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে এক সৌজন্যমূলক সাক্ষাৎত মিলিত হয়। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয়ত মত-বিনিময় কৰাৰ লগতে ভাৰত আৰু মালদ্বীপৰ মাজত দীৰ্ঘদিনীয়া অংশীদাৰিত্ব আৰু প্ৰতিৰক্ষা সহযোগিতা অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। 
 
২৪ৰ পৰা ২৬ নৱেম্বৰলৈ মালদ্বীপত কলম্বো নিৰাপত্তা মঞ্চৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ অষ্টম বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত অংশগ্ৰহণকাৰী দেশসমূহে ভাৰত মহাসাগৰীয় অঞ্চলৰ আঞ্চলিক নিৰাপত্তা সহযোগিতা সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচনা কৰিছে।
উল্লেখ্য যে, যোৱা ছেপ্টেম্বৰ মাহত ভাৰতৰ উদ্যোগত কলম্বো নিৰাপত্তা মঞ্চৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ নৱম বৈঠক ভাৰ্চুৱেল মাধ্যমযোগে অনুষ্ঠিত হৈছিল। উক্ত বৈঠকত বাংলাদেশ, মালদ্বীপ, মৰিচাছ, শ্ৰীলংকা আৰু ছিচেলছৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছিল।
 
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, ২০২৫ চনৰ ২০ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত কলম্বো নিৰাপত্তা মঞ্চৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ সপ্তম বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ লগতে ২০২৫-২৬ বৰ্ষৰ সহযোগিতাৰ বাবে নিৰ্ধাৰণ কৰা কাৰ্যপৰিকল্পনাৰ পৰ্যালোচনা কৰিছিল সদস্য ৰাষ্ট্ৰসমূহে।
 
ইয়াৰ উপৰি পাঁচটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত প্ৰশিক্ষণ আৰু সক্ষমতা বৃদ্ধিৰ কাৰ্যসূচী আয়োজনৰ অগ্ৰগতিৰ বিষয়েও বৈঠকত পৰ্যালোচনা কৰা হৈছিল।
 
অংশগ্ৰহণকাৰী দেশসমূহে ভাৰত মহাসাগৰীয় অঞ্চলৰ গুৰুত্বপূৰ্ণ নিৰাপত্তা বিষয়সমূহত পাৰস্পৰিক সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে মানৱীয় সাহায্য আৰু দুৰ্যোগ মোকাবিলাৰ ক্ষেত্ৰত অংশীদাৰিত্ব অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতিও পুনৰ ব্যক্ত কৰে।