দিল্লীৰ এহেজাৰ শিল্পীয়ে গাব মানুহে মানুহৰ বাবে; শতবাৰ্ষিকী অনুষ্ঠানলৈ গুৱাহাটীৰ পৰা যাব বিশেষ ৰে'ল

Story by  atv | Posted by  [email protected] • 27 m ago
দিল্লীৰ এহেজাৰ শিল্পীয়ে গাব মানুহে মানুহৰ বাবে; শতবাৰ্ষিকী অনুষ্ঠানলৈ গুৱাহাটীৰ পৰা যাব বিশেষ ৰে'ল
দিল্লীৰ এহেজাৰ শিল্পীয়ে গাব মানুহে মানুহৰ বাবে; শতবাৰ্ষিকী অনুষ্ঠানলৈ গুৱাহাটীৰ পৰা যাব বিশেষ ৰে'ল
 
গুৱাহাটী
 
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানটি এক ঐতিহাসিক আৰু যুগমীয়া ক্ষণ হিচাপে উদ্‌যাপন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে অসম চৰকাৰ। অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ সন্মানীয় ‘ভাৰত মণ্ডপম’ত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে এই শতবাৰ্ষিকী সমাৰোহৰ সামৰণি পেলোৱা হ'ব। সমগ্ৰ অনুষ্ঠানটি যাতে সুচাৰুৰূপে আৰু সাফল্যমণ্ডিতভাৱে সম্পন্ন হয়, তাৰ নিশ্চিতি প্ৰদান কৰিবলৈ ইতিমধ্যে অসম চৰকাৰৰ একাংশ মন্ত্ৰী আৰু শীৰ্ষ আমোলাই দিল্লীত বাহৰ পাতি প্ৰস্তুতিৰ তদাৰক কৰি আছে। স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও প্ৰতিটো মুহূৰ্তৰ খবৰ ৰাখি এই বিশাল আয়োজনৰ বুজ লৈ আছে।
 
এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই বিশেষ মঞ্চতে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ যশস্বী গায়িকা ঊষা মংগেশকাৰক সন্মানীয় ‘ভূপেন হাজৰিকা বঁটা’ৰে বিভূষিত কৰিব।
 
সুধাকণ্ঠৰ অমৰ সৃষ্টিৰে দিল্লীৰ আকাশ-বতাহ মুখৰিত কৰাৰ বাবে এক অভিনৱ সাংগীতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত একেলগে ১০০০ গৰাকী শিল্পীয়ে ডঃ ভূপেন হাজৰিকাৰ দুটা কালজয়ী গীত— ‘মানুহে মানুহৰ বাবে’ আৰু ‘উই আৰ ইন দ্য ছেম ব'ট ব্ৰাদাৰ’ সমস্বৰে পৰিৱেশন কৰিব।
 
২৯ নৱেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত একেৰাহে ডেৰঘণ্টা সময় কেৱল ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰা হ'ব। অসমৰ জনপ্ৰিয় শিল্পী মৌচুমী চহৰীয়া, তৰালী শৰ্মা, ময়ূখ হাজৰিকা, ৰূপম ভূঞা, দীক্ষু শৰ্মা, অনিন্দিতা পাল, শংকুৰাজ কোঁৱৰ, নাহিদ আফ্ৰিন, আচুৰ্য বৰপাত্ৰ গোহাঁই, ডাৱৰ হাজৰিকা আৰু সুনীতা খাউণ্ডৰ লগতে ৰাজ্যৰ আন বহুকেইগৰাকী বিশিষ্ট শিল্পীয়ে ইয়াত গীত পৰিৱেশন কৰিব।
 
ইয়াৰ সমান্তৰালকৈ, দেশৰ কেইবাগৰাকীও স্বনামধন্য শিল্পীৰ কণ্ঠই এই অনুষ্ঠানলৈ কঢ়িয়াই আনিব এক মোহনীয় আৱেশ। কবিতা কৃষ্ণমূৰ্তি, শ্ৰেয়া ঘোষাল, মহালক্ষ্মী আয়াৰ, অংগৰাগ পাপন মহন্ত, এল সুব্ৰমণিয়ম, ৰাহুল দেশপাণ্ডে আৰু কৌশিকী চক্ৰৱৰ্তী আদি শিল্পীসকলৰ সুৰীয়া কণ্ঠত প্ৰাণ পাই উঠিব সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি।
 
এই বিৰল ক্ষণৰ সাক্ষী হ'বলৈ ৰাজ্য চৰকাৰে অসমৰ পৰা ১০০০ গৰাকী শিক্ষাৰ্থীক বিশেষভাৱে দিল্লীলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে। এই উদ্দেশ্যে গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ এখন বিশেষ ৰে'লৰ ব্যৱস্থা কৰা হৈছে, যিয়ে এই শিক্ষাৰ্থীসকলক অনুষ্ঠানস্থলীলৈ কঢ়িয়াই নিব।
 
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া এই বিশাল সমাৰোহত কেইবাখনো ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত, ভাৰতৰ কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্যকে ধৰি দেশ-বিদেশৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। সুধাকণ্ঠৰ জীৱন আৰু দৰ্শনক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ দিশত এই অনুষ্ঠান এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।