পেহেলগামৰ ভয়াবহ নৰসংহাৰৰ আঁৰত চীনৰ বৃহৎ ষড়যন্ত্ৰৰ পোহৰলৈ

Story by  atv | Posted by  [email protected] • 26 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
পাক-সমৰ্থিত তিনিগৰাকী সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাত ২৬ জনকৈ নিৰীহ লোকৰ প্ৰাণহানি হোৱা পেহেলগামৰ লোমহৰ্ষক হত্যাকাণ্ডৰ আঁৰত যে চীনৰ প্ৰত্যক্ষ সমৰ্থন আৰু কাৰিকৰী সহযোগ আছিল, সেই ভয়ংকৰ তথ্য এতিয়া ক্ৰমাৎ পোহৰলৈ আহিবলৈ ধৰিছে। শেহতীয়াকৈ উন্মোচিত হোৱা তথ্য অনুসৰি, সমগ্ৰ নৰহত্যাকাণ্ডক চীনা কৃত্ৰিম উপগ্ৰহৰ সহায়ত অতি সুপৰিকল্পিতভাৱে অন্তিম ৰূপ প্ৰদান কৰা হৈছিল।
 
বেংগালুৰুস্থিত আগশাৰীৰ মহাকাশ পৰ্যবেক্ষণকাৰী সংস্থা 'দিগন্তৰা'ই এই সন্দৰ্ভত এক বিস্ফোৰক প্ৰতিবেদন প্ৰকাশ কৰিছে। সংস্থাটোৰ তথ্য অনুসৰি, আক্ৰমণৰ পূৰ্বৰে পৰা চীনে পেহেলগামৰ আকাশমাৰ্গত চোকা নজৰ ৰাখিছিল। ২০২৫ চনৰ ২২ এপ্ৰিলত সংঘটিত হোৱা পেহেলগাম নৰসংহাৰৰ প্ৰায় ছদিন পূৰ্বৰে পৰা পেহেলগামৰ ওপৰেদি চীনা কৃত্ৰিম উপগ্ৰহসমূহে অস্বাভাৱিক আৰু সন্দেহজনকভাৱে প্ৰায় ৩৭ বাৰকৈ প্ৰদক্ষিণ কৰিছিল। আক্ৰমণৰ দিনাখনো পৰিস্থিতি অধিক গুৰুতৰ আছিল; সেইদিনা আন দুটাকৈ চীনা কৃত্ৰিম উপগ্ৰহক উদ্দেশ্যপ্ৰণোদিতভাৱে বাৰে বাৰে কক্ষপথ সলনি কৰোৱা হৈছিল।
 
অকল পেহেলগামেই নহয়, হত্যাকাণ্ডৰ দিনা 'ইয়াউগন-৩৯ ০১ বি' আৰু 'ইয়াউগন-৩৯ ০১ চি' নামৰ দুটা কৃত্ৰিম উপগ্ৰহৰ বিয়লি ৫.১৪ বজা আৰু ৫.৫৯ বজাত নিৰ্দিষ্টভাৱে কক্ষপথ সলনি ঘটাই শ্ৰীনগৰ, গুলমাৰ্গ, সোণমাৰ্গ আৰু জম্মুৰ ওপৰেদি উৰুওৱা হৈছিল। ইয়াৰ উপৰিও, দিগন্তৰাৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি পৰৱৰ্তী পৰ্যায়ত ২৯ আৰু ৩০ এপ্ৰিলত নিম্ন কক্ষপথৰ কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে জম্মু-কাশ্মীৰৰ ওপৰত ক্ৰমে ৩৭ বাৰ আৰু ৩১ বাৰ নিৰীক্ষণ চলোৱা হৈছিল।
 
সাধাৰণতে 'ইয়াউগন-৩৯ ০১ বি' আৰু 'ইয়াউগন-৩৯ ০১ চি' উপগ্ৰহ দুটাৰ জৰিয়তে চীনে ভাৰত, পাকিস্তান, নেপাল, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড আৰু ভাৰত মহাসাগৰৰ ওপৰত চোৰাংচোৱাগিৰি চলাই আহিছে। পিছে পেহেলগাম কাণ্ডৰ সময়ত এই উপগ্ৰহ দুটাক কেৱল জম্মু-কাশ্মীৰৰ ওপৰতহে কেন্দ্ৰীভূত কৰা হৈছিল। এই সমগ্ৰ ষড়যন্ত্ৰ ৰচনাত 'ইয়াউগন-৩৫ ০১ এ' নামৰ আন এটি উপগ্ৰহো ব্যৱহাৰ কৰা হৈছিল। চীনে তেওঁলোকৰ 'ইয়াউগন' শৃংখলাৰ ১৬৮ টা কৃত্ৰিম উপগ্ৰহক বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা, ভূ-সম্পত্তি জৰীপ, কৃষি, পৰিৱেশ নিৰীক্ষণ আৰু দুৰ্যোগ প্ৰশমনৰ দৰে অসামৰিক কামত ব্যৱহাৰ কৰা বুলি দাবী কৰি আহিছে যদিও প্ৰকৃততে এইবোৰ দেশখনৰ প্ৰতিৰক্ষা বিভাগৰ চোৰাংচোৱা উপগ্ৰহহে। এই উপগ্ৰহসমূহৰ জৰিয়তে চীনে বিশ্বৰ প্ৰায় এক-তৃতীয়াংশ এলেকাত মহাকাশৰ পৰা অহৰহ চোৰাংচোৱাগিৰি চলাই আহিছে। এই চোৰাংচোৱা তথ্যৰ আধাৰতেই পেহেলগামত সন্ত্ৰাসবাদীকেইজনে নৰসংহাৰ চলাই নিৰ্বিঘ্নে পলায়ন কৰিবলৈ সক্ষম হৈছিল।
 
চীনৰ এই সহযোগ কেৱল কৃত্ৰিম উপগ্ৰহৰ তথ্য যোগান ধৰাতেই আৱদ্ধ নাছিল, বৰঞ্চ আক্ৰমণকাৰী সন্ত্ৰাসবাদীকেইজনক চীনে অত্যাধুনিক সা-সৰঞ্জামো যোগান ধৰিছিল। পেহেলগাম হত্যাকাণ্ডৰ সময়ত সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা 'গ' প্ৰ' হিৰ' ১২' কেমেৰাৰ সূত্ৰ ধৰি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত চলাই চীনৰ পৰা এই সন্দৰ্ভত আনুষ্ঠানিক স্পষ্টীকৰণ বিচাৰিছে। ইতিমধ্যে নিয়াৰ তৰফৰ পৰা চীনলৈ 'লেটাৰ ৰোগটৰী' প্ৰেৰণ কৰা হৈছে। তদন্তৰ প্ৰাথমিক পৰ্যায়ত নিয়াই কেমেৰাবিধৰ তথ্য বিচাৰি নিৰ্মাতা কোম্পানী নেদাৰলেণ্ডৰ 'গ্ৰ' প্ৰ' বিডি'ৰ কাষ চাপিছিল। কোম্পানীটোৱে নিয়াক জনায় যে সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা উক্ত কেমেৰাটো চীনৰ 'এ ই গ্ৰুপ ইণ্টাৰনেচনেল লিমিটেড' নামৰ এক বিতৰক কোম্পানীৰ পৰা ক্ৰয় কৰা হৈছিল আৰু ২০২৪ চনৰ ৩০ জানুৱাৰীত চীনৰ ডুন্নুৱান চহৰত ইয়াক সক্ৰিয় কৰা হৈছিল।
 
২২ এপ্ৰিলৰ সেই ক'লা দিনটোত পেহেলগামত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ বহু প্ৰত্যক্ষদৰ্শীয়ে তদন্তকাৰী সংস্থাক জনোৱা মতে, নিৰীহ লোকক হত্যা কৰাৰ পিছত সন্ত্ৰাসবাদীকেইজনে উক্ত 'গ' প্ৰ'' কেমেৰাটোৰে সমগ্ৰ হত্যাকাণ্ডৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছিল। এই চাঞ্চল্যকৰ তথ্য উন্মোচনে এতিয়া সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতাত চীনৰ প্ৰযুক্তি আৰু সৰঞ্জামৰ ভয়ংকৰ অপব্যৱহাৰক উদঙাই দিছে।