ভাৰত ভ্ৰমণলৈ অহা নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহক নতুন দিল্লীত গাৰ্ড অৱ অনাৰ প্ৰদান
নতুন দিল্লী
দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ অহা নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহক সোমবাৰে নতুন দিল্লীত আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনোৱা হয়। ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক বিশেষ অনুষ্ঠানত নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত থাকে।
ভ্ৰমণসূচী অনুসৰি, সোমবাৰে দিনটোৰ পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ কথা আছে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ।
দেওবাৰে ভাৰতত উপস্থিত হৈ শ্বাহে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে এক সৌজন্যমূলক বৈঠকত মিলিত হয়। বৈঠকত ভাৰত-নেপালৰ সম্পৰ্কৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশ, বিশেষকৈ যোগাযোগ ব্যৱস্থা, বাণিজ্য, পৰিবহণ আৰু পণ্য পৰিবহনৰ সুবিধা, শক্তি, সংস্কৃতি, শিক্ষা তথা দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত আলোচনা কৰা হয়।
বৈঠকৰ পিছত জয়শংকৰে ভাৰত আৰু নেপালৰ মাজৰ সম্পৰ্কক এক বিশেষ বন্ধুত্বপূৰ্ণ সম্পৰ্ক বুলি অভিহিত কৰে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগন্তুক আলোচনাক লৈ আশাবাদী।
সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা এটা বাৰ্তাত জয়শংকৰে কয়, "আজি সন্ধিয়া নতুন দিল্লী ভ্ৰমণলৈ অহা নেপালৰ প্ৰধানমন্ত্ৰী বালেন শ্বাহৰ সৈতে সাক্ষাৎ কৰি আনন্দিত হৈছোঁ। নেপালৰ সৈতে থকা বিশেষ বন্ধুত্বক ভাৰতে সদায় গুৰুত্ব দি আহিছে। কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ আলোচনাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছোঁ।"
ইফালে, নেপালৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েও এক্সত প্ৰকাশ কৰা এক পৃথক বিবৃতিত জনায় যে, নতুন দিল্লীৰ হোটেল তাজমহলত দুয়োগৰাকী নেতাৰ মাজত এই সৌজন্যমূলক বৈঠক অনুষ্ঠিত হয়। বৈঠকত ভাৰত-নেপালৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে পাৰস্পৰিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰক লৈ আলোচনা কৰা হয়।
বিবৃতিটোত উল্লেখ কৰা অনুসৰি, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। এই ভ্ৰমণৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ সহযোগিতা আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
উল্লেখযোগ্য যে, ৰেপ সংগীতশিল্পীৰ পৰা ৰাজনীতিলৈ অহা বালেন্দ্ৰ শ্বাহে ২০২৬ চনৰ মাৰ্চ মাহত নেপালৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণৰ লগতে প্ৰথম আনুষ্ঠানিক দ্বিপাক্ষিক বিদেশ ভ্ৰমণ।
দেওবাৰে নতুন দিল্লীত উপস্থিত হোৱা শ্বাহক বিমানবন্দৰত আদৰণি জনায় কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদে।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ২২ আৰু ২৩ নৱেম্বৰত এই ভ্ৰমণসূচী অনুষ্ঠিত হৈছে। ভ্ৰমণকালত শ্বাহে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূক সাক্ষাৎ কৰাৰ লগতে ২৩ নৱেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰিব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে, দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত-নেপালৰ দ্বিপাক্ষিক সম্পৰ্কৰ সামগ্ৰিক পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰতো মত-বিনিময় কৰিব।
মন্ত্ৰালয়টোৱে লগতে উল্লেখ কৰে যে, ভাৰত আৰু নেপালৰ মাজৰ ঘনিষ্ঠ সম্পৰ্ক ঐতিহাসিক, সাংস্কৃতিক আৰু সভ্যতাগত বন্ধনৰ ওপৰত প্ৰতিষ্ঠিত। দুয়োখন দেশৰ জনসাধাৰণৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা সম্পৰ্কই এই বন্ধুত্বক অধিক শক্তিশালী কৰি আহিছে।
বিগত সময়ছোৱাত বাণিজ্য, উন্নয়নমূলক সহযোগিতা, শক্তি আৰু জলসম্পদ, স্থলপথ তথা ডিজিটেল যোগাযোগ ব্যৱস্থাকে ধৰি বিভিন্ন ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতা বৃদ্ধি পাইছে। ইয়াৰ লগতে ষ্টাৰ্টআপ, প্ৰযুক্তি, উদ্ভাৱন আৰু ক্ৰীড়াৰ দৰে নতুন ক্ষেত্ৰসমূহতো পাৰস্পৰিক সহযোগিতাৰ সম্ভাৱনা সম্প্ৰসাৰিত হৈছে।
নেপালৰ বৈদেশিক সচিব অমৃত বাহাদুৰ ৰায়ে শুকুৰবাৰে এখন সংবাদমেলত জনোৱা অনুসৰি, সোমবাৰে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ’ব। এই আলোচনাত উভয় দেশৰ স্বাৰ্থজড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সামৰি লোৱা হ’ব। আলোচনাৰ অন্তত দুয়োগৰাকী নেতাই এখন যৌথ সংবাদমেলতো অংশগ্ৰহণ কৰাৰ কথা আছে।
নেপালৰ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ সৈতে অহা ৩৪ জনীয়া চৰকাৰী প্ৰতিনিধি দলটোৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক আনুষ্ঠানিক মধ্যাহ্নভোজৰো আয়োজন কৰিব।
দ্বিপাক্ষিক আলোচনাত বিশেষকৈ বাণিজ্য, পৰিবহণ, বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি শিক্ষা, স্বাস্থ্য, কৃষি, ক্ৰীড়া, দুৰ্যোগ ব্যৱস্থাপনা আৰু মানৱ সম্পদ উন্নয়নকে ধৰি বিভিন্ন ক্ষেত্ৰত দুয়োখন দেশৰ মাজত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।
এই ভ্ৰমণত যোগাযোগ ব্যৱস্থা আৰু শক্তি খণ্ডৰ সহযোগিতাই বিশেষ গুৰুত্ব লাভ কৰিব বুলি আশা কৰা হৈছে। দুয়োখন দেশে এই ক্ষেত্ৰসমূহত ইতিমধ্যে সম্পূৰ্ণ হোৱা কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰো সম্ভাৱনা আছে। ইয়াৰ জৰিয়তে সীমান্তপাৰ সহযোগিতা অধিক সম্প্ৰসাৰিত কৰাৰ লক্ষ্য লোৱা হৈছে।
চৰকাৰী পৰ্যায়ৰ আলোচনাৰ উপৰি এই ভ্ৰমণসূচীৰ অংশ হিচাপে এখন নেপাল-ভাৰত ব্যৱসায়িক মঞ্চৰো আয়োজন কৰা হৈছে। নেপালত ভাৰতীয় বিনিয়োগ আকৰ্ষণ কৰাই এই মঞ্চৰ অন্যতম মূল উদ্দেশ্য। ইয়াত দুয়োখন দেশৰ ব্যৱসায়িক প্ৰতিনিধিসকলে নতুন বিনিয়োগৰ সম্ভাৱনা আৰু বাণিজ্যিক সহযোগিতা বৃদ্ধিৰ বিভিন্ন দিশ সন্দৰ্ভত মত-বিনিময় কৰিব।
উল্লেখযোগ্য যে, নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে এই ভ্ৰমণত বিত্তমন্ত্ৰী স্বৰ্ণিম ৱাগলে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শিশিৰ খনাল, প্ৰধানমন্ত্ৰীৰ মুখ্য উপদেষ্টা কুমাৰ ব্যঞ্জনকাৰৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ চৰকাৰী বিষয়া উপস্থিত আছে।
এই উচ্চ পৰ্যায়ৰ ভ্ৰমণে ভাৰত আৰু নেপালৰ মাজৰ দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে অৰ্থনৈতিক, বাণিজ্যিক আৰু উন্নয়নমূলক সহযোগিতাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।