কাঠমাণ্ডু
শক্তিশালী এল নিনোৰ প্ৰভাৱত চলিত শীতকালত হিন্দুকুশ হিমালয় অঞ্চলৰ কেইবাটাও স্থানত স্বাভাৱিকতকৈ অধিক বৰষুণ আৰু তুষাৰপাত হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে। ইয়াৰ ফলত নেপালকে ধৰি হিমালয়ৰ বিভিন্ন অঞ্চলত বানপানী, ভূমিস্খলন আৰু হিমস্খলনৰ আশংকা বৃদ্ধি পাব পাৰে বুলি এখন শেহতীয়া প্ৰতিবেদনত সতৰ্ক কৰি দিয়া হৈছে।
কাঠমাণ্ডুস্থিত ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ইণ্টিগ্ৰেটেড মাউণ্টেইন ডেভেলপমেণ্ট (ICIMOD), বেইজিং নৰ্মেল ইউনিভাৰ্ছিটী আৰু চীনৰ একাডেমী অৱ চাইন্সেছৰ ইনষ্টিটিউট অৱ এটমছফেৰিক ফিজিক্সে যৌথভাৱে প্ৰস্তুত কৰা ‘হিন্দুকুশ হিমালয় শীতকালীন পূৰ্বাভাস ২০২৬’ শীৰ্ষক প্ৰতিবেদনখনত নেপাল, আফগানিস্তান আৰু বাংলাদেশকে ধৰি কেইবাখনো দেশত স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।
প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, অত্যধিক বৰষুণ আৰু তুষাৰপাতৰ ফলত পশ্চিম হিমালয়ৰ বিভিন্ন অঞ্চলত স্থানীয় বানপানী, ভূমিস্খলন আৰু হিমস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হ’ব পাৰে। আনহাতে, হিন্দুকুশ হিমালয় অঞ্চলৰ কেতবোৰ স্থানত বৰষুণৰ অভাৱ দেখা দিয়াৰ লগতে বনজুইৰ আশংকাও বৃদ্ধি পাব পাৰে।
আমেৰিকাৰ ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসনে (NOAA) শক্তিশালীৰ পৰা অতি শক্তিশালী এল নিনোৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰাৰ সময়তে এই প্ৰতিবেদনখন প্ৰকাশ পাইছে। সংস্থাটোৰ তথ্য অনুসৰি, এল নিনোৰ এই পৰিঘটনা ১৯৫০ চনৰ পৰা সংৰক্ষিত অভিলেখৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰূপ লোৱাৰ প্ৰায় ৬০ শতাংশ সম্ভাৱনা আছে।
আইচিম’ডৰ বিজ্ঞানীসকলৰ মতে, এল নিনোৰ প্ৰভাৱত হিমালয়ৰ পাদদেশত বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগতে অধিক উচ্চতাত অৱস্থিত অঞ্চলসমূহত তুষাৰপাতো বৃদ্ধি পাব পাৰে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে নেপাল আৰু ভূটানে এক অত্যন্ত বিধ্বংসী বৰ্ষাকালৰ সন্মুখীন হৈছিল। বিশেষকৈ উচ্চ পাৰ্বত্য অঞ্চলৰ হিমবাহ আৰু স্থায়ীভাৱে হিমায়িত ভূমিৰ পৰিৱৰ্তনৰ সৈতে জড়িত বিভিন্ন প্ৰাকৃতিক দুৰ্যোগে দুয়োখন দেশত ব্যাপক ক্ষতিসাধন কৰিছিল।
আগষ্ট মাহত নেপালত সংঘটিত বিধ্বংসী ভোটেকোশী বানপানীত কমেও ১,৫০০ লোকৰ মৃত্যু হোৱাৰ লগতে ৫,০০০ৰো অধিক লোক সন্ধানহীন হোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এই দুৰ্যোগৰ পিছত সাহায্য আৰু পুনৰ্নিৰ্মাণৰ বাবে দেশখনে প্ৰায় ৪.৭ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰিবলগীয়া হ’ব বুলি অনুমান কৰা হৈছে।
শীতকালীন পূৰ্বাভাস অনুসৰি, আফগানিস্তান, পাকিস্তান, উত্তৰ ভাৰত আৰু নেপালৰ কেতবোৰ অঞ্চলত স্বাভাৱিকতকৈ অধিক গভীৰ তুষাৰৰ আৱৰণ সৃষ্টি হ’ব পাৰে। ইয়াৰ বিপৰীতে ভূটান আৰু চীনৰ পূব ছিজাঙৰ কিছু অঞ্চলত তুষাৰৰ পৰিমাণ স্বাভাৱিকতকৈ কম হোৱাৰ সম্ভাৱনা আছে।
প্ৰতিবেদনখনত কোৱা হৈছে যে, নদীৰ পানীৰ প্ৰবাহ অব্যাহত ৰখা আৰু পৰৱৰ্তী বছৰৰ বাবে পানীৰ উপলব্ধতা নিৰ্ধাৰণ কৰাত তুষাৰৰ আৱৰণৰ গভীৰতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তুষাৰৰ পৰিমাণ হ্ৰাস পালে কৃষিক্ষেত্ৰৰ জলসিঞ্চন, জলবিদ্যুৎ উৎপাদন আৰু প্ৰাকৃতিক নিজৰাৰ পানীৰ প্ৰবাহত বিৰূপ প্ৰভাৱ পৰিব পাৰে।
প্ৰতিবেদনখনত লগতে সতৰ্ক কৰি দিয়া হৈছে যে, অধিক বৰষুণ হোৱা শীতকাল মানেই বনজুইৰ আশংকা নথকা নহয়। হিন্দুকুশ হিমালয়ৰ আন কেতবোৰ অঞ্চলত দীৰ্ঘদিন ধৰি শুকান বতৰৰ পৰিস্থিতি অব্যাহত থাকিব পাৰে। ইয়াৰ ফলত ঘাঁহ-বন আৰু অন্যান্য গছ-গছনি শুকাই যোৱাৰ লগতে বনজুই বিয়পি পৰাৰ অনুকূল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।
বিশেষকৈ দক্ষিণ-পূব ছিজাঙ আৰু ম্যানমাৰৰ কেতবোৰ অঞ্চলত বনজুই আৰু তৃণভূমিত অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা অধিকৰ পৰা অতি অধিক বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে।
এই সন্দৰ্ভত আইচিম’ডৰ জলবিজ্ঞানী মনীষ শ্ৰেষ্ঠই কয়, "দুৰ্যোগৰ বাবে প্ৰস্তুতি কেৱল বাৰিষাৰ সময়তে সীমাবদ্ধ থাকিব নালাগে। বৰষুণৰ ধৰণ ক্ৰমাৎ অনিয়মীয়া আৰু তীব্ৰ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত স্থানীয় কৰ্তৃপক্ষই আগতীয়াকৈ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ ঋতুভিত্তিক পূৰ্বাভাসৰ সহায় লোৱা উচিত। একেদৰে কেতিয়া আৰু ক’ত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, সেই সিদ্ধান্ত ল’বলৈ স্থানীয় পৰ্যায়ৰ হ্ৰস্বম্যাদী বতৰৰ পূৰ্বাভাসো অত্যন্ত জৰুৰী।"
ইফালে, অহা ২৫ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ কাঠমাণ্ডুত অনুষ্ঠিত হ’বলগীয়া ‘হিন্দুকুশ হিমালয়ৰ হিমমণ্ডলৰ বাবে বিজ্ঞান, নীতি আৰু আঞ্চলিক সহযোগিতাৰ অগ্ৰগতি’ শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত আইচিম’ডে এই প্ৰতিবেদনৰ বিভিন্ন তথ্য আৰু সম্ভাৱ্য প্ৰভাৱ সন্দৰ্ভত আলোচনা কৰিব।