গুৱাহাটী
শনিবাৰে গুৱাহাটীৰ নাৰেংগী ৰে’লৱে ষ্টেচনত সংঘটিত হোৱা এক অস্বাভাৱিক ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ষ্টেচনটোত উদ্ধাৰ হোৱা এটা অচিনাক্ত মৃতদেহ আৰু তাৰ লগতে উদ্ধাৰ হোৱা নগদ ২৫ লক্ষাধিক টকাই খোদ আৰক্ষীকো হতবাক কৰি তুলিছে। বৰ্তমানলৈকে মৃতদেহটোৰ প্ৰকৃত পৰিচয় পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত এই সমগ্ৰ ঘটনাটোৰ আঁৰত এক গভীৰ ৰহস্য সোমাই থকাৰ সন্দেহ ঘনীভূত হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় ৪৫ বছৰীয়া লোকজন শনিবাৰে কলংপাৰ এক্সপ্ৰেছত উঠি আহি সন্ধিয়াৰ ভাগত নাৰেংগী ষ্টেচনত উপস্থিত হৈছিলহি। ষ্টেচনত নমাৰ পিছতে স্থানীয় লোকে লোকজনক অতি অসুস্থ অৱস্থাত প্ৰত্যক্ষ কৰে। পৰিস্থিতি দেখি একাংশ সচেতন লোকে লগে লগে আৰক্ষীক খবৰ দিয়ে। খবৰ পোৱা মাত্ৰকে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ লোকজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। কিন্তু দুৰ্ভাগ্যৱশত, চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
ইয়াৰ পিছতে আৰক্ষীৰ সন্মুখত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে। মৃত লোকজনৰ শৰীৰত অতি সংগোপনে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ টকাৰ বাণ্ডোল। আৰক্ষীয়ে লগে লগে ধনখিনি নিজৰ জিম্মাত লৈ হিচাপ কৰাত সেইয়া মুঠ ২৫ লাখ ৮০০ টকা বুলি নিশ্চিত কৰে (প্ৰথম অৱস্থাত ২৫ লাখ ৭০০ টকা বুলি উল্লেখ কৰা হৈছিল)। ইমান বৃহৎ পৰিমাণৰ ধন এনেদৰে নিজৰ শৰীৰত লুকুৱাই অনা কাৰ্যই সমগ্ৰ ঘটনাটোৰ গুৰুত্ব অধিক বৃদ্ধি কৰিছে।
মৃতদেহটোৰ পৰা লাভ কৰা কিছু তথ্যৰ ভিত্তিত লোকজনৰ ঘৰ কৰিমগঞ্জত হ’ব পাৰে বুলি আৰক্ষীয়ে এক প্ৰাথমিক অনুমান কৰিছে। আনহাতে, সমগ্ৰ ঘটনাটোৰ উচিত তদন্তৰ বাবে আৰক্ষীয়ে ইতিমধ্যে নাৰেংগী ৰে’লৱে ষ্টেচনৰ চি চি টিভি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰিছে। কলংপাৰ এক্সপ্ৰেছৰ পৰা নামি অহা এই লোকজন আচলতে কোন, তেওঁ ইমান বৃহৎ পৰিমাণৰ ধন ক’ৰ পৰা আৰু ক’লৈ লৈ গৈছিল— সেই সকলোবোৰ দিশ সামৰি আৰক্ষীয়ে এক সুক্ষ্ম তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ সন্দেহ অনুসৰি, এই ধন কোনো অবৈধ 'হাৱালা' চক্ৰৰ হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে।
বৰ্তমান লোকজনৰ মৃতদেহটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত ৰখা হৈছে। এতিয়ালৈকে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ নিৰৱচ্ছিন্ন তদন্তৰ অন্ততহে এই ৰহস্যময় ঘটনাটোৰ প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।