বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু বুলগেৰিয়াৰ বৈদেশিক মন্ত্ৰী ভেলিছলাভা পেট্ৰ'ভা
নতুন দিল্লী
ভাৰত আৰু বুলগেৰিয়াই শনিবাৰে বাণিজ্য, নিৰাপত্তা, প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ইয়াৰ লগতে দুয়োখন দেশে ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (IMEC), কৃষ্ণ সাগৰ অঞ্চলৰ পৰিস্থিতি আৰু ইউক্ৰেইন সংঘাত সন্দৰ্ভতো মত-বিনিময় কৰে।
নতুন দিল্লীৰ হায়দৰাবাদ হাউছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বুলগেৰিয়াৰ বৈদেশিক মন্ত্ৰী ভেলিছলাভা পেট্ৰ'ভাৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
বৈঠকৰ অন্তত সামাজিক মাধ্যম ‘এক্স’ত দিয়া এক বাৰ্তাত জয়শংকৰে কয় যে, বুলগেৰিয়াৰ বৈদেশিক মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি তেওঁ আনন্দিত। বৈঠকত বাণিজ্য, যোগাযোগ ব্যৱস্থা, বিনিয়োগ, প্ৰযুক্তি, নিৰাপত্তা আৰু দক্ষ মানৱ সম্পদৰ চলাচলকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰা হয়।
তেওঁ লগতে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত বৃদ্ধি পোৱা সম্পৰ্ক, সাংস্কৃতিক আদান-প্ৰদান আৰু ভাৰত-ইউৰোপীয় সংঘৰ মাজত অধিক সুদৃঢ় হৈ উঠা সম্পৰ্কক আদৰণি জনায়।
জয়শংকৰে কয় যে, ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তি (FTA) সম্পন্ন হোৱাৰ পিছত দুয়োপক্ষৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ মাজত ব্যাপক যোগাযোগ আৰু আদান-প্ৰদান বৃদ্ধি কৰাটো প্ৰয়োজনীয়। এই বিষয়ত দুয়োখন দেশ সহমতত উপনীত হৈছে।
ইয়াৰ উপৰি ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ তথা অন্যান্য যোগাযোগমূলক প্ৰকল্পৰ সম্ভাৱনা সন্দৰ্ভতো দুয়োপক্ষই আলোচনা কৰে। কৃষ্ণ সাগৰ অঞ্চলৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ইউক্ৰেইন সংঘাত সন্দৰ্ভত হোৱা মত বিনিময়কো জয়শংকৰে গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে।
বৈঠকৰ আৰম্ভণিতে দিয়া ভাষণত জয়শংকৰে কয় যে, দুয়োখন দেশৰ বিষয়াসকলে পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবে ইতিমধ্যে এক বিস্তৃত কৰ্মপৰিকল্পনা প্ৰস্তুত কৰিছে। এই পৰিকল্পনাত বৈঠকৰ সময়তে অনুমোদন জনোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ইয়াৰ জৰিয়তে আগন্তুক দিনত দুয়োখন দেশৰ সহযোগিতামূলক কাৰ্যসূচীসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক স্পষ্ট দিশ নিৰ্ধাৰণ হ'ব।
তেওঁ লগতে উল্লেখ কৰে যে, বুলগেৰিয়াৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ এনে এক সময়ত অনুষ্ঠিত হৈছে, যেতিয়া ভাৰতে ইউৰোপীয় সংঘৰ সৈতে নিজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই প্ৰচেষ্টাত বুলগেৰিয়া চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবেও জয়শংকৰে কৃতজ্ঞতা প্ৰকাশ কৰে।
ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তিখন শীঘ্ৰেই কাৰ্যকৰী হ'ব বুলি আশা প্ৰকাশ কৰি জয়শংকৰে কয় যে, এই চুক্তিয়ে দুয়োপক্ষৰ সম্পৰ্কত নতুন গতি আনিব। বিশেষকৈ বাণিজ্য, প্ৰযুক্তি আৰু দক্ষ মানৱ সম্পদৰ ক্ষেত্ৰত ইউৰোপৰ সৈতে ভাৰতৰ সহযোগিতা যথেষ্ট বৃদ্ধি পাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
ইফালে, শেহতীয়াকৈ সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ ভাৰতৰ হৈ সমবেদনা জ্ঞাপন কৰে জয়শংকৰে। লগতে দুৰ্ঘটনাটোত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰে।
কৃষ্ণ সাগৰত আক্ৰমণৰ সন্মুখীন হোৱা জাহাজসমূহত কৰ্মৰত ভাৰতীয় নাবিকসকলক স্বদেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত বুলগেৰিয়া চৰকাৰে আগবঢ়োৱা সহায়ৰ বাবেও তেওঁ ধন্যবাদ জনায়। বিশেষকৈ আক্ৰমণত আহত হোৱা ভাৰতীয় নাবিকসকলৰ যত্ন লোৱাৰ ক্ষেত্ৰত বুলগেৰিয়া চৰকাৰৰ ভূমিকাক তেওঁ প্ৰশংসা কৰে।
জয়শংকৰে যোৱা জুন মাহত বুলগেৰিয়াৰ ৰাজধানী ছফিয়ালৈ কৰা নিজৰ ভ্ৰমণৰ কথাও স্মৰণ কৰে। তেওঁ কয় যে, সেই ভ্ৰমণে ভাৰত আৰু বুলগেৰিয়াৰ সম্পৰ্কত নতুন উদ্যম আৰু গতি সঞ্চাৰ কৰিছিল।
তেওঁৰ মতে, বৰ্তমানৰ বৈঠকখন দুয়োখন দেশৰ সম্পৰ্কৰ অগ্ৰগতি মূল্যায়ন কৰাৰ লগতে সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ। বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা (AI), মহাকাশ, পৰ্যটন আৰু জনসাধাৰণৰ চলাচলৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা আছে বুলিও তেওঁ উল্লেখ কৰে।
ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত ইতিমধ্যে নিৰাপত্তা আৰু প্ৰতিৰক্ষা অংশীদাৰিত্ব চুক্তিৰ লগতে জনসাধাৰণৰ চলাচল সম্পৰ্কীয় এক সহযোগিতামূলক কাঠামোত স্বাক্ষৰ কৰা হৈছে বুলি জয়শংকৰে জানিবলৈ দিয়ে।
তেওঁ লগতে কয় যে ‘হৰাইজন ইউৰোপ’ কাৰ্যসূচীত ভাৰতৰ অংশগ্ৰহণ সম্পৰ্কীয় আলোচনা শেহতীয়াকৈ সম্পন্ন হৈছে। ইয়াৰ উপৰি ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত সপ্তম কৌশলগত অংশীদাৰিত্ব পৰ্যালোচনা বৈঠকো অনুষ্ঠিত হৈছে।
জয়শংকৰে কয় যে, দ্বিপাক্ষিক সম্পৰ্কই হওক, ইউৰোপীয় সংঘৰ সৈতে সহযোগিতাই হওক অথবা বহুপাক্ষিক মঞ্চত একেলগে কাম কৰাৰ ক্ষেত্ৰই হওক, ভাৰত আৰু বুলগেৰিয়াৰ মাজত দীৰ্ঘদিনীয়া সুসম্পৰ্ক আৰু সহযোগিতাৰ এক শক্তিশালী ভেটি আছে। এই ভেটিৰ ওপৰত নিৰ্ভৰ কৰিয়েই দুয়োখন দেশে আগন্তুক দিনত নিজৰ সম্পৰ্ক অধিক আগবঢ়াই নিব পাৰিব।