ভাৰত-কানাডাৰ মাজত বাণিজ্য চুক্তিৰ আলোচনা চূড়ান্ত পৰ্যায়ত; ডিচেম্বৰত মোদীৰ ভ্ৰমণৰ পূৰ্বেই চুক্তি সম্পন্ন কৰাৰ প্ৰচেষ্টা

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি
 
নতুন দিল্লী
 
ভাৰত আৰু কানাডাৰ মাজত বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (CEPA) সন্দৰ্ভত ষষ্ঠ পৰ্যায়ৰ আলোচনা শুকুৰবাৰে নতুন দিল্লীত সম্পন্ন হয়। অহা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত কানাডা ভ্ৰমণৰ পূৰ্বেই এই চুক্তি চূড়ান্ত কৰাৰ বাবে দুয়োখন দেশে প্ৰচেষ্টা অব্যাহত ৰাখিছে। বিষয়টোৰ সৈতে জড়িত একাধিক সূত্ৰই নাম প্ৰকাশ নকৰাৰ চৰ্তত এই কথা জানিবলৈ দিয়ে।
 
সূত্ৰসমূহৰ মতে, আলোচনাৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত দুয়োপক্ষ প্ৰায় সহমতত উপনীত হৈছে। আনহাতে, কিছুমান বিষয়ত আলোচনা ইতিমধ্যে সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ কানাডা ভ্ৰমণৰ সময়ত বাণিজ্য, বিনিয়োগ আৰু শক্তি খণ্ডত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি ঘোষণা কৰিব পৰাকৈ দুয়োখন দেশে অনলাইন মাধ্যমতো আলোচনা অব্যাহত ৰাখিব।
 
উল্লেখ্য যে, যোৱা ১৬ অক্টোবৰত অটোৱাস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ে সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ আৰু ১২ ডিচেম্বৰত কানাডা ভ্ৰমণ কৰিব বুলি জানিবলৈ দিছিল।
 
ইফালে, শনিবাৰে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে ১১ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ অনুষ্ঠিত ষষ্ঠ পৰ্যায়ৰ আলোচনা সম্পন্ন হোৱাৰ কথা নিশ্চিত কৰে। অৱশ্যে আলোচনাৰ সবিশেষ তথ্য প্ৰকাশ কৰা নাই মন্ত্ৰালয়ে।
 
বাণিজ্য সচিব ৰাজেশ আগৰৱাল আৰু কানাডাৰ উপমন্ত্ৰী গ্লেন পাৰ্ভেছে এই পৰ্যায়ৰ আলোচনাত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে সামগ্ৰিক আলোচনাৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভতো বুজ লয়।
 
এই পৰ্যায়ৰ আলোচনাত সামগ্ৰীৰ বাণিজ্য, সেৱা খণ্ডৰ বাণিজ্য, পণ্যৰ উৎপত্তি নিৰ্ধাৰণৰ নিয়ম, বাণিজ্যিক সুৰক্ষামূলক ব্যৱস্থা, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ আৰু বিনিয়োগৰ প্ৰসাৰকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সামৰি লোৱা হয়।
 
ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে দেশখনৰ মুখ্য আলোচনাকাৰী ব্ৰিজ মোহন মিশ্ৰই। আনহাতে, কানাডাৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে দেশখনৰ মুখ্য আলোচনাকাৰী মেৰী-কেথেৰিন স্পিয়াৰ্ছে। 
 
এই সন্দৰ্ভত বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কয় যে, ষষ্ঠ পৰ্যায়ৰ আলোচনা গঠনমূলক আৰু ফলপ্ৰসূ আছিল। আলোচনাৰ বিভিন্ন বিষয়ত দুয়োপক্ষই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। দুয়োখন দেশৰ নেতৃবৰ্গই নিৰ্ধাৰণ কৰা উচ্চাকাংক্ষী সময়সীমাৰ ভিতৰতে চুক্তিখন সম্পন্ন কৰাৰ লক্ষ্যৰে এই আলোচনা আগবঢ়াই নিয়া হৈছে।
 
মন্ত্ৰালয়ে লগতে কয় যে, ভাৰত আৰু কানাডাই উভয় দেশৰ কৃষক, উদ্যোগ, ব্যৱসায়ী আৰু ক্ষুদ্ৰ, লঘু তথা মজলীয়া উদ্যোগসমূহৰ (MSME) বাবে বাস্তৱিক সুফল কঢ়িয়াই আনিব পৰা এখন উচ্চাকাংক্ষী, সুষম আৰু বাণিজ্যিকভাৱে লাভজনক চুক্তি সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰিছে। 
 
দুয়োপক্ষৰ মতে, প্ৰস্তাৱিত এই চুক্তিয়ে বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। ইয়াৰ লগতে সামগ্ৰীৰ যোগান ব্যৱস্থা অধিক সুদৃঢ় আৰু বহুমুখী কৰি তোলাৰ উপৰি দুয়োখন দেশৰ অৰ্থনৈতিক অংশীদাৰিত্বও অধিক গভীৰ কৰিব।
 
আনহাতে, ভাৰত আৰু কানাডাই শক্তি খণ্ডতো সহযোগিতা বৃদ্ধিৰ নতুন সম্ভাৱনা বিচাৰি আছে। সূত্ৰসমূহৰ মতে, দুয়োখন দেশে শক্তি সামগ্ৰীৰ আদান-প্ৰদানৰ বাবে এক দ্বিমুখী যোগান ব্যৱস্থা গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে। এই ব্যৱস্থাৰ অধীনত ভাৰতে কানাডাৰ পৰা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ আমদানি কৰাৰ বিপৰীতে কানাডালৈ পৰিশোধিত পেট্ৰ'লিয়ামজাত সামগ্ৰী ৰপ্তানি কৰিব।
 
ইতিমধ্যে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে বাণিজ্য, শক্তি, প্ৰযুক্তি, নিৰাপত্তা আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবে সহমত প্ৰকাশ কৰিছে। 
 
সামগ্ৰিকভাৱে, প্ৰস্তাৱিত এই অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিয়ে ভাৰত আৰু কানাডাৰ দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্কক নতুন গতি দিয়াৰ লগতে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সহযোগিতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।


শেহতীয়া খবৰ