জুবিন গাৰ্গৰ ৰেঞ্জ ৰ'ভাৰ বাহন বিক্ৰী কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া; অহা ডেৰ-দুমাহৰ ভিতৰত আৰম্ভ হ'ব জুবিন ক্ষেত্ৰত সমাধিৰ নিৰ্মাণ কাম

Story by  atv | Posted by  Munni Begum • 1 h ago
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু জুবিন গাৰ্গ
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু জুবিন গাৰ্গ
 
গুৱাহাটী 
 
প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ৰেঞ্জ ৰোভাৰ বিক্ৰীক লৈ চলি থকা বিতৰ্কৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ উল্লেখ কৰিছে, "জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গ সম্পৰ্কে কি সিদ্ধান্ত লব বা লৈ থাকিব তাত চৰকাৰৰ কোনো মন্তব্য কৰিবলগীয়া নাই। মই  কেৱল এটা কথা ক’ব বিচাৰিছোঁ যে, শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰৰ পুনৰ নিৰ্মাণকাৰ্য অহা ডেৰ-দুমাহৰ ভিতৰত আৰম্ভ কৰা হ'ব।" 
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, সমগ্ৰ সমাধিক্ষেত্ৰ ভাঙি পুনৰ নিৰ্মাণ কৰা হ'ব আৰু এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'বলৈ প্ৰায় ডেৰ-দুবছৰ সময় লাগিব। নিৰ্মাণকাৰ্য চলি থকা এই সময়ছোৱাত তাত কোনো ধৰণৰ গাড়ী আদি ৰখাৰ ব্যৱস্থা নাথাকিব।
 
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, "জুবিন গাৰ্গৰ পৰিয়ালে তেওঁক লৈ গ্ৰহণ কৰা সিদ্ধান্তক আমি সমৰ্থন জনাইছোঁ। পৰিয়ালে কি কাৰণত আৰু কি পৰিস্থিতিত এনে সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই বিষয়ে তেওঁলোকৰ সৈতে আলোচনা কৰিলেহে জানিব পৰা যাব। সেয়েহে, এই বিষয়ত চৰকাৰৰ ফালৰ পৰা কোনো মন্তব্য নকৰাটোৱেই সমীচীন হ’ব বুলি মই ভাবোঁ।"
 
আনহাতে, শিল্পীগৰাকীৰ ৰেঞ্জ ৰোভাৰ বিক্ৰীক লৈ সৃষ্টি হোৱা বিতৰ্কৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ ভগ্নী পাল্মী বৰঠাকুৰে। পৰিয়ালৰ ব্যক্তিগত জীৱন ৰাজহুৱা কৰাৰ অধিকাৰ কাৰ আছে বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ এই বিতৰ্কৰ আঁৰত থকা লোকসকলৰ অতীত আৰু জুবিন জীয়াই থকা সময়ত তেওঁলোকৰ অৱস্থানৰ বিষয়েও সংবাদ মাধ্যমক অনুসন্ধান কৰিবলৈ আহ্বান জনায়।
 
ৰেঞ্জ ৰোভাৰ বিক্ৰীক লৈ সামাজিক মাধ্যম আৰু ৰাজহুৱা ক্ষেত্ৰত চলি থকা চৰ্চাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাল্মী বৰঠাকুৰে প্ৰশ্ন কৰে যে জুবিনৰ পৰিয়ালে কি পৰিস্থিতিত গাড়ীখন বিক্ৰী কৰিবলৈ বাধ্য হৈছিল, সেই বিষয়ে কোনোবাই জানিবলৈ চেষ্টা কৰিছেনে? পৰিয়ালৰ ব্যক্তিগত জীৱন ৰাজহুৱা কৰাৰ অধিকাৰ কোনে দিছে বুলিও তেওঁ প্ৰশ্ন কৰে। তেওঁৰ মতে, এই বিতৰ্কৰ মাজত জুবিন গাৰ্গৰ পৰিয়ালটোক ৰাজহুৱাভাৱে ব্যক্তিগত বিষয়সমূহৰ সৈতে উন্মুক্ত কৰি দিয়া হৈছে।
 
তেওঁ লগতে কয় যে, কোনোবাই যদি এই বিষয়ত জানিবলৈ বিচাৰে, তেন্তে শালীনতাৰে আৰু ভদ্ৰভাৱে প্ৰশ্ন কৰা উচিত। গৰিমা গাৰ্গলৈ এখন মুকলি চিঠি লিখি সঠিকভাৱে প্ৰশ্ন উত্থাপন কৰাৰো পৰামৰ্শ দিয়ে ডাঃ বৰঠাকুৰে।
 
সামাজিক মাধ্যমত এই বিষয়টোক লৈ ব্যাপক চৰ্চা কৰা লোকসকলৰ প্ৰতিও ক্ষোভ প্ৰকাশ কৰে জুবিনৰ ভগ্নীগৰাকীয়ে। তেওঁৰ মতে, যিসকলে সামাজিক মাধ্যমত এই বিষয়টোক লৈ অত্যধিক হৈ-চৈ কৰি আছে, তেওঁলোকৰ আচৰণে জুবিনৰ প্ৰতি থকা প্ৰকৃত ভালপোৱাৰ ওপৰত সন্দেহৰ সৃষ্টি কৰিছে। বেংক ষ্টেটমেণ্টৰ দৰে ব্যক্তিগত তথ্য ৰাজহুৱা কৰাৰ অধিকাৰ কাৰ আছে বুলিও তেওঁ প্ৰশ্ন কৰে। 
 
এই বিতৰ্কৰ সূচনা কোনে কৰিছিল, সেই বিষয়েও সংবাদ মাধ্যমক অনুসন্ধান কৰিবলৈ আহ্বান জনায় ডাঃ পাল্মী বৰঠাকুৰে। তেওঁ শিখা শৰ্মা অথবা দুলু আহমেদক ব্যক্তিগতভাৱে চিনি নাপায় বুলি উল্লেখ কৰি বিতৰ্কৰ কেন্দ্ৰত থকা লোকসকলৰ অতীত আৰু জুবিন জীয়াই থকা সময়ৰ পৰা বৰ্তমানলৈ তেওঁলোকৰ সামাজিক অৱস্থান কি আছিল, সেই বিষয়ে অনুসন্ধান কৰিবলৈ সাংবাদিকসকলক অনুৰোধ জনায়।