ৰাজ্যত MBBS পাঠ্যক্ৰমৰ মাচুল ১ লাখ টকালৈ বৃদ্ধি

Story by  atv | Posted by  [email protected] • 34 m ago
ৰাজ্যত MBBS পাঠ্যক্ৰমৰ মাচুল ১ লাখ টকালৈ বৃদ্ধি
ৰাজ্যত MBBS পাঠ্যক্ৰমৰ মাচুল ১ লাখ টকালৈ বৃদ্ধি
 
গুৱাহাটী
 
অসম চৰকাৰে ৰাজ্যৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকললৈ এক জৰুৰী জাননী প্ৰেৰণ কৰি এম বি বি এছ (MBBS) পাঠ্যক্ৰমৰ বৰ্ধিত মাচুল মাত্ৰ ৩০ দিনৰ ভিতৰত আদায় দিবলৈ নিৰ্দেশ দিছে। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত আৰু জৰুৰী জাননীৰ ফলত স্বাভাৱিকতেই চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত তীব্ৰ হাহাকাৰ আৰু অসন্তুষ্টিৰ সৃষ্টি হৈছে।
 
উল্লেখ্য যে, যোৱা ৩০ আগষ্টত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এম বি বি এছ পাঠ্যক্ৰমৰ মাচুল বৃদ্ধিৰ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। পৰৱৰ্তী সময়ত চৰকাৰৰ জৰুৰী নিৰ্দেশনাৰ ভিত্তিত যোৱা ১৯ নৱেম্বৰত চিকিৎসা শিক্ষা সঞ্চালকালয়ে মাচুল বৃদ্ধিৰ বিষয়টো তিনিটা পৰ্যায়ত বিভক্ত কৰি আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰে। ইয়াৰ পাছতেই, ২১ নৱেম্বৰত ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ে সুকীয়াকৈ জাননী জাৰি কৰি ছাত্ৰ-ছাত্ৰীসকলক ২১ ডিচেম্বৰৰ ভিতৰত (অৰ্থাৎ জাননী জাৰি কৰা দিনৰ পৰা ঠিক ৩০ দিনৰ ভিতৰত) এই বৰ্ধিত মাচুল আদায় দিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে।
 
আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল যে এই বৰ্ধিত মাচুল কেৱল নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলেই নহয়, বৰঞ্চ ইতিমধ্যে নামভৰ্তি কৰি অধ্যয়নৰত শিক্ষাৰ্থীসকলেও ভৰিব লাগিব। নিৰ্দেশনা অনুসৰি ২০২২-২৩, ২০২৩-২৪, ২০২৪-২৫ আৰু ২০২৫-২৬ বৰ্ষৰ সকলো এম বি বি এছ ছাত্ৰ-ছাত্ৰীয়ে এই মাচুল আদায় দিব লাগিব।
 
জাননীখনত উল্লেখ কৰা অনুসৰি, এই বৰ্ধিত মাচুল শিক্ষাৰ্থীৰ পৰিয়ালৰ বাৰ্ষিক আয়ৰ ওপৰত ভিত্তি কৰি তলত দিয়া ধৰণে নিৰ্ধাৰণ কৰা হৈছে: বাৰ্ষিক আয় ৯ লাখ টকাতকৈ বেছি হ'লে: ১ লাখ টকা। বাৰ্ষিক আয় ৪ লাখৰ পৰা ৯ লাখ টকাৰ ভিতৰত হ'লে: ৫০ হেজাৰ টকা। বাৰ্ষিক আয় ৪ লাখ টকা পৰ্যন্ত হ'লে: ৫,০০০ টকা। এই নতুন নিয়ম অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে নিৰ্ধাৰিত মাচুলৰ লগতে নিজৰ পৰিয়ালৰ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰও মহাবিদ্যালয়ত জমা দিব লাগিব।
 
চৰকাৰৰ এই সিদ্ধান্তৰ ফলত সাধাৰণ শিক্ষাৰ্থীসকল বৃহৎ আৰ্থিক বোজাৰ সন্মুখীন হ'ব লগা হৈছে। চৰকাৰৰ আৰ্থিক অৱনতি বা 'দেউলীয়া' অৱস্থাৰ পৰিণতি স্বৰূপে এতিয়া প্ৰথম পৰ্যায়ৰ শিক্ষাৰ্থীয়ে ৪১ গুণ আৰু দ্বিতীয় পৰ্যায়ৰ শিক্ষাৰ্থীয়ে ২২ গুণ অধিক মাচুল ভৰিবলগীয়া হৈছে। আনকি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীসকলেও পূৰ্বতকৈ ১০০ শতাংশৰো অধিক মাচুল ভৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ উপৰিও, নামভৰ্তিৰ সময়ত প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ে নিৰ্ধাৰণ কৰা ২০ ৰ পৰা ২২ হেজাৰ টকাৰ অতিৰিক্ত মাচুলো ছাত্ৰ-ছাত্ৰীসকলে সুকীয়াকৈ আদায় দিব লাগিব।
 
ৰাজ্য চৰকাৰৰ এনে অপ্ৰত্যাশিত মাচুল বৃদ্ধি আৰু মাত্ৰ এমাহৰ ভিতৰত সেই বৃহৎ ধন আদায় দিয়াৰ নিৰ্দেশনাক কেন্দ্ৰ কৰি বৰ্তমান ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ উদ্গীৰণ ঘটিছে।