নতুন দিল্লী
মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহোমৰ মহান সেনাপতি লাচিত বৰফুকনৰ জন্মবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমত এই দিনটো লাচিত দিৱস হিচাপে পালন কৰা হয়। মোগল সেনাৰ পৰা এই অঞ্চলটোক ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁৰ নেতৃত্ব আৰু বীৰত্বক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে। মোদীয়ে কয় যে মাতৃভূমিৰ প্ৰতি লাচিত বৰফুকনৰ সাহস আৰু দায়বদ্ধতাই, বিশেষকৈ ১৬৭১ চনৰ ঐতিহাসিক শৰাইঘাটৰ যুদ্ধৰ সময়ত দেখুওৱা তেওঁৰ বীৰত্বই আজিও প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।
এক্সৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে অসমক ৰক্ষা কৰাত লাচিত বৰফুকনৰ দৃঢ়তা আৰু নেতৃত্বই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ই অসমৰ জনসাধাৰণৰ শক্তি আৰু উদ্দীপনাক প্ৰতিফলিত কৰিছিল।
মোদীয়ে কয়, "লাচিত দিৱস উপলক্ষে আমি মহান লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, যাৰ সাহস আৰু দৃঢ়তাই অসমক ৰক্ষা কৰাত সহায় কৰিছিল। তেওঁৰ অসাধাৰণ নেতৃত্ব আৰু জনসাধাৰণৰ প্ৰতি থকা সমৰ্পণৰ ভাৱে প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি আহিছে, লগতে ই আমাক অসমৰ শক্তি আৰু উদ্দীপনাৰ কথাও সোঁৱৰাই দিয়ে।"
মোগল সাম্ৰাজ্যৰ সম্প্ৰসাৰিত সামৰিক অভিযানৰ অধীনত মোগলসকলে গুৱাহাটী দখল কৰিছিল আৰু তাৰ পিছত লাচিত বৰফুকনে কেনেদৰে আহোম সেনাক নেতৃত্ব দি মোগলৰ পৰা গুৱাহাটী পুনৰুদ্ধাৰ কৰিছিল, সেই কথাও প্ৰধানমন্ত্ৰীয়ে সুঁৱৰে।
"অসমৰ এই মহান ভূমিত মই মূৰ দোৱাইছোঁ, যিখন ভূমিয়ে মা ভাৰতীক লাচিত বৰফুকনৰ দৰে এজন অদম্য বীৰ উপহাৰ দিছে," বুলি উল্লেখ কৰি মোদীয়ে লগতে কয় যে মোগলসকলে গুৱাহাটী দখল কৰিবলৈ তেওঁলোকৰ সম্পূৰ্ণ সামৰিক শক্তি প্ৰয়োগ কৰিছিল, কিন্তু লাচিত বৰফুকনে সফলতাৰে তেওঁলোকৰ কবলৰ পৰা চহৰখনক মুক্ত কৰিছিল।
মোদীয়ে আৰু কয় যে মোগল সম্ৰাট ঔৰংজেৱে এই পৰাজয়ৰ পোতক তুলিবলৈ বাৰে বাৰে চেষ্টা কৰিছিল যদিও সফল হ'ব পৰা নাছিল।
১৬৭১ চনত গুৱাহাটীৰ ওচৰত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আহোম সেনাপতিগৰাকীয়ে দেশক যি অগ্ৰাধিকাৰ দিছিল, সেয়া নিশ্চয়কৈ তেওঁৰ সেনাৰ আটাইতকৈ সাধাৰণ পৰ্যায়ৰ সৈনিকসকলৰো মনোবল যথেষ্ট বৃদ্ধি কৰিছিল।
"এই মনোবলেই হৈছে বিজয়ৰ মূল ভেটি," বুলি উল্লেখ কৰি মোদীয়ে লগতে কয় যে দেশক প্ৰথম স্থান দিয়াৰ একেই মনোভাৱে আজিও দেশৰ অগ্ৰগতিক পথ প্ৰদৰ্শন কৰি আছে।
১৬২২ চনৰ ২৪ নৱেম্বৰত লাচিত বৰফুকনৰ জন্ম হৈছিল আৰু তেওঁ আহোম ৰাজ্যৰ ৰাজকীয় সেনাৰ সেনাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শৰাইঘাটৰ যুদ্ধত তেওঁ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল, য'ত আহোম সেনাই মোগল সেনাক পৰাস্ত কৰি অসমলৈ তেওঁলোকৰ আগ্ৰাসন ৰোধ কৰিছিল।
তেওঁৰ সামৰিক নেতৃত্ব আৰু কৌশলগত পৰিকল্পনাই এই অঞ্চলটোৰ ওপৰত নিয়ন্ত্ৰণ বিস্তাৰৰ বাবে মোগলৰ ধাৰাবাহিক প্ৰচেষ্টাৰ বিৰুদ্ধে আহোম ৰাজ্যৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাত সহায় কৰিছিল। ১৬৭২ চনৰ ২৫ এপ্ৰিলত তেওঁৰ মৃত্যু হয়।
ৰাজ্যখনৰ ইতিহাসলৈ তেওঁৰ অৱদান আৰু আহোম ৰাজ্য ৰক্ষাত তেওঁৰ ভূমিকাক সন্মান জনাবলৈ প্ৰতি বছৰে অসমত তেওঁৰ জন্মবাৰ্ষিকী লাচিত দিৱস হিচাপে পালন কৰা হয়।