দিল্লীত দালাই লামাক চৰকাৰী বাসগৃহ আবণ্টন কেন্দ্ৰৰ

Story by  atv | Posted by  Munni Begum • 38 m ago
দিল্লীত দালাই লামাক চৰকাৰী বাসগৃহ আবণ্টন কেন্দ্ৰৰ
দিল্লীত দালাই লামাক চৰকাৰী বাসগৃহ আবণ্টন কেন্দ্ৰৰ
 
নতুন দিল্লী 
 
কেন্দ্ৰীয় চৰকাৰে তিব্বতৰ আধ্যাত্মিক ধৰ্মগুৰু দালাই লামাক দিল্লীৰ লুটিয়েন্স অঞ্চলত এটা বাংলো আবণ্টন দিছে বুলি এক বিশেষ সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে। 
 
কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই যদিও মঙলবাৰে সূত্ৰই জনোৱা মতে, পণ্ডিত ৰবিশংকৰ শুক্লা লেনত থকা এটা বাংলো দালাই লামাক আবণ্টন দিয়া হৈছে। 
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুৰোধৰ ভিত্তিত দালাই লামাৰ কাৰ্যালয় পৰিচালনা কৰা গাডেন ফোড্ৰাং ন্যাসৰ নামত এই বাংলোটো আবণ্টন দিয়া হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। 
 
সাধাৰণতে এনে চৰকাৰী বাসগৃহ তিনি বছৰৰ বাবে আবণ্টন দিয়া হয় আৰু পৰৱৰ্তী সময়ত ইয়াৰ ম্যাদ বৃদ্ধিৰো ব্যৱস্থা থাকে।       
 
গাডেন ফোড্ৰাং ন্যাসৰ ৱেবছাইটত উল্লেখ কৰা অনুসৰি, দালাই লামাৰ ধৰ্মীয় পৰম্পৰা আৰু আধ্যাত্মিক কাৰ্যকলাপৰ সংৰক্ষণৰ লগতে তেওঁৰ মানৱতাবাদী দৃষ্টিভংগীক আগুৱাই নিয়াৰ উদ্দেশ্যে এই ন্যাসে কাম কৰি আহিছে।
 
ইয়াৰ উপৰি মানৱীয় মূল্যবোধৰ প্ৰসাৰ, বিভিন্ন ধৰ্মৰ মাজত সম্প্ৰীতি বৃদ্ধি, তিব্বতৰ সংস্কৃতি আৰু স্বকীয় পৰিচয় সংৰক্ষণ, পৰিৱেশ সুৰক্ষাৰ লগতে প্ৰাচীন ভাৰতীয় জ্ঞান-পৰম্পৰাৰ প্ৰতি গভীৰ উপলব্ধি গঢ়ি তোলাৰ ক্ষেত্ৰতো দালাই লামাৰ মূল অংগীকাৰসমূহ বাস্তৱায়িত কৰাৰ বাবে ন্যাসটোৱে কাম কৰি আহিছে।