নতুন দিল্লী
টিমৰ-লেষ্টেৰ স্বাধীনতা ঘোষণা দিৱস উপলক্ষে শনিবাৰে দেশখনৰ চৰকাৰ আৰু জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে। তেওঁ টিমৰ-লেষ্টেৰ বিদেশ মন্ত্ৰী বেণ্ডিটো ডছ ছাণ্টোছ ফ্ৰেইটাছক অভিনন্দন জনোৱাৰ লগতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।
সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা এক বাৰ্তাত জয়শংকৰে দক্ষিণ-পূব এছিয়াৰ এই দেশখনৰ লগতে দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা (আছিয়ান)ৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
জয়শংকৰে কয়, "স্বাধীনতা ঘোষণা দিৱস উপলক্ষে বিদেশ মন্ত্ৰী বেণ্ডিটো ডছ ছাণ্টোছ ফ্ৰেইটাছ, টিমৰ-লেষ্টেৰ চৰকাৰ আৰু জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমাৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু ভাৰত-আছিয়ান অংশীদাৰিত্ব অধিক সুদৃঢ় কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।"
বিদেশ মন্ত্ৰীগৰাকীয়ে ২০২৪ চনৰ আগষ্ট মাহত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে কৰা টিমৰ-লেষ্টে ভ্ৰমণৰ কথাও স্মৰণ কৰে। সেই ভ্ৰমণৰ সময়ত টিমৰ-লেষ্টেৰ ৰাষ্ট্ৰপতি জোছে ৰামোছ-হৰ্টাই আয়োজন কৰা ‘হৰ্টা শ্ব’ত ৰাষ্ট্ৰপতি মূৰ্মূৱে অংশগ্ৰহণ কৰাৰ এখন আলোকচিত্ৰও তেওঁ শ্বেয়াৰ কৰে।
জয়শংকৰে তেওঁৰ বাৰ্তাত উল্লেখ কৰে, "২০২৪ চনৰ আগষ্ট মাহত টিমৰ-লেষ্টে ভ্ৰমণৰ সময়ত দেশখনৰ ৰাষ্ট্ৰপতি জোছে ৰামোছ-হৰ্টাই আয়োজন কৰা ‘হৰ্টা শ্ব’ত অংশগ্ৰহণ কৰিছিল ৰাষ্ট্ৰপতিগৰাকীয়ে।"
ভাৰত আৰু টিমৰ-লেষ্টেৰ মাজত কূটনৈতিক সম্পৰ্ক আৰু উন্নয়নমূলক সহযোগিতা ক্ৰমাগতভাৱে শক্তিশালী হৈ আহিছে। আছিয়ান অঞ্চলৰ সৈতে সম্পৰ্ক সম্প্ৰসাৰণৰ ভাৰতৰ বৃহত্তৰ প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে দুয়োখন দেশৰ এই দ্বিপাক্ষিক সহযোগিতা।
২০২৫ চনৰ অক্টোবৰ মাহত টিমৰ-লেষ্টে দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা (আছিয়ান)ৰ একাদশ সদস্য ৰাষ্ট্ৰ হিচাপে অন্তৰ্ভুক্ত হয়। দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে আঞ্চলিক সংহতি আৰু সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত এয়া দেশখনৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।
বাণিজ্য, যোগাযোগ ব্যৱস্থা, উন্নয়নমূলক অংশীদাৰিত্ব আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক আদান-প্ৰদানৰ জৰিয়তে আছিয়ানৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ওপৰত ভাৰতে ধাৰাবাহিকভাৱে গুৰুত্ব আৰোপ কৰি আহিছে।
ইফালে, স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতো টিমৰ-লেষ্টেই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ (ডব্লিউএইচঅ’) দক্ষিণ-পূব এছিয়া আঞ্চলিক কাৰ্যালয়ৰ তথ্য অনুসৰি, থাইলেণ্ডৰ পাছত ৰোগ নিৰ্ণয়ৰ বাবে অত্যাৱশ্যকীয় পৰীক্ষাসমূহৰ ৰাষ্ট্ৰীয় তালিকা (এনইডিএল) প্ৰস্তুত কৰা আছিয়ানৰ দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হৈছে টিমৰ-লেষ্টে।
সমগ্ৰ অঞ্চলটোত গুণগত মান নিশ্চিত কৰা আৰু সুলভ মূল্যৰ চিকিৎসা সঁজুলি, ৰোগ নিৰ্ণয়ৰ পৰীক্ষা তথা সহায়ক প্ৰযুক্তি সহজলভ্য কৰি তোলাই হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ এই পদক্ষেপৰ মূল উদ্দেশ্য।
উল্লেখ্য যে, ৰোগ নিৰ্ণয়ৰ বাবে অত্যাৱশ্যকীয় পৰীক্ষাসমূহৰ ৰাষ্ট্ৰীয় তালিকা প্ৰস্তুত কৰা বিশ্বৰ প্ৰথমখন দেশ হৈছে ভাৰত। আনহাতে, নেপালে এই ক্ষেত্ৰত তৃতীয়খন দেশ হিচাপে স্থান লাভ কৰিছিল।